গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমগ্ৰ দেশৰ পৰা অহা ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ বিষয়াসকলৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে আৰু দেশৰ আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে


বৈঠকত সন্ত্ৰাসবাদ বিৰোধী, উগ্ৰবাদৰ ভাবুকি, চাইবাৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়, সীমান্ত সম্পৰ্কীয় দিশ আৰু সীমান্তপাৰ উপাদানৰ পৰা ৰাষ্ট্ৰৰ অখণ্ডতা আৰু স্থিৰতাৰ প্ৰতি ভাবুকিকে ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন বিষয়ত ব্যাপক আলোচনা অনুষ্ঠিত হয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তাৰ সকলো দিশ শক্তিশালী কৰি ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ পিছৰ পৰা কোনো প্ৰত্যাশা অবিহনে বেনামীভাৱে দেশত শান্তি বজাই ৰখাত চোৰাংচোৱা ব্যুৰোৱে অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে

আমাৰ যুঁজ সন্ত্ৰাসবাদৰ লগতে ইয়াৰ সমৰ্থন প্ৰণালীৰ বিৰুদ্ধে, যদিহে আমি দুয়োৰে বিৰুদ্ধে কঠোৰভাৱে যুঁজ নিদিওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে জয় লাভ কৰিব নোৱাৰি

ৰাজ্যসমূহৰ সন্ত্ৰাসবাদ বিৰোধী আৰু ড্ৰাগবিৰোধী সংস্থাসমূহৰ মাজত তথ্য আদান-প্ৰদান আৰু যোগাযোগ অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে

বাওঁপন্থী উগ্ৰবাদ নিয়ন্ত্ৰণ কৰিবলৈ, ইয়াৰ বিত্তীয় আৰু লজিষ্টিক সমৰ্থন প্ৰণালী ধ্বংস কৰিব লাগিব

আমি দেশৰ উপকূলীয় নিৰাপত্তাকো দুৰ্ভেদ্য কৰি তু

Posted On: 09 NOV 2022 7:49PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমগ্ৰ দেশৰ পৰা অহা চোৰাংচোৱা ব্যুৰো (আইবি)ৰ বিষয়াসকলৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে আৰু দেশৰ আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত সন্ত্ৰাসবাদ বিৰোধী, উগ্ৰবাদৰ পৰা ভাবুকি, চাইবাৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়, সীমান্ত সম্পৰ্কীয় দিশ আৰু সীমান্তপাৰ উপাদানৰ পৰা ৰাষ্ট্ৰৰ অখণ্ডতা আৰু স্থিৰতাৰ প্ৰতি ভাবুকিকে ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন বিষয়ত ব্যাপক আলোচনা অনুষ্ঠিত হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ নিৰাপত্তাৰ সকলো দিশ শক্তিশালী কৰি ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু বিগত আঠ বছৰত দেশৰ আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতাৰ পিছৰে পৰা দেশত শান্তি বজাই ৰখাৰ ক্ষেত্ৰত চোৰাংচোৱা ব্যুৰোৱে কোনো প্ৰত্যাশা অবিহনে বেনামীভাৱে অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ কয় যে আমাৰ যুঁজ সন্ত্ৰাসবাদৰ লগতে ইয়াৰ সমৰ্থন ব্যৱস্থাৰ বিৰুদ্ধে, যেতিয়ালৈকে আমি তেওঁলোক দুয়োৰে বিৰুদ্ধে কঠোৰভাৱে যুঁজ নিদিওঁ, তেতিয়ালৈকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিজয় অৰ্জন কৰিব নোৱাৰি।

শ্ৰী অমিত শ্বাহে ৰাজ্যসমূহৰ সন্ত্ৰাসবাদ বিৰোধী আৰু ড্ৰাগ বিৰোধী সংস্থাসমূহৰ মাজত তথ্য আদান-প্ৰদান আৰু যোগাযোগ বৃদ্ধিৰ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বামপন্থী উগ্ৰবাদক ইয়াৰ বিত্তীয় আৰু লজিষ্টিক সমৰ্থন প্ৰণালী ধ্বংস কৰি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমি দেশৰ উপকূলীয় নিৰাপত্তাকো দুৰ্ভেদ্য কৰি তুলিব লাগিব আৰু ইয়াৰ বাবে আমি আনকি সৰু আৰু আটাইতকৈ বিচ্ছিন্ন বন্দৰৰ ওপৰতও তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। শ্ৰী শ্বাহে কয় যে নাৰ্কোটিক্সে কেৱল দেশৰ যুৱক-যুৱতীসকলক ধ্বংস কৰাই নহয়, ইয়াৰ পৰা উপাৰ্জন কৰা ধনে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাকো প্ৰভাৱিত কৰে, যাৰ বাবে আমি ইয়াৰ সম্পূৰ্ণ ধ্বংসৰ বাবে একেলগে কাম কৰিব লাগিব। তেওঁ কয় যে ড্ৰোনৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ আমি ড্ৰোন বিৰোধী প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰ কৰিব লাগিব।
 

***
 

NW/RK/RR/AS



(Release ID: 1875742) Visitor Counter : 123