নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ প্ৰেৰণা বাল গৃহত শিশুৰ সৈতে নৱবৰ্ষৰ দিন অতিবাহিত কৰে

प्रविष्टि तिथि: 01 JAN 2023 7:50PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ তথা আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ প্ৰেৰণা বাল গৃহত শিশুৰ সৈতে নৱবৰ্ষৰ প্ৰথম দিনটো অতিবাহিত কৰে। এই উপলক্ষে শ্ৰী সোণোৱালে শিশুসকলক গ্ৰন্থ বিতৰণ কৰে আৰু অহা বছৰৰ বাবে তেওঁলোকক শুভকামনা জনায়। বাল গৃহৰ শিশুসকলে মঞ্চত নিজৰ বিবিধ কাৰ্যক্ৰম প্ৰস্তুতিৰে শ্ৰী সোণোৱালসহ অন্য দৰ্শকসকলকো মন্ত্ৰমুগ্ধ কৰে।

এই উপলক্ষে শ্ৰী সোণোৱালে নিজৰ ভাষণত কয় যে শিশুৰ চকুত থকা চমক আৰু আশা নতুনত্বৰ বাস্তৱিক প্ৰতিবিম্ব। তেওঁ কয় যে এই শিশুসকল আমাৰ দেশৰ ভৱিষ্যৎ আৰু আমাৰ কৰ্তব্য হৈছে যে আমি তেওঁলোকৰ সপোনক বাস্তৱিকতাৰ লক্ষ্যত উপনীত হ'বলৈ দিয়া। শ্ৰী সোণোৱালে কয় যে শিশুৰ সৰলতা আৰু তেওঁলোকৰ সততাই মোৰ অন্তৰ স্পৰ্শ কৰিছে। মই তেওঁলোকক নতুন সম্ভাৱনাৰ সন্ধান কৰিবলৈ শুভকামনা জনাইছো।

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীজনৰ সৈতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড় বিকাশ প্ৰাধিকৰণৰ অন্য বিষয়াসকল উপস্থিত আছিল।

***

MJPS


(रिलीज़ आईडी: 1888282) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri