তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘আইএফএফআই’-ত ‘চিবিচি’-ৰ ‘কথাছবিত স্বাধীনতা সংগ্ৰামৰ প্ৰতিফলন’ৰ প্ৰদৰ্শনী

Posted On: 21 NOV 2022 3:57PM by PIB Guwahati

প্ৰযুক্তি-প্ৰদৰ্শনী ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ-ৰ এই বছৰত লোৱা নতুন পদক্ষেপ হোৱাৰ মুহূৰ্তত ‘চেণ্ট্ৰেল ব্যুৰো অব কমিউনিকেশ্যন’(চিবিচি)-য়ে অনুষ্ঠিত কৰা ‘ফ্ৰীডম মুভমেণ্ট এণ্ড চিনেমা’ (‘স্বাধীনতা সংগ্ৰাম আৰু চলচ্চিত্ৰ’) শীৰ্ষক আন এখন প্ৰদৰ্শনীয়ে ইয়াৰ অনন্য নিমগ্ন অভিজ্ঞতাৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে।

‘কেম্পল ফুটবল গ্ৰাউণ্ড’ত ভিন্ন-মাধ্যমৰ উপস্থিতিৰে অনুষ্ঠিত ‘ডিজিটেল প্ৰদৰ্শনী’খনৰ আজি শুভাৰম্ভ ঘোষণা কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে। এই সন্দৰ্ভত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তিৰ বিভিন্ন উদ্ভৱানৰ সদ্ব্যৱহাৰৰে উজ্জীৱিত প্ৰদৰ্শনীখনে ভাৰতৰ স্বাধীনতা সংগ্ৰাম সম্পূৰ্ণ কথাকে বাংময় ৰূপত তুলি ধৰিছে। প্ৰদৰ্শনীখন চাবলৈ অহা সকলোৰে বাবে, বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে ই এক অনুপ্ৰেৰণা হ’ব, যিসকলে আমাৰ প্ৰেৰণাস্ৰোত নেতাসকলৰ বিষয়ে অধিক তথ্য আহৰণ কৰিব পাৰিব।

‘স্বাধীনতাৰ অমৃত মহোত্সৱ’-ক মূল প্ৰতিপাদ্য হিচাপে গ্ৰহণ কৰি ‘চিবিচি’-ৰ গোটে কাৰ্যান্বিত কৰা এই প্ৰদৰ্শনীখন যেন ‘কেমেৰা-লেন্সৰ মাধ্যমেৰে কাহিনী-বৰ্ণনাৰ এক খেলা’হে। প্ৰদৰ্শনীখনত প্ৰৱেশ কৰিলেই দেখিবলৈ পোৱা যায় ১২X১০ ফুট আকাৰৰ ‘এলইডি স্ক্ৰীণ’ত প্ৰদৰ্শিত হৈ থকা দূৰদৰ্শনৰ একালৰ জনপ্ৰিয় ধাৰাবাহিক ‘স্বৰাজ’ৰ কিয়দাংশৰ প্ৰদৰ্শন। স্মৰ্তব্য যে, ধাৰাবাহিকখনত ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে যুঁজত নমা বিভিন্ন মুক্তি সংগ্ৰামীসকলৰ জীৱনাল্লেখ্য দাঙি ধৰা হৈছিল।

ইয়াৰ পৰা আগুৱাই গ’লেই ১৮৫৭ চনৰ স্বাধীনতাৰ যুঁজৰ গাঁথা সম্বলিত বিৰল দৃশ্যাংশকে ধৰি ৰাজা ৰামমোহন ৰায়, নেতাজী সুভাষ চন্দ্ৰ বসু, কালাপানী, ভগত সিং আৰু চন্দ্ৰশেখৰ আজাদ আদিৰ কাহিনীৰ প্ৰদৰ্শন দেখিবলৈ পোৱা যায়। ইয়াৰে সৰহ সংখ্যক ফুটেজেই ‘ফিল্ম ডিভিজন’ৰ ‘আৰ্কাইভ’ৰ পৰা গ্ৰহণ কৰা হৈছে।

‘চিবিচি’-য়ে যুগুতোৱা পোষ্টাৰৰ আকাৰত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ানুক্ৰমিক যাত্ৰাৰ প্ৰদৰ্শন দাঙি ধৰা হৈছে এখন ‘ডিজিটেল ফ্লিপ-বুক’-ত। মুক্তি সংগ্ৰামৰ কণ্ঠ হৈ উঠা গীতসমূহ শুনিব পৰা যায়, আনকি কাষতে ধ্বনিত হোৱা ‘ছাউণ্ড ছাৱাৰ’-ত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ নেতৃবৃন্দৰ বক্তৃতা শুনিবলৈ পোৱা যায়।

 

কদম বঢ়ায়ে যা-‘নেতাজীৰ সৈতে খোজ’ হৈছে এক ধৰণৰ ‘অগমেণ্টেড ৰিয়েলিটী এক্সপেৰিয়েন্স’ য’ত ‘আজাদ হিন্দ ফৌজ’ৰ ইউনিফৰ্মত ভাৰতৰ অনুপ্ৰেৰণাদায়ক নেতাগৰাকীৰ সৈতে সমদলত অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ ছবি গ্ৰহণৰ অনন্য অভিজ্ঞতা লাভৰ সুযোগ লব পাৰি।

১৮৫৭ চনৰ স্বাধীনতা যুদ্ধৰ এটা ‘ইমাৰছিভ থিয়েটাৰ হল’ হৈছে এক অনন্য অভিজ্ঞতা, যাক দেখিবলৈ পোৱাৰ লগতে অনুভৱো কৰিব পৰা যায়, আনকি ‘ভাৰ্চুৱেল ৰিয়েলিটী ছেট’-য়ে ‘কাকৰি ৰেল ঘটনা’ক এক নতুন উপায়ৰে দেখাত সহায় কৰিছে।

স্বাধীনতা সংগ্ৰামৰ দ্বাৰা অনুপ্ৰাণিত আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱা ছবিসমূহৰ প্ৰদৰ্শনৰে এক ‘ফ্লিপ পোষ্টাৰ প্ৰদৰ্শনী’ৰো দিহা কৰা হৈছে। ‘উদয়কাল’, ‘উপকাৰ’, ‘মাদাৰ ইণ্ডিয়া’, ‘বোস’, ‘দ্যা ফৰগটেন হিৰ’’ হৈছে ইয়াৰ কেইখন মান নিদৰ্শন।

‘আজাদী কুৱেষ্ট গেম’ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনগাঁথাৰে ‘নেটফ্লিক্স’ত নতুনকৈ আৰম্ভ হোৱা ‘এনিমেশ্যন ছিৰিজ’টোৰো প্ৰদৰ্শনৰ দিহা কৰা হৈছে ‘চিবিচি’ৰ প্ৰদৰ্শনীত।

বহুমাত্ৰিক ক্ষেত্ৰত এখন ৰাষ্ট্ৰই কেনেকৈ প্ৰগতি কৰিবলৈ সক্ষম হৈছে তাৰ বৰ্ণনাৰে যুগুতোৱা ‘ডিছকভাৰী’ৰ ‘জাৰ্ণী অব ইণ্ডিয়া’-ৰ প্ৰদৰ্শনীৰে ‘ডিছপ্লে খণ্ড’ৰ অন্ত পৰে।

প্ৰদৰ্শনী হলৰ কেন্দ্ৰস্থলত প্ৰতীকী ৰূপত নিৰ্মাণ কৰা হৈছে জালিয়নৱালা বাগৰ ‘শ্বহিদী কুঁৱা’-য’ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ খ্যাত-অখ্যাত নায়কসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিব পৰা যায়।

গোৱাত অনুষ্ঠিত ‘আইএফএফআই’-ত ‘চিবিচি’য়ে আয়োজন কৰা ‘স্বাধীনতা সংগ্ৰাম আৰু চলচ্চিত্ৰ’ শীৰ্ষক বহু-মাধ্যম প্ৰদৰ্শনীখনৰ শুভাৰম্ভ কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে

pic.twitter.com/ITGR2LULIH

#IFFI2022 in #Goa

pic.twitter.com/ITGR2LULIH

 

***

PIB IFFI CAST AND CREW | Sriyanka/Darshana | IFFI 53 – 52/KB



(Release ID: 1878488) Visitor Counter : 108