প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ নৱসাৰীত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
ভুক্তভোগীসকলৰ বাবে ‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা
পোষ্ট কৰা হৈছে:
31 DEC 2022 10:37AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱসাৰীত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাটোত হতাহত হোৱাসকলৰ বাবে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধি’(পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক ‘টুইট’ত কোৱা হয়;
“নৱসাৰীৰ পথ দুৰ্ঘটনাত বহুকেইগৰাকী লোকে প্ৰাণ হেৰুওৱা কথাই ব্যথিত কৰিছে। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জনাইছো। ‘পিএমএনআৰএফ’-ৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকট আত্মীয়লৈ ২লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক দিয়া হ’ব ৫০,০০০টকাকৈ” : প্ৰধানমন্ত্ৰী মোদী
***
DS/ST/KB
(ৰিলিজ আই ডি : 1888008)
অতিথি কক্ষ : 167
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam