প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিডিঅ’ কনফাৰেন্সিংযোগে হাওৰা-নিউ জলপাইগুৰি সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ


কলকাতা মেট্ৰ'ৰ বেঙুনীয়া লাইনৰ জোকা-তৰাটালা অংশ উদ্বোধন

চাৰিটা ৰে’ল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা

নিউ জলপাইগুৰি ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন

“বন্দে মাতৰৰ আহ্বান য’ৰ পৰাই উৎপত্তি হৈছিল, সেই মাটিত আজি বন্দে ভাৰতৰ শুভাৰম্ভ কৰা দেখা গ’ল”

“ভৱিষ্যতৰ প্ৰয়োজনীয়তাক প্ৰতি লক্ষ্য ৰাখি আধুনিক নলা পৰিশোধন প্লাণ্ট গঢ়ি তোলা হৈছে”

“ভাৰতীয় ৰে’লৱেৰ ৰূপান্তৰৰ বাবে এক দেশজোৰা অভিযান চলি আছে”

“একবিংশ শতিকাত দেশৰ দ্ৰুত উন্নয়নৰ বাবে ৰে’লৱেৰ দ্ৰুত বৃদ্ধি আৰু সংস্কাৰ অতি প্ৰয়োজনীয়”

“মেট্ৰ’ ৰে’ল ব্যৱস্থা বৰ্তমান ভাৰতৰ গতি আৰু পৰিসৰৰ উদাহৰণ”

“নাগৰিকসকলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰাৰ বাবে নতুন বিমানবন্দৰ, জলপথ, বন্দৰ আৰু পথ নিৰ্মাণৰ কাম চলি আছে”

“ভাৰতে বৰ্তমান জল শক্তি বৃদ্ধিৰ দিশত কাম কৰি আছে”

‘১৩ জানুৱাৰীত কাশীৰ পৰা বাংলাদেশ হৈ ডিব্ৰুগড়লৈ এখন ক্ৰুজ যাত্ৰা আৰম্ভ হ’ব। ৩২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰা সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম আৰু দেশৰ ক্ৰমবৰ্ধমান ক্ৰুজ পৰ্যটনৰ প্ৰতিফলন”

“বংগৰ মানুহে পৰ্যটনতো ‘ৰাষ্ট্ৰ প্ৰথম’ৰ মনোভাৱ অনুসৰণ কৰে”

‘সমগ্ৰ বিশ্বই ভাৰ

Posted On: 30 DEC 2022 1:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাওৰা-নতুন জলপাইগুৰি সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। প্ৰধানমন্ত্ৰীয়ে জোকা-এছপ্লেনেড মেট্ৰ’ প্ৰজেক্ট (বেঙুনীয়া লাইন)ৰ জোকা-তৰাটালা অংশ উদ্বোধন কৰে। ইয়াৰ উপৰিও বয়ঞ্চি-শক্তিগড় তৃতীয় লাইন, ডাংকুনি-চন্দনপুৰ চতুৰ্থ লাইন প্ৰকল্প, নিমটিতা-নতুন ফাৰক্কা দ্বৈত লাইন আৰু আমবাৰী ফালাকাটা-নতুন মইনাগুৰি-গুমনিহাট দ্বৈত প্ৰকল্পকে ধৰি চাৰিটা ৰে’ল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে নতুন জলপাইগুৰি ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে আজি শাৰীৰিকভাৱে সভাস্থলীত উপস্থিত থাকিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰি কয় যে বংগৰ প্ৰতিটো কণিকাতে স্বাধীনতা সংগ্ৰামৰ ইতিহাস সোমাই থকাৰ বাবে এই দিনটো বংগৰ ভূমিক প্ৰণাম কৰাৰ দিন। “বন্দে মাতৰমৰ আহ্বান য’ৰ পৰাই উৎপত্তি হৈছিল, সেই মাটিত আজি বন্দে ভাৰতৰ শুভাৰম্ভ কৰা দেখা গ’ল”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে ১৯৪৩ চনৰ ৩০ ডিচেম্বৰত নেতাজী সুভাষ চন্দ্ৰ বসুৱে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ত্ৰিৰংগা উত্তোলন কৰি ভাৰতৰ স্বাধীনতাৰ বাবে চকা ঘুৰাইছিল বুলি দোঁহাৰে। এই ঐতিহাসিক দিনটোৰ ৭৫ বছৰীয়া জয়ন্তীত নেতাজীৰ সন্মানত এটা দ্বীপৰ নাম ৰখাৰ বাবে আন্দামান ভ্ৰমণৰ সুযোগ পাইছিল বুলি প্ৰধানমন্ত্ৰীয়ে জনায়। তেওঁ লগতে কয় যে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ সময়ত ভাৰতে ৪৭৫খন বন্দে ভাৰত ৰে’ল আৰম্ভ কৰাৰ সংকল্প গ্ৰহণ কৰিছিল আৰু আজি হাওৰাৰ পৰা নতুন জলপাইগুৰিলৈ ফ্লেগ অফ কৰা ৰে’লখন তাৰ ভিতৰত অন্যতম। আজি যিবোৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে সেইবোৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে প্ৰায় ৫,০০০ কোটি টকা ব্যয় কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে জনায় যে তেওঁ গংগাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খোৱাপানী সম্পৰ্কীয় বহু প্ৰকল্প পৰৱৰ্তী দিনত পশ্চিমবংগলৈ উচৰ্গা কৰাৰ সুযোগ পাব। নমামি গংগা আঁচনিৰ অধীনত পশ্চিম বংগত ২৫টাতকৈও অধিক নলা-নৰ্দমা প্ৰকল্পৰ অনুমোদন জনোৱা বুলি তেওঁ সদৰি কৰে। ইয়াৰে ১১টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আজি ৭টা প্ৰকল্প সম্পূৰ্ণ হৈ আছে। ১৫০০ কোটি টকা ব্যয় সাপেক্ষে ৫খন নতুন আঁচনিৰ কাম আজিৰ পৰা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে এটা মূল প্ৰকল্প অৰ্থাৎ আদি গংগা প্ৰকল্পৰ কথা উল্লেখ কৰে যাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে ৬০০ কোটি টকাৰ আন্তঃগাঁথনি স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে নদী পৰিষ্কাৰ কৰাৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যিটো বৃহৎ সংখ্যক আধুনিক নলা পৰিশোধন প্লাণ্ট সৃষ্টি কৰা হৈছে। আগন্তুক ১০-১৫ বছৰৰ প্ৰয়োজনীয়তাক মনত ৰাখি এই কাম কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ৰে’লৱেৰ সংস্কাৰ আৰু উন্নয়নক দেশৰ উন্নয়নৰ সৈতে সংযোগ কৰে। সেইবাবেই কেন্দ্রীয় চৰকাৰে আধুনিক ৰে’ল আন্তঃগাঁথনিত অভিলেখ বিনিয়োগ কৰিছে বুলিও তেওঁ কয়৷ ভাৰতীয় ৰে’লৱে খণ্ডত পৰিৱৰ্তনৰ বাবে দেশজোৰা অভিযান অব্যাহত আছে বুলিও তেওঁ কয়। এই আধুনিকীকৰণৰ উদাহৰণ হিচাপে তেওঁ বন্দে ভাৰত, তেজস হম ছফৰ আৰু ভিষ্টাডোম ডবা আদি আধুনিক ৰে’ল আৰু নিউ জলপাইগুৰিকে ধৰি ৰে’ল ষ্টেচনৰ আধুনিকীকৰণ, দ্বৈত ৰে’ল লাইনৰ সংখা বৃদ্ধি আৰু বিদ্যুৎ সংযোগৰ কথা উল্লেখ কৰে। তেওঁ পূব আৰু পশ্চিমৰ নিৰ্দিষ্ট মালবাহী কৰিড’ৰক লজিষ্টিক খণ্ডক বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা প্ৰকল্প হিচাপেও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰে’লৱে সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সমন্বয়, সামৰ্থ্য, সময়োপযোগীতা আৰু সুবিধাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে বিগত ৮ বছৰত ভাৰতীয় ৰে’লৱে আধুনিকতাৰ ভেটিৰ ওপৰত কাম কৰিছিল আৰু অনাগত বছৰবোৰত ভাৰতীয় ৰে’লৱে আধুনিকীকৰণৰ নতুন যাত্ৰাত অগ্ৰসৰ হ’ব। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে স্বাধীনতাৰ প্ৰথম ৭০ বছৰত ২০ হাজাৰ কিলোমিটাৰ ৰে’ল লাইনত বিদ্যুৎ সংযোগ কৰা হৈছিল যদিও ২০১৪ চনৰ পৰা ৩২ হাজাৰতকৈ অধিক কিলোমিটাৰ ৰে’ল লাইনত বিদ্যুৎ সংযোগ কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে কয় যে মেট্ৰ’ ৰে’ল ব্যৱস্থা বৰ্তমান ভাৰতৰ গতি আৰু ইয়াৰ পৰিসৰ। “২০১৪ চনৰ পূৰ্বে ২৫০ কিলোমিটাৰতকৈও কম দূৰত্বত থকা মেট্ৰ’ নেটৱৰ্কে দিল্লী-এনচিআৰত সৰ্বাধিক অংশীদাৰিত্ব লাভ কৰিছিল। যোৱা ৭-৮ বছৰত মেট্ৰ’ৰ সম্প্ৰসাৰণ ২ ডজনতকৈও অধিক চহৰত প্ৰৱৰ্তন কৰা হৈছে। আজি দেশৰ বিভিন্ন চহৰত প্ৰায় ৮০০ কিলোমিটাৰ দীঘল মেট্ৰ’ ট্ৰেকত মেট্ৰ’ চলি আছে। ১০০০ কিলোমিটাৰতকৈ অধিক মেট্ৰ’ পথ নিৰ্মাণৰ কাম চলি আছে”, তেওঁ কয়৷

বিগত বছৰবোৰত ভাৰতৰ ওপৰত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উন্নয়নত ইয়াৰ অতি নেতিবাচক প্ৰভাৱ পৰা বুলি মন্তব্য কৰে। এটা মূল প্ৰত্যাহ্বানৰ আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ আন্তঃগাঁথনিগত উন্নয়নৰ সৈতে জড়িত বিভিন্ন সংস্থাসমূহৰ মাজত সমন্বয়ৰ অভাৱৰ সন্দৰ্ভত কয়৷ তেওঁ বিভিন্ন পৰিবহণ সংস্থাৰ মাজত সমন্বয়ৰ অভাৱৰ কথাও উল্লেখ কৰে আৰু ফলস্বৰূপে এটা চৰকাৰী সংস্থাই আন সংস্থাসমূহে কৰা কামৰ কোনো তথ্য নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়। “ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ দেশৰ সৎ কৰদাতাসকলৰ ওপৰত পৰিছিল”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া তেওঁলোকৰ কষ্টোপাৰ্জিত ধন দুখীয়াৰ পৰিৱৰ্তে দুৰ্নীতিগ্ৰস্তৰ পকেট ভৰোৱাত ব্যৱহাৰ কৰা হয় তেতিয়া অসন্তুষ্ট হোৱাটো স্বাভাৱিক। “সংস্থাসমূহৰ সমন্বয়ৰ ব্যৱধান পূৰণৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী গতি শক্তি পৰিকল্পনা আৰম্ভ কৰিছিল” বুলি সদৰি কৰি শ্ৰী মোদীয়ে কয়, “বিভিন্ন ৰাজ্য চৰকাৰেই হওক, নিৰ্মাণ সংস্থাই হওক বা উদ্যোগ বিশেষজ্ঞই হওক, সকলোৱে গতি শক্তি মঞ্চত একত্ৰিত হৈছে।” তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী গতি শক্তি কেৱল দেশৰ পৰিবহণৰ বিভিন্ন মাধ্যমক একত্ৰিত কৰাত সীমাবদ্ধ নহয় বৰঞ্চ বহুমুখী প্ৰকল্পসমূহক গতি প্ৰদান কৰাতো। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নাগৰিকসকলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ সুনিশ্চিত কৰিবলৈ নতুন বিমানবন্দৰ, জলপথ, বন্দৰ আৰু পথ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।

 “একবিংশ শতিকাত আগবাঢ়ি যাবলৈ দেশৰ সম্ভাৱনাৰ সঠিক ব্যৱহাৰ আমি কৰিব লাগিব”, প্ৰধানমন্ত্ৰীয়ে কয়। দেশৰ জলপথৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া ভাৰতত জলপথসমূহ বৃহৎ পৰিসৰত কাম, ব্যৱসায় আৰু পৰ্যটনৰ বাবে ব্যৱহাৰ কৰা হৈছিল যদিও পিছলৈ দাসত্বৰ বছৰবোৰত জলপথ ধ্বংস হৈছিল। দেশৰ জলপথ পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহে কৰা প্ৰচেষ্টাৰ অভাৱৰ কথাও তেওঁ উল্লেখ কৰে৷ “ভাৰতে বৰ্তমান জল শক্তি বৃদ্ধিৰ দিশত কাম কৰি আছে”, শ্ৰী মোদীয়ে কয়। তেওঁ জনোৱা মতে আজি শতাধিক জলপথ গঢ়ি তোলা হৈছে আৰু ব্যৱসায় আৰু পৰ্যটনক উন্নীত কৰাৰ সমান্তৰালভাৱে নদীসমূহত উন্নত ক্ৰুজ জাহাজৰ প্ৰৱৰ্তনৰ কাম চলি আছে। প্ৰধানমন্ত্ৰীয়ে দুয়োখন নদীৰ মাজত জলপথ সংযোগ স্থাপনৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা গংগা-ব্ৰহ্মপুত্ৰ প্ৰকল্পৰ ওপৰতো আলোকপাত কৰে। ২০২৩ চনৰ ১৩ জানুৱাৰীত কাশীৰ পৰা বাংলাদেশ হৈ ডিব্ৰুগড়লৈ যাত্ৰা আৰম্ভ হ’বলগীয়া ক্ৰুজৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৩,২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰা সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম আৰু ই দেশত ক্ৰমবৰ্ধমান ক্ৰুজ পৰ্যটনৰ এক প্ৰতিফলন৷

পশ্চিমবংগৰ জনসাধাৰণৰ ভূমিৰ প্ৰতি থকা প্ৰেমৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ পৰাও শিকিবলৈ যি উৎসাহ প্ৰকাশ কৰে বুলি কয়। “বংগৰ জনসাধাৰণ ৰাষ্ট্ৰ প্ৰথম মনোভাৱৰ অধিকাৰী, আনকি পৰ্যটনতো”, তেওঁ লগতে কয়, “যেতিয়া দেশত সংযোগ ক্ষমতা বৃদ্ধি পায় আৰু ৰে’লপথ, জলপথ আৰু ঘাইপথ অধিক উন্নত হৈ পৰে, তেতিয়া ইয়াৰ ফলত ভ্ৰমণ সহজ হৈ পৰে আৰু বংগৰ জনসাধাৰণেও ইয়াৰ দ্বাৰা উপকৃত হৈছে”।

প্ৰধানমন্ত্ৰীয়ে গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ কেইটামান শাৰী আবৃত্তি কৰি ভাষণ সামৰে, যাৰ অনুবাদ হৈছে “মোৰ দেশৰ মাটি, তোমাক প্ৰণাম জনাইছোঁ”। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আজাদী কা অমৃত কালত আমাৰ মাতৃভূমিক সৰ্বোচ্চ অগ্ৰাধিকাৰ গণ্য কৰি সকলোৱে একেলগে কাম কৰিব লাগিব। ‘সমগ্ৰ বিশ্বই আশা আৰু প্ৰত্যাশাৰ চকুৰে ভাৰতলৈ চাই আছে। দেশৰ প্ৰতিজন নাগৰিকে দেশৰ সেৱাত নিজকে উৎসৰ্গা কৰিব লাগিব”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

এই উপলক্ষে সভাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জী, পশ্চিমবংগৰ ৰাজ্যপাল ড° চি ভি আনন্দ বসু, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী জন বাৰ্লা, ড° সুভাষ সৰকাৰ আৰু শ্ৰী নিশিথ পাৰমানিকৰ লগতে সাংসদ শ্ৰী প্ৰসুন বেনাৰ্জী উপস্থিত থাকে৷

***

DS/TS/DB



(Release ID: 1887708) Visitor Counter : 90