গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

মণিপুৰত শান্তি প্ৰক্ৰিয়া বিশেষ ভাবে ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্যখনৰ উগ্ৰপন্থী সংগঠন ‘জেদইউএফ’-ৰ বিৰুদ্ধে অভিযান বন্ধ কৰা সংক্ৰন্তীয় চুক্তি স্বাক্ষৰিত কৰিছে ভাৰত চৰকাৰ আৰু মণিপুৰ চৰকাৰে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ আধাৰত আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দিক-দৰ্শনৰে উগ্ৰপন্থী কাৰ্যকলাপৰ অন্ত পেলোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণৰ উদ্দেশ্যে ভাৰত চৰকাৰে বহুকেইখন চুক্তি স্বাক্ষৰিত কৰিছে

प्रविष्टि तिथि: 27 DEC 2022 6:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা ‘উগ্ৰবাদী কাৰ্যকলাপমুক্ত আৰু সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চল’ৰ দৃষ্টিভংগী  আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দিক-নিৰ্দেশনাত ভাৰত চৰকাৰ আৰু মণিপুৰ চৰকাৰে আজি নতুন দিল্লীত বিগত এক দশকৰো অধিক সময় ধৰি সক্ৰিয় হৈ থকা ‘জেলিয়াংগ্ৰং ইউনাইটেড ফ্ৰণ্ট’(জেদইউএফ)ৰ বিৰুদ্ধে অভিযান বন্ধ কৰা সংক্ৰান্তীয় এক চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা মণিপুৰৰ শান্তি প্ৰক্ৰিয়াত এক উল্লেখযোগ্য উত্থান ঘটিব বুলি আশা কৰা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেণ সিঙৰ উপস্থিতিত চুক্তিখনত স্বাক্ষৰ কৰে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু মণিপুৰ চৰকাৰৰ জ্যেষ্ঠ বিষয়া তথা  ‘জেদইউএফ’ৰ প্ৰতিনিধিয়ে।

সশস্ত্ৰ সংগঠনটোৰ প্ৰতিনিধিসকলে হিংসা ত্যাগ কৰি দেশৰ আইন অনুসৰি প্ৰতিষ্ঠা কৰা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত যোগদান কৰিবলৈ সন্মত হয়। চুক্তিখনত সশস্ত্ৰ সদস্যসকলৰ পুনৰ সংস্থাপন আৰু পুনৰ্বাসৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। চুক্তিৰ দফাসমূহৰ বলবৎকৰণ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ এটা যৌথ নিৰীক্ষণ গোট গঠন কৰা হ’ব।

 

***

NW/RK/KB


(रिलीज़ आईडी: 1886962) आगंतुक पटल : 223
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Telugu