পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

উত্তৰ-পূৰ্বাঞ্চললৈ ১.৬ লাখ কোটি টকা মূল্যৰ নতুন প্ৰকল্পৰাজি ঘোষণা শ্ৰী নীতিন গাডকাৰীৰ

Posted On: 11 NOV 2022 5:14PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি উত্তৰ-পূৰ্বাঞ্চলত ১.৬ লাখ কোটি টকা মূল্যৰে ৰূপায়ণ কৰিবলগীয়া নতুন প্ৰকল্পৰাজিত অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে। অসমৰ গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ পৰ্য্যালোচনাৰ অন্তত এখনি সংবাদমেলত তেওঁ কয় যে এই প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, ৰ’পৱে’, ৰোড অ’ভাৰ ব্ৰীজ (RoB), ব্ৰহ্মপুত্ৰ নদী আৰু আন-আন নৈৰ ওপৰেৰে গুৰুত্বপূৰ্ণ দলং নিৰ্মাণ। শ্ৰী গাডকাৰীয়ে কয় যে ত্ৰিপুৰাৰ উদয়পুৰ আৰু অসমৰ শিলচৰত মাল্টি মডেল লজিষ্টিক পাৰ্কৰো পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

শ্ৰী গাডকাৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি উত্তৰ-পূব ভাৰতৰ যোগাযোগ ব্যৱস্থাৰ ব্যৱধান দূৰ কৰাৰ লগতে অঞ্চলটোৰ পৰিবহণ আন্তঃগাঁথনিক গতি প্ৰদানৰ লক্ষ্যৰে কাম কৰি আছো।

মন্ত্ৰীজনে কয় যে প্ৰায় ৫০ টা ৱে’ চাইড এমিনিটি আৰু ৫০ টা ভিউ পইন্টো স্থাপন কৰা হৈছে। এয়া সম্পূৰ্ণ হৈ উঠিলে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন খণ্ড আৰু অৰ্থনীতিয়ে যথেষ্ট উদ্দীপনা লাভ কৰিব বুলি তেওঁ লগতে কয়।

 

***



(Release ID: 1875315) Visitor Counter : 100