তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

গোৱাত ভাৰতৰ ৫৩তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এক চমকপ্ৰদ আৰম্ভণি

চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আৰু পচ্ছাদ প্ৰযোজনাৰ বাবে ভাৰতক সবাতোকৈ পচন্দৰ গন্তব্য স্থান হিচাপে গঢ়ি তোলা হ'ব: কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

প্ৰখ্যাত অভিনেতা চিৰিঞ্জীৱি লৈ ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটি অব্ দা ইয়েৰ বঁটা

আইএফএফআয়ে কলা আৰু চলচ্চিত্ৰ জগতৰ সীমা মচি পেলাইছে: ৰাজ্যিক মন্ত্ৰী ড. এল. মুৰুগান

গোৱাত শীঘ্ৰেই নিৰ্মাণ হ’ব নতুন বিশ্বমানৰ মাল্টিপ্লেক্স আৰু সন্মিলন কেন্দ্ৰ: মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত

Posted On: 20 NOV 2022 7:34PM by PIB Guwahati

আকৌ এবাৰ বিশ্বৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু ইয়াৰ তাৰকা নিৰ্মাতাসকলক একেখন মঞ্চত সন্মিলিত কৰি ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ৫৩তম সংস্কৰণটো আজি ২০ নৱেম্বৰ, ২০২২ তাৰিখে গোৱাৰ পানাজীৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত এক বিশাল উদ্বোধনী অনুষ্ঠানৰ সৈতে মুকলি কৰা হয়। নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন এণ্ড এণ্টাৰটেইনমেণ্ট ছ’চাইটি অব্ গোৱাৰ দ্বাৰা যুটীয়াভাৱে অনুষ্ঠিত এই চলচ্চিত্ৰ ফিয়েষ্টাৰ এই সংস্কৰণত ৭৯খন দেশৰ ২৮০খন চলচ্চিত্ৰৰ সংগ্ৰহ প্ৰদৰ্শন কৰা হৈছে। প্ৰৱেশৰ এক বিস্তৃত বৰ্ণালীৰ পৰা ভাৰতীয় পেনোৰামা শাখাত ২৫খন চলচ্চিত্ৰ আৰু ২০খন নন-ফিচাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব।

চলচ্চিত্ৰ উৎকৰ্ষতাৰ নদিনীয়া উদযাপনৰ শুভ জ্যোতি প্ৰজ্বলন কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে তেওঁৰ দৃষ্টিভংগী হৈছে আমাৰ জনসাধাৰণৰ প্ৰতিভা আৰু আমাৰ উদ্যোগৰ নেতাসকলৰ উদ্ভাৱনৰ দ্বাৰা সমৰ্থিত চলচ্চিত্ৰ দৃশ্যগ্ৰহণ আৰু পচ্ছাদ প্ৰযোজনাৰ বাবে ভাৰতক সবাতোকৈ পচন্দৰ গন্তব্য স্থান হিচাপে গঢ়ি তোলা। "আইএফএফআইৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী এটা সংস্কৰণতে সীমাবদ্ধ নহয়, কিন্তু যেতিয়া ভাৰতে অমৃত মহোৎসৱৰ পৰা অমৃত কাললৈ পৰিৱৰ্তন কৰাৰ পিছত স্বাধীনতাৰ শততম বৰ্ষ উদযাপন কৰিব তেতিয়া আইএফএফআই-তো এই বিশেষত্ব প্ৰস্ফুটিত হ'ব লাগে। আমি ভাৰতক সমল সৃষ্টিৰ এক শক্তিক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো, বিশেষকৈ আঞ্চলিক উৎসৱসমূহৰ জৰিয়তে আঞ্চলিক চলচ্চিত্ৰ সমৃদ্ধ কৰাৰ প্ৰয়াস কৰিছো," তেওঁ এইবুলি উল্লেখ কৰে।

শ্ৰী ঠাকুৰে কয় যে ৫৩তম আইএফএফআই অজস্ৰ জীৱন্ত সংস্কৃতি আৰু চলচ্চিত্ৰৰ উৎকৰ্ষতাৰ দৃশ্যৰ এক সমৃদ্ধ পাত্ৰ হ'বলৈ সাজু। "আইএফএফআই-য়ে যুৱ আৰু প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে নেটৱৰ্ক, পিটচ্, সহযোগিতা আৰু চলচ্চিত্ৰ জগতৰ সৰ্বশ্ৰেষ্ঠ অভিজ্ঞতাৰ বাবে অনন্য সুযোগ তথা অবিশ্বাস্য সম্ভাৱনা উপস্থাপন কৰে। চলচ্চিত্ৰই এখন দেশৰ সমৃদ্ধ সংস্কৃতি, উত্তৰাধিকাৰী, ঐতিহ্য, আশা আৰু সপোন, আকাংক্ষা, উচ্চাকাংক্ষা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ইতিহাসৰ যিকোনো সময়ৰ ইয়াৰ লোকসকলৰ সামূহিক বিবেক কঢ়িয়াই আনে", তেওঁ লগতে কয়।

এছিয়াৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ মহোৎসৱৰ স্মৃতি সোঁৱৰণ কৰি শ্ৰী অনুৰাগ ঠাকুৰে কয় যে আইএফএফআই-ৰ দৃষ্টিভংগী আৰু মূল্যবোধৰ মূল বিষয়বস্তু হৈছে 'বসুধৈৱ কুটুম্বকম', যি শান্তিপূৰ্ণ সহযোগিতাৰ সাৰাংশক মূৰ্ত কৰি তুলিছে। ‘‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'ৰ এই বিষয়বস্তুৰ চৌদিশে ভাৰতৰ বৰ্ধিত বিশ্বব্যাপী ভূমিকা তথা জি-২০ৰ অধ্যক্ষতা নিহিত হৈ আছে’’, তেওঁ লগতে কয় ৷

"প্ৰথমবাৰৰ বাবে আইএফএফআই-ত ভাৰতীয়, গোলকীয় চলচ্চিত্ৰ আৰু অ'টিটিৰ গালা প্ৰিমিয়াৰ অনুষ্ঠিত হ'ব, যাৰ ভিতৰত আছে বিশ্বব্যাপী প্ৰশংসিত শৃংখলা ফৌডাৰ চতুৰ্থ ছিজনৰ প্ৰিমিয়াৰ ৷ ইয়াত বিশ্বৰ কেইগৰাকীমান ডাঙৰ ইজৰাইলী তাৰকাও আছে। মই লগতে শ্বেয়াৰ কৰিব বিচাৰো যে এই অনুষ্ঠানৰ পৰৱৰ্তী ছিজনটো আইএফএফআই-ত মুকলি কৰা হ'ব", মন্ত্ৰীগৰাকীয়ে কয়।

ফ্ৰাঞ্চৰ সৈতে আমাৰ দৃঢ় সম্পৰ্কক সন্মান জনোৱাৰ বাবে কাণ্ট্ৰী অব্ ফ’কাচ

আইএফএফআইত অনুষ্ঠিত কাণ্ট্ৰী অব্ ফ'কাচ অধিৱেশনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ ভাৰত- ফ্ৰাঞ্চৰ সম্পৰ্কৰ ৭৫ বছৰ পূৰ্ণ হৈছে, যি দুয়োখন ৰাষ্ট্ৰৰ নেতা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মাজত হোৱা বৈঠকৰ দ্বাৰা চিহ্নিত আৰু এই বছৰ ফেষ্টিভেল ডি কাঁত ভাৰত সন্মানীয় দেশ আছিল। "৭৫ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত মাৰ্চে ডি ফিল্মছত ভাৰতৰ 'সন্মানৰ দেশ'ৰ সত্বা অব্যাহত ৰাখি, আইএফএফআই-ৰ ৫৩ তম সংস্কৰণত ফ্ৰাঞ্চক 'কাণ্ট্ৰী অব্ ফ'কাচ' হিচাপে স্বাগতম জনাই মই আনন্দিত হৈছো" ঠাকুৰে এইদৰে কয়।

'৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অব্ টুমৰো'ৰ দ্বিতীয় সংস্কৰণ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে দৰ্শকসকলক লগতে জনায় যে  '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অব্ টুমৰো'ৰ দ্বিতীয় সংস্কৰণত জীৱনজোৰা বঁটা প্ৰাপক, এনএফএ, গ্ৰেমী আৰু অস্কাৰ বিজয়ীক লৈ গঠিত এক বিশিষ্ট জুৰীয়ে - নিৰ্দেশনা, সম্পাদনা, প্লেবেক গান, স্ক্ৰিপ্ট লিখনি, এনিমেচন আৰু অভিনয়ৰ দৰে ১০টা শ্ৰেণীৰ প্ৰায় ১০০০ প্ৰৱেশৰ পৰা এক কঠোৰ প্ৰক্ৰিয়াৰ দ্বাৰা বাছনি কৰিছে । "তেওঁলোকে ১৯ খন ৰাজ্যক প্ৰতিনিধিত্ব কৰে, তাৰে ভিতৰত জয়ন্তীয়া পাহাৰ (মেঘালয়), লখিমপুৰ (অসম), খোৰদা (ওড়িয়া) আদি ঠাইসমূহো অন্তৰ্ভুক্ত আছে আৰু তেওঁলোকৰ ভিতৰত আটাইতকৈ কনিষ্ঠজনৰ বয়স ১৮ বছৰ!", মন্ত্ৰীগৰাকীয়ে লগতে কয়।

মন্ত্ৰীগৰাকীয়ে এই বছৰ সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰাৰ বাবে বিখ্যাত স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা কাৰ্লোছ চৌৰাক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটি অব্ দা ইয়েৰ বঁটা দক্ষিণ ভাৰতীয় অভিনেতা চিৰঞ্জীৱিক প্ৰদান কৰা হ'ব। ঠাকুৰে লগতে কয় যে আইএফএফআই-ৰ এই সংস্কৰণত মণিপুৰী চলচ্চিত্ৰৰ ৫০ বছৰ উদযাপন কৰা হ’ব আৰু উল্লেখযোগ্য ফিচাৰ আৰু নন-ফিচাৰ মণিপুৰী চলচ্চিত্ৰৰ এক বিশেষভাৱে কিউৰেটেড পেকেজ প্ৰদৰ্শন কৰা হ’ব।

শ্ৰী অনুৰাগ ঠাকুৰে আইএফএফআই-ৰ লগতে আয়োজন কৰা ‘ফিল্ম বাজাৰ’ৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। "প্ৰথমবাৰৰ বাবে আইএফএফআইয়ে কাণ্ট্ৰী পেভিলিয়ন প্ৰৱৰ্তন কৰি চলচ্চিত্ৰ বজাৰৰ পৰিসৰ বৃদ্ধি কৰিছে। মই আপোনালোকক ৪০টাত কৈও অধিক পেভিলিয়ন অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনাইছো যিবোৰ চলচ্চিত্ৰ বজাৰৰ ১৫তম সংস্কৰণত প্ৰদৰ্শিত হ'ব। তদুপৰি, প্ৰথমবাৰৰ বাবে আইএফএফআই-ৰ চিনেমা জগতৰ শেহতীয়া উদ্ভাৱন প্ৰদৰ্শনৰ বাবে এটা প্ৰযুক্তি কেন্দ্ৰ থাকিব," মন্ত্ৰীগৰাকীয়ে এই বুলি মন্তব্য কৰে।

 

সমন্বিত আইএফএফআই

এই  মহোৎসৱটো সকলোৰে বাবে অধিক সামগ্ৰিক আৰু সুলভ কৰি তোলাৰ বাবে দিব্যাংগজন স্ক্ৰীণিঙৰ (অন্যধৰণে সক্ষম) বিশেষ ব্যৱস্থা কৰা হৈছে, শ্ৰী ঠাকুৰে এইদৰে কয়। "তেওঁলোকৰ অভিগম্যতাৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি, এই শাখাৰ চলচ্চিত্ৰবোৰ এম্বেডেড অডিঅ' বিৱৰণ আৰু ছাব টাইটেলৰ সৈতে অডিঅ'-ভিজুৱেল-সজ্জিত হ'ব। ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানে (এফটিআইআই) 'স্মাৰ্টফোন ফিল্ম মেকিং' (অটিষ্টিক ব্যক্তিৰ বাবে সজ্বিত) আৰু 'স্ক্ৰীণ এক্টিং' (হুইলচেয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে সজ্বিত)ত পৃথকভাৱে সক্ষম সকলৰ বাবে দুটা বিশেষ পাঠ্যক্ৰম প্ৰণয়ন কৰিব," তেওঁ এইদৰে জানিবলৈ দিয়ে।

আইএফএফআই-য়ে কলা আৰু চলচ্চিত্ৰৰ পৃথিৱীত সীমা মচি পেলাইছে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে কয় যে ক’ভিডৰ পিছত আইএফএফআই-ৰ এই ৫৩ তম সংস্কৰণটো ইয়াৰ জীৱন্ত উৎসৱ অৱতাৰলৈ ঘূৰি আহিব। "আইএফএফআই-য়ে কলা আৰু চলচ্চিত্ৰ জগতৰ সীমা মচি পেলাইছে আৰু বিভিন্ন চলচ্চিত্ৰ সংস্কৃতিক পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত হ'বলৈ আৰু সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ সুবিধা প্ৰদান কৰি আহিছে। আমাৰ প্ৰধানমন্ত্ৰীয়ে আইএফএফআই-ক চলচ্চিত্ৰ মহোৎসৱ হিচাপে অভিহিত কৰিছে যিয়ে বিভিন্ন ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতিনিধিসকলৰ মাজত সমন্বয় বৃদ্ধি কৰে, চিনেমাৰ দ্বাৰা একত্ৰিত কৰে। আইএফএফআই ৫৩ত এজন চলচ্চিত্ৰ প্ৰেমীয়ে বিচৰা সকলো খিনি আছে - ৭৫ ক্ৰিয়েটিভ ইয়ং মাইণ্ডছ, মাষ্টাৰক্লাছ, বক্স অফিচ ফ্লেভাৰ, ফিল্ম বজাৰ আৰু গোলকীয় চিনেমা", তেওঁ লগতে কয়।

তেওঁ কয় যে সহ-প্ৰযোজনা চুক্তিৰ বাবে সাহায্য, একক উইণ্ডো চলচ্চিত্ৰ সুবিধা সুশৃংখল কৰা, বৃহৎ এভিজিচি (এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক) সম্ভাৱনা কঢ়িয়াই অনাৰ দৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে ভাৰতক বিশ্বৰ সমল উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে সন্মুখৰ পৰা আগবাঢ়ি আহিছে। মন্ত্ৰীগৰাকীয়ে সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট এৱাৰ্ডৰ বাবে নিৰ্বাচিত হোৱা স্পেইনৰ পৰিচালক কাৰ্লোছ চৌৰাকো অভিনন্দন জনায়। ড০ এল মুৰুগানে স্বৰ্গীয় মনোহৰ পাৰিকাৰৰ নেতৃত্বত আৰু এতিয়া মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ অধীনত আইএফএফআই-ৰ সফলতাৰ বাবে গোৱা ৰাজ্যই আগবঢ়োৱা মহান অৱদানৰ কথাও স্বীকাৰ কৰে।

 

গোৱাত শীঘ্ৰেই নিৰ্মাণ হ’ব নতুন বিশ্বমানৰ মাল্টিপ্লেক্স আৰু সন্মিলন কেন্দ্ৰ

ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত দৰ্শকসকলক সম্বোধন কৰি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে গোৱাত বিশ্বমানৰ মাল্টিপ্লেক্স আৰু সন্মিলন কেন্দ্ৰ স্থাপন অন্তিম পৰ্যায়ত আছে আৰু আশা কৰোঁ যে আমি ২০২৫ চনৰ ভিতৰত নতুন স্থানত আইএফএফআই উদযাপন কৰিবলৈ সক্ষম হ'ম। উৎসৱত থলুৱা স্বাদ যোগ কৰাৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰমোদ সাৱন্তে কয় যে এই বছৰ আইএফএফআই-ত ৰাজ্য চৰকাৰে গোৱান চলচ্চিত্ৰ খণ্ডৰ বিশেষ মাষ্টাৰক্লাছ প্ৰস্তুত কৰাৰ বাবে এক প্ৰচেষ্টা চলাইছে য'ত হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ শাখাৰ প্ৰখ্যাত চলচ্চিত্ৰ ব্যক্তিত্বসকলে অংশগ্ৰহণ কৰিব। "এই বছৰৰ বাবে এটা গোৱা শাখাও বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ভাৰতীয় পেনোৰামাৰ তিনিজন জুৰী সদস্যক লৈ গঠিত এখন বিশেষ জুৰীয়ে ছয়খন চুটি চলচ্চিত্ৰ আৰু এখন তথ্যচিত্ৰ বাছনি কৰিছে। আমি বিভিন্ন প্ৰান্তীয় কাৰ্যকলাপ যেনে ফেষ্টিভেল মাইল, মনোৰঞ্জন ক্ষেত্ৰ আৰু ঐতিহ্যকুণ্ডৰ জৰিয়তে পৰ্যটক আৰু গোৱাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছো", তেওঁ কয়। তেওঁ লগতে কয় যে সমগ্ৰ গোৱাত কাৰাভানসমূহ মোতায়েন কৰা হ'ব আৰু দৰ্শকৰ বাবে স্ক্ৰীণিং অনুষ্ঠিত কৰা হ'ব। ইয়াৰ জৰিয়তে দিব্যাংগসকলৰ বাবে অনুষ্ঠানটো অধিক সমন্বিত কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, গোৱাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়। প্ৰমোদ সাৱন্তে প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় মনোহৰ পাৰিকাৰকো স্মৰণ কৰে যাৰ প্ৰচেষ্টাৰ ফলত গোৱা আইএফএফআইৰ স্থায়ী স্থান হৈ উঠিছে ।

অতিথিসকলক আদৰণি জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰই কয় যে আইএফএফআই হৈছে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বাবে বিশ্বৰ সন্মুখত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ আৰু বিশ্বৰ অন্য প্ৰান্তৰ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহক আমন্ত্ৰণ জনোৱাৰ এক মঞ্চ। সচিবগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশেষ বাৰ্তাও পঢি শুনোৱায়- ''ভাৰতৰ আটাইতকৈ বৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে, আইএফএফআই-য়ে বিভিন্ন ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতিনিধিসকলৰ মাজত চলচ্চিত্ৰৰ দ্বাৰা ঐক্যৱদ্ধ হৈ এক উদগনিমূলক সমন্বয় কঢ়িয়াই আনে।’’

গোৱা চৰকাৰৰ মুখ্য সচিব পুনীত কুমাৰ গোৱেল, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালনা সঞ্চালক ৰবীন্দ্ৰ ভাকৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। ম্ৰুনাল ঠাকুৰ, বৰুণ ধাৱান, কেথেৰিন টেৰেছা, চাৰা আলী খান, কাৰ্তিক আৰ্য়ন আৰু অমৃতা খানভিলকাৰৰ দৰে চলচ্চিত্ৰ চেলিব্ৰিটিসকলো উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল।

 

 

PIB IFFI CAST AND CREW | Nadeem/ Bibin / IFFI 53-

 



(Release ID: 1877600) Visitor Counter : 189