ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

১২ৰ পৰা ১৪ অক্টোবৰলৈ ত্ৰিপুৰা আৰু অসম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিয়ে

Posted On: 11 OCT 2022 7:26PM by PIB Guwahati

১২ৰ পৰা ১৪ অক্টোবৰ, ২০২২লৈ ত্ৰিপুৰা আৰু অসম ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মৱে।

১২ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে ‘ত্ৰিপুৰা ৰাজ্যিক ন্যায়িক অকাডেমী’খন উদ্বোধন কৰাৰ লগতে আগৰতালাৰ নৰসিংগড়ত ‘ত্ৰিপুৰা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়’ৰ আধাৰশিলা স্থাপন কৰিব। একে দিনাই তেওঁ আগৰতালাৰ ৰাজধানী চৌহদত এটা বিধায়ক নিবাসৰো শুভ-উদ্বোধন কৰিব ‘ভাৰ্চুৱেল’ মাধ্যমেৰে। একেটা অনুষ্ঠানতে তেওঁ আগৰতালাৰ ‘ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱন’ৰ পৰা ত্ৰিপুৰা চৰকাৰে ৰূপায়িত কৰিব খোজা পথ, বিদ্যালয় আৰু ছাত্ৰাবাস, আগৰতালাত মহাৰাজা ‘বীৰেন্দ্ৰ কিশোৰ মানিক্য যাদুঘৰ তথা সাংস্কৃতিক কেন্দ্ৰ’ আৰু ‘আইআইআইটি-আগৰতালা’ৰ নিৰ্মাণ সম্পৰ্কীয় এলানি প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। সেইদিনা আবেলি ৰাষ্ট্ৰপতিগৰাকীয়ে আগৰতালাৰ ‘টাউন হল’ত ত্ৰিপুৰা চৰকাৰে আয়োজন কৰা এক ৰাজহুৱা সম্বৰ্দ্ধনা সভাত অংশগ্ৰহণ কৰিব।

১৩ অক্টোবৰ, ২০২২ৰ দিনা ৰাষ্ট্ৰপতিয়ে আগৰতালা ৰেলৱে ষ্টেশ্যনৰ পৰা ‘গুৱাহাটী-কলকাতা-গুৱাহাটী ৰেলগাড়ী’খনৰ যাত্ৰা পথ আগৰতালা পৰ্যন্ত কৰা বিশেষ সম্প্ৰসাৰণ আৰু ‘আগৰতালা-জিৰিবাম-আগৰতালা’ ‘জনশতাব্দী এক্সপ্ৰেছ’ৰ যাত্ৰাপথ মণিপুৰৰ খোংছেং পৰ্যন্ত কৰা সম্প্ৰসাৰণৰ পতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰিব।

একে দিনাই তেওঁ ‘আইআইটি গুৱাহাটী’ৰ চৌহদত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ‘ভাৰ্চুৱেল’ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰৰ ‘ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেশ্যন টেকনল’জী মন্ত্ৰালয়’ আৰু অসম চৰকাৰৰ ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়’ৰ এলানি প্ৰকল্প উদ্বোধনৰ তথা আধাৰশিলা স্থাপন কৰিব। এই লানি প্ৰকল্পৰ ভিতৰত আছে ‘পৰম কামৰূপা’ শীৰ্ষক ‘ছুপাৰ কম্পিউটাৰ সেৱা’ আৰু ‘আইআইটি গুৱাহাটী’ত ‘ডিজাইন এণ্ড ডেভেলপমেণ্ট অব হাই পাৱাৰ মাইক্ৰৱে’ভ কম্পনেণ্টছ’ৰ বাবে বিশেষ সেৱা ব্যৱস্থা, ‘ধুবুৰী চিকিত্সা মহাবিদ্যালয় আৰু হাস্পটাল’, আৰু ডিব্ৰুগড়(অসম) আৰু জব্বলপুৰ(মধ্য প্ৰদেশ)ত স্থাপিত হ’বলগীয়া ‘নেশ্যনেল ইনষ্টিটিউট অব ভাইৰোলজী’(এনআইভি)ৰ মাণ্ডলিক প্ৰতিষ্ঠানৰ নিৰ্মাণ প্ৰকল্প। সেইদিনা আবেলি ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ ‘অসম প্ৰশাসনীয় প্ৰধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়’ত অনুষ্ঠিত হ’ব লগা এক ৰাজহুৱা সম্বৰ্দ্ধনা সভা আৰু সাংস্কৃতিক কাৰ্যক্ৰমত ভাগ ল’ব।

১৪ অক্টোবৰ, ২০২ৰ দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে ‘ভাৰ্চুৱেল মাধ্যমে’ৰে অসম চৰকাৰ আৰু কেন্দ্ৰীয় পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰালয়, পেট্ৰোলিয়াম আৰু প্ৰকৃতিক গেছ আৰু ৰে’ল মন্ত্ৰালয়ে ৰূপায়ন কৰিব খোজা আন এলানি প্ৰকল্পৰ শুভ উদ্বোধন/ঘোষণা/আধাৰশিলা স্থাপন কৰিব। এই লানি প্ৰকল্পৰ ভিতৰত থাকিব আধুনিক সা-সুবিধা সম্বলিত কেবাটাও আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ দ্বাৰ মুকলি আৰু ‘মিছন সৌভাগ্য’ৰ ঘোষণা, শিলচৰৰ মইনাৰবন্দত স্থাপিত ৰে’ল-পথ সংযোজিত ‘ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ লিমিটেড’ৰ পেট্ৰোলিয়াম ভাণ্ডাৰ, দুটা ঘাইপথ নিৰ্মাণ প্ৰকল্প, অসমৰ চাহ বাগিচাসমূহত স্থাপন কৰিবলগীয়া ১০০খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা, দুটা ঘাইপথ নিৰ্মাণ প্ৰকল্প আৰু গুৱাহাটীৰ অঘটৰীত আধুনিক ‘কাৰ্গো-কাম কশ্বিং টাৰ্মিনেল’ৰ আধাৰশিলা, আৰু গুৱাহাটীৰ পৰা লামডিং হৈ শ্বখুৱী(নাগালেণ্ড) আৰু মেঘালয়ৰ মণ্ডিপথাৰলৈ ৰে’লসেৱা মুকলিৰ প্ৰকল্প।

 

 

*****

DS/BM/KB


(Release ID: 1866962)