তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, 2022 লৈ গোৱাত আয়োজিত হ'ব ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ৫৩তম সংস্কৰণ

Posted On: 14 NOV 2022 6:29PM by PIB Guwahati

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, আইএফএফআইৰ ৫৩তম সংস্কৰণ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২২ তাৰিখলৈ গোৱাত আয়োজন কৰা হ'ব। বাৰ্ষিক চলচ্চিত্ৰ মহোৎসৱখনে এনে ব্যক্তিসকলক এখন মূধচৰ তললৈ আনিছে যিয়ে কলা, চলচ্চিত্ৰ আৰু সংস্কৃতিৰ সংহত শক্তি আৰু মনোভাৱ কঢ়িয়াই আনিছে। এই বছৰ ৭৯খন দেশৰ ২৮০খন চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব। ভাৰতৰ ২৫খন ফিচাৰ চলচ্চিত্ৰ আৰু ২০খন নন-ফিচাৰ চলচ্চিত্ৰ 'ইণ্ডিয়ান পেনোৰামা'ত প্ৰদৰ্শিত হ'ব আনহাতে ১৮৩ খন চলচ্চিত্ৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশ হ'ব।

• সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটা স্পেনিছ চলচ্চিত্ৰ পৰিচালক কাৰ্লোচ চাউৰাক প্ৰদান কৰা হ'ব

• ফ্ৰান্স হৈছে 'স্পটলাইট' দেশ আৰু 8 খন চলচ্চিত্ৰ কাণ্ট্ৰী ফ'কাচ পেকেজৰ অধীনত প্ৰদৰ্শিত হ'ব

• ডিয়েটাৰ বাৰ্ণাৰৰ দ্বাৰা পৰিচালিত অষ্ট্ৰিয়ান চলচ্চিত্ৰ আলমা আৰু অস্কাৰৰ দ্বাৰা এই বাৰ্ষিক উৎসৱ মুকলি কৰা হ’ব, আনহাতে ক্ৰজিজটফ জানুচিৰ পাৰফেক্ট নম্বৰৰ দ্বাৰা মহোৎসৱৰ সামৰণি মৰা হ’ব

• এই বছৰ আইএফএফআই আৰু ফিল্ম বজাৰত কেইবাটাও নতুন পদক্ষেপ

• সমগ্ৰ গোৱাত কাৰাভানসমূহ নিয়োজিত কৰা হ'ব আৰু চলচ্চিত্ৰসমূহ প্ৰদৰ্শিত হ'ব

• অপেন এয়াৰ বীচ্চ স্ক্ৰীণিংও সম্পন্ন হ’ব

• এনএফএআইৰ  চলচ্চিত্ৰসমূহ 'ইণ্ডিয়ান ৰিষ্টোৰড ক্লাছিক' শাখাত প্ৰদৰ্শিত হ'ব

• এই বছৰৰ দাদাচাহেব ফালকে বঁটা প্ৰাপকৰ তিনিখন চলচ্চিত্ৰ – তিছৰী মঞ্জিল, দো বদন আৰু কাটি পতং আশা পাৰেখ ৰেট্ৰ’স্পেক্টিভৰ অংশ হিচাপে প্ৰদৰ্শিত হ'ব

• 'শ্ৰদ্ধাঞ্জলি' শাখাত পোন্ধৰখন ভাৰতীয় আৰু পাঁচখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ অন্তৰ্ভুক্ত থাকিব

• উত্তৰ-পূব ভাৰতৰ চলচ্চিত্ৰৰ প্ৰচাৰ, ৫খন ফিচাৰ আৰু ৫খন নন-ফিচাৰ চলচ্চিত্ৰই মণিপুৰী চলচ্চিত্ৰৰ সোণালী জয়ন্তী উদযাপন কৰিব

• বিশেষ আকৰ্ষণৰ ভিতৰত আছে ২৬ নৱেম্বৰত শিগমোৎসৱ (বসন্ত উৎসৱ) আৰু ২৭ নৱেম্বৰ, ২০২২ তাৰিখে গোৱা কাৰ্নিভেল

• চিবিচিয়ে- আজাদী কা অমৃত মহোৎসৱৰ বিষয়বস্তুৰ ওপৰত প্ৰদৰ্শনীৰ আয়োজন কৰিব

নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত এখন সংবাদমেলত সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ, মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে ঘোষণা কৰে যে স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা কাৰ্লোছ চাউৰাক সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটা আৰু আইএফএফআইত আঠখন চলচ্চিত্ৰৰ ৰেট্ৰ'স্পেকটিভেৰে সন্মানিত কৰা হ'ব। স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা কাৰ্লোছ চাউৰাই ডেপ্ৰিছা ডেপ্ৰিছাৰ বাবে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বাবে গ’ল্ডেন বীয়েৰ লাভ কৰে, লগতে লা কাজা আৰু পেপাৰমিণ্ট ফ্ৰাপ্পেৰ বাবে দুটা ছিলভাৰ বীয়েৰ, কাৰমেনৰ বাবে বাফটা আৰু কাঁত তিনিটা বঁটা লাভ কৰে। এই বছৰৰ দাদাচাহেব ফালকে বঁটা প্ৰাপকৰ তিনিখন চলচ্চিত্ৰ – তিছৰী মঞ্জিল, দো বদন আৰু কাটি পতং আশা পাৰেখ ৰেট্ৰ’স্পেক্টিভৰ অংশ হিচাপে প্ৰদৰ্শিত হ'ব।  উত্তৰ-পূব ভাৰতৰ চলচ্চিত্ৰৰ প্ৰচাৰৰ এক প্ৰচেষ্টা হিচাপে, ৫খন ফিচাৰ আৰু ৫খন নন-ফিচাৰ চলচ্চিত্ৰৰ দ্বাৰা মণিপুৰী চলচ্চিত্ৰৰ সোণালী জয়ন্তী উদযাপন কৰা হ’ব।

ডিয়েটাৰ বাৰ্ণাৰৰ দ্বাৰা পৰিচালিত অষ্ট্ৰিয়ান চলচ্চিত্ৰ আলমা আৰু অস্কাৰৰ দ্বাৰা এই মহোৎসৱ মুকলি কৰা হ’ব, আনহাতে ক্ৰিজজটফ জানুচিৰ পাৰফেক্ট নম্বৰৰ দ্বাৰা মহোৎসৱৰ সামৰণি মৰা হ’ব। ফ্ৰান্স হৈছে 'স্পটলাইট' দেশ আৰু ৮ খন চলচ্চিত্ৰ কাণ্ট্ৰী ফ'কাচ পেকেজৰ অধীনত প্ৰদৰ্শিত হ'ব। শ্ৰদ্ধাঞ্জলি শাখাত পোন্ধৰখন ভাৰতীয় আৰু পাঁচখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ অন্তৰ্ভুক্ত থাকিব।

সম্প্ৰচাৰ আৰু তথ্য মন্ত্ৰালয়ৰ এক পদক্ষেপ '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অফ টুমৰো'ৰ দ্বিতীয় সংস্কৰণ হৈছে আন এক আকৰ্ষণ। স্বীকৃতি লাভ কৰা চলচ্চিত্ৰ নিৰ্মাতাৰ সংখ্যা ভাৰতীয় স্বাধীনতাৰ ৭৫ বছৰৰ প্ৰতীক হিচাপে বিবেচিত হৈছে। আশা কৰা হৈছে যে অনাগত বছৰবোৰত যুৱ অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি পাব।

ফিল্ম বজাৰ'ত বিভিন্ন শাখাত কেইখনমান শ্ৰেষ্ঠ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। প্ৰথমবাৰৰ বাবে, পেভিলিয়নে মাৰ্চে ডু কাঁৰ দৰে মুখ্য আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংগতি ৰাখি আইএফএফআইত উপস্থিত হ'ব। এই বছৰ, মুঠ ৪২ টা পেভিলিয়ন থাকিব। তেওঁলোকে বিভিন্ন ৰাজ্য চৰকাৰ, অংশগ্ৰহণকাৰী দেশ, উদ্যোগটোৰ প্ৰখ্যাত বক্তি আৰু মন্ত্ৰালয়ৰ মিডিয়া গোটৰ চলচ্চিত্ৰ কাৰ্যালয়সমূহ স্থাপন কৰিব। প্ৰথমবাৰৰ বাবে বহুতো পুনৰুদ্ধাৰ কৰা ক্লাছিক 'দ্য ভিউয়িং ৰুম'ত উপলব্ধ হ'ব য'ত কোনো ব্যক্তিয়ে এই চলচ্চিত্ৰসমূহৰ অধিকাৰ ক্ৰয় কৰিব পাৰিব আৰু সেইবোৰ সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ মহোৎসৱত ব্যৱহাৰ কৰিব পাৰিব।

'দিব্যাংগজন' শাখাত প্ৰদৰ্শিত ৰিচাৰ্ড এটেনবৰোৰ অস্কাৰ বিজয়ী গান্ধীৰ দৰে চলচ্চিত্ৰসমূহ দৃশ্য-শ্ৰাব্যভাৱে এম্বেডেড অডিঅ' বৰ্ণনা আৰু উপশীৰ্ষকেৰে সজ্জিত হ'ব। এয়া আনকি অন্যধৰণে সক্ষম চলচ্চিত্ৰ অনুৰাগীসকলৰ বাবেও উপলব্ধ কৰি তোলা হ’ব আৰু তেওঁলোকলৈ অন্তৰ্ভুক্তিৰ মনোভাৱ কঢ়িয়াই আনিব।

'ইণ্ডিয়ান পেনোৰামা' পৃথ্বী কোনানুৰৰ কানাড়া চলচ্চিত্ৰ হাডিনেলেণ্টুৰ সৈতে মুকলি হ'ব আনহাতে দিব্যা কৱাসজীৰ দ্য শ্ব' মাষ্ট গো অন-এ নন-ফিচাৰ চলচ্চিত্ৰ শাখাৰ ফ্লেগ অফ কৰিব। পেন নলিনৰ চেলো শ্ব'ৰ বিশেষ প্ৰদৰ্শনী হ'ব- দ্য লাষ্ট ফিল্ম শ্ব', শ্ৰেষ্ঠ বিদেশী ভাষাৰ শ্ৰেণীত অস্কাৰত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ তথা মধুৰ ভাণ্ডাৰকাৰৰ ইণ্ডিয়া লকডাউন।

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ চলচ্চিত্ৰসমূহ এনএফডিচিয়ে 'ইণ্ডিয়ান ৰিষ্টোৰড ক্লাছিক' শাখাত প্ৰদৰ্শন কৰিব। ইয়াৰ ভিতৰত আছে চোহৰাব মোডীৰ ১৯৫৭ চনৰ পোছাক নাটক নৌচেৰৱান-ই-আদিল, ৰমেশ মহেশ্বৰীৰ ১৯৬৯ চনৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী পাঞ্জাৱী চলচ্চিত্ৰ নানক নাম জাহাজ হে, কে বিশ্বনাথৰ ১৯৮০ চনৰ তেলেগু সংগীত নাটক শংকৰভৰনাম আৰু দুখন সত্যজিৎ ৰায়ৰ ক্লাছিক, ১৯৭৭ চনৰ পিৰিয়ড ড্ৰামা শতৰঞ্জ কে খিলাড়ী আৰু ১৯৮৯ চনৰ সামাজিক গণশত্ৰু।

আইএফএফআইৰ ৫৩তম সংস্কৰণটো ভাৰ্চুৱেলীও উপলব্ধ হ'ব। পঞ্জীভুক্ত ব্যৱহাৰকাৰীসকলে গোৱাত নাথাকিলেও এই মাষ্টাৰক্লাছ, ইন কনভাৰ্ছেচন, পেনেল আলোচনা আৰু উদ্বোধনী আৰু সমাপ্তি অনুষ্ঠানৰ অংশ হোৱাৰ সুযোগ পাব। এই লাইভ অধিৱেশনবোৰৰ সময়সূচীৰ বাবে অফিচিয়েল ৱেবছাইট পৰিদৰ্শন কৰিব পাৰে।

আয়ুষ-মন্ত্ৰালয়ে উৎসৱৰ সময়ছোৱাত যোগ আৰু সামগ্ৰিক পৰীক্ষা উপভোগ কৰিবলৈ প্ৰতিনিধি তথা সাধাৰণ ৰাইজৰ বাবে চৰকাৰী সুস্থতাৰ অংশীদাৰ হিচাপে এটা শাখাত অংশগ্ৰহণ কৰিব। তেওঁলোকে উৎসৱৰ সময়ত হোমিঅ'পেথি, নেচাৰোপেথি, আয়ুৰ্বেদ আৰু যোগকে ধৰি আয়ুষৰ ৪টা বিভাগৰ প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে।

উদ্বোধনী আৰু সামৰণি অনুষ্ঠানত সমগ্ৰ ভাৰতৰ শীৰ্ষ চলচ্চিত্ৰ প্ৰসিদ্ধ ব্যক্তিসকলক লৈ প্ৰায় ১৪টা সাংস্কৃতিক প্ৰদৰ্শন অনুষ্ঠিত হ'ব আৰু লগতে ফ্ৰান্স, স্পেইন আৰু গোৱাক প্ৰতিনিধিত্ব কৰা সংগীত আৰু নৃত্য গোটসমূহো অন্তৰ্ভুক্ত থাকিব। উদ্বোধনী অনুষ্ঠানৰ বিষয়বস্তু হ'ব আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অধীনত বিগত ১০০ বছৰত ভাৰতীয় চলচ্চিত্ৰৰ বিৱৰ্তন।

সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শাখাত আইএফএফআইত প্ৰদৰ্শিত হ'বলৈ ১৮০ খন চলচ্চিত্ৰ তালিকাভুক্ত কৰা হৈছে। পাঁচজন ব্যক্তিত্বৰ চলচ্চিত্ৰ শ্ৰদ্ধাঞ্জলি শাখাত প্ৰদৰ্শিত হ'ব আৰু আইএফএফআইৰ শ্ৰদ্ধাঞ্জলি শাখাত দুজন বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব"৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰই সংবাদ মাধ্যমক সম্বোধন কৰি কয়, "আইএফএফআইৰ চলচ্চিত্ৰ বজাৰ যথেষ্ট পৰিৱৰ্তন কৰা হ'ব কিয়নো প্ৰথমবাৰৰ বাবে কেইবাখনো দেশ, ৰাজ্য আৰু চলচ্চিত্ৰ সংগঠনৰ পৰা গোৱাৰ পাঞ্জিমত সাগৰৰ কাষত এটা অতি সুন্দৰ প্ৰমেনেডত পেভিলিয়ন স্থাপন কৰা হ'ব। আইএফএফআই প্ৰতিনিধিসকলৰ বাবে যিকোনো সময়তে চলচ্চিত্ৰ বজাৰ আৰু এই পেভিলিয়নসমূহত প্ৰৱেশ মুকলি থাকিব আৰু ব্যৱসায়িক দিনত আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৰাইজৰ বাবে মুকলি থাকিব"

https://static.pib.gov.in/WriteReadData/userfiles/image/image0019MNY.jpg

ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ লগতে তথ্য আৰু সম্প্ৰচাৰ সচিবে ৫৩ সংখ্যক আইএফএফআই ৰ ওপৰত এখন সংবাদমেলসম্বোধন কৰে

https://static.pib.gov.in/WriteReadData/userfiles/image/image002ZBHQ.jpg

তথ্য আৰু সম্প্ৰচাৰ, মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে সংবাদ মাধ্যমক ৫৩ তম আইএফএফআইৰ মুখ্য বিষয়সমূহৰ বিষয়ে অৱগত কৰে

https://static.pib.gov.in/WriteReadData/userfiles/image/image003E4VZ.jpg

ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ এখন চুটি চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে

 

ভাৰতৰ ৫৩তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুখ্য আকৰ্ষণসমূহ চাবলৈ ইয়াত ক্লিক কৰক

 

*********

AS/MANN



(Release ID: 1876128) Visitor Counter : 175