প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হিমাচল প্ৰদেশৰ উনাৰ পৰা নতুন দিল্লীলৈ ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ যাত্ৰাৰ শুভাৰম্ভ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 13 OCT 2022 10:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উনাৰ অম্ব অনদৌৰাৰ পৰা নতুন দিল্লীলৈ কৰিব লগা নতুন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ প্ৰথমটো যাত্ৰাৰ আজি পতাকা জোকাৰি শুভাৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ ডবাবোৰ পৰিদৰ্শন কৰাৰ লগতে ৰে’লখনত থকা অন্যান্য সা-সুবিধাসমূহৰ বুজ লয়। শ্ৰী মোদীয়ে ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ ‘লকোমটিভ ইঞ্জিন’ৰ নিয়ন্ত্ৰণ কেন্দ্ৰও পৰিদৰ্শন কৰে। তেওঁ উনা ৰে’ল ষ্টেশ্যনো পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত প্ৰধানমন্ত্ৰীৰ সৈতে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয় ৰাম ঠাকুৰ, হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ অৰ্লেকৰ, কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত থাকে।

নতুনকৈ আৰম্ভ কৰা ৰে’লগাড়ীখনে অঞ্চলটোৰ পৰ্যটন উদ্যোগৰ বিকাশ সাধন কৰাৰ লগতে এক আৰামদায়ক আৰু দ্ৰুত ভ্ৰমণৰ সুবিধা আগবঢ়াব। দ্ৰুতবেগী ৰে’লখনৰ সংযোজনে উনাৰ পৰা নতুন দিল্লীৰ মাজৰ ভ্ৰমণ সময় দুঘণ্টাৰে হ্ৰাস কৰিব। নতুনকৈ চলিবলগীয়া ‘বন্দে ভাৰত ৰে’লগাড়ীখন হৈছে আগৰ তুলনাত লঘূ আৰু কম সময়তে অধিক বেগেৰে গতি কৰিব পৰা পূৰ্বৰ ৰে’লৰ এক সংস্কৰণ। আম্বালা, চণ্ডিগড়, আনন্দপুৰ চাহিব আৰু উনাত ৰখিবলগীয়া এইখন ৰে’লগাড়ীয়ে বুধবাৰৰ বাহিৰে সপ্তাহৰ ছটা দিনতে চলাচল কৰিব। ৰে’লগাড়ীখনে ৫২ ছেকেণ্ডৰ ভিতৰতে প্ৰতিঘণ্টাত ১০০কিলোমিটাৰৰ গতিবেগ লাভ কৰিব আৰু ১৮০ কিলোমিটাৰ পৰ্যন্ত গতিবেগ বঢ়াব পাৰে। পূৰ্বে ৪৩০টন ওজন বিশিষ্ট ৰে’লগাড়ীখনৰ ওজন এতিয়া ৩৯২টনলৈ হ্ৰাস কৰা হৈছে। ইফালে, বিচাৰিলে ‘ৱাই-ফাই’-ৰ সুবিধা প্ৰদান কৰিবলগীয়া ৰে’লগাড়ীখনৰ প্ৰতিটো ডবাত পূৰ্বৰ ২৪খনৰ পৰিৱৰ্তে এতিয়া ৩২খন স্ক্ৰিনৰ ব্যৱস্থা থাকিব। ইফালে, ৰে’লখনত থকা ‘ শ্ৰেণীৰ ডবাসমূহত ১৮০ডিগ্ৰী ঘূৰণ-সুবিধা বিশিষ্ট আসনৰো ব্যৱস্থা কৰা হৈছে।

নতুন আৰ্হিৰে সজাই পৰাই উলিওৱা ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ ‘ৰুফ-মাউণ্টেড পেকেজ ইউনিট’ত বায়ু বিশুদ্ধিকৰণৰ বাবে এক ‘ফটো-কেটেলিক অল্ট্ৰাভয়োলেট এয়াৰ পিউৰিফিকেশ্যন ছীষ্টেম’ (আৰএমপিইউ)সংলগ্ন কৰা হৈছে।

অত্যাধুনিক সা-সুবিধাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ‘বন্দে ভাৰত এক্সপ্ৰেছে ২.০’য়ে উৰাজাহাজত কৰা ভ্ৰমণ সদৃশ অভিজ্ঞতা প্ৰদান কৰিব। ৰে’লগাড়ীখনত অন্যান্য অত্যধুনিক সা-সুবিধাসমূহৰ লগতে থলুৱা প্ৰযুক্তিৰে বিকশিত ‘ট্ৰেইন কলিউশ্যন এভইডেঞ্চ ছীষ্টেম’-“কৱচ”-ৰ দৰে সুৰক্ষা ব্যৱস্থাও  সম্বলিত কৰা হৈছে।

 

*****

DS/TS/KB


(रिलीज़ आईडी: 1868123) आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam