কেবিনেট সচিবালয়

বংগোপসাগৰত সম্ভাব্য সাগৰীয় ধুমুহা মোকাবিলা কৰাৰ বাবে প্ৰস্তুতিমূলক পৰ্যোলাচনা বৈঠকত মিলিত ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতি(এনচিএমচি)ৰ

Posted On: 06 DEC 2022 6:41PM by PIB Guwahati

কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ নেতৃত্বত ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতি(এনচিএমচি)য়ে আজি বংগোপসাগৰত সম্ভাব্য সাগৰীয় ধুমুহা মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়/এজেন্সি আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সৈতে প্ৰস্তুতিমূলক পৰ্যোলাচনা বৈঠকত মিলিত হয়৷

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে আজি সন্ধিয়াৰ ভিতৰত বংগোপসাগৰৰ বতৰৰ শেহতীয়া অৱস্থাৰ বিষয়ে অৱগত কৰে, যিটোৱে পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰি দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত চাপ কেন্দ্ৰীভূত হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পিছত পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰি ৭ ডিচেম্বৰৰ সন্ধিয়া আশে-পাশে সাগৰীয় ধুমুহা আৰু অধিক তীব্ৰতৰ হৈ পৰাৰ লগতে ৮ ডিচেম্বৰৰ পুৱাৰ ভাগত উত্তৰ তামিলনাডু-পুডুচেৰী আৰু সংলগ্ন দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূলৰ দক্ষিণ-পশ্চিম উপসাগৰত উপনীত হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত ধুমুহাজাক পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ উত্তৰ তামিলনাডু-পুডুচেৰী আৰু সংলগ্ন দক্ষিণ অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ দিশে অগ্ৰসৰ হ’ব।

অন্ধ্ৰ প্ৰদেশ, তামিলনাডুৰ মুখ্য সচিব আৰু পুডুচেৰীৰ জ্যেষ্ঠ বিষয়াসকলে কমিটীক সাগৰীয় ধুমুহাৰ পৰা আশা কৰা ধৰণে জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিমূলক ব্যৱস্থা আৰু স্থানীয় প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা, যেনে-মাছমৰীয়াক সাগৰলৈ নাযাবলৈ কোৱা, সাগৰলৈ ওলাই যোৱা আৰু সাগৰত থকাসকলক পুনৰ নিৰাপদে ঘূৰাই অনা আৰু জৰুৰীকালীন সেৱাসমূহ সাজু কৰি ৰখা বুলি অৱগত কৰে৷

এনডিআৰএফে বিচৰা মতে তামিলনাডুৰ বাবে ৫টা দল আৰু পুডুচেৰীৰ বাবে ৩টা দলৰ ব্যৱস্থা কৰিছে আৰু ৰাজ্য চৰকাৰে ইচ্ছা অনুসৰি অন্ধ্ৰপ্ৰদেশক সক্ৰিয় কৰাৰ বাবেও দলসমূহ সাজু কৰি ৰাখিছে। সেনা আৰু নৌসেনাৰ উদ্ধাৰ আৰু সাহায্য দলৰ লগতে জাহাজ আৰু বিমানো সাজু কৰি ৰখা হৈছে। উপকূলৰক্ষী বাহিনীয়েও নিজৰ জাহাজ লৈ সাজু হৈছে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ প্ৰস্তুতিৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি শ্ৰী ৰাজীৱ গৌবাই সজোৰে কয় যে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট কেন্দ্ৰীয় সংস্থাসমূহে প্ৰতিৰোধমূলক আৰু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনো লোকৰ জীৱনৰ যাতে ক্ষতি নহয় আৰু সম্পত্তি আৰু আন্তঃগাঁথনি যেনে-বিদ্যুৎ আৰু দূৰ-সংযোগ ব্যৱস্থাৰ ক্ষতি কম হয় আৰু এই আন্তঃগাঁথনিৰ ক্ষতি হ’লে ইয়াক ক্ষীপ্ৰতাৰে পুনৰুদ্ধাৰ কৰাৰ লক্ষ্য হোৱা উচিত৷

কেবিনেট সচিবগৰাকীয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰসমূহৰ সকলো কেন্দ্ৰীয় সংস্থাই সম্ভাব্য সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু থকা বুলি আশ্বাস দিয়ে৷

বৈঠকত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ মুখ্য সচিব আৰু পুডুচেৰীৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় গৃহ সচিব, শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব, দূৰ-সংযোগ বিভাগৰ সঞ্চালক প্ৰধান, এনডিএমএৰ সদস্য সচিব, চিআইএছচিৰ আইডিএছ, এনডিআৰএফৰ আইজি, আইএমডিৰ সঞ্চালক প্ৰধান, উপকূৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

***

NW/AY/DB



(Release ID: 1881674) Visitor Counter : 116