উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

১৫তম বিত্ত আয়োগৰ (২০২২-২৩ ৰ পৰা ২০২৫-২৬) বেলেঞ্চ ম্যাদৰ বাবে ১২৮৮২.২ কোটি টকা ব্যয়ৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিসমূহ অব্যাহত ৰখাত কেবিনেটৰ অনুমোদন

Posted On: 05 JAN 2023 4:09PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ১৫ সংখ্যক বিত্ত আয়োগৰ (২০২২-২৩ ৰ পৰা ২০২৫-২৬) বেলেঞ্চ ম্যাদৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিসমূহ ₹১২৮৮২.২ কোটি  ব্যয়ৰ সৈতে অব্যাহত ৰখাত অনুমোদন জনাইছে।

এক্সপেণ্ডিডচাৰ ফিলনেঞ্চ কমিটিৰ (ইএফচি) পৰামৰ্শৰ ওপৰত ভিত্তি কৰি, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি আঁচনিৰ (এনইএছআইডিএছ) ব্যয় হ'ব ৮১৩৯.৫ কোটি টকা। চলিত প্ৰকল্পসমূহৰ প্ৰতিশ্ৰুতি দায়ৱদ্ধতাসহ 'এনইচিৰ আঁচনি'ৰ ব্যয় হ'ব ৩২০২.৭ কোটি টকা। অসমত বিটিচি, ডিএইচএটিচি আৰু কেএএটিচি-ৰ বাবে বিশেষ পেকেজৰ বাবে ব্যয় হৈছে ১৫৪০ কোটি টকা যাৰ ভিতৰত আছে চলিত প্ৰকল্পবোৰৰো প্ৰতিশ্ৰুতি দায়ৱদ্ধতা। ১০০% কেন্দ্ৰীয় পুঁজিৰ সৈতে কেন্দ্ৰীয় খণ্ডৰ আঁচনি এনইএছআইডিএছ-ক দুটা উপাদানত গঠন কৰা হৈছে - এনইএছআইডিএছ (পথ) আৰু এনইএছআইডিএছ (পথ আন্তঃগাঁথনিৰ বাহিৰে)।

মন্ত্ৰালয়ৰ নতুন আঁচনি "উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন প্ৰচেষ্টা - পিএম-ডিভাইন" (৬,৬০০ কোটি টকাৰ ব্যয়ৰ সৈতে), পূৰ্বে অক্টোবৰ-২০২২ ত পৃথকে অনুমোদন জনোৱা হৈছে, যাৰ অধীনত আন্তঃগাঁথনি, সামাজিক বিকাশ আৰু জীৱিকা খণ্ডৰ বৃহত্তৰ আৰু উচ্চ প্ৰভাৱৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিবোৰৰ উদ্দেশ্য হৈছে এহাতে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয় তথা বিভাগসমূহৰ প্ৰচেষ্টা আৰু আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা, অনাবৃত উন্নয়ন/কল্যাণমূলক কাৰ্যকলাপৰ পৰিপূৰক কৰি তোলা। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিবোৰে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি ব্যৱধানসমূহ পূৰণৰ সমৰ্থন প্ৰদান কৰাত সহায় কৰে – উদাহৰণ স্বৰূপে, সংযোগ আৰু সামাজিক খণ্ডৰ ব্যৱধান হ্ৰাস কৰাৰ বাবে আন্তঃগাঁথনি বিকাশ কৰা আৰু অঞ্চলটোত জীৱিকা আৰু নিযুক্তিৰ সুযোগ বৃদ্ধি কৰা।

১৫তম বিত্ত আয়োগৰ ম্যাদৰ বেলেঞ্চৰ বাবে অনুমোদিত আঁচনিসমূহৰ সম্প্ৰসাৰণ ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে হ'ব।

প্ৰকল্প বাছনি, প্ৰকল্পসমূহৰ অনুমোদনৰ সন্মুখৰ লোডিং আৰু আঁচনিৰ সময়ছোৱাত প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত আঁচনিবোৰ ৰূপায়ণৰ বাবে উন্নত পৰিকল্পনা সক্ষম হ’ব ৷

২০২৫-২৬ বৰ্ষৰ ভিতৰত সৰ্বাধিক সংখ্যক প্ৰকল্প সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা কৰা হ'ব। সেয়েহে, আঁচনিবোৰত ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষত মুখ্যতঃ নতুন অনুমোদন থাকিব; আনহাতে ২০২৪-২৫ আৰু ২০২৫-২৬ চনলৈ ব্যয় অব্যাহত থাকিব। চলিত অনুমোদিত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ মনোযোগ দিয়া হ'ব।

আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আত্মানিৰ্ভৰ ভাৰত অভিযানৰ পাঁচটা স্তম্ভ, যেনে অৰ্থনীতি, আন্তঃগাঁথনি, প্ৰণালী, অনুনাদশীল ডেম’গ্ৰাফী আৰু চাহিদাই আঁচনিখনৰ জৰিয়তে সৱলীকৃত হ’ব।

চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক এক মুখ্য অগ্ৰাধিকাৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে যোৱা ৮ বছৰত ৫০ বাৰতকৈও অধিক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে, আনহাতে ৭৪জন মন্ত্ৰীয়ে ৪০০ বাৰতকৈও অধিক উত্তৰ-পূব ভ্ৰমণ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চল পূৰ্বে অস্থিৰতা, বোমা বিস্ফোৰণ, বন্ধ আদিৰ বাবে জনাজাত আছিল কিন্তু যোৱা আঠ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শান্তি স্থাপন হৈছে।

বিদ্ৰোহৰ ঘটনা ৭৪% লৈ হ্ৰাস হৈছে, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণৰ ঘটনা ৬০% লৈ হ্ৰাস হৈছে আৰু নাগৰিকৰ মৃত্যু ৮৯% হ্ৰাস হৈছে। প্ৰায় ৮,০০০ যুৱক-যুৱতীয়ে আত্মসমৰ্পণ কৰিছে আৰু মূলসুঁতিত যোগদান কৰি নিজৰ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক উন্নত ভৱিষ্যতক স্বাগতম জনাইছে।

তদুপৰি, ২০১৯ চনত ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় মুক্তি মৰ্চা, ২০২০ চনত বিআৰইউ আৰু বড়ো চুক্তি আৰু ২০২১ চনত কাৰ্বি চুক্তি সম্পন্ন হৈছিল। অসম-মেঘালয় আৰু অসম-অৰুণাচল সীমান্ত বিবাদো প্ৰায় সমাপ্ত হৈছে আৰু শান্তি পুনৰুদ্ধাৰৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ পথত আগবাঢ়িছে।

২০১৪ চনৰ পৰা, আমি অঞ্চলটোৰ বাবে বাজেট আৱণ্টনত ব্যাপক বৃদ্ধি দেখিবলৈ পাইছো। ২০১৪ চনৰ পৰা অঞ্চলটোৰ বাবে ৪ লাখ কোটিৰো অধিক টকা আৱণ্টন কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত যোৱা ৪ বছৰত প্ৰকৃত ব্যয় আছিল ৭৫৩৪.৪৬ কোটি টকা, আনহাতে, ২০২৫-২৬ চনলৈকে পৰৱৰ্তী চাৰি বছৰত ব্যয়ৰ বাবে উপলব্ধ পুঁজি হৈছে ১৯৪৮২.২০ কোটি টকা (প্ৰায় ২.৬০ গুণ)

অঞ্চলটোত আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যাপক প্ৰচেষ্টা হাতত লোৱা হৈছে। যোগাযোগৰ সুবিধা উন্নত কৰাটো মুখ্য অগ্ৰাধিকাৰৰ বিষয় হিচাপে বিবেচিত হৈছে।

ৰে'ল যোগাযোগ উন্নত কৰাৰ বাবে, ২০১৪ চনৰ পৰা ৫১,০১৯ কোটি টকা ব্যয় কৰা হৈছে। ৭৭,৯৩০ কোটি টকা ব্যয়ৰ ১৯ টা নতুন প্ৰকল্প মঞ্জুৰ কৰা হৈছে।

২০০৯-১৪ বৰ্ষত গড় বাৰ্ষিক বাজেট আৱণ্টন ২,১২২ কোটি টকাৰ তুলনাত যোৱা ৮ বছৰত, গড় বাৰ্ষিক বাজেট আৱণ্টনত মুঠ ৯,৯৭০ কোটি টকালৈ অৰ্থাৎ ৩৭০% বৃদ্ধি হৈছে।

পথ সংযোগ উন্নত কৰাৰ বাবে ১.০৫ লাখ কোটি টকাৰ ৩৭৫ টা প্ৰকল্প চলি আছে। অহা তিনি বছৰত চৰকাৰে ২০৯ টা প্ৰকল্পৰ অধীনত ৯,৪৭৬ কিলোমিটাৰ পথ নিৰ্মাণ কৰিব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১,০৬,০০৪ কোটি টকা ব্যয় কৰিছে।

বিমান সংযোগো ব্যাপকভাৱে উন্নত হৈছে। ৬৮ বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলত মাত্ৰ ৯টা বিমানবন্দৰ আছিল, বিগত আঠ বছৰতকৈও কম সময়ৰ ভিতৰত ইয়াৰ সংখ্যা ১৭টালৈ বৃদ্ধি পাইছে।

আজি, উত্তৰ-পূৰ্বাঞ্চলত বিমান যাতায়তৰ চলাচল ২০১৪ চনৰ পৰা ১১৩% বৃদ্ধি পাইছে (বছৰে বছৰে)। বিমান সংযোগক অধিক উৎসাহিত কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলত অসামৰিক বিমান পৰিবহণত ২,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব।

টেলিকম সংযোগ উন্নত কৰাৰ বাবে ২০১৪ চনৰ পৰা ১০% জিবিএছৰ অধীনত ৩৪৬৬ কোটি টকা ব্যয় কৰা হৈছে। কেবিনেটে এনইআৰৰ ৪,৫২৫ খন গাঁৱত ৪জি সংযোগৰ বাবেও অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ শেষৰ ফালে অঞ্চলটোত সম্পূৰ্ণ টেলিকম সেৱা সংযোগ প্ৰদান কৰিবলৈ ৫০০ দিনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন আৰু সংস্কৃতিৰ সৈতে জলপথ অবিচ্ছেদ্য অংগ। প্ৰধানমন্ত্ৰী মোদীজীৰ অধীনত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত এই গুৰুত্বপূৰ্ণ খণ্ডটোৰ বিকাশৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাই আছে।  ২০১৪ চনৰ পূৰ্বে এনইআৰত মাত্ৰ এটা ৰাষ্ট্ৰীয় জলপথ আছিল। এতিয়া এনইআৰত ১৮টা ৰাষ্ট্ৰীয় জলপথ আছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় জলপথ ২ আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ ৰ বিকাশৰ বাবে ৬০০০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে।

এনইআৰত দক্ষতা বিকাশৰ আন্তঃগাঁথনি বৃদ্ধি আৰু বিদ্যমান চৰকাৰৰ উন্নীতকৰণৰ বাবে প্ৰায় ১৯০ কোটি টকা ব্যয় কৰা হৈছে । ১৯৩টা নতুন দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। দক্ষতাৰ বাবে ব্যয় হিচাপে ৮১.৮৩ কোটি টকা ধাৰ্য কৰা হৈছে। বিভিন্ন আঁচনিৰ অধীনত মুঠ ১৬,০৫,৮০১ জন লোক দক্ষ হৈছে।

উদ্যমিতা বৃদ্ধিৰ বাবে বিভিন্ন আঁচনিৰ অধীনত এমএছএমইবোৰৰ প্ৰচাৰ কৰা হৈছে। ৯৭৮ একক সমৰ্থন /ছেটআপ কৰিবলৈ ৬৪৫.০৭ কোটি টকা ব্যয় কৰা হৈছে। ডিপিআইআইটিৰ মতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৩,৮৬৫ টা ষ্টাৰ্টআপ পঞ্জীয়ন কৰা হৈছিল।

স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়ন বিগত বৰ্ষসমূহৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে বিবেচিত হৈছে । চৰকাৰে ২০১৪-১৫ বৰ্ষৰ পৰা স্বাস্থ্য খণ্ডত ৩১,৭৯৩.৮৬ কোটি টকা ব্যয় কৰিছে।

কৰ্কট ৰোগ আঁচনিৰ তৃতীয় স্তৰৰ সেৱা শক্তিশালী কৰাৰ উদ্দেশ্যে ১৯ খন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান আৰু ২০ টা তৃতীয় স্তৰৰ যত্ন কৰ্কট কেন্দ্ৰৰ অনুমোদন জনোৱা হৈছে।

বিগত বৰ্ষবোৰত অঞ্চলটোত শিক্ষাৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।

২০১৪ চনৰ পৰা এই পৰ্যন্ত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত উচ্চ শিক্ষাৰ প্ৰচাৰৰ বাবে ১৪,০০৯ কোটি টকা ব্যয় কৰিছে। ১৯১টা উচ্চ শিক্ষাৰ নতুন প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। ২০১৪ চনৰ পৰা স্থাপন কৰা বিশ্ববিদ্যালয়ৰ সংখ্যা ৩৯% বৃদ্ধি হৈছে। ২০১৪-১৫ বৰ্ষৰ পৰা স্থাপিত উচ্চ শিক্ষাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানবোৰৰ ৪০% বৃদ্ধি হৈছে।

ইয়াৰ ফলস্বৰূপে, উচ্চ শিক্ষাত মুঠ শিক্ষাৰ্থীৰ পঞ্জীয়ন ২৯% বৃদ্ধি হৈছে।

অঞ্চলটোৰ বিকাশত ইন্ধন যোগাবলৈ শক্তিখণ্ডৰ আন্তঃগাঁথনি সৱলীকৃত কৰা হৈছে। ২০১৪-১৫ বৰ্ষৰ পৰা চৰকাৰে ৩৭,০৯২ কোটি টকাৰ অনুমোদন জনাইছে যাৰ ভিতৰত এতিয়ালৈকে ১০,০০৩ কোটি টকা ব্যয় কৰা হৈছে।

৯,২৬৫ কোটি টকাৰ নৰ্থ ইষ্ট গেছ গ্ৰিড (এনইজি) প্ৰকল্প চলি আছে আৰু ই অঞ্চলটোৰ অৰ্থনীতি উন্নত কৰিব।

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী গাওঁসমূহ পোহৰেৰে আলোকিত কৰিবলৈ ৫৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে।

প্ৰথমবাৰৰ বাবে জিলা পৰ্যায়ৰ এছডিজি সূচক স্থাপন কৰা হৈছে। এছডিজি সূচকৰ দ্বিতীয় সংস্কৰণটো সাজু হৈছে আৰু ই সোনকালেই মুকলি হোৱাৰ পথত।

 

 

******



(Release ID: 1888890) Visitor Counter : 121