তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

৫৩সংখ্যক আইএফএফআই, ২০২২ৰ বাবে আনুষ্ঠানিক নিৰ্বাচন ঘোষণা ইণ্ডিয়ান পেনোৰামাৰ


আইএফএফআইত প্ৰদৰ্শিত হ’ব ২৫খন ফিচাৰ ফিল্ম আৰু ২০খন নন-ফিচাৰ ফিল্ম

‘হাদিনেলেণ্ট’ হ’ব প্ৰথম প্ৰদৰ্শিত ভাৰতীয় ফিচাৰ ফিল্ম

‘দ্য শ্ব’ মাষ্ট গ’ অন’ হ’ব প্ৰথম প্ৰদৰ্শিত ভাৰতীয় নন-ফিচাৰ ফিল্ম

Posted On: 22 OCT 2022 11:35AM by PIB Guwahati

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ধ্বজাবাহী উপাদান ইণ্ডিয়ান পেনোৰামাই আজি ২৫খন ফিচাৰ ফিল্ম আৰু ২০খন নন-ফিচাৰ ফিল্ম নিৰ্বাচনৰ কথা ঘোষণা কৰিছে। ২০-২৮ নৱেম্বৰ, ২০২২তাৰিখে গোৱাত অনুষ্ঠিত হ'বলগীয়া ৫৩সংখ্যক আইএফএফআইত নিৰ্বাচিত ছবি সমূহ প্ৰদৰ্শন কৰা হ’ব।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ দ্বাৰা আয়োজিত ইণ্ডিয়ান পেনোৰামাৰ লক্ষ্য হৈছে উক্ত নিয়মাৱলীত উল্লেখ কৰা চৰ্ত আৰু পদ্ধতি অনুসৰি চিনেমা, বিষয়ভিত্তিক আৰু নান্দনিক উৎকৃষ্টতাৰ ফিচাৰ আৰু নন-ফিচাৰ ফিল্ম নিৰ্বাচন কৰা।

ইণ্ডিয়ান পেনোৰামাৰ নিৰ্বাচন সমগ্ৰ ভাৰতৰ চিনেমা জগতৰ বিশিষ্ট ব্যক্তিসকলে কৰে য’ত ফিচাৰ ফিল্মৰ বাবে মুঠ ১২জন জুৰী সদস্য আৰু সংশ্লিষ্ট অধ্যক্ষসকলৰ নেতৃত্বত নন-ফিচাৰ ফিল্মৰ বাবে ৬জন জুৰী সদস্য থাকে। নিজৰ ব্যক্তিগত বিশেষজ্ঞতা ব্যৱহাৰ কৰি বিশিষ্ট জুৰী পেনেলসমূহে নিজ নিজ শ্ৰেণীৰ ইণ্ডিয়ান পেনোৰামা ছবি নিৰ্বাচনৰ দিশত আগুৱাই নিয়া ঐকমত্যত সমানে অৰিহণা যোগায়।

ফিচাৰ ফিল্মঃ

১২জন সদস্যৰে গঠিত ফিচাৰ ফিল্মৰ জুৰীৰ নেতৃত্বত আছে বিশিষ্ট পৰিচালক আৰু সম্পাদক অধ্যক্ষ শ্ৰী বিনোদ গনাত্ৰই। ফিচাৰৰ জুৰী তলত উল্লেখ কৰা সদস্যসকলৰ দ্বাৰা গঠিত যিসকলে ব্যক্তিগতভাৱে বিভিন্ন প্ৰশংসিত ছবি আৰু চলচ্চিত্ৰ সম্পৰ্কীয় বৃত্তিসমূহক প্ৰতিনিধিত্ব কৰে, য’ত সামূহিকভাৱে বৈচিত্ৰময় ভাৰতীয় ভ্ৰাতৃত্ববোধক প্ৰতিনিধিত্ব কৰে:

১. শ্ৰী এ. কাৰ্তিক ৰাজা; চিনেমাটোগ্ৰাফাৰ

২. শ্ৰী আনন্দ জ্যোতি; সংগীতজ্ঞ, লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা

৩. শ্ৰীমতী ড. ডাঃ অনুৰাধা সিং; চলচ্চিত্ৰ নিৰ্মাতা আৰু সম্পাদক

৪. শ্ৰী অশোক কাশ্যপ; প্ৰযোজক, পৰিচালক আৰু চিনেমাট’গ্ৰাফাৰ

৫. শ্ৰী এনুমুলা প্ৰেমৰাজ; পৰিচালক আৰু চিত্ৰনাট্যকাৰ

৬. শ্ৰীমতী গীতা এম গুৰাপ্পা; শব্দ অভিযন্তা

৭. শ্ৰী ইমো সিং; প্ৰযোজক, পৰিচালক আৰু লেখক

৮. শ্ৰী যুগল দেবতা; প্ৰযোজক, পৰিচালক আৰু চিনেমাট’গ্ৰাফাৰ

৯. শ্ৰী শৈলেশ ডাভে; প্ৰযোজক

১০. শ্ৰী শিবু জি সুশ্বেলান; প্ৰযোজক

১১. শ্ৰী ভি এন আদিত্য; প্ৰযোজক, পৰিচালক আৰু চিত্ৰনাট্যকাৰ

১২. শ্ৰী বিষ্ণু শৰ্মা; লেখক আৰু চলচ্চিত্ৰ সমালোচক

উল্লেখ্য যে ইণ্ডিয়ান পেনোৰামাই ৫৩সংখ্যক আইএফএফআইৰ বাবে ২৫খন ফিচাৰ ফিল্ম নিৰ্বাচন কৰিছে৷

নন-ফিচাৰ ফিল্মঃ

৬জন সদস্যৰে গঠিত নন-ফিচাৰ ফিল্ম জুৰীৰ নেতৃত্বত আছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, লেখক আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অধ্যক্ষ শ্ৰী অইনাম ডৰেনে। নন-ফিচাৰ জুৰীত তলত উল্লেখ কৰা সদস্যসকলক লৈ গঠন কৰা হৈছে, যিসকলে ব্যক্তিগতভাৱে বিভিন্ন প্ৰশংসিত ছবি আৰু চলচ্চিত্ৰ সম্পৰ্কীয় বৃত্তি, বৃত্তিসমূহক প্ৰতিনিধিত্ব কৰে, আনহাতে সামূহিকভাৱে বৈচিত্ৰময় ভাৰতীয় ভ্ৰাতৃত্ববোধক প্ৰতিনিধিত্ব কৰে:

১. শ্ৰী চন্দ্ৰশেখৰ এ; চলচ্চিত্ৰ সমালোচক, সাংবাদিক আৰু মিডিয়া শিক্ষাবিদ

২. শ্ৰী হৰিশ ভীমাণি, চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰনাট্যকাৰ, এংকৰ আৰু অভিনেতা

৩. শ্ৰী মনীষ ছাইনী; চলচ্চিত্ৰ নিৰ্মাতা, লেখক আৰু সম্পাদক

৪. শ্ৰী পি উমেশ নায়ক; চলচ্চিত্ৰ নিৰ্মাতা আৰু সাংবাদিক

৫. শ্ৰী ৰাকেশ মিট্টাল; চলচ্চিত্ৰ সমালোচক, সাংবাদিক আৰু লেখক

৬. শ্ৰী সংস্কাৰ দেশাই; চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ

২০খন নন-ফিচাৰ ফিল্মৰ ভিতৰত বিশিষ্ট পৰিচালক কৃপাল কলিতাৰ অসমীয়া ছবি ‘হাতীবন্ধু’ আৰু মনিপুৰৰ ছৈখাম ৰতনৰ পৰিচালিত ‘বিয়ণ্ড ব্লাষ্টো’ নিৰ্বাচিত হৈছে৷  

***

Saurabh Singh/DB



(Release ID: 1871188) Visitor Counter : 172