প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে মহামহিম ৰজা তৃতীয় চার্লছৰ সৈতে দূৰভাষৰ মাধ্যমত বাৰ্তালাপ কৰে

प्रविष्टि तिथि: 03 JAN 2023 7:03PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি দূৰভাষৰ মাধ্যমত বাৰ্তালাপত মিলিত হয় যুক্তৰাজ্যৰ মহামান্য ৰজা তৃতীয় চার্লছৰ সৈতে।

ৰজা তৃতীয় চার্লছ ক্ষমতাধিষ্ঠিত হোৱাৰ পাছৰ পৰা এই প্রথম তেওঁৰ সৈতে আলাপ-আলোচনাত মিলিত হ'ল ভাৰতৰ প্রধানমন্ত্রী। ৰজা চার্লছৰ শাসনকাল নানা দিশৰ পৰা সফল হৈ উঠক, এই কামনাও কৰে শ্রী নৰেন্দ্ৰ মোদীয়ে।

দুয়োজনৰ মাজত একান্ত আলোচনাত দুয়োখন দেশৰ স্বার্থ-সংশ্লিষ্ট বিভিন্ন বিষয়ৰ ওপৰত মতবিনিময় কৰা হয়। জলবায়ু তথা পৰিৱেশ প্ৰদূষণ ৰোধত প্রয়োজনীয় পদক্ষেপ, জৈৱবৈচিত্র্য সংৰক্ষণ, শক্তিৰ ৰূপান্তৰ প্রচেষ্টাত বিনিয়োগ সমস্যাৰ সমাধানত উদ্ভাৱনক কামত লগোৱাকে ধৰি বিভিন্ন বিষয় উত্থাপিত হয় তেওঁলোকৰ আলোচনাৰ পৰিসৰত।

ভাৰতৰ জি-২০ৰ সভাপতিত্বকালত চিহ্নিত অগ্রাধিকাৰৰ বিষয়সমূহ সম্পর্কে ৰজা চার্লছক অৱগত কৰে ভাৰতৰ প্রধানমন্ত্রীয়ে। তেওঁ জনায় যে ডিজিটেল পদ্ধতিৰ প্রসাৰৰ বিষয়টোত বিশেষভাৱে গুরুত্ব দিয়া হ'ব। ইয়াৰ উপৰিও, ‘মিছন এলআইএফই’ৰ প্রাসঙ্গিকতাৰ বিষয়টোও শ্রী মোদীয়ে ব্যাখ্যা কৰে ৰজা চার্লছৰ আগত। এই মিছনৰ আওতাত পৰিৱেশ অনুকূল জীৱনশৈলীক নিৰন্তৰ কৰি তোলাৰ লক্ষ্যত ভাৰতৰ বিশেষ প্রচেষ্টাৰ কথাও তুলি ধৰে তেওঁ।

কমনৱেলথভুক্ত দেশসমূহৰ প্রাসঙ্গিক বিষয়সমূহেও স্থান পায় দুয়োজনৰ আলোচনাৰ মাজত। এই গোষ্ঠীক কেনেদৰে অধিক শক্তিশালী কৰি তোলা যায় সেই সম্পর্কেও চিন্তাভাবনা কৰে তেওঁলোকে। যুক্তৰাজ্যত ভাৰতীয় বংশোদ্ভূত পৰিয়ালসমূহে যে দুয়োদেশৰ মাজত এক প্রাণৱন্ত সম্পর্ক তথা বন্ধন গঢ়ি তুলিছে, এই বিষয়টো তেওঁলোক উভয়েই স্বীকাৰ কৰে। কেৱল সেয়াই নহয়, দ্বিপাক্ষিক সম্পর্কক অধিক সমৃদ্ধ কৰি তোলাৰ ক্ষেত্রত ভাৰতীয় বংশোদ্ভূতসকলে যে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি গৈছে, এই বিষয়েও তেওঁলোকে সহমত প্রকাশ কৰে।

 

***

 

DS/LP/AK


(रिलीज़ आईडी: 1889381) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Tamil , Telugu , Kannada , Malayalam