গৃহ মন্ত্ৰালয়

আজি লোকসভাত ১৯৩ নং নিয়মৰ অধীনত দেশত ড্ৰাগছৰ সমস্যা আৰু ইয়াৰ মোকাবিলা কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে চমু আলোচনাৰ উত্তৰ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে


মোদী চৰকাৰে ড্ৰাগছৰ ব্যৱসায় আৰু ইয়াৰ পৰা পোৱা লাভেৰে সন্ত্ৰাসবাদক বিত্তীয় সাহায্য প্ৰদানৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰিছে আৰু চৰকাৰে কঠোৰভাৱে ড্ৰাগছৰ ব্যৱসায় শূণ্য কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গৃহ মন্ত্ৰালয়ৰ সন্মুখত ড্ৰাগছ মুক্ত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু এই লক্ষ্য পূৰণৰ বাবে আমি কোনো ত্ৰুটি ৰখা নাই

ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজখন কেন্দ্ৰ, সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে যৌথভাৱে যুঁজিব লাগিব

এনডিপিএছৰ অধীনত সীমান্ত সুৰক্ষা বাহিনী, এছ এছ বি আৰু অসম ৰাইফলছ এই তিনিওটা বাহিনীক গোচৰ পঞ্জীয়নৰ ক্ষমতা প্ৰদান কৰা হৈছে, ভাৰতীয় উপকূলক্ষী বাহিনীৰ, ৰাজ্যিক উপকূলীয় আৰক্ষী থানা আৰু ৰে’লৱে সুৰক্ষা বাহিনীকো অধিক ক্ষমতা প্ৰদান কৰা হৈছে

কিন্তু নিৰাপত্তা বাহিনীক দিয়া এই ক্ষমতাসমূহৰ ওপৰত একাংশ ৰাজ্যই তেওঁলোকৰ ক্ষমতা কাঢ়ি লোৱা হৈছে বুলি কৈছে... যদি আমি আমাৰ সংস্থাসমূহক ক্ষমতা নিদিওঁ তেন্তে তেওঁলোকে কেনেকৈ কাম কৰিব? আমাৰ নিৰাপত্তা বাহিনীৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগিব, বিষয়টোক ৰাজনীতিকৰণ কৰাসকলে ড্ৰাগছ সৰবৰাহৰ সমৰ্থন কৰ

Posted On: 21 DEC 2022 8:21PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ১৯৩নং নিয়মৰ অধীনত লোকসভাত দেশত ড্ৰাগছৰ সমস্যা আৰু ইয়াৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত চমু আলোচনাৰ উত্তৰ দিয়ে

মন্ত্ৰী শ্বাহে সদনৰ সদস্যসকলক ধন্যবাদ জনাই কয় যে এই বিষয়টোক ৰাজনৈতিক ৰং দিয়াৰ পৰিৱৰ্তে সদনে ইয়াক এক সমস্যা হিচাপে অতি গুৰুত্বসহকাৰে লৈছে আৰু সকলো সদস্যই ইয়াক অতি গুৰুতৰ সমস্যা বুলি মানি লৈছে৷ তেওঁ কয় যে ড্ৰাগছৰ সমস্যাই আমাৰ জাতি ধ্বংস কৰি আছে আৰু এই ব্যৱসায়ৰ পৰা পোৱা লাভ সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বাবে ব্যৱহাৰ কৰা হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ বৰ্ষটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ সংকল্প সমগ্ৰ দেশৰ সন্মুখত ৰাখিছে আৰু ২০১৪ চনৰ পৰা এই দিশত বহু প্ৰচেষ্টা হাতত লোৱা হৈছে। তেওঁ সদনক আশ্বাস দিয়ে যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ড্ৰাগছৰ ব্যৱসায় আৰু সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে আৰু চৰকাৰে এই ব্যৱসায় শূন্যলৈ নমাই অনাৰ বাবে কঠোৰভাৱে সকলো প্ৰচেষ্টা চলাইছে। শ্ৰী শ্বাহে কয় যে ড্ৰাগছৰ প্ৰসাৰে আমাৰ ভৱিষ্যত প্ৰজন্মক নষ্ট কৰাই নহয়, লাখ লাখ পৰিয়ালকো ধ্বংস কৰিছে, ইয়াৰ উপৰিও আইন-শৃংখলাৰ সৈতে জড়িত বহু ধৰণৰ সামাজিক দুৰ্নীতিৰো সৃষ্টি কৰে। তেওঁ কয় যে ভাৰতত সন্ত্ৰাসবাদক প্ৰচাৰ কৰিব বিচৰা দেশসমূহে ইয়াক ব্যৱহাৰ কৰে আৰু দেশত এই লেতেৰা ধনৰ উপস্থিতিয়ে দেশৰ অৰ্থনীতিও নষ্ট কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ গৃহ মন্ত্ৰালয়ৰ সন্মুখত ড্ৰাগছমুক্ত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু এই লক্ষ্য পূৰণৰ বাবে আমি কোনো ত্ৰুটি ৰখা নাই।

মন্ত্ৰী শ্বাহে কয় যে ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজখন কেন্দ্ৰ, সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে যৌথভাৱে যুঁজিব লাগিব কাৰণ ফলাফল লাভৰ বাবে বহুমুখী যুদ্ধ কৰাটো প্ৰয়োজন৷ শ্ৰী শ্বাহে কয় যে বিমানবন্দৰ আৰু সমুদ্ৰ বন্দৰৰ জৰিয়তে ড্ৰাগছৰ প্ৰৱেশ বন্ধ কৰিব লাগিব। তেওঁ কয় যে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি) আৰু ৰাজ্যসমূহৰ নিচাবিৰোধী সংস্থাসমূহেও ড্ৰাগছৰ বিৰুদ্ধে সমন্বয়ৰে কাম কৰিব লাগিব। গৃহমন্ত্ৰী শ্বাহে কয় যে সমাজ কল্যাণ বিভাগ আৰু স্বাস্থ্য বিভাগেও পুনৰ সংস্থাপন আৰু নিচামুক্তকৰণৰ বাবে একেলগে কাম কৰিব লাগিব। তেওঁ কয় যে যদি আমি এই যুঁজৰ সকলো মাত্ৰাক সম্বোধন কৰোঁ, তেতিয়াহে আমাৰ ড্ৰাগছমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব পাৰে। তেওঁ কয় যে ড্ৰাগছৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত যিমানদূৰলৈকে দেশৰ সকলো ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই এই যুদ্ধখন গুৰুত্বসহকাৰে যুঁজিছে আৰু যি পৰিকল্পনা কৰা হৈছিল আৰু তথ্য বিনিময় কৰা হৈছিল, দলীয় ৰাজনীতি আৰু দলীয় ক্ষমতাৰ ঊৰ্ধ্বত সকলো ৰাজ্যইও সেইবোৰ অতি সুন্দৰভাৱে কাৰ্যকৰী কৰিছে। শ্ৰী শ্বাহে কয় যে সীমান্তৰ সিপাৰৰ পৰা ড্ৰ’ন, চোৰাংচোৱাগিৰি, সুৰংগ, বন্দৰ আৰু বিমানবন্দৰৰ জৰিয়তে আমাৰ দেশত ড্ৰাগছ প্ৰৱেশ কৰে, কিন্তু ব্যৱসায় বন্ধ কৰাটোৱেই এই সমস্যাৰ সমাধান নহয়। তেওঁ কয় যে আমি এই সমস্যাৰ নতুন পদ্ধতিৰ অন্ত পেলাব লাগিব।

গৃহমন্ত্ৰীয়ে কয় যে ড্ৰাগছ সেৱন কৰা ব্যক্তিজনৰ প্ৰতি সহানুভূতিৰ মনোভাৱ থাকিব লাগে আৰু তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে প্ৰস্তুতি আৰু আইনী ব্যৱস্থা থাকিব লাগে, কিন্তু ড্ৰাগছৰ ব্যৱসায় আৰু চোৰাং ব্যৱসায় কৰাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা উচিত। শ্বাহে কয় যে এই নিচাজাতীয় সামগ্ৰীত কবলত পৰা যুৱক-যুৱতীসকলক ঘূৰাই অনা আৰু সমাজে তেওঁলোকক যাতে পুনৰ গ্ৰহণ কৰে, এনে এক সামাজিক পৰিৱেশ সৃষ্টি কৰাটো আমাৰ সকলো সদস্যৰে দায়িত্ব।

মন্ত্ৰী শ্বাহে কয় যে আমি কোনো ধৰণৰ ড্ৰাগছৰ তদন্ত আৰু জব্দ কৰাটো পৃথকভাৱে চাব নালাগে। তেওঁ কয় যে ড্ৰাগছ ক’ৰ পৰা আহিছিল আৰু ক’লৈ গৈ আছিল, আমি ইয়াৰ সমগ্ৰ নেটৱৰ্ক ধ্বংস কৰিব লাগিব। যদি আমি সমগ্ৰ নেটৱৰ্কটো পৰীক্ষা কৰোঁ, তেন্তে এই সমস্যাটোহে সমাধান কৰিব পৰা যাব। এনচিবিয়ে সমগ্ৰ দেশতে তদন্ত কৰিব পাৰে আৰু নিয়াই বহিঃৰাজ্যতো তদন্ত কৰিব পাৰে বুলিও তেওঁ কয়। গৃহমন্ত্ৰীয়ে সদনত কয় যে তেওঁ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক কৈছে যে যদি তেওঁলোকৰ ৰাজ্যত এনেকুৱা কোনো গোচৰ আছে য’ত ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ তদন্তই ৰাজ্যৰ সীমা অতিক্ৰম কৰিবলগীয়া হয়, তেন্তে তেওঁলোকে এনচিবিৰ সহায় ল’ব পাৰে, যিহেতু এনচিবি প্ৰতিখন ৰাজ্যক সহায় কৰিবলৈ সাজু আৰু প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী শ্বাহে কয় যে যদি কোনো তদন্ত দেশৰ সীমাৰ বাহিৰলৈ যায় তেন্তে তদন্তৰ বাবেও নিয়াৰ সহায় ল’ব পাৰে৷ তেওঁ সদনত অৱগত কৰে যে ৰাজ্যসমূহে প্ৰায় ৪২টা গোচৰ এনচিবি বা নিয়ালৈ প্ৰেৰণ কৰিছে আৰু আজি ৰাজ্যিক সংস্থা, এনচিবি আৰু নিয়াই সমগ্ৰ নেটৱৰ্ক সফলতাৰে বিচ্ছিন্ন কৰি পেলোৱাৰ দিশত অগ্ৰসৰ হৈছে। তেওঁ কয় যে ইয়াৰ পৰা আমি অতি ভাল ফলাফল পাইছো আৰু ৰাজ্যসমূহৰ সহযোগত কেন্দ্ৰৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ গতি বৃদ্ধি পাইছে আৰু উৎসাহো দুগুণ হৈছে।

গৃহমন্ত্ৰী শ্বাহে কয় যে দক্ষিণ-পূব এছিয়াৰ দেশসমূহ সোণালী ত্ৰিভুজ আৰু ইৰাণ, আফগানিস্তান আৰু পাকিস্তানেৰে সোণালী অৰ্ধচন্দ্ৰ গঠিত। তেওঁ কয় যে ড্ৰাগছ ব্যৱসায়ীৰ বাবে সেইবোৰ হয়তো সোণালী ত্ৰিভূজ আৰু সোণালী অৰ্ধচন্দ্ৰ, কিন্তু আমাৰ যুৱক-যুৱতীসকলৰ বাবে সেইবোৰ মৃত্যুৰ ত্ৰিভূজ আৰু মৃত্যু অৰ্ধচন্দ্ৰ, ড্ৰাগছৰ ভাবুকিৰ বিৰুদ্ধে এই যুদ্ধত জয়ী হ’বলৈ বিশ্বই নিজৰ দৃষ্টিভংগী সলনি কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে ভাৰত চৰকাৰৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যুঁজৰ তিনিটা অংশ আছে-প্ৰতিষ্ঠানিক গাঁথনি শক্তিশালী কৰা, সকলো নাৰ্কো সংস্থাৰ সৱলীকৰণ আৰু সমন্বয় আৰু ব্যাপক সজাগতা অভিযান। তেওঁ কয় যে এইটো এটা সীমাহীন অপৰাধ আৰু সমন্বয় আৰু সহযোগিতা নাথাকিলে আমি এই যুদ্ধত জয়ী হ’ব নোৱাৰো।

চৰকাৰে গ্ৰহণ কৰা বৃহৎ পদক্ষেপসমূহৰ বিষয়ে সদনক অৱগত কৰি শ্ৰী অমিত শ্বাহে কয় যে ২০১৯ চনত ৪টা পৰ্যায়ৰ এনচিঅ’ডি স্থাপন কৰা হৈছিল আৰু ইয়াৰ অধীনত লোৱা বহু সিদ্ধান্ত ৰাজ্যসমূহক জনোৱা হৈছে আৰু জিলাসমূহলৈও বিয়পি পৰিছে৷ তেওঁ কয় যে এনকৰ্ডৰ জিলা পৰ্যায়ৰ বৈঠক আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ যেতিয়ালৈকে ডিচিপি, কালেক্টৰ, সমাজ কল্যাণ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলে একেলগে বহি জিলা পৰ্যায়ত আলোচনা নকৰে তেতিয়ালৈকে আমাৰ যুঁজখন সফল নহ’ব। তেওঁ কয় যে আজিলৈকে দেশৰ মাত্ৰ ৩২% জিলাইহে এনকৰ্ড কমিটী গঠন কৰিছে। গৃহমন্ত্ৰীয়ে সদনৰ জৰিয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক ব্যক্তিগত পৰ্যায়ত আগ্ৰহ প্ৰকাশ কৰি নিজ নিজ ৰাজ্যত জিলা পৰ্যায়ৰ এনকৰ্ড কমিটি গঠন কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে যিদিনা এই সমিতিখন দেশৰ সকলো জিলাতে জিলা পৰ্যায়ত গঠন হ’ব, সেইদিনা আমাৰ এই যুঁজখন অতি শক্তিশালী হৈ উঠিব। তেওঁ কয় যে এই কমিটীত এনচিবিক ন’ডেল এজেন্সী হিচাপে ৰখা হৈছে আৰু ইয়াৰ অধীনত ভাৰতীয় নৌসেনা, ভাৰতীয় উপকূলৰক্ষী, ড্ৰাগছ নিয়ন্ত্ৰক, ৰাজহ বিভাগ, ৰাষ্ট্ৰীয় সামুদ্ৰিক সুৰক্ষা, এনটিআৰঅ’, বন্দৰ ট্ৰাষ্ট, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ, উপকূলীয় আৰক্ষী আৰু ৰাজ্য নাৰ্কো সংস্থা আদিয়ে সমন্বয়েৰে কাম কৰে। শ্ৰী শ্বাহে কয় যে ইয়াৰ বাবে এটা এনকৰ্ড প’ৰ্টেলো গঢ় দিয়া হৈছে যিটো এনচিবিৰ দ্বাৰা পৰিচালিত আৰু ইয়াৰ কাম হৈছে তথ্য সংহতকৰণ৷ এক প্ৰকাৰে এই প’ৰ্টেলত এটা ঠাইত সম্পূৰ্ণ তথ্য উপলব্ধ হয়৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ ভাৰতত ইণ্টাৰপলৰ সাধাৰণ পৰিষদ অনুষ্ঠিত হৈছিল আৰু ইয়াত তেওঁ নাৰ্কটিকছ আৰু সন্ত্ৰাসবাদীৰ যোগসুত্ৰৰ বিষয়টো উত্থাপন কৰিছিল আৰু ভাৰতীয় পক্ষৰ পৰা এটা অনুৰোধ আছিল যে সন্ত্ৰাসবাদক নাৰ্কটিকছ, সন্ত্ৰাসবাদ আৰু নাৰ্কো ব্যৱসায়ৰ সৈতে জড়িত কৰা উচিত। ইণ্টাৰপলে এই তিনিটা বিষয়ৰ ওপৰত সঠিক সময়ত তথ্য বিনিময়ৰ বাবে সকলো দেশৰ বাবে এক মঞ্চ গঢ়িব লাগে, যাৰ জৰিয়তে উত্তম পদ্ধতিৰ বিনিময়ো হ’ব পাৰে। তেওঁ কয় যে শেহতীয়াকৈ ন’ মানি ফৰ টেৰ’ৰ সন্মিলনো আয়োজন কৰা হৈছে আৰু তাতো আমি আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ ওপৰত বহু জোৰ দিছো। শ্ৰী শ্বাহে কয় যে চৰকাৰে যৌথ সমন্বয় সমিতিও গঠন কৰিছে আৰু কেন্দ্ৰীয় পৰ্যায়ত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ উপৰিও এনচিবিৰ কেডাৰ পুনৰ সংগঠিত কৰি ৬১৯টা পদ সৃষ্টি কৰা হৈছে। তেওঁ সদনক জনাইছে যে নাৰ্কো অপৰাধী, নিদানৰ ওপৰত ৰাষ্ট্ৰীয় সংহত তথ্যকোষো প্ৰস্তুত কৰা হৈছে আৰু তাত প্ৰতিটো গোচৰৰ চালান আৰু ৰায়দান আপলোড কৰা হৈছে। ইয়াৰ লগতে আমি আন্তঃকাৰ্য্যকৰী অপৰাধমূলক ন্যায় ব্যৱস্থা (আইচিজেএছ)ৰ বাবে জব্দ তথ্য ব্যৱস্থাপনা ব্যৱস্থা আৰু জে’লৰ তথ্যও শ্বেয়াৰ কৰিছো। মন্ত্ৰী শ্বাহে কয় যে ড্ৰাগছ নেটৱৰ্কৰ তালিকাও মেপ কৰা হৈছে আৰু ৰাজ্যসমূহত ড্ৰাগছৰ প্ৰৱেশ আৰু ইয়াৰ নেটৱৰ্ক ৪৭২খন জিলাত মেপিং কৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে জৰীপ, তথ্য, জব্দৰ পিছত কৰা গোচৰ আৰু তদন্তৰ প্ৰতিবেদন সংকলন কৰাৰ পিছত এই মেপিং কৰা হৈছে।

এনডিপিএছৰ অধীনত সীমান্ত সুৰক্ষা বাহিনী, এছ এছ বি আৰু অসম ৰাইফলছ এই তিনিওটা বাহিনীক  গোচৰ পঞ্জীয়নৰ ক্ষমতা প্ৰদান কৰা হৈছে৷ ভাৰতীয় উপকূলক্ষী বাহিনীৰ, ৰাজ্যিক উপকূলীয় আৰক্ষী থানা আৰু ৰে’লৱে সুৰক্ষা বাহিনীকো অধিক ক্ষমতা প্ৰদান কৰা হৈছে৷ কিন্তু নিৰাপত্তা বাহিনীক দিয়া এই ক্ষমতাসমূহৰ ওপৰত একাংশ ৰাজ্যই তেওঁলোকৰ ক্ষমতা কাঢ়ি লোৱা হৈছে বুলি কৈছে... যদি আমি আমাৰ সংস্থাসমূহক ক্ষমতা নিদিওঁ তেন্তে তেওঁলোকে কেনেকৈ কাম কৰিব? আমাৰ নিৰাপত্তা বাহিনীৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগিব, বিষয়টোক ৰাজনীতিকৰণ কৰাসকলে ড্ৰাগছ সৰবৰাহৰ সমৰ্থন কৰিছে৷

তেওঁ কয় যে যদি কোনো ৰাজ্যত সৰ্বাধিক সংখ্যক ড্ৰাগছ ধৰা পৰে, তেন্তে তাৰ অৰ্থ হ'ল সেই ৰাজ্যখনে ড্ৰাগছৰ বিৰুদ্ধে ভাল কাম কৰিছে৷ কোনো ধৰণৰ ড্ৰাগছৰ তদন্ত আৰু ইয়াক জব্দ কৰাটো পৃথকভাৱে ল’ব নালাগে, আমি ড্ৰাগছৰ সমগ্ৰ নেটৱৰ্ক নাইকিয়া কৰিব লাগিব, তেতিয়াহে এই সমস্যা সমাধান হ’ব৷ শ্ৰী শ্বাহে কয় যে তিনিওটা ধন সৰবৰাহ চেনেল, হাৱালা লেনদেন আৰু ডাৰ্ক নেটৰ বাবে হেকাথন অনুষ্ঠিত কৰি ইয়াত প্ৰতিভাৱান ল’ৰা-ছোৱালীক জড়িত কৰিও এক নিখুঁত কৌশল ৰচনা কৰা হৈছে আৰু ইয়াৰ জৰিয়তেও বহু লোক ধৰা পৰিছে। তেওঁ কয় যে এটা নিষ্ঠাবান এণ্টি-নাৰ্কটিক্স টাস্ক ফ’ৰ্চো গঠন কৰা হৈছে আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এণ্টি-নাৰ্কটিক্স টাস্ক ফ’ৰ্চে সহায় কৰিব৷

মন্ত্ৰী শ্বাহে কয় যে ভাৰত চৰকাৰেও ৬টা আঞ্চলিক লেব স্থাপন কৰিছে যাতে মাদক দ্ৰব্যৰ নমুনা পৰীক্ষাত কোনো পলম নহয় আৰু অপৰাধী সাৰি যাব নোৱাৰে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি ৭৫ বছৰ উপলক্ষে এটা লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ যে ৬০ দিনৰ ভিতৰত ৭৫ হাজাৰ কেজি ড্ৰাগছ ধ্বংস কৰিম, কিন্তু আমি ১,৬০,০০০ কেজি ড্ৰাগছ জ্বলাবলৈ সক্ষম হ’লোঁ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমি এই দেশৰ যুৱক-যুৱতী আৰু সংস্কৃতিক ড্ৰাগছৰ দ্বাৰা নষ্ট হ’বলৈ নিদিওঁ বুলি সিদ্ধান্ত লৈছিলোঁ আৰু ইয়াত আমি সফল হৈছে। তেওঁ ২০০৬ চনৰ পৰা ২০১৩ চনলৈ আৰু ২০১৪ চনৰ পৰা ২০২২- ২০২০ চনলৈকে এক পৰিসংখ্যা দাঙি ধৰে-

 

বিৱৰণ

২০০৬-২০১৩

২০১৪-২০২২

পৰিৱৰ্তন (%)

জব্দ কৰা ড্ৰাগছ

(কে জি হিচাপত)

২২লাখ ৪৫ হাজাৰ কেজি

৬২লাখ ৬০ হাজাৰ কেজি

১৮০%তকৈ অধিক

জব্দ কৰা ড্ৰাগছ

(ইউনিটত)

১০ কোটি ইউনিট

২৪ কোটি ইউনিট

১৩৪%তকৈ অধিক

দাম

৩৩,০০০ কোটি

৯৭,০০০ কোটি

তিনি গুন

মুঠ গোচৰ

,৪৫,০৬২

,১৪,৬৯৭

১৮৫%

মুঠ গ্ৰেপ্তাৰ

,৬২,৯০৮

,২৩,২৩৪

২২০%

শ্ৰী অমিত শ্বাহে কয় যে আমি ড্ৰাগছ সৰবৰাহৰ গোচৰক এক গুৰুতৰ গোচৰৰ শাৰীত ৰাখিছো আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা ১৩,০০০ গোচৰৰ পৰা দেখা গৈছে যে আমাৰ সঠিক দিশ আৰু ফলাফল লাভ কৰিছো৷ বিগত বছৰত ৬১টা নতুন চাইট’ট্ৰপিক পদাৰ্থ চৰকাৰে অৱগত কৰিছে যিবোৰ আগতে এই শ্ৰেণীত অন্তৰ্ভূক্ত নাছিল৷ ভাৰতীয় সংস্থাসমূহেও প্ৰায় ১৪,০০০ কেজি ট্ৰেমাডল জব্দ কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান কোনো এখন চৰকাৰ, কোনো দল বা কোনো এটা সংস্থাই কৰিব নোৱাৰে। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ সকলো সংস্থাই একেখন মঞ্চত আহি সমান তীব্ৰতা আৰু গুৰুত্বসহকাৰে এই অভিযান চলাব লাগিব তেতিয়াহে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক বচাব পাৰিম। তেওঁ কয় যে আজি এই যুঁজখন ইমানেই জটিল সন্ধিক্ষণত আছে যে আমি জয়ী হ’লে আমাৰ প্ৰজাতিটোক বচাব পাৰিম। শ্ৰী শ্বাহে সদনক অনুৰোধ কৰে যে এই বিষয়ত কোনো ৰাজনীতি হ’ব নালাগে। তেওঁ সকলো ৰাজ্য চৰকাৰে একত্ৰিত হৈ জিলা পৰ্যায়ৰ এনকৰ্ড গঢ়ি তোলা আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আৰম্ভ কৰা অভিযানক শক্তিশালী কৰিবলৈ আহ্বান জনায়৷

***

एनडब्ल्यू / आरके / आरआर/DB



(Release ID: 1885566) Visitor Counter : 180