বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ উদগণিৰ বাবে বৰ্ষান্ত পৰ্যবেক্ষণ


যোৱা বছৰৰ উল্লিখিত সময়ত এপ্ৰিল-ছেপ্টেম্বৰ ২০২২ত আইআইপি ৭% বৃদ্ধি; এই সময়ছোৱাত খনন, নিৰ্মাণ আৰু বিদ্যুতৰ বৃদ্ধি নথিভুক্ত

২০২২-২৩ৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈ আঠটা প্ৰধান উদ্যোগৰ সূচকাংকত ৮.২%ৰ লক্ষণীয় বৃদ্ধি নথিভুক্ত

১৬০০+ ক্ষেত্ৰ সামৰি ইউএলআইপি ৭টা মন্ত্ৰালয়ৰ ৩২টা প্ৰণালীৰ সৈতে সফলতাৰে সমন্বয় সাধন কৰে

ভাৰতৰ নিৰ্মাণ সক্ষমতা আৰু ৰপ্তানি বৃদ্ধি কৰিবলৈ ১৪টা প্ৰধান খণ্ডৰ বাবে উৎপাদনৰ সৈতে সংযুক্ত ভাট্টা (পিএলআই)

৬৪ লাখ কোটি টকা বিনিয়োগেৰে প্ৰকল্প নিৰিক্ষণ গোটে (পিএমজি) ১৯১২ৰো অধিক প্ৰকল্প নিৰিক্ষণ কৰে; ৫,৪৩৮টা বিষয়ৰ প্ৰস্তাৱৰ ব্যৱস্থা কৰে

চৰকাৰৰ দ্বাৰা স্বীকৃত ৬৬২খন জিলাত বিয়পি থকা ৮৪,০০০ৰো অধিক ষ্টাৰ্টআপে ৮.৫ লাখৰো অধিক চাকৰি সৃষ্টি কৰিছে

৭৭৩টা ষ্টাৰ্টআপত বিকল্প বিনিয়োগ পুঁজিয়ে মুঠ ১৩,৪৯৩ কোটি টকা বিনিয়োগ কৰে

ভাৰতক এটা নিৰ্মাণ কেন্দ্ৰ কৰি তুলিবলৈ মেক ইন ইণ্ডিয়া ২.০ই ২৭টা খণ্ডত আলোকপাত কৰিছে

গ্লবেল ইনভেচন ইণ্ডেক্স (জিআইআই)ত ভাৰতৰ স্থান ২০১৫ৰ ৮১তমৰ পৰা ২০২২ত ৪০তমলৈ উন্নীত হয়

নেচনেল ছিংগল-উইণ্ড ছিষ্টেম (এনএছডব্লিউএছ)ৰ জৰিয়তে ৪৪,০০০ৰো অধিক অনুমোদন দিয়া

Posted On: 16 DEC 2022 5:22PM by PIB Guwahati

১। ঔদ্যোগিক কাৰ্যকলাপ:

আইআইপিৰ ধাৰাত প্ৰদৰ্শিত ঔদ্যোগিক উৎপাদনৰ সম্প্ৰসাৰণ:

যোৱা বছৰ উল্লিখিত সময়ত ২০২২ৰ এপ্ৰিল-ছেপ্টেম্বৰৰ সময়ছোৱাত আইআইপিয়ে নিৰ্ধাৰণ কৰা মতে ঔদ্যোগিক উৎপাদন ৭.০% বৃদ্ধি হয়। এই সময়ছোৱাত তিনিওটা খণ্ডত- খনন, নিৰ্মাণ আৰু বিদ্যুতৰ বিকাশ নথিভুক্ত হয়।

 

কোভিড-১৯ মহামাৰীৰ পাছত নিৰন্তৰ স্বাভাৱিকতা:

  • ২০২০-২১ৰ সময়ছোৱাত, যেতিয়া কোভিড-১৯ মহামাৰী বিয়পিছিল আৰু চৰকাৰে ইয়াৰ প্ৰভাৱ ৰোধ কৰিবলৈ দেশজুৰি উদ্যোগবিলাক বন্ধ ৰাখিছিল, তেতিয়া লক্ষণীয়ভাৱে ঔদ্যোগিক উৎপাদন অৱনমিত হৈছিল, (-)৮.৪% বিকাশ নথিভুক্ত হৈছিল। তাৰ পাছত, উদ্যোগত নিৰন্তৰ পুনৰুদ্ধাৰ পৰিলক্ষিত হয়। ২০২২ৰ এপ্ৰিল-ছেপ্টেম্বৰ সময়ছোৱাত আইআইপিৰ বিকাশৰ মুঠ হাৰ হৈছে ৭.০%।
  • ২০২১-২২ৰ সময়ছোৱাত ঔদ্যোগিক উৎপাদনৰ মুঠ সূচকাংক হৈছে ১১.৪ শতাংশ। ২০২০-২১ৰ সময়ছোৱাত খনন, নিৰ্মাণ আৰু বিদ্যুৎ খণ্ডত দুটা অংকৰ বিকাশ নথিভুক্ত হৈছিল। ২০২২-২৩ত ঔদ্যোগিক কামকাজৰ পুনৰুদ্ধাৰ আকৌ শক্তিশালী হয়। ২০২২-২৩ৰ প্ৰথম ছমাহত খনন, নিৰ্মাণ আৰু বিদ্যুতৰ ইতিবাচক বিকাশ নথিভুক্ত হয় ক্ৰমে ৪.২%, ৬.৮% আৰু ১০.৮%।

 

২। আঠটা প্ৰধান উদ্যোগৰ বিকাশৰ ধাৰা:

  • প্ৰধান উদ্যোগৰ সূচকাংক (আইচিআই)য়ে কয়লা, কেঁচা তেল, প্ৰাকৃতিক গেছ, পেট্ৰলিয়াম ৰিফাইনেৰী সামগ্ৰী, সাৰ, ষ্টিল, চিমেণ্ট আৰু বিদ্যুৎ- এই আঠটা প্ৰধান উদ্যোগৰ কাৰ্যকলাপৰ জোখ লয়। ঔদ্যোগিক উৎপাদনৰ সূচকাংকত (আইআইপি) আইচিআইত অন্তৰ্ভুক্ত উদ্যোগে ৪০.২৭ শতাংশ ভৰ সংযোগ কৰে।
  • ২০২১-২২ৰ সময়ছোৱাত আইচিআই বিকাশৰ হাৰ আছিল ১০.৪ শতাংশ, যোৱা তিনি বছৰ অৰ্থাৎ ২০১৮-১৯ৰ পৰা ২০২০-২১লৈকে গড় বিকাশৰ হাৰ আছিল ০.৫ শতাংশ। চলিত বিত্ত বৰ্ষত (২০২২-২৩ৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈ) বিকাশৰ হাৰ ৮.২ শতাংশ বৃদ্ধি হয়। আঠটা প্ৰধান খণ্ডৰ ভিতৰত দুটাই যুটীয়া অংকৰ বিকাশ দেখুৱায়, কয়লা আৰু সাৰ খণ্ডই এই বৃদ্ধিৰ আগভাগ লয়, যাৰ বিকাশৰ হাৰ হৈছে ক্ৰমে ১৮.১% আৰু ১০.৫%। য'ত, একেখিনি সময়ত (২০২২-২৩, এপ্ৰিলৰ পৰা অক্টোবৰলৈ) কেঁচা তেল খণ্ডৰ বিকাশ একেই থাকে। ই প্ৰধান উদ্যোগবিলাকৰ পুনৰুদ্ধাৰৰ সংকেত দিয়ে।

 

৩। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন (এনএমপি):

  • পিএম গতিশক্তি এনএমপি সম্পূৰ্ণৰূপে চালিত হয় সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ ১২০০টাৰো অধিক ডাটা লেয়াৰ আৰু ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ ৭৫৫টা আৱশ্যকীয় লেয়াৰেৰে।
  • ২২টা আন্তঃগাঁথনি আৰু ইউজাৰ ইকনমিক মন্ত্ৰালয়ৰ বাবে ব্যক্তিগত পৰ্টেল আৰু সকলো ৩৬খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশে আৱশ্যকীয় ডাটা লেয়াৰ, কাষ্টমাইজড টুল আৰু কাৰ্যক্ৰমৰ বিকাশ সাধন কৰিছে।
  • বিআইএছএজি-এনত শাৰীৰিক ৰূপত ১০০০ৰো অধিক ৰাজ্যিক স্তৰৰ বিষয়াৰ প্ৰশিক্ষণ আৰু সক্ষমতা নিৰ্মাণ সম্পূৰ্ণ হৈছে, লগতে ৬খন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে।
  • কেন্দ্ৰীয় মন্ত্ৰালয়সমূহ/বিভাগৰ বাবে ৭৮টা কৰ্মশালা সম্পূৰ্ণ কৰা হৈছে য'ত প্ৰায় ৩১৪৫জন অংশগ্ৰহণকাৰীয়ে ভাগ লয়। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনত ৫০ৰো অধিক ৰাজহুৱাখণ্ডৰ ১৮০+ বিষয়াক সক্ৰিয় কৰি তোলা হয়।
  • ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠানিক গাঁথনি যেনে সচিবসকলৰ ক্ষমতাযুক্ত গোট (ইজিঅ'এছ), নেটৱৰ্ক প্লেনিং গ্ৰুপ (এনপিজি) আৰু কাৰিকৰী সহায়ক গোট (টিএছইউ) সম্পূৰ্ণৰূপে কাৰ্যৰত। ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশে একে প্ৰতিষ্ঠানিক গাঁথনি প্ৰস্তুত কৰিছে আৰু বৈঠক অনুষ্ঠিত কৰি আছে।
  • এনপিজিৰ ৩৮খন বৈঠক অনুষ্ঠিত হৈছে, য'ত ৫৭টা প্ৰকল্প পৰীক্ষা কৰা হৈছে। লগতে, ইউজাৰ মন্ত্ৰালয়ে পথ, ৰে'ল আৰু বন্দৰ সংযোগৰ ১৯৭টা জটিল আন্তঃগাঁথনিগত ব্যৱধান ভগাই লৈছে। এইবোৰ এনপিজিৰ দ্বাৰা পৰীক্ষা কৰা হৈছে।
  • চৰকাৰৰ ভিতৰত সক্ষমতা নিৰ্মাণ কৰিবলৈ আইগট প্লেটফৰ্মত পিএম গতিশক্তি সন্দৰ্ভত অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হয়।
  • প্ৰকল্প নিৰিক্ষণ গোটৰ (পিএমজি) ব্যৱস্থাপনাৰ জৰিয়তে সময়মতে প্ৰকল্প ৰূপায়নৰ বাবে বিষয়ৰ প্ৰস্তাৱে গতি লাভ কৰিছে। পিএম গতিশক্তি আৰম্ভ হোৱাৰে পৰা ১৫০০+ বিষয় নিষ্পত্তি হৈছে যিবোৰ ৩০০+ প্ৰকল্পৰে সম্পৃক্ত।
  • ২৮খন ৰাজ্যই নিজৰ বাৰ্ষিক কাৰ্য যোজনা প্ৰস্তুত কৰিছে। সকলো ৰাজ্যৰ ৫,০২৩ কোটি টকাৰ যোজনা ডিঅ'ই-ক অৰ্পণ কৰা হৈছে।
  • ১৫খন ৰাজ্যই লজিষ্টিকছ নীতি প্ৰস্তুত কৰিছে। কৰ্ণাটক আৰু পঞ্জাৱৰ দৰে ৰাজ্যই নৱেম্বৰত নিজৰ লজিষ্টিকছ নীতি অধিসূচিত কৰে।

 

৪। লজিষ্টিকছ:

  • ৰাষ্ট্ৰীয় লজিষ্টিকছ নীতি: প্ৰধানমন্ত্ৰীৰ দ্বাৰা ১৭-০৯-২০২২ত ৰাষ্ট্ৰীয় লজিষ্টিকছ নীতি (এনএলপি) আৰম্ভ কৰা হৈছে। এই নীতিয়ে লজিষ্টিকছ ক্ষেত্ৰৰ বাবে ব্যাপক আভ্যন্তৰীণ, ক্ৰছ-ছেক্টৰেল, মাল্টি-মডেল ক্ষেত্ৰাধিকাৰ তথা ব্যাপক নীতিগত আন্তঃগাঁথনি নিৰ্ধাৰণ কৰে। এই নীতি পিএম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ পৰিপূৰক।
  • ইউনিফাইড লজিষ্টিকছ ইণ্টাৰফেচ প্লেটফৰ্ম: ইউনিফাইড লজিষ্টিকছ ইণ্টাৰফেচ প্লেটফৰ্ম (ইউএলআইপি)ক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ১৭ ছেপ্টেম্বৰ, ২০২২ত ৰাষ্ট্ৰীয় লজিষ্টিকছ নীতি (এনএলপি)ৰ এটা অংশ হিচাপে পিএম গতিশক্তিৰ দৃষ্টিৰে লঞ্চ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে ব্যক্তিগত ছাইলো ভংগ কৰি, বিভিন্ন মন্ত্ৰালয়/বিভাগৰ মাজত একীকৰণক উদগণি দি আৰু একক খিৰিকীৰ ব্যৱস্থা তৈয়াৰ কৰি লজিষ্টিকছ উদ্যোগত দক্ষতা আৰু পাৰদৰ্শিতাক উৎসাহিত কৰা যাতে লজিষ্টিকছ ক্ষেত্ৰত ভাৰতক ব্যয় প্ৰতিযোগিতামূলক আৰু আত্মনিৰ্ভৰ কৰিব পৰা যায় আৰু মেক ইন ইণ্ডিয়া সম্পৰ্কীয় পদক্ষেপ আগবঢ়াই নিব পৰা যায়। এশৰো অধিক এপিআইৰ জৰিয়তে ১,৬০০ৰো অধিক ক্ষেত্ৰক সামৰি ইউএলআইপিৰ ৭টা মন্ত্ৰালয়ৰ ৩২টা ছিষ্টেমৰ সৈতে একীকৰণক সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। ইউএলআইপিক নীতি আয়োগৰ মাৰ্গদৰ্শনত এনআইচিডিচিৰ দ্বাৰা ডিজাইন আৰু বিকশিত কৰা হৈছে।
  • ঈজ অফ লজিষ্টিকছ ছাৰ্ভিচেছ প্লেটফৰ্ম (ইএলঅ'জিএছ): ঈজ অফ লজিষ্টিকছ ছাৰ্ভিচেছ প্লেটফৰ্ম (ইএলঅ'জিএছ)ক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা 'নেচনেল লজিষ্টিকছ পলিচি' (এনএলপি)ৰ জৰিয়তে ১৭ ছেপ্টেম্বৰ ২০২২ত লঞ্চ কৰা হৈছিল। কোম্পানীসমূহে ইএলঅ'জিএছ প্লেটফৰ্মত অভিযোগ দাখিল কৰিব পাৰে আৰু সেইবোৰ সম্পৃক্ত বিষয়াৰ দ্বাৰা অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰা হ'ব।
  • লজিষ্টিকছ ঈজ এক্ৰছ ডিফাৰেণ্ট ষ্টেটছ (এলইএডিএছ): পিএম গতিশক্তিৰ ওপৰত ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন ১৩ অক্টোবৰ ২০২২ত কৰা হৈছিল। সেই সময়ত কেন্দ্ৰীয় বাণিজ্য তথা উদ্যোগ মন্ত্ৰীৰ দ্বাৰা এলইএডিএছ অৰ্থাৎ বিভিন্ন ৰাজ্যত লজিষ্টিকছ সুগমতাৰ ওপৰত ২০২২ৰ ৰিপৰ্ট জাৰি কৰা হৈছিল।

 

৫। উৎপাদনৰে জড়িত উদগণি (পিএলআই) যোজনা:

  • 'আত্মনিৰ্ভৰ' হোৱাৰ ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি ১৪টা প্ৰধান ক্ষেত্ৰৰ বাবে ১.৯৭ লাখ কোটি টকাৰ ব্যয়ৰ সৈতে উৎপাদনৰে জড়িত উদগণি (পিএলআই) যোজনা ঘোষণা কৰা হয়। ইয়াৰ ফলত ভাৰতৰ নিৰ্মাণ ক্ষমতা আৰু ৰপ্তানি উৎসাহিত হ'ব।
  • এই প্ৰধান ক্ষেত্ৰসমূহত পিএলআই যোজনাই ভাৰতীয় নিৰ্মাতাসকলক বিশ্বজনীন স্তৰত প্ৰতিযোগিতামূলক কৰা, মুখ্য ক্ষমতা তথা অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগ আকৰ্ষণ কৰা, দক্ষতা সুনিশ্চিত কৰা, ব্যাপক হাৰত উৎপাদন কৰা, ৰপ্তানি বঢ়োৱা আৰু ভাৰতক বিশ্বজনীন মূল্য শৃংখলাৰ এটা অভিন্ন অংশ কৰাত সহায় কৰিব।
  • পিএলআই যোজনাৰ ঘোষণাৰ লগে লগে অহা পাঁচ বছৰত আৰু তাৰ পাছতো উৎপাদন, সংস্থাপন, অৰ্থনৈতিক বিকাশ আৰু ৰপ্তানিৰ গুৰুত্বপূৰ্ণ সৃষ্টি হোৱাৰ আশা আছে।
  • পিএলআই যোজনাৰ দেশৰ এমএছএমই পৰিৱেশৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিবলৈ লৈছে। প্ৰতিটো ক্ষেত্ৰত প্ৰস্তুত হ'বলগা প্ৰধান গোটসমূহৰ সম্পূৰ্ণ মূল্য শৃংখলাত এটা নতুন যোগনীয়াৰ আধাৰৰ আৱশ্যক হ'ব। ইয়াৰ বেছিভাগ সহায়ক গোট এমএছএমই ক্ষেত্ৰত প্ৰস্তুত হ'ব।
  • প্ৰধান প্ৰাপ্তি

৹ এতিয়ালৈকে ১৩টা যোজনাৰ জৰিয়তে ৬৫০খন আৱেদন স্বীকৃত কৰা হৈছে।

৹ বাল্ক ড্ৰাগছ, চিকিৎসা উপকৰণ, দূৰ সঞ্চাৰ, হোৱাইট গুডছ আৰু ফুড প্ৰচেছিঙৰ দৰে ক্ষেত্ৰসমূহৰ পিএলআই লাভাৰ্থীৰ ১০০ৰো অধিক এমএছএমই অন্তৰ্ভুক্ত আছে।

৹ ৰূপায়ণ মন্ত্ৰালয়/বিভাগৰ শেহতীয়া ৰিপৰ্ট অনুসৰি, প্ৰায় ৪৭,০০০ কোটি টকা (৫.৬ আৰব ডলাৰ)ৰ বাস্তৱিক বিনিয়োগ হৈছে। ইয়াৰ ফলত ৩.৭৫ লাখ কোটি টকা (৪৫ আৰব ডলাৰ)ৰ পাত্ৰ সামগ্ৰীৰ উৎপাদন/বিক্ৰী আৰু প্ৰায় ২.৫ লাখ সংস্থাপন সৃষ্টি হোৱাৰ তথ্য পোৱা গৈছে।

৹ নথিভুক্ত বাস্তৱিক বিনিয়োগ বিত্ত বৰ্ষ ২০২১-২২ৰ সম্পৰ্কীয় অনুমান অনুসৰি ১০৬ শতাংশ আহৰণ।

৹ লাৰ্জ স্কেল ইলেক্ট্ৰনিক মেনুফেকচাৰিং, ফাৰ্মাচিউটিকেল, দূৰ সঞ্চাৰ আৰু নেটৱৰ্কিং সামগ্ৰী, ফুড প্ৰচেছিং আৰু হোৱাইট গুডৰ দৰে প্ৰধান ক্ষেত্ৰই বিনিয়োগ, উৎপাদন/বিক্ৰী আৰু সংস্থাপন সৃষ্টিত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে।

৹ দূৰ সঞ্চাৰ নিৰ্মাণত সম্পূৰ্ণ মূল্য শৃংখলাক উদগণি দিবলৈ জুন ২০২২ত ডিজাইন আধাৰিত পিএলআই আৰম্ভ কৰা হয় যাতে দূৰ সঞ্চাৰ তথা নেটৱৰ্কিং সামগ্ৰীৰ বাবে পিএলআই যোজনাৰ জৰিয়তে 5জিৰ বাবে এটা মজবুত পৰিৱেশ ৰচনা হয়। এই যোজনাৰ জৰিয়তে পাত্ৰ কোম্পানীসমূহক মঞ্জুৰী আগতেই দিয়া হৈছে।

৹ সম্প্ৰতি মন্ত্ৰীসভাই ছেপ্টেম্বৰ ২০২২ত ১৯,৫০০ কোটি টকাৰ ব্যয়েৰে 'উচ্চ দক্ষতাসম্পন্ন সৌৰ পিভি মডিউলৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্যক্ৰম'ৰ বাবে পিএলআই যোজনা (পৰ্যায় ৷৷) মঞ্জুৰী দিয়ে। ইয়াৰ ফলত ভাৰতত উচ্চ দক্ষতাসম্পন্ন সৌৰ পিভি মডিউলৰ নিৰ্মাণৰ বাবে এটা পৰিৱেশ তৈয়াৰ কৰা আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায়ক হ'ব।

৹ আৰটিচি/আৰটিই সামগ্ৰীত মিলেটৰ ব্যৱহাৰক উদগণি দিবলৈ ভাৰত চৰকাৰে শেহতীয়াকৈ ৩০টা কোম্পানীক বৃহৎ উপক্ৰম আৰু এমএছএমইৰে মিলেট উৎপাদনৰ বাবে পিএলআই যোজনাৰ জৰিয়তে বিক্ৰী আধাৰিত উদগণি আহৰণ কৰাৰ মঞ্জুৰী দিছে।

৹ মোবাইল নিৰ্মাণ আৰু নিৰ্দিষ্ট ইলেক্ট্ৰনিক উপকৰণৰ বাবে পিএলআই যোজনাৰ জৰিয়তে ৫৩.২৮ কোটি টকাৰ প্ৰথম ব্যয়ক মঞ্জুৰী দিয়া হৈছে।

  • হোৱাইট গুডছ (এচি আৰু এলইডি লাইট) বাবে উৎপাদনৰে জড়িত উদগণি (পিএলআই) যোজনা:

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৭ এপ্ৰিল ২০২১ত হোৱাইট গুডছ (এয়াৰ কণ্ডিচনাৰ আৰু এলইডি লাইট)ৰ বাবে ৬,২৩৮ কোটি টকাৰ ব্যয়েৰে পিএলআই যোজনাক অনুমোদন দিছিল। এই পৰিকল্পনাৰ বাবে দিক-নিৰ্দেশনা ৪ জুন ২০২১ত প্ৰকাশ কৰা হৈছিল। এই যোজনাৰ এনেধৰণৰ আৰু এলইডি উদ্যোগৰ বাবে অধিক বৃদ্ধিৰ হাৰ আহৰণ কৰিবলৈ, ভাৰতত যন্ত্ৰাংশৰ বাবে পূৰ্ণ পৰিৱেশ বিকশিত কৰা আৰু বিশ্বজনীন চেম্পিয়ন তৈয়াৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আশা কৰা হৈছে। এই যোজনাৰ জৰিয়তে ৬,৭৬৬ কোটি টকাৰ বিনিয়োগৰ সংকল্পৰে মুঠ ৬৪ আৱেদকৰ বাছনি লাভাৰ্থী হিচাপে কৰা হৈছে। নিৰ্বাচিত আৱেদকৰ এয়াৰ কণ্ডিচনাৰৰ যন্ত্ৰাংশৰ নিৰ্মাণৰ বাবে ৫,২৭৫ কোটি টকাৰ বিনিয়োগৰ সংকল্পৰে ৩৪ আৱেদক আৰু এলইডি লাইটৰ যন্ত্ৰাংশৰ নিৰ্মাণৰ বাবে ১,৪৯১ কোটি টকাৰ বিনিয়োগৰ সংকল্পৰে ৩০ আৱেদক অন্তৰ্ভুক্ত আছে।

 

৬। পৰিকল্পনা তত্বাৱধান গোট (পিএমজি):

  • ডিচেম্বৰ ২০২১লৈকে পিএমজি পৰ্টেলক কেবিনেট সচিবৰ নিৰ্দেশ অনুসৰি এটা বিষয় আধাৰিত সমাধানৰ আন্তঃগাঁথনিৰে প্ৰাপ্তি আধাৰিত তত্বাৱধান প্ৰণালীলৈ উন্নীত কৰা হৈছে। নতুন প্ৰণালীয়ে পৰিকল্পনাৰ সক্ৰিয় তত্বাৱধান সুনিশ্চিত কৰিব আৰু সময়মতে সংশোধনৰ উপায় কৰাত সহায় কৰিব। এই বুনিয়াদী আন্তঃগাঁথনিৰ ক্ষেত্ৰত পৰিৱৰ্তনকাৰী সলনিক উৎসাহিত কৰিবলৈ পৰিকল্পনা তত্বাৱধান গোটক সবাতোকৈ আগত ৰাখিব।
  • পিএমজিয়ে এতিয়ালৈকে ৬৪ লাখ কোটি টকাৰ বিনিয়োগযুক্ত ১,৯১২টা পৰিকল্পনাৰ তত্বাৱধান কৰিছে। ইয়াত শক্তিশালী প্ৰভাৱযুক্ত গতিশক্তি পৰিকল্পনা আৰু গুৰুত্বপূৰ্ণ বুনিয়াদী আন্তঃগাঁথনিৰ অভাৱ থকা পৰিকল্পনাৰ লগতে সকলো গুৰুত্বপূৰ্ণ মেগা বুনিয়াদী আন্তঃগাঁথনিৰ পৰিকল্পনা অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও জানুৱাৰী ২০২২ৰ পাছত ৭.২৩ লাখ কোটি টকাৰ বিনিয়োগযুক্ত ২৯৪টা পৰিকল্পনাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
  • পিএমজিয়ে এতিয়ালৈকে ৫,৪৩৮টা বিষয় নিষ্পত্তি কৰাত সহায় কৰিছে। ইয়াৰ ভিতৰত ১৬.২ লাখ কোটি টকাৰ বিনিয়োগযুক্ত ৩৫৩টা পৰিকল্পনাৰে সম্পৃক্ত ১,৫৪৮টা বিষয় জানুৱাৰী ২০২২ৰ পাছত নিষ্পত্তি কৰা হয়।
  • পিএমজিয়ে বেচৰকাৰী ক্ষেত্ৰৰ পৰিকল্পনাৰ বাবেও সমাধানত সহায় কৰি আছে। ১ জানুৱাৰী ২০২২ৰ পৰা এতিয়ালৈকে বেচৰকাৰী ক্ষেত্ৰৰ ২১টা পৰিকল্পনা সম্পৰ্কীয় ৬৯টা বিষয়ৰ সমাধান পিএমজি আন্তঃগাঁথনিৰ জৰিয়তে কৰা হৈছে।

 

৭। ঔদ্যোগিক কৰিডৰ কাৰ্যক্ৰম:

  • ঔদ্যোগিক কৰিডৰ প্ৰকল্প
  • এনআইচিডিআইটি-ৰ দ্বাৰা ৪টা পৰিকল্পনাৰ মূল্যাংকন কৰা হয় আৰু ৰূপায়ণৰ বাবে এইচচিআইএম/চিচিইএ-ৰ পৰা পৰৱৰ্তী মঞ্জুৰী লোৱা হৈছে-
  • উত্তৰাখণ্ডৰ খুৰপিয়া ফাৰ্মত আইএমচি
  • পঞ্জাৱত পাটিয়ালাৰ ৰাজপুৰত আইএমচি
  • ভীমনাথ-ঢোলেৰা ৰে'ল সম্পৰ্ক, গুজৰাট
  • হায়দৰাবাদ নাগপুৰ ঔদ্যোগিক কৰিডৰ (এইচএনআইচি), তেলেংগনাৰ জৰিয়তে জহিৰাবাদ নোড
  • এনআইচিডিআইটি মেণ্ডেটৰ জৰিয়তে অন্তৰ্ভুক্ত পৰিকল্পনা-
  • ডিএমআইচিৰ জৰিয়তে মণ্ডল বেচৰাজী বিনিয়োগ ক্ষেত্ৰ (এমবিআইআৰ), গুজৰাট নোড
  • একেআইচিৰ জৰিয়তে বড্ডিবৰোটিৱালা নালাগড় (বিবিএন) আইএমচি, হিমাচল প্ৰদেশ
  • প্ৰধান ট্ৰাংক ইনফ্ৰাষ্ট্ৰাকচাৰ-
  • নিৰ্মিত- শেন্দ্ৰা বিডকিন ঔদ্যোগিক ক্ষেত্ৰ
  • নিৰ্মাণাধীন-
  • ঢোলেৰা বিশেষ বিনিয়োগ ক্ষেত্ৰ (ডিএছআইআৰ)- ৯৫ শতাংশ
  • আইএমএলএইচ, এনচি, হাৰিয়ানা- পথ, বিদ্যুৎ, পানীৰ বাবে বাহিৰৰ কানেক্টিভিটী- ৫০ শতাংশ আৰু ডিএফচিচিআইএল-ৰ দ্বাৰা ৰে'ল কানেক্টিভিটীৰ কাম
  • কৃষ্ণাপট্টনম আৰু তুমকুৰু নোড-ইপিচি নিবিদাক অন্তিম ৰূপ দি থকা হৈছে।
  • পৰিৱেশ মঞ্জুৰী-
  • কৃষ্ণাপট্টনম আৰু তুমকুৰু নোড
  • ডিএছআইআৰ, গুজৰাটত ৩,৪০০ মেগাৱটৰ সৌৰ পাৰ্কৰ বিকাশৰ বাবে চিআৰজেড মঞ্জুৰী পোৱা হয়
  • দিঘি বন্দৰ ঔদ্যোগিক ক্ষেত্ৰ
  • ০৪ এছএইচএ/এছএছএ কাৰ্যকৰী কৰা হৈছে-
  • যোধপুৰ পালি মাৰৱাড় বিনিয়োগ ক্ষেত্ৰ (জেপিএমআইএ) আৰু খুসখেৰা ভিৱাড়ি নিমৰাণা বিনিয়োগ ক্ষেত্ৰ (কেবিএনআইআৰ), ৰাজস্থান
  • দিঘি বন্দৰ ঔদ্যোগিক ক্ষেত্ৰ (ডিপিআইএ), মহাৰাষ্ট্ৰ
  • পঞ্জাৱৰ ৰাজপুৰা-পাটিয়ালাত আইএমচি
  • উত্তৰাখণ্ডৰ খুৰপিয়া ফাৰ্মত আইএমচি
  • ঔদ্যোগিক কৰিডৰ পৰিকল্পনাৰ বিকাশৰ বাবে ২টা এছপিভি ননিগমিত-
  • পলক্কড়, কেৰালাত আইএমচি
  • জেপিএমআইএ আৰু কেবিএনআইআৰ, ৰাজস্থান
  • মাষ্টাৰ প্লেনিং আৰু প্ৰাৰম্ভিক ইঞ্জিনিয়াৰিঙৰ কামকাজৰ বাবে ৯জন পৰামৰ্শদাতা নিযুক্ত
  • এই ৪খন চহৰত মুঠ ২০৯টা ভূখণ্ড (১,১৭২ একৰ) আবণ্টিত কৰা হৈছে য'ত দক্ষিণ কোৰিয়া, ৰুছ, চীন, ব্ৰিটেইন, জাপানৰ লগতে এমএছএমই সহিতে ভাৰতীয় কোম্পানীৰ পৰা বিনিয়োগ আকৰ্ষিত।
  • মুঠ ৩,১৮২ কোটি টকাৰ বিনিয়োগ আৰু ১১,২৮০টা সংস্থাপন সৃষ্টিৰ ক্ষমতাসহ ৪৫০.৫ একৰ ভূমিৰে ৮৪টা প্লট আবণ্টিত।
  • ১১টা ঔদ্যোগিক কৰিডৰৰ বিকাশৰ বাবে ৫০ কোটি ডলাৰৰ কাৰ্যক্ৰম সম্পৰ্কীয় ঋণৰ প্ৰথম উপ কাৰ্যক্ৰম হিচাপে এছীয় বিকাশ বেংক (এডিবি)ৰ পৰা ২৫ কোটি ডলাৰৰ ঋণ মঞ্জুৰ।
  • দিল্লী (২২ এপ্ৰিল), কোচ্চি (২২ জুন) আৰু গান্ধীনগৰ (২২ আগষ্ট)ত ইনভেষ্টৰ্ছ ৰাউণ্ড টেবুল কনফাৰেঞ্চ আয়োজিত।

 

৮। ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যক্ৰম:

  • প্ৰধানমন্ত্ৰীৰ দ্বাৰা ১৬ জানুৱাৰী ২০১৬ত লঞ্চ কৰা ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপ আজি দেশত নৱোন্মেষণ আইডিয়াৰ লঞ্চপেড হৈ পৰিছে। উদ্যমীসকলক সহায় কৰা, এটা মজবুত ষ্টাৰ্টআপ পৰিৱেশ গঢ়ি তোলা আৰু ভাৰতক সংস্থাপন বিচৰা লোকৰ সলনি সংস্থাপন সৃষ্টি কৰা দেশ বনোৱাৰ উদ্দেশ্যে যোৱা কেইটামান বছৰৰ সময়ত ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ জৰিয়তে কেইবাটাও কাৰ্যক্ৰম বলৱৎ কৰা হৈছে। ভাৰতীয় ষ্টাৰ্টআপ পৰিৱেশক বিশ্বত উন্নত কৰি তুলিবলৈ চৰকাৰে যিমান দূৰ সম্ভৱ প্ৰয়াস কৰি আছে য'ত পুঁজিলৈকে সহজ গমন, বৌদ্ধিক সম্পদৰ অধিকাৰৰ সুৰক্ষাত সুৰুঙা নোহোৱা কৰা, কৰ উদগণি, সাৰ্বজনীন ক্ৰয়ত সুগমতা, আন্তঃৰাষ্ট্ৰীয় আয়োজনসমূহলৈ সহজ গমনৰ বাবে নিয়ামকৰ সংশোধন আদি অন্তৰ্ভুক্ত আছে।
  • যোৱা কিছু বছৰত ভাৰতীয় ষ্টাৰ্টআপ পৰিৱেশে সকলো প্ৰকাৰে বিকাশ অধিক গতিত বৃদ্ধি নথিভুক্ত কৰিছে। এয়া এটা গুৰুত্বপূৰ্ণ প্ৰাপ্তি যে ৮৪,০০০ৰো অধিক ষ্টাৰ্টআপ চৰকাৰৰ দ্বাৰা মান্যতাপ্ৰাপ্ত। এই ষ্টাৰ্টআপৰ দ্বাৰা ৮.৫ লাখৰ অধিক সংস্থাপন সৃষ্টি হোৱাৰ তথ্য পোৱা গৈছে অৰ্থাৎ প্ৰত্যেক মান্যতাপ্ৰাপ্ত ষ্টাৰ্টআপৰ দ্বাৰা গড়ে ১১টা চাকৰিৰ সৃষ্টি হৈছে। এই মান্যতাপ্ৰাপ্ত ষ্টাৰ্টআপ সকলো ৩৬খন ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশত কমেও এটা ষ্টাৰ্টআপৰ সৈতে দেশৰ ৬৬২খন জিলাত বিয়পি আছে।
  • ষ্টাৰ্টআপৰ বাবে ফাণ্ড অফ ফাণ্ডছ (এফএফএছ) যোজনাৰ জৰিয়তে চৰকাৰে ৯৩টা বৈকল্পিক বিনিয়োগ ফাণ্ড (এআইএফ)ৰ বাবে প্ৰায় ৭,৫২৮ কোটি টকাৰ সংকল্পবদ্ধতা উল্লেখ কৰিছে। এআইএফৰ দ্বাৰা ৭৭৩টা ষ্টাৰ্টআপত মুঠ ১৩,৪৯৩ কোটি টকা বিনিয়োগ কৰা হৈছে।
  • ষ্টাৰ্টআপ ইণ্ডিয়া ছিড ফাণ্ড স্কিম (এছআইএছএফএছ)ৰ জৰিয়তে ১১৯টা ইনক্যুবেটৰক মুঠ ৪৫৫.২৬ কোটি টকাৰ মঞ্জুৰী দিয়া হৈছে। লগতে, নিৰ্বাচিত ইনক্যুবেটৰসকলে ৬৫৬টা ষ্টাৰ্টআপৰ বাবে মুঠ ১০৪.৭৬ কোটি টকা স্বীকৃত কৰিছে।
  • গভৰ্ণমেণ্ট ই-মাৰ্কেট প্লেচ (জিইএম) পৰ্টেলে বিভিন্ন চৰকাৰী বিভাগ/সংগঠন/সাৰ্বজনীন উপক্ৰমৰ দ্বাৰা সাধাৰণ ব্যৱহাৰৰ সামগ্ৰী আৰু সেৱাৰ অনলাইন ক্ৰয়ৰ বাবে ৱান-ষ্টপ সমাধান হৈ পৰিছে। জিইএমত ১৫,৬৬৫ৰো অধিক ডিপিআইআইটি-ৰ পৰা মান্যতাপ্ৰাপ্ত ষ্টাৰ্টআপ আছে যি চৰকাৰী সংস্থাসমূহৰ পৰা মুঠ ৯,৫১২ কোটি টকাৰ ১,৬০,০৬২ৰো অধিক অৰ্ডাৰ পায়। জিইএম প্লেটফৰ্মত ষ্টাৰ্টআপক অনব'ৰ্ড কৰিবলৈ ষ্টাৰ্টআপ হাইৱে এটা ফাষ্টট্ৰেক প্ৰক্ৰিয়া।
  • চৰকাৰে ষ্টাৰ্টআপ পৰিৱেশ উন্নত কৰিবলৈ কাৰবাৰৰ সুগমতা, পুঁজি সংগ্ৰহত সুচলতা আৰু অনুপালনৰ বোজা কমাবলৈ ৫৩টা প্ৰধান নিয়ামক সম্পৰ্কীয় পৰিৱৰ্তন কৰিছে।
  • মান্যতাপ্ৰাপ্ত ষ্টাৰ্টআপ আইকৰ অধিনিয়মৰ ধাৰা ৫৬ (২) (vii বি)ৰ জৰিয়তে এঞ্জেল কৰ ৰেহাইৰ দাবী কৰাৰ পাত্ৰ।
  • বীমা কোম্পানী আৰু ভৱিষ্যনিধি ঘৰুৱা পুঁজিৰ উৎস বঢ়োৱা এআইএফ/ফাণ্ড অফ ফাণ্ডছত বিনিয়োগ কৰিব পাৰে।
  • বিদেশী ভেঞ্চাৰ কেপিটেল বিনিয়োগকাৰী (এফভিচিআই)য়ে স্ব-চালিত মাধ্যমেৰে ১০০% পুঁজিৰ যোগদান কৰিব পাৰে।
  • মান্যতাপ্ৰাপ্ত ষ্টাৰ্টআপৰ বাবে ১০ বছৰৰ পৰা নিৰন্তৰ ৩টা পৰিসংখ্যাৰ বছৰৰ বাবে কৰ অৱকাশ।
  • বৌদ্ধিক সম্পদৰ অধিকাৰ (আইপিআৰ)ৰ সংৰক্ষণ তথা ব্যৱসায়ীকৰণক উদগণি দিবলৈ চৰকাৰে ষ্টাৰ্টআপক নিশূল্ক সেৱা প্ৰদান কৰিবলৈ ৫১০টা পেটেণ্ট ফেচিলিটেটৰ আৰু ৩৯২টা ট্ৰেডমাৰ্ক ফেচিলিটেটৰক পেনেলত লৈছে। ২,১০০ৰো অধিক ষ্টাৰ্টআপে ত্বৰিত অনুসন্ধানৰ বাবে পেটেণ্ট আৱেদন কৰিছে। ইয়াত ৯৯৪ৰো অধিক পেটেণ্ট প্ৰদান কৰা হৈছে আৰু ১,৯২৩টাক প্ৰথম অনুসন্ধানৰ ৰিপৰ্ট দিয়া হৈছে। ২৭,২২৫খন ট্ৰেডমাৰ্ক আৱেদন নথিভুক্ত কৰা হৈছে যাৰ ১২,৮২৭টা ট্ৰেডমাৰ্ক পঞ্জীভুক্ত কৰা হৈছে।
  • চৰকাৰে ষ্টাৰ্টআপৰ বাবে ক্ৰেডিট গেৰাণ্টি যোজনা (চিজিএছএছ) আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে অনুসূচিত বাণিজ্যিক বেংক, অ-বেংকিং বিত্তীয় কোম্পানী আৰু এআইএফৰ দ্বাৰা ষ্টাৰ্টআপক দিয়া ঋণৰ বাবে গেৰাণ্টি প্ৰদান কৰা হৈছে।
  • ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ জৰিয়তে ১৫খন দেশৰ সৈতে সংযোগ স্থাপন কৰা হৈছে যাতে ভাৰতীয় আৰু অংশীদাৰ দেশৰ ষ্টাৰ্টআপৰ মাজত পাৰস্পৰিক সহযোগ আৰু জ্ঞানৰ আদান-প্ৰদানৰ বাবে ছফ্ট-লেণ্ডিং প্লেটফৰ্ম উপলব্ধ কৰাব পাৰি।

 

৯। মেক ইন ইণ্ডিয়া:

ডিপিআইআইটি দেশত নিৰ্মাণ আৰু বিনিয়োগৰ বাবে পৰিৱেশ শক্তিশালী কৰাত সকলোতকৈ আগত আছে। দেশত বিনিয়োগ আৰু নৱোন্মেষণক উদগণি দিয়া, উন্নত বুনিয়াদী আন্তঃগাঁথনি স্থাপন কৰা আৰু ভাৰতক নিৰ্মাণ, ডিজাইন তথা নৱোন্মেষণৰ এটা প্ৰধান কেন্দ্ৰ কৰি তোলাৰ উদ্দেশ্যে ২৫ ছেপ্টেম্বৰ ২০১৪ত 'মেক ইন ইণ্ডিয়া' কাৰ্যক্ৰম লঞ্চ কৰা হৈছিল। শক্তিশালী নিৰ্মাণ ক্ষেত্ৰৰ বিকাশ ভাৰত চৰকাৰৰ প্ৰধান প্ৰাথমিকতা।

 

'ভোকেল ফৰ লোকেল' পদক্ষেপে ভাৰতৰ নিৰ্মাণ ক্ষেত্ৰখনক পৃথিৱীৰ সন্মুখত দাঙি ধৰিছে। এই ক্ষেত্ৰত কেৱল অৰ্থনৈতিক বৃদ্ধিক উচ্চতালৈ লৈ যোৱাৰ ক্ষমতাই নাই বৰং ইয়াত ব্যাপক হাৰত আমাৰ যুৱক-যুৱতীসকলক সংস্থাপন দিয়াৰ ক্ষমতাও আছে।

 

মেক ইন ইণ্ডিয়াই লঞ্চৰ পাছৰ পৰাই গুৰুত্বপূৰ্ণ প্ৰাপ্তি আহৰণ কৰিছে আৰু এতিয়া মেক ইন ইণ্ডিয়া ২.০ৰ জৰিয়তে ২৭টা ক্ষেত্ৰত মনোযোগ কেন্দ্ৰীভূত কৰা হৈছে। ডিপিআইআইটিয়ে ১৫টা নিৰ্মাণ ক্ষেত্ৰৰ বাবে কাৰ্য যোজনাৰ সমন্বয় কৰি আছে আৰু ইয়াৰ বিপৰীতে বাণিজ্য বিভাগে ১২টা সেৱা ক্ষেত্ৰৰ বাবে সমন্বয় কৰি আছে। ডিপিআইআইটিয়ে এতিয়া ২৪টা উপ ক্ষেত্ৰৰ সৈতে লগ হৈ কাম কৰি আছে। ইয়াৰ চয়নে ভাৰতীয় উদ্যোগৰ শক্তি আৰু প্ৰতিযোগিতামূলক বৃদ্ধি, আমদানিৰ বিকল্পৰ আৱশ্যকতা, ৰপ্তানিৰ সম্ভাৱনা আৰু সংস্থাপন বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে। এই ২৪টা উপ ক্ষেত্ৰত ফাৰ্ণিচাৰ, এয়াৰ কণ্ডিচনাৰ, ছামৰা তথা ফুটৱেৰ, প্ৰস্তুত খাদ্য পদাৰ্থ, মীনপালন, কৃষি সামগ্ৰী, বাহনৰ কল-কব্জা, এলুমিনিয়াম, ইলেক্ট্ৰনিক, কৃষি ৰসায়ন, ইস্পাত, কাপোৰ, ইভিৰ বাবে কল-কব্জা, একীকৃত ছাৰ্কিট, ইথানল, চেৰামিক, ছেটটপ বক্স, ৰবটিক, টেলিভিচন, ক্ল'জ চাৰ্কিট কেমেৰা, পুতলা, ড্ৰোণ, চিকিৎসা উপকৰণ, ক্ৰীড়াৰ সামগ্ৰী আৰু জিমৰ উপকৰণ অন্তৰ্ভুক্ত আছে। এই উপ ক্ষেত্ৰৰ বিকাশক এটা সামগ্ৰিক আৰু সমন্বিত পদ্ধতিৰে উদগণি দিয়াৰ প্ৰয়াস চলি আছে।

মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু বিদেশত ভাৰতীয় মেচিনৰ জৰিয়তে বিনিয়োগ আউটৰিচ কাৰ্যক্ৰম কৰি থকা হৈছে। ইনভেষ্ট ইণ্ডিয়া কাৰ্যক্ৰমৰ জৰিয়তে সম্ভাব্য বিনিয়োগকাৰী চিনাক্ত কৰা, হেণ্ড হ'ল্ডিং আৰু বিনিয়োগৰ বাবে সুবিধা প্ৰদান কৰা হয়।

 

১০। আইপিআৰ সৃদৃঢ়কৰণ:

ডিপিআইআইটিয়ে বিশ্বজনীন নৱোন্মেষণ সূচকাংক (জিআইআই)ত ভাৰতৰ ৰেংকিঙত সংশোধনৰ বাবে নীতি আয়োগৰ সৈতে লগ হৈ কাম কৰিছে। অহৰহ কৰি থকা প্ৰয়াসৰ পৰিণতিত যোৱা কিছু বছৰত ভাৰতৰ ৰেংকিঙত উত্থান ঘটিছে।

জিআইআইৰ ৮১টা সংকেতকৰ ভিতৰত আইপিআৰৰ সৈতে সম্পৰ্কযুক্ত ৯টা সংকেতক ডিপিআইআইটিক অৰ্পণ কৰা হৈছে। ইয়াৰ উপৰিও বিশ্বজনীন নৱোন্মেষণ সূচকাংক ৰেংকিঙত ভাৰতৰ স্থিতিত সংশোধন ঘটাবলৈ আভ্যন্তৰীণ মন্ত্ৰালয় সমন্বয় সমিতিৰ তৃতীয় বৈঠক অনুসৰি বিনিয়োগৰ প্ৰবাহ সম্পৰ্কীয় এটা সংকেতকো ডিপিআইআইটিক অৰ্পণ কৰা হৈছে।

ডিপিআইআইটিয়ে এই সংকেতকৰ স্ক'ৰ সু-ব্যৱস্থিত কৰা আৰু তাত সংশোধন অনাৰ দিশত অহৰহ প্ৰয়াস কৰি আছে। ডিপিআইআইটিয়ে নিৰ্দিষ্ট সংকেতকৰ অনুৰূপ পেটেণ্ট, ট্ৰেডমাৰ্ক আৰু ঔদ্যোগিক ডিজাইন সহ ঘৰুৱা আইপিআৰ ফাইলিঙত সংশোধনৰ দৰে কেইবাটাও পদক্ষেপ লৈছে।

ডিপিআইআইটিয়ে হিতধাৰকৰ চিন্তা আৰু তেওঁলোকৰ সমস্যা চিনাক্ত কৰা আৰু নিৰাময়ৰ বাবে বিভিন্ন হিতধাৰকৰ সৈতে পৰামৰ্শ কাৰ্যক্ৰম আয়োজন কৰি আছে যাতে অনুপালনৰ বোজা কম কৰি প্ৰক্ৰিয়াবিলাক ব্যৱস্থিত কৰিব পাৰি। এই পদক্ষেপৰ জৰিয়তে দেশৰ আইপি পৰিৱেশ শক্তিশালী কৰা আৰু হিতধাৰকৰ দ্বাৰা আইপি ফাইলঙত উৎসাহিত হ'ব।

ইয়াৰ উপৰিও আইপি পৰিৱেশ শক্তিশালী কৰা আৰু হিতধাৰকৰ প্ৰতিক্ৰিয়াৰ আধাৰত বিভাগে বিভিন্ন আইপি আইনৰ সংশোধনৰ প্ৰস্তাৱ দিয়ে আৰু ইয়াৰ কিছুমান সংশোধন বৰ্তমান সংসদীয় প্ৰক্ৰিয়াৰ ভিতৰত আছে।

ডিপিআইআইটিয়ে আইপিআৰৰ সংৰক্ষণ তথা ব্যৱসায়ীকৰণৰ বাবে বিভিন্ন সজাগতা আৰু প্ৰচাৰ কাৰ্যৰ আয়োজনো কৰি আছে।

লগতে, ডিপিআইআইটিয়ে অহৰহ নিৰীক্ষণ কৰি আছে যে প্ৰাসংগিক ৰাষ্ট্ৰীয় স্ৰোতৰ পৰা বিচৰা জিআইআই সংকেতকৰ সৈতে সম্পৰ্কযুক্ত ডেটা আন্তঃৰাষ্ট্ৰীয় স্ৰোতত দেখা যাওক আৰু আপডেট হৈ থাকক।

ইয়াৰ উপৰিও জিআইআই ২০২২ ৰেংকিঙৰ ১৫তম সংস্কৰণ ২৯ ছেপ্টেম্বৰ ২০২২ত জাৰি কৰা হৈছে। বিশ্বজনীন নৱোন্মেষণ সূচকাংক (জিআইআই)ত ভাৰতৰ ৰেংকিং ২০১৫ত ৮১তম স্থানৰ পৰা উন্নীত হৈ জিআইআই ২০২২ৰ ৰিপৰ্টত ৪০তম স্থান হয়।

 

১১। ইনভেষ্টমেণ্ট ক্লিয়েৰেঞ্চ ছেল:

ভাৰত চৰকাৰে আৰু ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহৰ লগ হৈ ডিপিআইআইটি আৰু ইনভেষ্ট ইণ্ডিয়া ২০২০-২১ৰ পৰাই এনএছডব্লিউএছৰ ওপৰত কাম কৰি আছে। পৰ্টেল [www.nsws.gov.in ]ক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ দ্বাৰা ২২ ছেপ্টেম্বৰ, ২০২১ত ছফ্ট লঞ্চ কৰা হৈছিল। বৰ্তমান, এনএছডব্লিউএছ পৰ্টেলত ২৪টা মন্ত্ৰালয়/বিভাগ আৰু ১৬খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ ছিংগল-উইণ্ড ছিষ্টেমৰ মঞ্জুৰীক অনব'ৰ্ড কৰা হৈছে। এতিয়ালৈকে বিভিন্ন মন্ত্ৰালয়/বিভাগৰ সৈতে সংযুক্ত ২২৬টা মঞ্জুৰীক এনএছডব্লিউএছৰ সৈতে একীকৃত কৰা হৈছে। ইয়াৰ লগতে যদি বিশ্ব বেংকে ডিবিআৰ ৰিপৰ্টত নিজৰ ৰেংকিঙত নতুন আৰম্ভণিৰে আলোকপাত কৰে তেন্তে কামকাজৰ সুগমতাৰ গতিত ভাৰতৰ ৰেংকিঙত যথেষ্ট সংশোধন হ'ব। এতিয়ালৈকে ২৬টা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ আৰু ৩১খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশে এই পৰ্টেলত নিজৰ মঞ্জুৰী সম্পৰ্কে জানক (কেৱাইএ) মডিউল অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ উপৰিও এনএছডব্লিউএছ পৰ্টেলৰ জৰিয়তে এতিয়ালৈকে বিনিয়োগকাৰী সম্পৰ্কীয় ৩৪,০০০ৰো অধিক মঞ্জুৰী প্ৰদান কৰা হৈছে।

 

১২। কাৰবাৰৰ সুগমতা:

ডিপিআইআইটি-য়ে দেশত সমগ্ৰ বেপাৰ নিয়ামক পৰিৱেশত সংশোধনৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ই বিশ্ব বেংকৰ ডুইং বিজনেছ ৰিপৰ্টত প্ৰায় ৫ বছৰৰ সময়ত ৭৯ ৰেংকৰ অভূতপূৰ্ব উত্থান (২০১৪ত ৪২তমৰ পৰা ২০১৯ত ৬৩তমলৈ), বেপাৰ সংশোধন কাৰ্য যোজনা (বিআৰএপি)ৰ জৰিয়তে ৰাজ্য তথা কেন্দ্ৰ শাসিত প্ৰদেশৰ দ্বাৰা সংশোধনৰ ৰূপায়ণ আৰু বৰ্তমানৰ আইন/নিয়মৰ ওপৰত বিশেষ মনোযোগ কেন্দ্ৰীভূত কৰি কাৰবাৰ আৰু নাগৰিকৰ বাবে অনুপালনৰ সৰলীকৰণ/ব্যৱস্থিত হ্ৰাসৰ দ্বাৰা সম্পূৰ্ণ স্পষ্ট।

বিআৰএপি ২০২০ (৫ম সংস্কৰণ)ৰ মূল্যাংকন ৩০ জুন ২০২২ত জাৰি কৰা হয় আৰু তাত সংশোধনৰ ৰূপায়ণৰ আধাৰত ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশক চাৰিটা শ্ৰেণী-টপ এচিভাৰ্ছ, এচিভাৰ্ছ, এস্পিৰৰ্ছ আৰু ইমাৰ্জিং বিজনেছ ইকো-ছিষ্টেমক-ত ৰখা হৈছিল। বিআৰএপি ২০২০ মূল্যাংকনৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশত ৭,৪৯৬টা সংশোধন বলৱৎ কৰা হয় যাৰ ফলত দেশজুৰি কাৰবাৰৰ সুগমতা উল্লেখযোগ্য বৃদ্ধি হয়। এয়া এক ঐতিহাসিক প্ৰাপ্তি।

কাৰবাৰী আৰু নাগৰিকৰ বাবে অনুপালনৰ বোজা হ্ৰাস (আৰচিবি) অনাটো শাসনৰ উৎকৃষ্টতাক পৰৱৰ্তী স্তৰত উপনীত কৰা আৰু জীৱনৰ সুগমতাত সংশোধন আনিবলৈ এটা দীৰ্ঘকালীন প্ৰক্ৰিয়া। মন্ত্ৰালয় আৰু ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ দ্বাৰা ৩৯,০০০ৰো অধিক অনুপালন কম কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে কাৰবাৰৰ সুগমতা আৰু জীৱনৰ সুগমতা উন্নত কৰা:

  • আৱেদন, নবীকৰণ, নিৰীক্ষণ, ফাইলিং, ৰেকৰ্ড আদিৰে সম্পৃক্ত প্ৰক্ৰিয়াৰ সৰলীকৰণ। প্ৰক্ৰিয়া আৰু ডেটা ফাৰ্ম ব্যৱহাৰকাৰীৰ অনুকূল হওক আৰু তেওঁলোকৰ পৰা কেৱল ন্যূনতম আৰু দৰকাৰী তথ্য আহৰণ কৰা হওক।
  • অনাৱশ্যকীয় আইন নোহোৱা, সংশোধিত বা সমাহিত কৰি যুক্তিসংগত কৰা।
  • অনলাইন প্লেটফৰ্ম বনাই কাৰবাৰী আৰু নাগৰিকৰ বাবে সেৱা তথা ইণ্টাৰফেচৰ ডিজিটেলীকৰণ যাতে মেনুৱেল ফাৰ্ম আৰু ৰেকৰ্ড শেষ কৰিব পাৰি। ডিপিআইআইটি-ৰ নেচনেল ছিংগল-উইণ্ড ছিষ্টেম (এনএছডব্লিউএছ) ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত কাৰবাৰী সেৱাক একীকৃত কৰাৰ প্ৰক্ৰিয়াত আছে। এনেকৈ, নাগৰিক সেৱাৰ জৰিয়তে ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ উমং প্লেটফৰ্মে কেন্দ্ৰৰ পৰা আৰম্ভ কৰি স্থানীয় চৰকাৰী নিকায়লৈকে দেশজুৰি প্ৰায় ২১,৮৪০টা ই-গভাৰ্ণেঞ্চ সেৱাক একীকৃত কৰিছে।
  • বৰ্তমানৰ আইন/নিয়মৰ জৰিয়তে সাধাৰণ প্ৰযুক্তিগত আৰু প্ৰক্ৰিয়া সম্পৰ্কীয় অপৰাধৰ বাবে কাৰবাৰী/নাগৰিকৰ মাজত কাৰাবাসৰ আশংকা কম কৰা হৈছে।

ডিপিআইআইটি-য়ে মন্ত্ৰালয় আৰু ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ মাজত বিভিন্ন অধিনিয়ম/নিয়মৰ জৰিয়তে ব্যৱস্থাৰ অনা-অপৰাধীকৰণৰে সম্পৃক্ত ডেটা আহৰণ কৰিবলৈ নিয়ামক অনুপালন পৰ্টেলত এটা নতুন ইউটিলিটি তৈয়াৰ কৰিছে। এই পৰ্টেলত আপলোড কৰা বিৱৰণৰ আধাৰত মন্ত্ৰালয় আৰু ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ দ্বাৰা সাধাৰণ টেকনিক আৰু/অথৱা প্ৰক্ৰিয়াগত ভ্ৰান্তি সম্পৰ্কীয় ৩,৪০০ৰো অধিক ব্যৱস্থা অপৰাধৰ শ্ৰেণীৰ পৰা বাহিৰ কৰা হৈছে।

কাৰবাৰৰ সুগমতা আৰু জীৱনৰ সুগমতা (ব্যৱস্থাৰ সংশোধন) বিধেয়ক, ২০২২ক আইন আৰু ন্যায় মন্ত্ৰালয়ৰ পৰামৰ্শ ক্ৰমে ডিপিআইআইটি-ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। কেন্দ্ৰীয় অধিনিয়মৰ ব্যৱস্থাৱলী যুক্তিসংগত কৰি তুলিবলৈ সংশ্লিষ্ট মন্ত্ৰালয়ৰ ইনপুটৰ আধাৰত এই বিধেয়ক প্ৰস্তুত কৰা হৈছে। এই বিধেয়ক 'ভৰষা আধাৰিত শাসন' সুনিশ্চিত কৰিবলৈ গ্ৰহণ কৰা আৰম্ভণিৰ পদক্ষেপসমূহৰ এটা। সাধাৰণ টেকনিকেল আৰু প্ৰক্ৰিয়াত্মক অপৰাধৰ অনা-অপৰাধীকৰণৰ বাবে এই বিধেয়কত প্ৰস্তাৱিত উপায় এনেধৰণৰ:

  • পুৰণা ব্যৱস্থা আঁতৰোৱা
  • সাধাৰণ অপৰাধৰ বাবে কাৰাবাস/জৰিমনা আঁতৰোৱা বা তাক যুক্তিসংগত কৰা
  • আলোচিত প্ৰস্তাৱক উৎসাহিত কৰা
  • শ্ৰেণীবদ্ধ দণ্ড (প্ৰথম আৰু পাছৰ অপৰাধৰ বাবে বেলেগ বেলেগ দণ্ড)

 

ডিপিআইআইটি-য়ে ছটা আইন-বইলাৰ্ছ এক্ট, ১৯২৩, ইণ্ডাষ্ট্ৰিজ (ডেভেলপমেণ্ট এণ্ড ৰেগুলেচন) এক্ট ১৯৫১, পেটেণ্ট এক্ট ১৯৭০, ট্ৰেডমাৰ্ক এক্ট ১৯৯৯, জিঅগ্ৰাফিকেল ইণ্ডিকেচন অফ গুডছ এক্ট ১৯৯৯ আৰু কপিৰাইট এক্ট ১৯৫৭-ৰ ব্যৱস্থাক অপৰাধমুক্ত কৰাৰ প্ৰস্তাৱ দিছে। ৰেজিষ্টাৰ (কপিৰাইট এক্ট ১৯৫৭/জিঅগ্ৰাফিকেল ইণ্ডিকেচন অফ গুডছ এক্ট ১৯৯৯)ত মিছা স্বীকাৰোক্তি/সাক্ষ্য নথিভুক্ত হোৱাৰ দৰে অপৰাধৰ বাবে কাৰাবাস আৰু জৰিমনা অপসাৰণ কৰাৰ প্ৰস্তাৱ আছে। কাৰবাৰৰ স্থানৰ অনুচিত বৰ্ণনা কৰা (জিঅগ্ৰাফিকেল ইণ্ডিকেচন অফ গুডছ এক্ট ১৯৯৯ আৰু ট্ৰেডমাৰ্ক এক্ট ১৯৯৯)ৰ দৰে অপৰাধৰ বাবে কাৰাবাস অপসাৰণ কৰা হৈছে কিন্তু বইলাৰ (বইলাৰ্ছ এক্ট ১৯২৩)ত আবণ্টিত ৰেজিষ্টাৰ নম্বৰত চিহ্নিত কৰাত বিফলতাৰ দৰে উলংঘনৰ বাবে জৰিমনা অব্যাহত ৰখা হৈছে। ইয়াৰ বিপৰীতে তথ্য প্ৰদান কৰাৰ অস্বীকাৰ বা বিফলতা (পেটেণ্ট এক্ট ১৯৭০) আদি বিষয়ত জৰিমনাক অৰ্থদণ্ডলৈ সলনি কৰা হৈছে।

 

১৩। নেচনেল ছিংগল-উইণ্ড ছিষ্টেম (এনএছডব্লিউএছ):

  • বিনিয়োগকাৰীক এণ্ড টু এণ্ড সুবিধা আৰু সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে বাজেট ২০২০-২১ত নেচনেল ছিংগল-উইণ্ড ছিষ্টেম (এনএছডব্লিউএছ) স্থাপন কৰাৰ ঘোষণা কৰা হৈছিল। এই ব্যৱস্থাই এটা অনলাইন ডিজিটেল পৰ্টেলৰ জৰিয়তে কাম কৰিব লাগিছিল। বাণিজ্য তথা উদ্যোগ মন্ত্ৰীৰ দ্বাৰা ২২ ছেপ্টেম্বৰ ২০২১ত নেচনেল ছিংগল-উইণ্ড ছিষ্টেম (এনএছডব্লিউএছ) [www.nsws.gov.in]ক স্পট লঞ্চ কৰা হৈছিল।
  • বৰ্তমান ন' ইয়ৰ এপ্ৰোভেলছ (কেৱাইএ) অৰ্থাৎ নিজৰ মঞ্জুৰীৰ বিষয়ে জানক বিনিয়োগ পূৰ্ব এডভাইজৰি মডিউল ৩২খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত ৪,০১১ৰো অধিক মঞ্জুৰী আৰু ৩২টা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগত ৫৯৫টা মঞ্জুৰীৰে লাইভ। ইয়াৰ উপৰিও ২৭টা মন্ত্ৰালয়/বিভাগৰ মুঠ ৩৭৬টা মঞ্জুৰীৰ ভিতৰত ২৪৯টা মঞ্জুৰীৰ বাবে এনএছডব্লিউএছ পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰি।
  • ১৯খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশ (অন্ধ্ৰ প্ৰদেশ, বিহাৰ, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, নাগালেণ্ড, উৰিষ্যা, পঞ্জাৱ, তামিলনাডু, তেলেংগনা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত ছিংগল-উইণ্ড ছিষ্টেমক এনএছডব্লিউএছ পৰ্টেলৰ সৈতে সংযুক্ত কৰা হৈছে। ইয়াৰ ফলত এই ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত এনএছডব্লিউএছৰ জৰিয়তে আৱেদন কৰা আৰু মঞ্জুৰী আহৰণ কৰাত সুবিধা প্ৰদান কৰা হৈছে।
  • প্ৰচেছ অপ্টিমাইজেচন আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে ভাৰতত বিনিয়োগ কৰা সহজ হৈ পৰিল। ইয়াৰ বাবে বিভিন্ন যোজনা যেনে ১৩খন ৰাজ্য (গুজৰাট, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, কৰ্ণাটক, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, অসম, ৰাজস্থান, চণ্ডীগড়, বিহাৰ, পঞ্জাৱ, গোৱা আৰু উত্তৰাখণ্ড)ৰ বাবে বাহন স্ক্ৰেপিং যোজনা আৰু ভাৰতীয় ফুটৱেৰ তথা ছামৰা বিকাশ কাৰ্যক্ৰম (আইএফএলডিপি)ৰ জৰিয়তে যোজনা আৰু ইথানল নীতিৰ জৰিয়তে মঞ্জুৰী এই পৰ্টেলত লাইভ আছে। বিনিয়োগকাৰীয়ে এই যোজনাৰ জৰিয়তে উপকৃত হ'বলৈ সহজেই এনএছডব্লিউএছৰ ব্যৱহাৰ কৰিব পাৰে।
  • বৰ্তমান এনএছডব্লিউএছ পৰ্টেলত প্ৰায় ৩.৭ লাখ ইউনিক ভিজিটৰ আছে যাৰ ভিতৰত ৫৪,০০০ৰো অধিক সক্ৰিয় ব্যৱহাৰকাৰী অন্তৰ্ভুক্ত আছে। এনএছডব্লিউএছৰ জৰিয়তে ৪৪,০০০ৰ অধিক মঞ্জুৰীৰ বাবে সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ বিপৰীতে ২৮,০০০টা মঞ্জুৰী প্ৰক্ৰিয়াৰ অধীনস্থ।
  • এনএছডব্লিউএছ সকলো ক্ষেত্ৰ আৰু আকাৰৰ কাৰবাৰৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মঞ্জুৰী, যোজনা, পঞ্জীকৰণ, অনুমোদন আদিৰ বাবে তথ্য আহৰণ কৰিবলৈ একক স্ৰোত স্থাপন কৰি প্ৰযুক্তিৰ প্ৰেৰণাদাতা হিচাপে সুবিধা প্ৰদান কৰি আছে। একক একীকৃত আৱেদন ফাৰ্মৰ জৰিয়তে বিনিয়োগকাৰীয়ে একাধিক মঞ্জুৰীৰ বাবে একেলগে আৱেদন কৰিব পাৰে আৰু তেওঁলোকে ইনভেষ্টৰ্ছ ডেছব'ৰ্ডৰ জৰিয়তে নিজৰ আৱেদনৰ স্থিতিৰ ওপৰত নজৰো ৰাখিব পাৰে। বিনিয়োগকাৰীয়ে এই পৰ্টেলত প্ৰশ্ন আৰু অভিযোগো উত্থাপন কৰিব পাৰে।
  • এনএছডব্লিউএছে বিশেষ যোজনা যেনে উৎপাদনৰ সৈতে জড়িত উদগণি (পিএলআই) যোজনাক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মঞ্জুৰীক ক্ষেত্ৰভিত্তিক একত্ৰীকৰণ, সকলো নিয়ামক মঞ্জুৰীৰ লগতে নবীকৰণক দ্ৰুতগতিত বলৱৎ কৰাতো সহায় কৰিব। ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয় ভূমি বেংকক এনএছডব্লিউএছ পৰ্টেলৰ সৈতে একীকৃত কৰা হৈছে যাৰ ফলত বিনিয়োগকাৰীয়ে জিআইএছ সক্ষম পৰ্টেলৰ দ্বাৰা ভূমিৰ উপলব্ধতা সম্পৰ্কীয় তথ্যও আহৰণ কৰিব পাৰে। সম্প্ৰতি এনএছডব্লিউএছত বিভিন্ন ঔদ্যোগিক পাৰ্ক আৰু এষ্টেটত ১ লাখ ভূমি উপলব্ধ আছে।
  • একক কাৰবাৰী ইউজাৰ আইডিৰ বাবে মন্ত্ৰালয় আৰু ৰাজ্যসমূহৰ মাজত ডেটা একীকৰণৰ বাবে এপ্লিকেচন প্ৰগ্ৰেমিং ইণ্টাৰফেচ (এপিআই)ৰ বাবে এটা বিশেষ চিনাক্ত কৰোতা হিচাপে এনএছডব্লিউএছৰ দ্বাৰা পেন নম্বৰ ব্যৱহাৰৰ ওপৰত চিন্তা কৰি থকা হৈছে। এনএছডব্লিউএছ ডেটা পুনৰাবৃত্তি কম কৰা আৰু অটো-পপুলেচন মডিউলৰ ব্যৱহাৰেৰে বিভিন্ন ফাৰ্মত সমান ডেটা ভৰোৱাতো সহায় কৰে।
  • এনএছডব্লিউএছ এটা মহত্বাকাংক্ষী পদক্ষেপ যি দেশত বিনিয়োগ বঢ়োৱা আৰু অনুপালনৰ বোজা কম কৰাত নাটকীয় পৰিৱৰ্তন আনিব পাৰে। এই প্ৰণালীয়ে সম্পূৰ্ণ চৰকাৰী দৃষ্টিকোণেৰে সকলো মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশক একীকৃত কৰাৰ দিশত কাম কৰিব।

 

১৪। সাৰ্বজনীন ক্ৰয় (মেক ইন ইণ্ডিয়াক প্ৰাথমিকতা) আদেশ, ২০১৭:

  • পিপিপি-এমআইআই আদেশে সাৰ্বজনীন ক্ৰয়ত স্থানীয় ৰূপত নিৰ্মিত সামগ্ৰী, কাৰ্য আৰু সেৱাক প্ৰাথমিকতা দিয়ে যাতে দেশত ঔদ্যোগিক বিকাশে উৎসাহ পায় আৰু মানুহৰ বাবে আয় আৰু সংস্থাপনৰ সুযোগ ভাল হয়।
  • আত্মনিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি ডিপিআইআইটিয়ে ১৬-০৯-২০২০ত নিম্নলিখিত বিশেষত্বৰে নিজৰ সাৰ্বজনীন ক্ৰয় আদেশ ২০১৭ (মেক ইন ইণ্ডিয়া অৰ্ডাৰক প্ৰাথমিকতা) সংশোধিত কৰে:

৹ যোগনীয়াৰৰ পুনৰ বৰ্গীকৰণ-

  1. প্ৰথম শ্ৰেণীৰ স্থানীয় যোগনীয়াৰ-৫০%ৰো অধিক স্থানীয় সামগ্ৰী
  2. দ্বিতীয় শ্ৰেণীৰ স্থানীয় যোগনীয়াৰ-২০-৫০% স্থানীয় সামগ্ৰী
  3. অ-স্থানীয় যোগনীয়াৰ-২০%ৰ কম স্থানীয় সামগ্ৰী

৹ প্ৰথম শ্ৰেণীৰ স্থানীয় যোগনীয়াৰ (৫০%ৰ অধিক স্থানীয় সামগ্ৰীৰ যোগনীয়াৰ)ৰ বাবে ক্ৰয় প্ৰাথমিকতা।

৹ ২০%ৰ কম ঘৰুৱা স্থানীয় মূল্য বৰ্ধনযুক্ত সামগ্ৰী পৰিৱেশন কৰা যোগনীয়াৰে ঘৰুৱা/ৰাষ্ট্ৰীয় নিলাম প্ৰক্ৰিয়াত ভাগ ল'ব নোৱাৰে।

৹ নোডেল মন্ত্ৰালয়/বিভাগৰ প্ৰথম শ্ৰেণী/দ্বিতীয় শ্ৰেণীৰ স্থানীয় যোগনীয়াৰৰ বাবে অধিক ন্যূনতম স্থানীয় সামগ্ৰী অৰ্থাৎ ৫০/২০%ৰ অধিকৰ আৱশ্যকতা অধিসূচিত কৰিবলৈ অধিকৃত কৰা হৈছে।

৹ ২০০ কোটি টকাৰ কম অনুমানিক মূল্যৰ ক্ৰয়ৰ বাবে কোনো বিশ্বজনীন নিবিদা সোধা পোছা জাৰি কৰা নহ'ব।

  • এই আদেশ সকলো কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ, তাৰ সম্পৰ্কীয়/অধীনস্থ কাৰ্যালয়, ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত স্বায়ত্ব নিকায়সমূহ আৰু কোম্পানীৰ অধিনিয়মৰ জৰিয়তে পৰিভাষিত চৰকাৰী কোম্পানীৰ দ্বাৰা সামগ্ৰী, সেৱা আৰু কাৰ্য (টাৰ্ণকী কাৰ্য সহিতে)ৰ ক্ৰয়ৰ বাবে প্ৰযোজ্য।

 

১৫। প্ৰত্যক্ষ বিদেশী বিনিয়োগ:

ভাৰত আজি পৃথিৱীৰ সবাতোকৈ আকৰ্ষণীয় এফডিআই গন্তব্যত অন্তৰ্ভুক্ত। চৰকাৰে বিনিয়োগকাৰীৰ অনুকূল প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) নীতি বলৱৎ কৰিছে। ইয়াৰ জৰিয়তে ৰণনৈতিক ৰূপত গুৰুত্বপূৰ্ণ কেইটামান ক্ষেত্ৰক বাদ দি অধিকাংশ ক্ষেত্ৰ স্বয়ং চালিত পথেৰে ১০০% এফডিআইৰ বাবে মুক্ত। ভাৰতে এফডিআইৰ সীমা বঢ়াই, অধিক বিনিয়োগ আকৰ্ষিত কৰিবলৈ নিয়ামক বাধা আঁতৰাই বুনিয়াদী আন্তঃগাঁথনিৰ বিকাশ আৰু কাৰবাৰী পৰিৱেশ উন্নত কৰি বিশ্বজনীন বিনিয়োগকাৰীৰ বাবে নিজৰ ক্ষেত্ৰসমূহ নিৰন্তৰ মুকলি কৰি আছে। ভাৰতক বিনিয়োগৰ বাবে অধিক আকৰ্ষণীয় গন্তব্য কৰি তুলিবলৈ চৰকাৰে ২০১৪ৰ পৰা প্ৰতিৰক্ষা, পেন্সন, অন্য বিত্তীয় সেৱা, সম্পত্তি পুনৰ গঠন কোম্পানী, প্ৰসাৰণ, ফাৰ্মাচিউটিকেল, একক ব্ৰেণ্ড ক্ষুদ্ৰ বেপাৰ, নিৰ্মাণ তথা বিকাশ, নাগৰিক উন্নয়ন, শক্তি বিনিময়, ই-কমাৰ্চ কাৰ্যকলাপ, কয়লা খনন, অনুবন্ধ আধাৰিত নিৰ্মাণ, ডিজিটেল মিডিয়া, বীমা মধ্যস্থতা আদিৰ দৰে ক্ষেত্ৰসমূহত কেইবাটাও ক্ৰান্তিকাৰী তথা পৰিৱৰ্তনকাৰী এফডিআই সংশোধন বলৱৎ কৰিছে। যোৱা এবছৰতে বীমা, পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ আৰু দূৰ সঞ্চাৰৰ দৰে ক্ষেত্ৰসমূহৰ বাবে এফডিআই নীতিৰ সংশোধন কৰা হৈছে। এফডিআই নীতিৰ সংশোধনৰ বাবে চৰকাৰৰ দ্বাৰা কৰা উপায়ৰ পৰিণতিত দেশত এফডিআই বিনিয়োগ বাঢ়িছে যি বছৰি নতুন অভিলেখ স্থাপন কৰি আছে।

২০১৪-১৫ চনত ভাৰতত এফডিআই বিনিয়োগ ৪৫.১৫ আৰব ডলাৰ আছিল আৰু তেতিয়াৰে পৰা ই অহৰহ বাঢ়ি আছে। ২০১৫-১৬ চনত এফডিআই প্ৰবাহ বাঢ়ি ৫৫.৫৬ আৰব ডলাৰ, ২০১৬-১৭ চনত ৬০.২২ আৰব ডলাৰ, ২০১৭-১৮ চনত ৬০.৯৭ আৰব ডলাৰ, ২০১৮-১৯ চনত ৬২ আৰব ডলাৰ, ২০১৯-২০ চনত ৭৪.৩৯ আৰব ডলাৰ আৰু ২০২০-২১ত ৮১.৯৭ আৰব ডলাৰ হয়গৈ। ভাৰতে বিত্ত বৰ্ষ ২০২১-২২ত ৮৪.৮৪ আৰব ডলাৰ (অনন্তিম পৰিসংখ্যা)ত নিজৰ এতিয়ালৈকে সৰ্বাধিক বাৰ্ষিক এফডিআই বিনিয়োগ নথিভুক্ত কৰিছে।

 

  • চলিত বিত্ত বৰ্ষ ২০২২-২৩ (ছেপ্টেম্বৰ, ২০২২লৈকে)ৰ সময়ছোৱাত ৩৯.১০ আৰব ডলাৰৰ এফডিআই বিনিয়োগ নথিভুক্ত হৈছে যি এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ ২০২১ৰ সময়ছোৱাত নথিভুক্ত ৪১.৯ আৰব ডলাৰৰ এফডিআই বিনিয়োগতকৈ প্ৰায় ৯% কম।
  • যোৱা ৮টা বিত্ত বৰ্ষ (২০১৪-২২: ৫২৫.১০ আৰব ডলাৰ)ৰ সময়ত এফডিআই বিনিয়োগ ইয়াৰ আগৰ ৮টা বিত্ত বৰ্ষ (২০০৬-১৪: ২৮৯.০৩ আৰব ডলাৰ)ৰ সময়ৰ তুলনাত ৮২% বাঢ়ে।
  • যোৱা বিত্ত বৰ্ষ ২০২০-২১ (১২.০৯ আৰব ডলাৰ)ৰ তুলনাত বিত্ত বৰ্ষ ২০২১-২২ (২১.৩৪ আৰব ডলাৰ)ৰ সময়ত নিৰ্মাণ ক্ষেত্ৰত এফডিআই ইকুইটি বিনিয়োগ ৭৬ শতাংশ বাঢ়ে।

 

ভাৰতৰ এফডিআইত এনেধৰণৰ উত্থানে বিশ্বজনীন বিনিয়োগকাৰীৰ মাজত ভাৰতক এক পছন্দৰ বিনিয়োগ গন্তব্যৰ ৰূপত স্থাপিত কৰিছে।

 

১৬। এক জিলা এক সামগ্ৰী ('ডিঅ'পি):

কেন্দ্ৰ চৰকাৰে দেশৰ বিভিন্ন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত এক জিলা এক সামগ্ৰী (অ'ডিঅ'পি) আৰম্ভ কৰে। অ'ডিঅ'পিক কোনো জিলাৰ বাস্তৱিক ক্ষমতা প্ৰয়োগ কৰা, অৰ্থনৈতিক বিকাশক গতি দিয়া, সংস্থাপন তথা গ্ৰাম্য উদ্যমিতা সৃষ্টি কৰা আৰু আমাক আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যলৈ লৈ যোৱাৰ দিশত এটা পৰিৱৰ্তনকাৰী পদক্ষেপ হিচাপে চোৱা হৈছে। অ'ডিঅ'পি পদক্ষেপৰ একত্ৰীকৰণ বাণিজ্য বিভাগৰ ডিজিএফটিৰ 'ডিষ্ট্ৰিক্ট এজ এক্সপৰ্ট হাব (ডিইএইচ)' পদক্ষেপৰ সৈতে উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্য সংবৰ্ধন বিভাগ (ডিপিআইআইটি)ৰ সৈতে এটা প্ৰধান হিতধাৰক হিচাপে কৰা হৈছে।

অ'ডিঅ'পি পদক্ষেপৰ উদ্দেশ্য দেশৰ সকলো জিলাত সন্তুলিত আঞ্চলিক বিকাশক উৎসাহিত কৰা যাতে সকলো অঞ্চলত সামগ্ৰিক সামাজিক-অৰ্থনৈতিক বিকাশ হ'ব পাৰে। ইয়াৰ উদ্দেশ্য হৈছে জিলাত ৰপ্তানিৰ ক্ষমতা থকা সামগ্ৰী চিনাক্ত কৰণ কৰি দেশৰ প্ৰতিখন জিলাক নিৰ্মাণ আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তোলা। কেউখন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত ৰপ্তানিৰ বাবে সহায় কৰা আৰু জিলাৰ পৰা ৰপ্তানি বঢ়োৱাৰ পথত থকা বাধা আঁতৰাবলৈ ৰাজ্য ৰপ্তানি সংবৰ্ধন সমিতি (এছইপিচি) আৰু জিলা ৰপ্তানি উদগণি সমিতি (ডিইপিচি)ৰ জৰিয়তে ৰপ্তানিৰ কেন্দ্ৰ হিচাপে সংস্থাগত আন্তঃগাঁথনি স্থাপন কৰা হৈছে। বিভাগে অ'ডিঅ'পিক উদগণি যোগাবলৈ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ এজেঞ্চিৰ সৈতে লগ হৈ অহৰহ কাম কৰি আছে।

বাণিজ্য তথা উদ্যোগ মন্ত্ৰীৰ দ্বাৰা গভৰ্ণমেণ্ট ই-মাৰ্কেট প্লেচ (জিইএম)ৰ ওপৰত অ'ডিঅ'পি জিইএম বজাৰৰ অনাৱৰণ কৰা হয়। এই প্লেটফৰ্মত ২৫০ৰো অধিক সামগ্ৰীৰ শ্ৰেণী আছে যাতে সকলো চৰকাৰী সংস্থাই প্ৰধানমন্ত্ৰীৰ 'ভোকেল ফৰ লোকেল' দৃষ্টিভংগী অনুসৰি অ'ডিঅ'পি সামগ্ৰীৰ ক্ৰয় কৰাৰ সুবিধা পায়। ৰাজ্য চৰকাৰসমূহ/কেন্দ্ৰ শাসিত প্ৰদেশৰ সৈতে সংগত অহৰহ সমৰ্থনৰ কাৰণে অ'ডিঅ'পি জিইএম বজাৰে বৃহৎ সফলতা লাভ কৰিছে। অ'ডিঅ'পি পদক্ষেপ 'গতিশক্তি মডেল'ৰ ওপৰত আধাৰিত অ'ডিঅ'পি জিইএম বজাৰৰ জৰিয়তে অ'ডিঅ'পি হিতধাৰক চিনাক্ত কৰা আৰু সক্ষম কৰাৰ বাবে ডিজিএফটিৰ জৰিয়তে ৰপ্তানি হাব যোজনা (ডিইএইচ)ৰ জৰিয়তে জিলাৰ সৈতে লগ হৈ কাম কৰে।

অ'ডিঅ'পি সামগ্ৰী এতিয়া উপহাৰ দিয়াৰ উদ্দেশ্যে বিভিন্ন চৰকাৰী বিভাগৰ দ্বাৰা জিইএমৰ জৰিয়তে ক্ৰয় কৰিবলৈ উপলব্ধ। জি-20 সচিবালয়েও ডিচেম্বৰ ২০২২ৰ পৰা ভাৰতৰ অধ্যক্ষতাত জি-20ৰ বৈঠকৰ বাবে অ'ডিঅ'পি উপহাৰৰ ক্ৰয়ত নিজৰ ৰুচি দেখুৱাইছে।

এই উপায়ে কেৱল দেশৰ কৃষক/বয়ন শিল্পী/কাৰিকৰ/শিল্পীক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে বৰং ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক দাঙি ধৰি আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাকাৰ কৰাতো উল্লেখযোগ্য ভূমিকা পালন কৰিব।

 

১৭। ডিজিটেল কমাৰ্চৰ বাবে 'পেন নেটৱৰ্ক ('এনডিচি):

ডিজিটেল কমাৰ্চৰ বাবে অ'পেন নেটৱৰ্ক (অ'এনডিচি) ডিপিআইআইটি-ৰ এটা পদক্ষেপ যাৰ উদ্দেশ্য হৈছে ডিজিটেল বা ইলেক্ট্ৰনিক নেটৱৰ্কত সামগ্ৰী আৰু সেৱাৰ আদান-প্ৰদানৰ সকলো পদক্ষেপৰ বাবে মুকলি নেটৱৰ্কক উৎসাহিত কৰা। অ'এনডিচি অ'পেন ছ'ৰ্চ পদ্ধতিৰ ওপৰত আধাৰিত যি অ'পেন স্পেচিফিকেচন আৰু কোনো বিশেষ প্লেটফৰ্মৰ পৰা স্বতন্ত্ৰ অ'পেন নেটৱৰ্ক প্ৰটকল ব্যৱহাৰ কৰে।

এই অ'পেন প্ৰটকলৰ ব্যৱহাৰ সেৱা প্ৰদানকাৰী আৰু উপভোক্তাৰ মাজত তথ্যৰ আদান-প্ৰদান সক্ষম কৰিবলৈ অ'পেন ৰেজিষ্টাৰ আৰু অ'পেন গেটৱে হিচাপে সাৰ্বজনীন ডিজিটেল বুনিয়াদী আন্তঃগাঁথনি স্থাপন কৰিবলৈ কৰা হয়। এনেদৰে সেৱা প্ৰদানকাৰী আৰু উপভোক্তাই অ'এনডিচিত তথ্যৰ আদান-প্ৰদান আৰু লেনদেন কৰিবলৈ নিজৰ পছন্দৰ যিকোনো উপযুক্ত এপ্লিকেচনৰ ব্যৱহাৰ কৰিব পাৰে।

অ'এনডিচি নেটৱৰ্কৰ এটা পাইলট পৰীক্ষা এপ্ৰিল ২০২২ত ৫খন চহৰ অৰ্থাৎ দিল্লী, বেঙ্গালুৰু, শ্বিলং, কৈম্বাটুৰ আৰু ভোপালত নিৰ্বাচিত বিক্ৰেতা আৰু উপভোক্তাৰ সৈতে আৰম্ভ কৰা হৈছে। পাইলট পৰ্যায়ৰ উদ্দেশ্য হৈছে বাস্তৱিক অৰ্ডাৰ দিয়া, বাস্তৱিক পৃথিৱীৰ পৰিৱেশত ডিলিভাৰী প্ৰাপ্ত কৰা আৰু সম্পৃক্ত প্ৰক্ৰিয়াত সন্তুলন স্থাপন কৰা।

 

১৮। স্বচ্ছতা অভিযান .০:

  • ডিপিআইআইটি (আৰু ইয়াৰ ১৮টা সম্পৃক্ত/অধীনস্থ কাৰ্যালয়) সহিতে ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়/বিভাগত ২-১০-২০২২ৰ পৰা ৩১-১০-২০২২ৰ সময়ছোৱাত বিশেষ স্বচ্ছতা অভিযান ২.০ চলোৱা হয়। ডিপিআইআইটি-য়ে নিজৰ অধীনস্থ সকলো উপ সংগঠনক স্বচ্ছতা অভিযান ২.০ বলৱৎ কৰিবলৈ কৈছিল। অভিযানৰ সময়ছোৱাত অন্য কথাৰ লগতে প্ৰধানকৈ ফাইল আঁতৰোৱা আৰু আৱৰ্জনা/পুৰণা বস্তু আঁতৰোৱাত মনোযোগ কেন্দ্ৰীভূত কৰা হয়। ডিপিআইআইটি-ৰ জৰিয়তে ১৮টা সম্পৃক্ত/অধীনস্থ সংগঠনৰ ৭৫টা উপ কাৰ্যালয়ত স্বচ্ছতা অভিযান ২.০ৰ প্ৰগতিৰ সমীক্ষাৰ বাবে ৪৯টা ইউএছ/এছঅ' স্তৰৰ বিষয়াৰ দ্বাৰা ক্ষেত্ৰৰ পৰিসৰ নিৰ্ধাৰণ কৰা হৈছিল।
  • বিশেষ অভিযানৰ সময়ত ডিপিআইআইটি আৰু ইয়াৰ উপ সংগঠনত ৫,৪২,৫৮৫টা ফাইলৰ সমীক্ষা কৰা হয়। সমীক্ষা কৰা ফাইলৰ ভিতৰত ,৮৩,৫৯২টা ফাইল অপসাৰণ কৰা হয়। ৫২,১৯৫টা ই-ফাইলৰ সমীক্ষা কৰা হয়, যাৰ ভিতৰত ৩,৮৬২টা ফাইল বন্ধ কৰি দিয়া হয়। এই ফাইলবোৰ নিষ্পত্তি কৰাত ২৩,০৮৭ বৰ্গফুট ঠাই খালী হয়।

 

১৯। আন্তঃৰাষ্ট্ৰীয় সহযোগ:

  • ভাৰত-জাপান শিখৰ সন্মিলন ১৯ মাৰ্চ ২০২২ত আয়োজিত কৰা হৈছিল। সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল। দুয়োজন প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ লগতে মানি লয় যে বিশেষ সামৰিক তথা বিশ্বজনীন বুজাবুজিৰ বাবে চুক্তি কৰাৰ পাছৰ পৰা অৰ্থনৈতিক সহযোগিতা উল্লেখযোগ্য ৰূপত বৃদ্ধি হৈছে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে ২০১৪ত ঘোষিত ৩.৫ লাখ কোটি জাপানী য়েনৰ বিনিয়োগৰ লক্ষ্য আহৰণ কৰা হৈছে। তেওঁ ইচ্ছা প্ৰকাশ কৰে যে অহা পাঁচ বছৰত ভাৰতত পাঁচ লাখ কোটি জাপানী য়েনৰ সাৰ্বজনীন আৰু বেচৰকাৰী বিনিয়োগ আৰু বিত্ত পোষণৰ লক্ষ্য আছে। পাৰস্পৰিক হিতযুক্ত বেচৰকাৰী পৰিকল্পনাত এই বিনিয়োগ কৰা হ'ব।
  • এমএছএমই (সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যম), নিৰ্মাণ আৰু যোগান শৃংখলাৰ দৰে ক্ষেত্ৰসহ দুয়োখন দেশৰ মাজত ঔদ্যোগিক সহযোগিতাক উদগণি দিবলৈ ভাৰত-জাপান ঔদ্যোগিক প্ৰতিযোগিতামূলক অংশীদাৰিত্ব (আইজেআইচিপি)ৰ বাবে সন্মতি প্ৰদান (এমঅ'চি)ৰ ওপৰত ১৬-১১-২০২১ত হস্তাক্ষৰ কৰা হৈছিল। জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত ১৯-০৩-২০২২ত এমইটিআই, জাপান আৰু ডিপিআইআইটিৰ মাজত এটা ৰোডমেপৰ ওপৰত হস্তাক্ষৰ কৰা হয়।

 

২০। আজাদী কা অমৃত মহোৎসৱ কাৰ্যক্ৰমত বিভাগৰ যোগদান:

স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা আৰু নিজৰ মানুহ, সংস্কৃতি আৰু প্ৰাপ্তিৰ গৌৰৱপূৰ্ণ ইতিহাসৰ উৎসৱ পালন কৰিবলৈ ভাৰত চৰকাৰৰ পদক্ষেপ আজাদী কা অমৃত মহোৎসৱত ডিপিআইআইটিয়ে সক্ৰিয়ভাৱে ভাগ লৈ আছে। আজাদী কা অমৃত মহোৎসৱৰ জৰিয়তে ডিপিআইআইটিয়ে নিম্নলিখিত বিষয়ৰ ওপৰত ১৫ আগষ্ট ২০২২ৰ পৰা আৰম্ভ হোৱা ৭৫ দিনৰ কাৰ্য যোজনা প্ৰস্তুত কৰে:

৹ কাৰবাৰৰ সুগমতা

৹ জীৱনৰ সুগমতা

৹ অনুপালনৰ বোজা হ্ৰাস

৹ সাধাৰণ, প্ৰক্ৰিয়া সম্পৰ্কীয় তথা প্ৰযুক্তিগত উলংঘনক অপৰাধৰ শ্ৰেণীৰ পৰা পৃথক কৰা

 

মন্ত্ৰালয়/বিভাগ, ৰাজ্য আৰু উদ্যোগ সংঘসমূহৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত কেইবাটাও কৰ্মশালাৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও, বিভিন্ন সংবাদ পত্ৰ (দ্য ইকনমিক টাইমছ, ইণ্ডিয়ান এক্সপ্রেছ, বিজনেছ ষ্টেণ্ডাৰ্ড, ফাইনেঞ্চিয়েল এক্সপ্রেছ), পত্ৰিকা (বিজনেছ টুডে, আউটলুক ইণ্ডিয়া) আৰু অনলাইন প্লেটফৰ্ম (দ্য প্ৰিণ্ট, ব্লুমবাৰ্গ)ত লেখা প্ৰকাশ কৰা হয়। লগতে কাৰবাৰৰ সুগমতা, অনুপালনৰ বোজা কমোৱা আৰু বৰ্তমানৰ অধিনিয়ম/নিয়মৰ অনা-অপৰাধীকৰণৰ দৰে বিষয়ৰ ওপৰত বিভিন্ন ছচিয়েল মিডিয়া পোষ্ট জাৰি কৰা হয়।

ডিপিআইআইটি ইন'ভেট মাই জিঅ'ভি (https://innovateindia.mygov.in/suggestion-box)ত 'সহজ ব্যৱসায় তথা সুগম জীৱনৰ বাবে পৰামৰ্শ' শীৰ্ষক এটা অভিযানো চলাই থকা হৈছে যাতে ব্যৱসায়ৰ সুগমতা আৰু জীৱনৰ সুগমতাক উন্নত কৰিবলৈ ব্যৱসায়ী আৰু নাগৰিকৰ পৰা পৰামৰ্শ আমন্ত্ৰণ কৰিব পাৰি।

***

AD/KP/MS



(Release ID: 1886143) Visitor Counter : 298