পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
আন্তঃৰাষ্ট্ৰীয় দাম অভিলেখ পৰিমাণে বৃদ্ধি পোৱা স্বত্তেও ২০২২ৰ ৬ এপ্ৰিলৰ পৰা ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰা নাইঃ শ্ৰী হৰদীপ সিং পুৰী
আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ উচ্চ মূল্যৰ প্ৰভাৱৰ পৰা ভাৰতীয় গ্ৰাহকক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে দুবাৰকৈ হ্ৰাস কৰে কেন্দ্ৰীয় আবকাৰী শুল্ক
Posted On:
15 DEC 2022 1:47PM by PIB Guwahati
ভাৰতে ইয়াৰ প্ৰয়োজনীয় খাৰুৱা তেল ৮৫%তকৈ অধিক আমদানি কৰে। সেয়ে দেশৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্যৰ সম্পৰ্ক আছে। পেট্ৰল আৰু ডিজেলৰ খুচুৰা মূল্য বিভিন্ন কাৰক যেনে- খাৰুৱা তেলৰ ক্ৰয় মূল্য, বিনিময় হাৰ, পৰিবহন মাছুল, আভ্যন্তৰীণ মাল পৰিবহন, শোধনাগাৰৰ মাৰ্জিন, ডিলাৰৰ কমিচন, কেন্দ্ৰীয় কৰ, ৰাজ্যিক ভেট আৰু অন্যান্য খৰচৰ উপাদানৰ ওপৰত নিৰ্ভৰশীল।
২০২০ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ নৱেম্বৰৰ ভিতৰত খাৰুৱা তেলৰ ভাৰতীয় বাস্কেটৰ গড় মূল্য ১০২% (৪৩.৩৪ ডলাৰৰ পৰা ৮৭.৫৫ ডলাৰলৈ) বৃদ্ধি পোৱাৰ বিপৰীতে এই সময়ছোৱাত ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য মাত্ৰ ১৮.৯৫% আৰু ২৬.৫% বৃদ্ধি পাইছে। কিছুমান দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ তুলনা তলত দিয়া ধৰণৰঃ
(দাম ভাৰতীয় টকাৰ হিচাপত)
|
অক্টোবৰ, ২০২২
|
অক্টোবৰ, ২০২০
|
%পৰিৱৰ্তন
|
দেশ
|
পেট্ৰ’ল
|
ডিজেল
|
পেট্ৰ’ল
|
ডিজেল
|
পেট্ৰ’ল
|
ডিজেল
|
ভাৰত (দিল্লী)
|
৯৬.৭২
|
৮৯.৬২
|
৮১.০৬
|
৭০.৫৩
|
১৯.৩%
|
২৭.১%
|
আমেৰিকা যুক্তৰাষ্ট
|
৮৩.০০
|
১১৩.৩৮
|
৪১.৮৭
|
৪৬.৩৫
|
৯৮.২%
|
১৪৪.৬%
|
কানাডা
|
১০৪.৬৫
|
১৩০.৮৪
|
৫৭.৯৬
|
৫৪.৮৭
|
৮০.৬%
|
১৩৮.৪%
|
স্পেইন
|
১৪০.৪৭
|
১৫৪.৮৮
|
১০০.২৭
|
৮৮.৯৬
|
৪০.১%
|
৭৪.১%
|
গ্ৰেট ব্ৰিটেইন
|
১৫২.৪১
|
১৭১.৩৫
|
১০৮.০৬
|
১১২.৭৬
|
৪১.০%
|
৫২.০%
|
বিনিময়ৰ হাৰ
|
টকাঃ ৮২.৩৪/$
|
টকাঃ ৭৩.৪৬/$
|
১২ %
|
উৎসঃ পেট্ৰ’লিয়াম প্লেনিং এণ্ড এনালিছিছ চেল(পিপিএচি), ২০২০ৰ নৱেম্বৰ আৰু ২০২২ৰ নৱেম্বৰৰ আইইএৰ প্ৰতিবেদনৰ ভিত্তিত৷
আন্তঃৰাষ্ট্ৰীয় দাম অভিলেখ পৰিমাণে বৃদ্ধি পোৱা স্বত্তেও ২০২২ৰ ৬ এপ্ৰিলৰ পৰা ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰা নাই৷ ইয়াৰ ফলস্বৰূপে সংযুক্ত ‘কৰৰ পূৰ্বে লাভ’ৰ বিপৰীতে ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ২৮,৩৬০ কোটি টকা, তিনিটা তেল বিপণন কোম্পানী ক্ৰমে আইঅ’চিএল, বিপিচিএল আৰু এইচপিচিএলৰ চলিত ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত মুঠ ২৭,২৭৬ কোটি টকা লোকচান হৈছে৷
আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ উচ্চ মূল্যৰ প্ৰভাৱৰ পৰা ভাৰতীয় গ্ৰাহকক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ২১ নৱেম্বৰ আৰু ২০২২ চনৰ ২২ মে’ত দুবাৰকৈ কেন্দ্ৰীয় আবকাৰী শুল্ক হ্ৰাস কৰিছিল, যাৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ বাবে প্ৰতি লিটাৰত ক্ৰমে ১৩ টকা আৰু ১৬ টকাকৈ হ্ৰাস কৰে, যিটো সম্পূৰ্ণৰূপে গ্ৰাহকৰ হাতলৈ যায়। কেন্দ্ৰীয় আবকাৰী শুল্ক হ্ৰাসৰ পিছত কিছুমান ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলেও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সংযোজিত কৰ (ভেট)ৰ হাৰ হ্ৰাস কৰে। ২০২০ চনৰ ডিচেম্বৰৰ পৰা দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ মাহিলী গড় খুচুৰা বিক্ৰী মূল্য (আৰএছপি)ৰ বিৱৰণ পৰিশিষ্ট-১ ত দিয়া হৈছে।
ভাৰতে ঘৰুৱা এলপিজি ব্যৱহাৰৰ ৬০%তকৈ অধিক আমদানি কৰে। দেশত এলপিজিৰ মূল্য এলপিজিৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ মাপকাঠী ছৌদি চুক্তি মূল্য (চিপি)ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে। ২০২০ চনৰ এপ্ৰিল মাহত ছৌদি চিপি ২৩৬ ডলাৰ/এমটিৰ পৰা ২০২২ চনৰ এপ্ৰিল মাহত ৯৫২ডলাৰ/এমটিলৈ বৃদ্ধি পাইছে৷ কিন্তু চৰকাৰে গ্ৰাহকৰ বাবে ঘৰুৱা এলপিজিৰ ফলপ্ৰসূ মূল্যৰ পৰিৱৰ্তন অব্যাহত ৰাখিছে। ঘৰুৱা এলপিজি বিক্ৰীৰ ফলত ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এই লোকচানৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰে শেহতীয়াকৈ এককালীন ক্ষতিপূৰণ হিচাপে তেল বিপণন কোম্পানীসমূহলৈ ২২,০০০ কোটি টকা অনুমোদন জনাইছে।
লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে এই তথ্য সদৰি কৰে৷
***
RKJ/M/DB
(Release ID: 1883742)
Visitor Counter : 138