প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০১৯ চনৰ ৪ নৱেম্বৰত পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 04 NOV 2019 2:09PM by PIB Guwahati

মহামহিম প্ৰধানমন্ত্ৰী প্ৰয়ুত চান-ও-চা;

মহামহিম নেতৃবৃন্দ,

ষষ্ঠবাৰৰ বাবে পূব এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি মই আনন্দ অনুভৱ কৰিছো। ভাৰতৰ ঐতিহাসিক আৰু নিবিড় বন্ধু থাইলেণ্ডে এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰাটো আৰু অধিক সন্তুষ্টিৰ বিষয়। ভাৰতে পূব এছিয়া সন্মিলন ব্যৱস্থাক যথেষ্ট অগ্ৰাধিকাৰ প্ৰদান কৰে। এইটো এটা একক নেতা-নেতৃত্বাধীন ব্যৱস্থা যিটো ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতাৰ বাবে এক মঞ্চ আৰু এছিয়াৰ অগ্ৰণী আত্মবিশ্বাস গঢ়ি তোলা ব্যৱস্থা। আৰু ইয়াৰ সফলতাৰ মূলতে হৈছে আছিয়ানৰ কেন্দ্ৰীয় ভূমিকা।

মহামহিম নেতৃবৃন্দ,

আমাৰ পৃথিৱীখন অশান্ত সময়ৰ মাজেৰে পাৰ হৈ গৈ আছে। সন্ত্ৰাসবাদ, হিংসাত্মক উগ্ৰবাদ, সামুদ্ৰিক মহাকাশকে ধৰি সম্পদ আৰু ভূখণ্ডক লৈ তীব্ৰ সংঘাত বৰ্তমান সময়ৰ প্ৰধান সমস্যা। ইউএনচিএলঅএছৰ দৰে সামুদ্ৰিক ক্ষেত্ৰখন নিয়ন্ত্ৰণ কৰা আইন আৰু নিয়মসমূহকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইন আৰু নিয়মসমূহ ক্ৰমান্বয়ে চাপত পৰিছে। জলবায়ু পৰিৱৰ্তন, সাগৰীয় প্ৰদূষণ আৰু সম্পদৰ অনিয়ন্ত্ৰিত আৰু অত্যধিক শোষণৰ দৰে সীমা অতিক্ৰম কৰা প্ৰত্যাহ্বানসমূহে আমাৰ গ্ৰহটোক অসুৰক্ষিত কৰি তুলিছে।

মহামহিম নেতৃবৃন্দ,

এক বহল সমাধানৰ পৰিপ্ৰেক্ষিততে ভাৰতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ আছিয়ান দৃষ্টিভংগীক আদৰণি জনাইছে। এই সামুদ্ৰিক স্থানত আছিয়ানৰ কেন্দ্ৰীয় ভূমিকা আছে। মই ২০১৮ চনৰ জুন মাহত ছিংগাপুৰত ভাৰতৰ ভাৰতৰ নিজস্ব দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰিছিলো।ইয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি উইডোডো আৰু মই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতাৰ ওপৰত এক অংশীদাৰী দৃষ্টিভংগী স্থাপন কৰিছিলোঁ। আৰু আন অংশীদাৰসকলেও একেধৰণৰ পদ্ধতি নিৰ্ধাৰণ কৰিছে। এই সকলোবোৰ পদ্ধতিতে স্পষ্ট অভিসৰণ পৰিলক্ষিত হয়

ইএএছ হৈছে এক মুক্ত, মুকলি, অন্তৰ্ভুক্তিমূলক, স্বচ্ছ, নিয়মভিত্তিক, শান্তিপূৰ্ণ, সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰসাৰৰ বাবে যুক্তিসংগত মঞ্চ, ত সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা আৰু আন্তঃৰাষ্ট্ৰীয় আইন বিশেষকৈ ইউএনচিএলঅএছৰ প্ৰয়োগ সকলো ৰাষ্ট্ৰকে সমানে নিশ্চিত কৰা হয়। আমি সকলোৱে একমত আৰু ই আমাৰ সকলোৰে লাভৰ বাবে যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটো এনে এক স্থান হব লাগে যত নৌ পৰিবহণৰ স্বাধীনতা, ওভাৰফ্লাইট, বহনক্ষম উন্নয়ন, পৰিৱেশ আৰু সামুদ্ৰিক পৰিৱেশৰ সুৰক্ষা আৰু এটা মুকলি, মুক্ত, ন্যায্য আৰু পাৰস্পৰিকভাৱে লাভজনক বাণিজ্য আৰু বিনিয়োগ ব্যৱস্থা সকলোৰে বাবে নিশ্চিত কৰা হৈছে।

এই মনোভাৱেৰে আছিয়ানৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পৰিৱেশৰ দৃষ্টিভংগীৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ সৈতে সংগতি ৰাখি আৰু বহনক্ষমতাৰ ওপৰত অংশীদাৰিত্বৰ বাবে আগন্তুক ইএএছৰ বিবৃতিৰ সৈতে সংগতি ৰাখি মই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে নীতিসমূহক আমাৰ অংশীদাৰী সামুদ্ৰিক পৰিৱেশ সুৰক্ষিত কৰাৰ ব্যৱস্থালৈ পৰিৱৰ্তন কৰাৰ বাবে এক সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰস্তাৱ আগবঢ়াইছো

এই প্ৰসংগত মই এ ভাৰত-প্ৰশান্ত মহাসাগৰৰ পদক্ষেপৰ পৰামৰ্শ আগবঢ়াইছো।

ইয়াত, বহনক্ষম উন্নয়নৰ লক্ষ্য ১৪ৰ সৈতে সংগতি ৰাখিযিটোৱে বিশ্বক সামুদ্ৰিক ক্ষেত্ৰখনক "সংৰক্ষণ আৰু বহনক্ষমভাৱে ব্যৱহাৰ" কৰিবলৈ আহ্বান জনাইছেআমি এ নিৰাপদ, সুৰক্ষিত আৰু সুস্থিৰ সামুদ্ৰিক ক্ষেত্ৰ সৃষ্টিৰ বাবে দৃশ্যমান প্ৰচেষ্টা চলোৱা উচিত।আমি প্লাষ্টিকৰ আৱৰ্জনাকে ধৰি সাগৰসমূহক সুৰক্ষিত কৰাৰ বাবে সহযোগিতামূলকভাৱে কাম কৰা, সামৰ্থ্য গঢ়ি তোলা আৰু সম্পদৰ ন্যায্যভাৱে ভাগ-বতৰা কৰা, দুৰ্যোগৰ আশংকা হ্ৰাস কৰা, বিজ্ঞান, প্ৰযুক্তি আৰু শৈক্ষিক সহযোগিতা বৃদ্ধি কৰা আৰু মুক্ত, ন্যায্য আৰু পাৰস্পৰিকভাৱে প্ৰসাৰ কৰা উপকাৰী বাণিজ্য আৰু সামুদ্ৰিক পৰিবহণসকলোৰে বাবে প্ৰয়োজনীয়তাক স্বীকাৰ কৰা উচিত ।

প্ৰতিটো খণ্ডৰ কাম এখন বা দুখন দেশে নেতৃত্ব দিব পাৰিলেহেঁতেন। ইয়াৰ দ্বাৰা চৰকাৰসমূহক বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ সামূহিক সমাধানৰ দাবীত জনমতৰ সৈতে ভালদৰে মিলিত হবলৈ সহায় কৰা হব। এই পদক্ষেপ সঁচাকৈয়ে মুক্ত, অন্তৰ্ভুক্তিমূলক আৰু সহযোগিতামূলক হব। আৰু ই অংশীদাৰসকলে বিচৰা ধৰণে প্ৰতিষ্ঠানিক শিপা গঢ়ি তুলিব পাৰে

ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে আমি অষ্ট্ৰেলিয়াৰ প্ৰতি কৃতজ্ঞ।

মই আগ্ৰহী দেশসমূহক সামুদ্ৰিক সুৰক্ষা আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ স্তম্ভসমূহৰ ওপৰত ভাৰতৰ পদক্ষেপত জড়িত হবলৈও পৰামৰ্শ আগবঢ়াইছো। যিহেতু আমি অহা ফেব্ৰুৱাৰী মাহতঅষ্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়াৰ সৈতে চতুৰ্থ ইএএছ সামুদ্ৰিক সুৰক্ষা কৰ্মশালা আয়োজন কৰিম, আমি সেই তাৰিখৰ পৰা নিৰাপত্তা স্তম্ভৰ ওপৰত কাম আৰম্ভ কৰিব পাৰো।

বাঘ, সিংহ, হাতী, গঁড় আৰু তুষাৰ নাহৰফুটুকীৰ দৰে বিশাল-প্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰাৰ উদ্দেশ্যে ভাৰতে পৰিভ্ৰমী বন্যপ্ৰাণী প্ৰজাতিসমূহৰ সংৰক্ষণৰ ওপৰত ইএএছ আলোচনা চক্ৰৰ আয়োজন কৰাৰো প্ৰস্তাৱ আগবঢ়াইছে। এই অনুষ্ঠানে বন্যপ্ৰাণী আৰু ইয়াৰ অংশ তথা সামগ্ৰীৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণৰ বাবে ধাৰণা;  স্থল আৰু সাগৰত সীমা অতিক্ৰম কৰি সংৰক্ষিত অঞ্চলৰ বিষয়ে আলোচনা কৰি শীৰ্ষ শিকাৰু আৰু অন্যান্য প্ৰজাতিৰ প্ৰাণীক ৰক্ষা কৰা; আৰু বিশেষকৈ পাহাৰীয়া অঞ্চলত সেউজ অৰ্থনীতিৰ মঞ্চ গঢ়ি তুলিব।

মই এইটোও প্ৰস্তাৱ দিছো যে আমি ২০১৭ চনৰ আছিয়ান আঞ্চলিক মঞ্চৰ অবৈধ, সঠিকভাৱে নজনোৱা কৰা আৰু অনুজ্ঞাপত্ৰবিহীন মাছ ধৰাৰ বিবৃতি কাৰ্যকৰী কৰাৰ দিশত কাম কৰা উচিত। উপকূলীয় ৰাজ্য আৰু দ্বীপসমূহত জীৱিকা সুৰক্ষা আৰু খাদ্য সুৰক্ষাৰ ওপৰত এনে কাৰ্য্যকলাপৰ প্ৰভাৱক স্বীকাৰ কৰিছো-সেয়েহে, সামাজিক সুস্থিতাৰ ওপৰত আমি এই বৃহত্তৰ সুৰক্ষা বিষয়ত এক অনুষ্ঠান আয়োজন কৰিবলৈ সাজু হৈছো।

শেষত অহা বছৰ পূব এছিয়া শীৰ্ষ সন্মিলনৰ ব্যৱস্থাৰ অধ্যক্ষতা কৰাৰ বাবে ভিয়েটনামক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আমি ভিয়েটনামৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।

মহামহিম, অধ্যক্ষ মহোদয়; মান্যবৰসকল, আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছো

***

DS/LP/DB


(Release ID: 1868314) Visitor Counter : 111