প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰাষ্ট্ৰীয় গংগা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব

प्रविष्टि तिथि: 30 DEC 2022 10:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে অনুষ্ঠিত ৰাষ্ট্ৰীয় গংগা পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰে।

শ্ৰী মোদীয়ে কয় যে নমামি গংগা পদক্ষেপক অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰাৰ ই এক উত্তম সুযোগ। প্ৰধানমন্ত্ৰী মোদীয়ে সৰু চহৰসমূহত নৰ্দমা শোধন প্ৰকল্পৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰাকে ধৰি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰচেষ্টা বৃদ্ধি কৰাৰ উপায়ৰ বিষয়েও আলোকপাত কৰে।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে গংগাৰ পাৰত বিভিন্ন ধৰণৰ ভেষজ কৃষিৰ উপায় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শ্ৰী মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে দেশবাসীক নমামি গংগা আৰু খোৱা পানী-অনাময় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"আজি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গংগা পৰিষদৰ বৈঠকখন নমামি গংগা পদক্ষেপক অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰাৰ এক উত্তম সুযোগ হিচাপে বিবেচিত হৈছে। সৰু চহৰসমূহত নৰ্দমা শোধন প্ৰকল্পৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰাকে ধৰি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰচেষ্টা বৃদ্ধি কৰাৰ উপায়ৰ বিষয়েও কোৱা হৈছে।"

"বৈঠকত গংগাৰ পাৰত বিভিন্ন ধৰণৰ ভেষজ কৃষিৰ উপায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। লগতে নদীখনৰ কাষত পৰ্যটনৰ আন্তঃগাঁথনি বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়, যি বহুতো লোকক জীৱিকাৰ সুযোগ প্ৰদান কৰিব পাৰে।"

 

***

DS/ST/MM


(रिलीज़ आईडी: 1888286) आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam