বিত্ত মন্ত্ৰালয়

২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ০৮.১০.২০২২ লৈকে প্ৰত্যক্ষ কৰ সংগ্ৰহ

Posted On: 09 OCT 2022 11:43AM by PIB Guwahati

৮ অক্টোবৰ, ২০২২লৈকে প্ৰত্যক্ষ কৰ সংগ্ৰহৰ অস্থায়ী পৰিসংখ্যাসমূহ নিয়মিত বৃদ্ধি পাই আছে।

৮ অক্টোবৰ, ২০২২লৈকে প্ৰত্যক্ষ কৰ সংগ্ৰহে দেখুৱায় যে মুঠ সংগ্ৰহ হৈছে ৮.৯৮ লাখ কোটি টকা, যি যোৱা বছৰৰ একে সময়ৰ মুঠ সংগ্ৰহৰ তুলনাত ২৩.৮% অধিক। প্ৰত্যক্ষ কৰ সংগ্ৰহ, ৰিফাণ্ডৰ পাছত মুঠ পৰিমাণ হৈছে ৭.৪৫ লাখ কোটি টকা, যি যোৱা বছৰৰ একে সময়ৰ বাবে মুঠ সংগ্ৰহৰ তুলনাত ১৬.৩% অধিক। এই সংগ্ৰহ হৈছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে প্ৰত্যক্ষ কৰৰ মুঠ আনুমানিক বাজেটৰ ৫২.৪৬%।

মুঠ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কৰ্পোৰেট আয়কৰ (চিআইটি) আৰু ব্যক্তিগত আয়কৰ (পিআইটি)ৰ বিকাশৰ হাৰ ১৬.৭৩%, আনহাতে পিআইটিৰ বাবে (এছটিটি সহ) এই হাৰ ৩২.৩০%। ৰিফাণ্ডৰ সংযোজনৰ পিছত, চিআইটি সংগ্ৰহত মুঠ বৃদ্ধি হৈছে ১৬.২৯% আৰু পিআইটি সংগ্ৰহত বৃদ্ধি হৈছে ১৭.৩৫% (কেৱল পিআইটি)/১৬.২৫% (এছটিটি সহ পিআইটি)।

১ এপ্ৰিল, ২০২২ৰ পৰা ৮অক্টোবৰ ২০২২লৈকে ১.৫৩লাখ কোটি টকাৰ ৰিফাণ্ড জাৰি কৰা হৈছে, যি আগৰ বছৰৰ একে সময়ছোৱাত জাৰি কৰা ৰিফাণ্ডতকৈ ৮১.০% অধিক।

 

***

RM/PPG/KMN/KG



(Release ID: 1867324) Visitor Counter : 121