তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

৫৩তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "মেকেবাৰ ড্ৰীম্স"ৰ উপস্থাপনসহ হৰৰ ফিল্মৰ এটা বিশেষ পেকেজ, যাৰ প্ৰভাৱে চিনেমা হলৰ পৰা ওলোৱাৰ পাছতো আপোনাক ৰোমাঞ্চিত কৰিব

Posted On: 08 NOV 2022 10:12AM by PIB Guwahati

"ভয় এটা সাৰ্বজনীন ভাষা; আমি সকলোৰে ভয় লাগে। আমি জন্মৰ পৰাই ভয় কৰিবলৈ লওঁ, আমাৰ সকলো বস্তুলৈ ভয় লাগে: মৃত্যু, বিকৃতি, প্ৰিয়জনক হেৰুৱালে। তেনে প্ৰতিটো বস্তু যাক মোৰ ভয় লাগে, আপুনিও তাক ভয় কৰে; আপুনি যিবোৰ বস্তুক ভয় কৰে, ময়ো সেইবোৰ ভয় কৰো।" আমেৰিকান ফিল্ম নিৰ্মাতা জন কাৰ্পেণ্টাৰ, যাক 'হৰৰ ফিল্মৰ ওস্তাদ' বুলি কোৱা হয়, তেওঁ যেতিয়া নিজৰ পছন্দৰ ফিল্মৰ এই প্ৰকাৰৰ বিষয়ে কয়, তেতিয়া তেওঁ ভাবনাত্মক ৰূপত অলপো অতিশয়তাৰে কাম নকৰে। ক'ৰ পৰা আৰম্ভ কৰা যায়? 'ড্ৰাকুলা'ৰ পৰা আৰম্ভ কৰি 'দি এক্সাৰছিষ্ট'লৈকে বা 'হেৰেডিটৰী'ৰ পৰা আৰম্ভ কৰি 'দ্য কাঞ্জৰিং'লৈকে, আতংকৰ সৃষ্টি কৰা এই হৰৰ ফিল্মকেইখনে পৃথিৱীজুৰি চলচ্চিত্ৰ প্ৰেমীসকলৰ মনোযোগ আকৰ্ষণ কৰিছে। প্ৰতিখন দেশ আৰু প্ৰতিটো ভাষাই এই কথা দাবী কৰিব পাৰে যে তেওঁলোকৰ ওচৰত কমেও এক ডজন হৰৰ ফিল্ম নিশ্চয় আছে, যি নিজৰ দৰ্শকক ৰোমাঞ্চেৰে ভৰাই দিয়ে আৰু তেওঁলোকক চিন্তিত কৰি তোলে। আমাৰ ভিতৰৰ ভয়ক দক্ষতাৰে প্ৰয়োগ কৰি, এই প্ৰকাৰৰ ফিল্মে বিশ্ব চিনেমাত বিধে বিধে প্ৰভাৱ পেলাইছে আৰু নিজৰ বাবে স্থান উলিয়াইছে।

ভয়াৱহ ফিল্মী প্ৰকাৰৰ জনপ্ৰিয়তাৰ আধাৰত, ৫৩তম ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফ্ফী)য়ে 'মেকেবাৰ ড্ৰীম্স' উপস্থাপন কৰিছে। এই তালিকাত নতুনকৈ মুক্তি পোৱা হৰৰ চলচ্চিত্ৰ ৰখা হৈছে, যি চিনেমা হলৰ পৰা ওলোৱাৰ পাছতো আপোনাক ৰোমাঞ্চিত কৰি থাকিব। পাৰলৌকিক চলচ্চিত্ৰৰ এই বিশেষ পেকেজত নিম্নলিখিত ফিল্ম অন্তৰ্ভুক্ত আছে:-

 

নাইট ছাইৰেণ (স্লোৱাকিয়া/২০২২)

 

এই চলচ্চিত্ৰৰ নিৰ্দেশনা টেৰেজা ন্বোটোৱাই কৰিছে। এয়া এগৰাকী যুৱতীৰ কাহিনী, যি নিজৰ জন্ম পাহাৰীয়া গাঁৱলৈ উভতি আহে। তেওঁ নিজৰ জটিলতাপূৰ্ণ বাল্যকালৰ বিষয়ে জানিব বিচাৰে, প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰিবখোজে। কিন্তু যেতিয়া তেওঁ সত্যতা বিচাৰিবলৈ চেষ্টা চলায়, তেতিয়া পুৰণি জগতৰ ঐতিহ্যই আধুনিক বাস্তৱতাত দখল দিবলৈ ধৰে। তেতিয়াই গাঁৱৰ মানুহে তেওঁৰ ওপৰত যাদু-মন্ত্ৰ আৰু হত্যাৰ অভিযোগ উঠাবলৈ ধৰে।

এইখন বহুত ৰোমাঞ্চকৰ আৰু অনুসন্ধিৎসাৰে ভৰা ফিল্ম, যি সাতটা অধ্যায়ত সন্মুখলৈ আহিছে। এই অধ্যায়সমূহৰ জৰিয়তে আধুনিক শ্লোৱাকিয়াত পুৰণি বিশ্বাসসমূহ উদ্ভৱ হোৱাটো দেখুউৱা হৈছে আৰু কোৱা হৈছে যে কেনেকৈ আধুনিক সময়তো স্ত্ৰীৰ প্ৰতি দ্বেষ, বাহিৰা মানুহৰ প্ৰতি দ্বেষ আৰু সামূহিক পাগলামি চলি আছে।

ফিল্মখনত এইটোও দেখুউৱা হৈছে যে যেতিয়া আমি কষ্টকৰ পথ এৰি দিওঁ, তেতিয়া মুক্ত হ'বলৈ কি কি কৰিবলগা হয়।

 

হুইছেৰা (পেৰু/২০২২)

 

এইখন এখন পাৰলৌকিক তত্ত্বৰ ভয়লগা ফিল্ম, যাৰ নিৰ্দেশনা মেক্সিকোৰ ফিল্ম নিৰ্মাতা মিচেল গাৰ্জা সৰৱেৰাই কৰিছে। তেওঁ এই ফিল্মৰ সহ-লেখকো। ফিল্মখনত নাটালিয়া সোলিয়েনে এগৰাকী গৰ্ভৱতী মহিলা ৱেলেৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে, যাক যাদু-মন্ত্ৰৰ শক্তিয়ে বিপদত পেলায়। ৱেলেৰিয়াই সন্তান জন্ম দিব, কিন্তু তেওঁ বহুত আশংকাত পৰে আৰু তেওঁৰ ভয় লাগি থাকে। তেওঁৰ ভাব হয় যেন মকৰাৰ আকাৰৰ কিবা বস্তু তাত আছে। তেওঁৰ সকলো ধৰণৰ পাৰলৌকিক সংকটৰ উপলব্ধি হয়। এই দানববোৰৰ সন্মুখীন হ'বলৈ তেওঁ নিজৰ আগৰ আৰু মুক্ত জীৱনৰ সৈতে সংযুক্ত হয়। তেওঁৰ মনত নিজৰ প্ৰথম প্ৰেম অক্টাৱিয়াৰ বাবে ভাবনা উদ্বেলিত হ'বলৈ ধৰে।

এই ফিল্মখনক মেক্সিকো আৰু পেৰুৱে লগহৈ নিৰ্মাণ কৰিছে। ইয়াৰ ৱৰ্ল্ড প্ৰিমিয়াৰ ন জুলাই, ২০২২ত ট্ৰিবেকা ফেষ্টিভেলত হৈছিল। তেওঁ সৰ্বশ্ৰেষ্ঠ নৱীন কাহিনীৰ নিৰ্দেশকৰ আৰু নোৰা এফ্ৰান পুৰস্কাৰো পায়।

 

ৱেনাছ (স্পেইন/২০২২)

এইখন স্পেইনৰ পাৰলৌকিক হৰৰ ফিল্ম, য'ত চহৰীয়া বাতাবৰণ উপস্থাপন কৰা হৈছে যে কেনেকৈ আধুনিক যাদু-মন্ত্ৰৰে বাচিব পৰা যায়। ফিল্মৰ নিৰ্দেশনা য়ামে বালাগৱেৰোৱে কৰিছে। এইখন ছয় ভাগত বিভক্ত 'দ্য ফিয়েৰ কালেকচন'ৰ দ্বিতীয় অংশ। ছোনী পিক্সাৰ্ছ ইণ্টাৰনেচনেল প্ৰডাকচনছ আৰু এমেজন প্ৰাইম ভিডিঅ'ই মিলি ইয়াৰ নিৰ্মাণ কৰি আছে। প্ৰথমখন ফিল্ম এলেক্স ডি লা ইগলেছিয়াৰ ৱেনেছিয়া ফ্ৰেনিয়া (২০২১) আছিল।

কাহিনীভাগ আমেৰিকান লেখক এইচ পি লৱক্ৰাফ্টৰ হৰৰ কাহিনী 'দ্য ড্ৰীম্স ইন দ্য বিচ হাউছ'ৰ ওপৰত আধাৰিত। কাহিনীৰ আৰম্ভণি এগৰাকী বেলে ডেঞ্চাৰৰ পৰা হয়, যি সেই ৰাতি ক্লাবৰ পৰা নিচাযুক্ত বড়িৰে পূৰ্ণ এটা বেগ চুৰ কৰি আনে, য'ত তেওঁ কাম কৰে। যেতিয়া তেওঁৰ পৰিকল্পনা খেলিমেলি হৈ যায় আৰু বদমাছৰ গোটে তেওঁৰ পিছ লয়, তেতিয়া তেওঁ নিজৰ ভনীয়েকৰ ফ্লেটত লুকুৱাৰ কথা ভাবে। ইফালে, সেই ফ্লেটত সেই বদমাছবোৰতকৈ বেছি ডাঙৰ বিপদ আছে। কাহিনী আৰু ছাউণ্ডট্ৰেক, দুয়োটা মিলি বহুত ভয়লগা ধ্বনি উপস্থাপন কৰা হৈছে। ইয়াৰ ফলত ইলেক্ট্ৰনিক সংগীতৰ শক্তিৰো উমান পোৱা যায়। বাস্তৱত বালাগৱেৰোৱে লৱক্ৰাফ্টৰ কাহিনীক নতুন মোড়, নতুন কলেবৰ দিলে।

 

হেচিং (ফিনলেণ্ড, ছুইডৰ/২০২২)

এইখন ফিনলেণ্ডৰ মনোবৈজ্ঞানিক হৰৰ ফিল্ম, যাৰ নিৰ্দেশনা হান্না বৰগামে কৰিছে। ইয়াৰ প্ৰিমিয়াৰ ২৩ জানুৱাৰী, ২০২২ত ছানডাঞ্চ ফিল্ম ফেষ্টিভেলত হৈছিল। এইখনে জেৰাৰ্ডমৰ ইণ্টাৰনেচনেল ফেণ্টাষ্টিক ফিল্ম ফেষ্টিভেলত গ্ৰাঁ প্ৰী আৰু প্ৰী দ্য জ্যুন্স পুৰস্কাৰ পায়।

এই ফিল্মখন এজন যুৱ জিমনাষ্ট টিনজাৰ আশেপাশে ঘুৰে, যি নিজৰ মাকক প্ৰভাৱিত কৰাৰ চেষ্টা চলায়। তেওঁৰ মাকে নিজৰ জনপ্ৰিয় ব্লগৰ জৰিয়তে পৃথিৱীৰ সন্মুখত এটা আদৰ্শ পৰিয়ালৰ ছবি উপস্থাপন কৰাক লৈ পাগল। এদিন টিনজাই এটা ৰহস্যপূৰ্ণ কণী পালে। তেওঁ সেইটো ঘৰলৈ লৈ আহে। যেতিয়া সেইটো সিজায়, তেতিয়া তাৰ ভিতৰৰ পৰা ওলোৱা জীৱৰ নাম তেওঁ 'অলী' ৰাখে। সেইটো লাহে লাহে ডাঙৰ হৈ আহে আৰু তেওঁৰ নিচিনাই হৈ পৰে। পাছত সি টিনজাৰ অৱদমিত ভাবনাৰ দৰে কাম কৰে।

তেন্তে আপুনি কিহলৈ অপেক্ষা কৰি আছে। আহক আৰু পাণাজী, গোৱাত ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২২লৈকে চলিবলগা ৫৩তম ইফ্ফীত এখন হৰৰ ফিল্মৰ আনন্দ লওক। প্ৰতিনিধি আৰু মিডিয়া পঞ্জীকৰণৰ বাবে: https://my.iffigoa.org/

 

***

PIB IFFI CAST & CREW/ Bibin / IFFI 53 - 9



(Release ID: 1874705) Visitor Counter : 157