সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

প্ৰতিবন্ধী সবলীকৰণ বিভাগৰ বৰ্ষান্ত সমীক্ষা-২০২২


ডিইপিডব্লিউডিয়ে প্ৰথমবাৰৰ বাবে আমাজন আৰু ফ্লিপকাৰ্টৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে আৰু ইয়াৰ লক্ষ্য হৈছে দিব্যাংগ ব্যক্তিসকলক অৰ্থনীতিৰ মূলসুঁতিলৈ অনাৰ বাবে এক গাঁথনিগত দক্ষতা বিকাশ ব্যৱস্থা গঢ়ি তোলা

প্ৰতিবন্ধী লোকৰ বাবে প্ৰথমবাৰৰ বাবে উত্তৰ আঞ্চলিক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ

টি-২০ অন্ধ্ৰ বিশ্বকাপ-২০২২ত বিজয়ী ভাৰতীয় ৰাষ্ট্ৰীয় অন্ধ ক্ৰিকেট দলক সম্বৰ্ধনা সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰৰ

Posted On: 24 DEC 2022 7:06PM by PIB Guwahati

দিব্যাংগ সবলীকৰণ বিভাগৰ দৃষ্টিভংগী হৈছে এক সৰ্বাংগীন সমাজ গঢ়ি তোলা, য’ত প্ৰতিবন্ধী ব্যক্তিসকলে (দিব্যাংগজন) তেওঁলোকৰ বিকাশ আৰু উন্নয়নৰ বাবে পৰ্যাপ্ত সহায় সহযোগিতাৰে উৎপাদনশীল, সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে। ইয়াৰ লক্ষ্য হৈছে য’তেই প্ৰয়োজন হয় তাতেই শৈক্ষিক, অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন আৰু পুনৰ সংস্থাপনৰ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবন্ধী লোকসকলক সহায় আৰু সবলীকৰণ কৰা। সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে প্ৰান্তীয় প্ৰতিবন্ধী ব্যক্তিসকলক (দিব্যাংগজন) সৱলীকৰণ কৰা হৈছে।

দিব্যাংগ সবলীকৰণ বিভাগ (দিব্যাংগজন)ৰ প্ৰধান সফলতাসমূহঃ

  • ৰাষ্ট্ৰপতিয়ে ৩ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসত বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণৰ দিশত অসাধাৰণ কামৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে
  • সমগ্ৰ ভাৰত/প্ৰতিখন জিলাৰ সাংকেতিক ভাষাৰ দোভাষীসকলৰ দ্বাৰা ৩২০০ স্থানত সাংকেতিক ভাষা দিৱস উদযাপন
  • নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ কৰ্তব্য পথত আয়োজন কৰা বিশাল দিব্য কলা মেলা
  • দিব্য কলা শক্তি; প্ৰতিবন্ধীৰ দক্ষতা;-কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত দিব্যাংগজনৰ জন্মগত প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক অভিনৱ মঞ্চ
  • ২০২২ চনৰ ৪ মাৰ্চ আৰু ১৫ ছেপ্টেম্বৰত ক্ৰমে কেৱাদিয়া আৰু ইন্দোৰত অনুষ্ঠিত দুদিনীয়া সংবেদনশীলতা কৰ্মশালা/ বহনক্ষম সৰ্বাংগীন উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ দিব্যাংগজনৰ প্ৰতি জনসাধাৰণৰ মাজত অনুকূল মনোভাৱ গঢ়ি তোলাৰ বাবে সক্ৰিয় ব্যৱস্থাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত  টেণ্ট চিটি কেৱাডিয়াত আগবঢ়োৱা ভাষণত গুৰুত্ব আৰোপ কৰে ড০ বীৰেন্দ্ৰ কুমাৰে
  • প্ৰতিবন্ধীৰ সন্দৰ্ভত কেন্দ্ৰীয় পৰামৰ্শদাতা পৰিষদ(কেব)ৰ পঞ্চম বৈঠক
  • প্ৰথমবাৰৰ বাবে ফ্লিপকাৰ্ট আৰু আমাজনৰ সৈতে সহযোগিতাৰ বাবে ই-কমাৰ্চ খণ্ডত বিশেষভাৱে সক্ষম ব্যক্তিসকলক (পিডব্লিউডি) অন্তৰ্ভুক্ত কৰাৰ বাবে আমাজন আৰু ফ্লিপকাৰ্ট/ডিইপিডব্লিউডিৰ সৈতে স্বাক্ষৰিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰৈ হৈছে, যাৰ লক্ষ্য হৈছে এটা গাঁথনিগত দক্ষতা সৃষ্টি কৰা উন্নয়ন হস্তক্ষেপ আৰু বিশেষভানে সক্ষম ব্যক্তিসকলক (পিডব্লিউডি) অৰ্থনীতিৰ মূলসুঁতিলৈ দ্ৰুতগতিত অনাৰ ব্যৱস্থা কৰা। ব্যক্তিগত কোম্পানীসমূহক প্ৰতিবন্ধীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰি আৰু তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি সবলীকৰণৰ বাবে সংযুক্ত কৰা উচিত।
  • ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান/সংমিশ্ৰিত আঞ্চলিক কেন্দ্ৰসমূহৰ নিৰ্মাণ উদ্বোধন কৰা হয় আৰু বাধামুক্ত পৰিৱেশত উন্নত পুনৰ সংস্থাপন সেৱা প্ৰদান কৰিবলৈ তেওঁলোকৰ সেৱা প্ৰদান ব্যৱস্থা সম্প্ৰসাৰণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়।
  • কটকৰ এছভিএনআইআৰ টি আৰত ১০০খন বিচনাযুক্ত এনেক্স পুনৰ সংস্থাপন ভৱন উদ্বোধন
  • মাননীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰে ২২ ডিচেম্বৰ, ২০২২ত নতুন দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ভাৰতীয় ৰাষ্ট্ৰীয় অন্ধ ক্ৰিকেট দল টি২০ অন্ধ্ৰ বিশ্বকাপ,২০২২ ৰ বিজয়ীক সম্বৰ্ধনা জনোৱাৰ লগতে মত বিনিময় কৰে৷

ৰাষ্ট্ৰপতিয়ে ৩ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসত বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণৰ দিশত অসাধাৰণ কামৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুয়ে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ প্ৰতিবন্ধী সবলীকৰণ বিভাগৰ উদ্যোগত আয়োজিত “আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস” উদযাপনৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ ব্যক্তি, প্ৰতিষ্ঠান, সংগঠন আৰু ৰাজ্য/জিলা আদিক তেওঁলোকৰ অসাধাৰণ কৃতিত্ব আৰু প্ৰতিবন্ধী ব্যক্তিসকলক সবলীকৰণৰ দিশত কৰা কামৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰ, সামাজিক ন্যায় আৰু সৱলীকৰণৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আঠাৱালে, শ্ৰীমতী প্ৰতিমা ভৌমিকো উপস্থিত থাকে।

২০২১ আৰু ২০২২ বৰ্ষৰ প্ৰতিবন্ধী ব্যক্তিৰ সবলীকৰণৰ বাবে ৰাষ্ট্ৰীয় বঁটা, তলত উল্লেখ কৰা শিতানত প্ৰদান কৰা হয়:-

  1. সৰ্বশ্ৰেষ্ঠ দিব্যাংগজন;
  1. শ্ৰেষ্ঠ দিব্যাংগজন;
  1. শ্ৰেষ্ঠ দিব্যাংগ বাল/বালিকা;
  1. সৰ্বশ্ৰেষ্ঠ ব্যক্তি-দিব্যাংগজনো কে শশক্তিকৰণ কে লিয়ে কাৰ্যাৰ্থে;
  2. সৰ্বশ্ৰেষ্ঠ পুনৰ্বাস পেশ্বেৱৰ (পুনৰ সংস্থাপন পেছাদাৰী/কৰ্মী)– দিব্যংগথা কে ক্ষেত্ৰ মেইন কাৰ্যাৰ্থে;
  3. সৰ্বশ্ৰেষ্ঠ অনুসন্ধান/নৱপ্ৰৱৰ্তন/উৎপাদ বিকাশ –দিব্যংগথা কে শক্তিকৰণ কে ক্ষেত্ৰ মেই;
  4. দিব্যাং সাশক্তিকৰণ হেতু সৰ্বশ্ৰেষ্ঠ সংস্থা (ব্যক্তিগত সংস্থা, বেচৰকাৰী সংস্থা);
  5. দিব্যাংগো কে লিয়ে সৰ্বশ্ৰেষ্ঠ নিয়ম (চৰকাৰী সংস্থা/পিএছই/স্বায়ত্তশাসিত সংস্থা/ব্যক্তিগত খণ্ড);
  6. দিব্যাংগো কে লিয়ে সৰ্বশ্ৰেষ্ঠ প্লেচমেণ্ট এজেন্সী– চৰকাৰ/ৰাজ্য চৰকাৰ/স্থানীয় সংস্থা বাদ দি;
  7. সুগম্য ভাৰত অভিযান কে কাৰ্যাম্বন/বাধামুক্ত বৰণ কে সৃজন মেই সৰ্বশ্ৰেষ্ঠ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/জিলা;
  8. সৰ্বশ্ৰেষ্ঠ সুগম্য যাতায়ত কে সদাহান/সুচানা এভেম সঞ্চাৰ প্ৰদ্যোগিকি (চৰকাৰ/ব্যক্তিগত সংস্থা);
  9. দিব্যাংজানো কে অধিকাৰ অধিনিয়ম/ইউডিআইডি এভেম দিব্যং সশক্তিকাৰংকি অন্য যোজনাও কে কাৰ্যাম্বন মেইন সৰ্বশ্ৰেষ্ঠ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/জিলা;
  10. দিৱ্যংজানো কে অধিকাৰ অধিনিয়ম, ২০১৬ কে আপনে ৰাজ্য মেইন কাৰ্যাম্বন মেইন সৰ্বশ্ৰেষ্ঠ ৰাজ্য আয়ুক্ত দিব্যাংজন।
  11. পুনৰসংস্থাপন পেশ্বেৱাৰন কে বিকাশ মেই সংলগ্ন সৰ্বশ্ৰেষ্ঠ সংগঠন
  • ২০২২ৰ ২৩ ছেপ্টেম্বৰত সমগ্ৰ ভাৰতবৰ্ষৰ ৩২০০ স্থানত প্ৰতিখন জিলাৰ সাংকেতিক ভাষাৰ দোভাষীৰ সাংকেতিক ভাষা দিৱস উদযাপন

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ দিব্যাংগৰ সবলীকৰণ বিভাগে  ২৩ ছেপ্টেম্বৰ ২০২২ত নতুন দিল্লী ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ (আইএছএলআৰটিচি)ৰ চি.ডি. দেশমুখ অডিটৰিয়াম, ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰ (আইআইচি)তআজাদী কা অমৃত মহোৎসৱৰ অধীনত ‘সাংকেতিক ভাষাই আমাক একত্ৰিত কৰক’ শীৰ্ষক বিষয়বস্তুৰে ‘সাংকেতিক ভাষা দিৱস’ উদযাপন কৰে৷

 

  • ২০২২ৰ ২ৰ পৰা ৭ ডিচেম্বৰলৈ নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ কৰ্তব্য পথত বিশাল দিব্য মেলাৰ আয়োজন

দিল্লীৰ ইণ্ডিয়া গেটৰ কৰ্তব্য পথত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত ৬ দিনীয়া দিব্য কলা মেলাৰ বুধবাৰে আড়ম্বৰপূৰ্ণভাৱে সমাপ্ত হয়। এই উপলক্ষে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে বিশেষভাৱে সক্ষম লোকৰ বাবে অনলাইন বিক্ৰী পৰ্টেল www.nhfdcfondation.org মুকলি কৰি ৭৫ দিব্যাংগক ১৬লক্ষাধিক বীজ অনুদানৰ পৰিমাণ IDEA-SAKSHAM ৰ দ্বাৰা তেওঁলোকৰ আত্মনিয়োগৰ সুবিধা কৰে। ইয়াৰ লগতে এক ডজন দিব্যাংগক বিভিন্ন কোম্পানীৰ পৰা নিয়োগ পত্ৰও প্ৰদান কৰা হয়। একে সময়তে মেলাত অংশগ্ৰহণ কৰা ২০০ৰো অধিক দিব্যাংগ উদ্যোগীকো জীৱন বীমাৰ বাবে ৫-৫ হাজাৰ টকাৰ ধনৰাশি প্ৰদান কৰা হয়।

  • উত্তৰ আৰু উত্তৰ-পূব অঞ্চলৰ বাবে মুম্বাই, দিল্লী আৰু গুৱাহাটীত ২০২২ৰ ২৭ এপ্ৰিলত আঞ্চলিক পৰ্যায়ৰ দিব্য কলা শক্তি কাৰ্যসূচীৰ আয়োজন কৰা হয়, যাতে পৰিবেশন কলাৰ ক্ষেত্ৰত দিব্যাংগৰ আভ্যন্তৰীণ সম্ভাৱনা প্ৰদৰ্শন কৰা হয়৷

২০২২ চনৰ ২৭ এপ্ৰিলত মুম্বাইৰ নেহৰু চেণ্টাৰত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিৰীয়ে ‘দিব্য কলা শক্তি’ কাৰ্যসূচী উদ্বোধন কৰে।

  • সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে ২০২২ৰ ১০ ডিচেম্বৰত দিব্যাংগ লোকসকলৰ বাবে প্ৰথমবাৰৰ বাবে উত্তৰ আঞ্চলিক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে৷

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে আজি ১০ ডিচেম্বৰ ২০২২ত দিল্লীৰ আকাশবাণী ভৱনৰ ৰং ভৱন প্ৰেক্ষাগৃহত ‘দিব্য কলা শক্তি’ কাৰ্যসূচী উদ্বোধন কৰে। অক্ষম লোকসকলৰ হৈ কাম কৰা বিভিন্ন বেচৰকাৰী সংস্থা আৰু বিভাগৰ অংশীদাৰসকলে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে পিডিইউনিপিপিডিৰ সহযোগত বিশেষভাৱে সক্ষম ব্যক্তিৰ সৱলীকৰণ বিভাগ (দিব্যাংগজন)ৰ উদ্যোগত বিভাগৰ প্ৰশাসনিক মুৰব্বীৰ অধীনত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত আয়োজিত  সাংস্কৃতিক অনুষ্ঠান ‘দিব্য কলা শক্তি-অক্ষমতাৰ মোকাবিলা হোৱাৰ ক্ষমতা’ত দিব্যাংগ শিশু আৰু যুৱক-যুৱতীসকলৰ অসাধাৰণ অভিনয়ৰ সাক্ষী হয়৷

 

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ২০২২ৰ ১৭ ডিচেম্বৰত অধিৱেশন উদ্বোধন কৰি উল্লেখ কৰে যে অসম চৰকাৰে দিব্যাংগজনৰ কামৰ বাবে বহু কাৰ্যসূচী গ্ৰহণ কৰিছে, যিটোৱে তেওঁলোকক সমাজৰ মূল ধাৰালৈ নিশ্চিতভাৱে উদ্গনি যোগাব।

ভাৰত চৰকাৰৰ দিব্যাংগ সৱলীকৰণ বিভাগ (ডিইপিডব্লিউডি) (দিব্যাংগজন)ৰ উদ্যোগত আজি গুৱাহাটীৰ জিএমচিএইচ প্ৰেক্ষাগৃহত বিশেষ সাংস্কৃতিক অনুষ্ঠান দিব্যকলাশক্তি-২০২২ৰ আয়োজন কৰা হয়। দিব্য কলা শক্তি হৈছে ভাৰতৰ উত্তৰ-পূব ৰাজ্যৰ সকলো দিব্যাংগজনৰ দ্বাৰা অৱদান আগবঢ়োৱা এক স্ব-ব্যাখ্যামূলক ধ্ৰুপদী অনুষ্ঠান, যাতে বিশেষভাৱে সক্ষম লোকসকলে তেওঁলোকৰ সামৰ্থ্য আৰু প্ৰদৰ্শনৰ সাক্ষী হ'ব পাৰে৷ এইটো ওড়িশাৰ কটকৰ ওলটপুৰৰ স্বামী বিবেকানন্দ ৰাষ্ট্ৰীয় পুনৰ সংস্থাপন প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নিৰ্দেশ আছিল যে দিব্য কলা শক্তি কাৰ্যসূচী ভাৰতৰ প্ৰতিটো অঞ্চলতে প্ৰৱেশ কৰিব লাগে। অৱশ্যে ইতিমধ্যে মুম্বাই, ইটানগৰ, চেন্নাই আৰু দিল্লীত অনুষ্ঠিত হৈছে দিব্য কলা শক্তি কাৰ্যসূচী। প্ৰধান সম্পাদক মুকেশ চন্দ্ৰ চাহু (আইএএছ),অসম চৰকাৰৰ প্ৰতিবন্ধী বিভাগৰ আয়ুক্ত সচিব দেবেশ্বৰ বৰা (এচিএছ)অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উপ-সচিব তথা পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাস (এচিএছ)ৰ লগতে অসমৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে অধিৱেশন উদ্বোধন কৰি কয় যে দিব্যাংগজনৰ কামৰ বাবে অসমে বহু কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ লগতে ই নিশ্চিতভাৱে সমাজৰ মূল ধাৰাত উদ্গনি কৰিব৷ তেওঁ লগতে কয় যে দিব্যাংগ ভাই-ভনীসকল আটাইতকৈ মৰমলগা আৰু আদৰণীয়। আচলতে প্ৰায় ২৫টা সাংস্কৃতিক বস্তু ১০২ সংখ্যক দিব্যাংগ শিল্পীয়ে অনুষ্ঠান প্ৰদৰ্শন কৰে আৰু সকলো অংশগ্ৰহণকাৰীয়ে স্ব-প্ৰতিভাৰে অতি বিশ্বাসযোগ্যভাৱে অনুষ্ঠান পৰিৱেশন কৰে৷

২০২২ৰ ১৫ ছেপ্টেম্বৰত সজাগতা কৰ্মশলা:-

দিব্যাংগজনৰ সক্ষমতাক গুৰুত্বঃ মুল অন্তৰ্ভূক্তিৰ সন্দৰ্ভত মধ্যপ্ৰদেশৰ ইন্দোৰত আয়োজিত দুদিনীয়া ছেনিটাইজেচন কাৰ্যসূচীত আগবঢ়োৱা ভাষণত কয় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে৷

  • প্ৰথমবাৰৰ বাবে আমাজন(২৮ ছেপ্টেম্বৰ, ২০২২) আৰু ফ্লিপকাৰ্ট(২৬ এপ্ৰিল, ২০২২)ৰ দৰে ই-কমাৰ্চ কোম্পানীৰে ডিইপিডব্লিউডিয়ে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়৷
  • বাধামুক্ত পৰিৱেশত উন্নত পুনৰ সংস্থাপন সেৱা প্ৰদান কৰিবলৈ তেওঁলোকৰ সেৱা প্ৰদান ব্যৱস্থা সম্প্ৰসাৰণৰ বাবে তলত উল্লেখ কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান/সংমিশ্ৰিত আঞ্চলিক কেন্দ্ৰসমূহৰ নিৰ্মাণ উদ্বোধন কৰা হয় আৰু আধাৰশিলা স্থাপন কৰা হয়।

কোজিকোড়েত দক্ষতা বিকাশ, পুনৰ সংস্থাপন আৰু দিব্যাংগ ব্যক্তিৰ সবলীকৰণৰ বাবে ২০২২ৰ ১৮ জানুৱাৰীত কম্পোজিট ৰিজিঅ’নেল চেণ্টাৰ (চিআৰচি)ৰ মূল ভৱন উদ্বোধন কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে৷

কৰ্ণাটকৰ দেৱনাগেৰীৰ বডানিহালীত দক্ষতা বিকাশ, পুনৰ সংস্থাপন আৰু দিব্যাংগ ব্যক্তিৰ সবলীকৰণৰ বাবে ২০২২ৰ ১৬ এপ্ৰিলত কম্পোজিট ৰিজিঅ’নেল চেণ্টাৰ (চিআৰচি)ৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী শ্ৰী এ. নাৰায়ণস্বামীয়ে৷

চত্তীশগড়ৰ ৰাজনন্দগাঁৱত দক্ষতা বিকাশ, পুনৰ সংস্থাপন আৰু দিব্যাংগ ব্যক্তিৰ সবলীকৰণৰ বাবে ২০২২ৰ ২ মে’ত কম্পোজিট ৰিজিঅ’নেল চেণ্টাৰ (চিআৰচি)ৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে৷

শ্বিলঙত দিব্যাংগজনৰ দক্ষতা বিকাশ, পুনৰ সংস্থাপন আৰু সৱলীকৰণৰ বাবে ১৭ মে’, ২০২২ত চিআৰচিৰ সেৱা উদ্বোধন

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী প্ৰতিমা ভৌমিকে ২০২২ চনৰ ১৭ মে’ত শ্বিলঙত দক্ষতা বিকাশ, পুনৰ সংস্থাপন আৰু দিব্যাংগ ব্যক্তিৰ সবলীকৰণৰ বাবে কম্পোজিট ৰিজিঅ’নেল চেণ্টাৰ (চিআৰচি)ৰ সেৱাসমূহ ভাৰ্চুৱেলী উদ্বোধন কৰে। মেঘালয়ৰ শ্বিলঙৰ উ ছ’ছ’ থাম অডিটৰিয়ামত অনুষ্ঠিত এই কাৰ্যসূচীত চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী কিৰমেন শ্বিল্লা আৰু শ্বিলং পূৱ মেঘালয়ৰ বিধায়ক শ্ৰীমতী এম আম্পাৰিন লিংডো আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।

  • ৩০ ছেপ্টেম্বৰ, ২০২২ত কটকৰ এছভিএনআইআৰটাআৰত ১০০খন বিচনাযুক্ত এনেক্স পুনৰ সংস্থাপন ভৱন উদ্বোধন কৰে৷
  • ১২ ডিচেম্বৰ, ২০২২ত সংসদ ভৱন পৰিশিষ্টত ভাৰত চৰকাৰৰ এডিআইপি আৰু আৰভিৱাই আঁচনিত অধীনত দিব্যাংগজন আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে সহায়ক সাহায্য আৰু সঁজুলিৰ তিনিদিনীয়া প্ৰদৰ্শনী আয়োজন কৰে৷
  • কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ  মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰে নতুন দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ২২ ডিচেম্বৰ, ২০২২ত ভাৰতীয় ৰাষ্ট্ৰীয় অন্ধ ক্ৰিকেট দল টি২০ অন্ধ্ৰ বিশ্বকাপ,২০২২ ৰ বিজয়ীক সম্বৰ্ধনা জনোৱাৰ লগতে মত বিনিময় কৰে৷ দলটোৱে ১৭ ডিচেম্বৰ, ২০২২ত কৰ্ণাটকৰ বাংগালুৰুস্থিত এম. চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচত বাংলাদেশক ১২০ ৰাণত পৰাজিত কৰে৷ গৌৰৱৰ বিষয় এই যে ভাৰতীয় দলটোৱে ২০১২ আৰু ২০১৭ চৰনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰে৷

***

DB



(Release ID: 1886873) Visitor Counter : 206