গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ গুৱাহাটীত 'ড্ৰাগচ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা' সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সৈতে এক বৈঠকত সভাপতিত্ব কৰে


আজাদী কে অমৃত মহোৎসৱত গৃহ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 'নিচা-মুক্ত ভাৰত'ৰ আহ্বানক ইয়াৰ দৃঢ় সংকল্প হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

ড্ৰাগচৰ বিৰুদ্ধে এক বিশেষ অভিযানৰ অংশ হিচাপে আজি সমগ্ৰ উত্তৰ-পূবত প্ৰায় ৪০,০০০ কিলোগ্ৰাম ড্ৰাগচ নষ্ট কৰা হয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত ৭৫ হাজাৰ কিলোগ্ৰাম ড্ৰাগচ নষ্ট কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু এতিয়ালৈকে ১.৫ লাখ কিলোগ্ৰামৰো অধিক ড্ৰাগচ নষ্ট কৰা হৈছে, যি লক্ষ্যৰ দুগুণতকৈও অধিক

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষতিগ্ৰস্ত কৰা ড্ৰাগচ, ড্ৰাগচৰ সৰবৰাহ আৰু 'সংগঠিত মাফিয়া'ৰ 'ক’লা ধন'ৰ প্ৰতিটো প্ৰচেষ্টা বিফল কৰিবলৈ শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে

ড্ৰাগচৰ সৰবৰাহ যিকোনো সমাজৰ বাবে অতি মাৰাত্মক, সন্ত্ৰাসবাদী ঘটনাৰ ক্ষতি সীমিত কিন্তু সমাজত ড্ৰাগচৰ বিস্তাৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধ্বংস কৰে

ড্ৰাগচে আমাৰ সমাজ আৰু দেশৰ যুৱ শক্তিক ধ্বংস কৰিবলৈ উঁইৰ দৰে কাম কৰে

ড্ৰাগচ সৰবৰাহ হৈছে এক সীমাহীন অপৰাধ আ

Posted On: 08 OCT 2022 9:02PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ গুৱাহাটীত 'ড্ৰাগচ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা' সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সৈতে এক বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত উত্তৰ-পূব অঞ্চলত ড্ৰাগচৰ পৰিস্থিতি আৰু ইয়াক প্ৰতিৰোধ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিছিল। বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰ’ (এনচিবি)ৰ সঞ্চালক প্ৰধান আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001RR8Y.jpg

বৈঠকত শ্ৰী অমিত শ্বাহে কয় যে ড্ৰাগচৰ সৰবৰাহ যিকোনো সমাজৰ বাবে অতি মাৰাত্মক। সন্ত্ৰাসবাদী ঘটনাৰ ক্ষতি সীমিত কিন্তু সমাজত ড্ৰাগচৰ বিস্তাৰে প্ৰজন্মক ধ্বংস কৰে। ই আমাৰ সমাজ আৰু দেশৰ যুৱ শক্তিক ধ্বংস কৰিবলৈ উঁইৰ দৰে কাম কৰে। তেওঁ কয় যে স্বাধীনতাৰ অমৃত মহোৎসৱত গৃহ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিচামুক্ত ভাৰত আহ্বানক ইয়াৰ দৃঢ় সংকল্প হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষতি কৰা ড্ৰাগচ, ড্ৰাগচৰ সৰবৰাহ আৰু 'সংগঠিত মাফিয়া'ৰ প্ৰতিটো প্ৰচেষ্টা বিফল কৰিবলৈ শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002HWPQ.jpg

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ে ড্ৰাগচৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ। ড্ৰাগচৰ বিৰুদ্ধে এক বিশেষ অভিযানৰ অংশ হিচাপে আজি সমগ্ৰ উত্তৰ-পূবত প্ৰায় ৪০,০০০ কিলোগ্ৰাম ড্ৰাগচ নষ্ট কৰা হয়। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত ৭৫ হাজাৰ কিলোগ্ৰাম ড্ৰাগচ নষ্ট কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু এতিয়ালৈকে ১.৫ লাখ কিলোগ্ৰামৰো অধিক ড্ৰাগচ নষ্ট কৰা হৈছে, যি লক্ষ্যৰ দুগুণতকৈও অধিক।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003L7QF.jpg

শ্ৰী অমিত শ্বাহে কয় যে ড্ৰাগচ সৰবৰাহ হৈছে এক সীমাহীন অপৰাধ আৰু সকলো ড্ৰাগ আইন প্ৰৱৰ্তনকাৰী আৰু চোৰাংচোৱা সংস্থাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ সীমান্ত জিলাৰ মাজত উন্নত সমন্বয় আৰু সামঞ্জস্যৰ সৈতে ইয়াৰ মোকাবিলা কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে বিগত বৰ্ষসমূহত গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিশ্চিত কৰিছে যাতে প্ৰধানমন্ত্ৰীৰ দৃঢ় নেতৃত্বত নাৰ্কোটিক্স নিষিদ্ধকৰণ আইন আৰু নিয়মসমূহ কঠোৰভাৱে ৰূপায়ণ কৰা হয়। একে সময়তে ইয়াত আধুনিক প্ৰযুক্তি ব্যৱহাৰ আৰু সকলো সংস্থাতে সমন্বয় স্থাপন কৰাৰো গৃহমন্ত্ৰীয়ে পোষকতা কৰে। গৃহমন্ত্ৰীয়ে কয় যে দেশত ড্ৰাগচ যোগান নেটৱৰ্ক ধ্বংস কৰাৰ ৰণনীতিৰ সফলতাই কম সময়তে ফলাফল দেখুৱাইছে। তেওঁ কয় যে ২০১৪ চনৰ পিছত বৃহৎ পৰিমাণত ড্ৰাগচ জব্দ কৰা আৰু নষ্ট কৰাটোৱেই ইয়াৰ প্ৰমাণ। শ্ৰী শ্বাহে জনায় যে ২০০৬-২০১৩ বৰ্ষৰ ভিতৰত মুঠ ১২৫৭ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল যি ২০১৪-২০২২ বৰ্ষৰ ভিতৰত ১৫২ শতাংশ বৃদ্ধি হৈ ৩১৭২ লৈ বৃদ্ধি পাইছে। একে সময়তে, গ্ৰেপ্তাৰৰ মুঠ সংখ্যা ১৩৬২ জনৰ বিপৰীতে ২৬০ শতাংশ বৃদ্ধি হৈ ৪৮৮৮ হৈছে। ২০০৬-২০১৩ বৰ্ষত, ১.৫২ লাখ কিলোগ্ৰাম ড্ৰাগচ জব্দ কৰা হৈছিল যি ২০১৪-২০২২ চনৰ ভিতৰত দুগুণ হৈ ৩.৩০ লাখ কিলোগ্ৰাম হৈছে। ২০০৬-২০১৩ বৰ্ষৰ ভিতৰত ৭৬৮ কোটি টকাৰ ড্ৰাগচ জব্দ কৰা হৈছিল, যি ২০১৪-২০২২ বৰ্ষৰ ভিতৰত ২৫ গুণ বৃদ্ধি হৈ ২০,০০০ কোটি টকালৈ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত এই আঞ্চলিক সন্মিলনৰ মূল উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সন্মুখত এই বিষয়টোৰ প্ৰতি ভাৰত চৰকাৰৰ গুৰুত্ব আলোকপাত কৰা। একে সময়তে, এই যুঁজত ৰাজ্যসমূহক লগত লৈ এক সমন্বয় স্থাপন কৰা, নিচাজাতীয় সামগ্ৰী সম্পৰ্কীয় সকলো সংস্থাক এখন মঞ্চত উপৱিষ্ট কৰোৱা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বাৰ্তা প্ৰদান কৰা যে এতিয়া দেশখনে এই সমস্যাৰ গভীৰতালৈ গৈ এই সমস্যা সমাধানৰ বাবে মন স্থিৰ কৰাটোও এই সন্মিলনৰ উদ্দেশ্য বুলি গৃহমন্ত্ৰীগৰাকীয়ে কয়। শ্ৰী শ্বাহে কয় যে তেওঁৰ মতে ড্ৰাগচ বা মাদক দ্ৰব্য ব্যৱহাৰকাৰীসকল অপৰাধী নহয় বৰঞ্চ তেওঁলোক ভুক্তভোগী আৰু পীড়িতহে। গৃহমন্ত্ৰীয়ে কয়, " আমি ইয়াৰ জড়িত ব্যক্তি আৰু ড্ৰাগ ব্যৱহাৰকাৰী তথা বিতৰকসকলক ধৰিবলৈ তেওঁলোকতকৈ আগত থাকিব লাগিব আৰু সীমান্তৰ বাহিৰৰ পৰা ভাৰতলৈ ড্ৰাগচ প্ৰেৰণ কৰা মাষ্টাৰমাইণ্ডসকলক কৰায়ত্ত কৰিব লাগিব, লগতে দেশৰ ভিতৰত থকা ইয়াৰ নেটৱৰ্কটো ধ্বংস কৰিব লাগিব ৷

শ্ৰী অমিত শ্বাহে কয় যে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ অঞ্চলৰ সৈতে চাৰিখন দেশে আন্তঃৰাষ্ট্ৰীয় সীমা বিনিময় কৰিছে আৰু আফিম উৎপাদক অঞ্চলটো ম্যানমাৰৰ ওচৰত আছে যি আফগানিস্তানৰ পিছত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ আফিম উৎপাদক হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে উত্তৰ-পূব ভাৰতত ড্ৰাগচ সেৱন কৰাটো এক গুৰুতৰ সমস্যা হৈ পৰিছে। সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদন, ২০১৯ অনুসৰি, উত্তৰ-পূবৰ সাতখন ৰাজ্যত আফিম আৰু গাঞ্জাৰ ব্যৱহাৰ এক উদ্বেগজনক স্তৰত আছে, যি দেশত আন ৰাজ্যত ব্যৱহাৰৰ গড়তকৈ অধিক। গৃহমন্ত্ৰীয়ে কয় যে উত্তৰ-পূবত কিছুমান নতুন প্ৰৱণতা উদ্ভৱ হৈছে। ড্ৰাগচ ছিণ্ডিকেটবোৰে উত্তৰ-পূব ভাৰতৰ বেংক একাউণ্ট আৰু ডাক ঠিকনাৰ সুবিধা লৈছে। মণিপুৰৰ কিছুমান ভাৰতীয় বেংকত ম্যানমাৰৰ নাগৰিকসকলৰ বেংক একাউণ্ট আছে। উত্তৰ-পূবৰ ড্ৰাগচ সৰবৰাহকাৰীসকলে নাইজেৰিয়ানসকলৰ সৈতে মিত্ৰতা কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত বাস কৰা দক্ষিণ ভাৰতীয়সকলৰ ড্ৰাগচ সৰবৰাহৰ সন্দেহজনক গতিবিধিও লক্ষ্য কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004MA9F.jpg

গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত গৃহ মন্ত্ৰালয়ে সকলো নাৰ্কো সংস্থাৰ প্ৰতিষ্ঠানগত গাঁথনি, সশক্তিকৰণ আৰু সমন্বয় শক্তিশালী কৰাৰ এক ত্ৰিমুখী সূত্ৰ গ্ৰহণ কৰিছে আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে এক ব্যাপক সজাগতা অভিযান গ্ৰহণ কৰিছে। তেওঁ কয় যে ড্ৰাগচ বিৰোধী অভিযানত বিভিন্ন স্তৰত কাম কৰা প্ৰতিষ্ঠানসমূহৰ শিথিল মনোভাৱৰ অভাৱ আৰু আইনসমূহৰ নমনীয় ৰূপায়ণৰ অভাৱৰ বাবে আকাংক্ষিত ফলাফল পূৰ্বে লাভ কৰিব পৰা হোৱা নাছিল। কিন্তু ২০১৪ চনৰ পিছত পৰিস্থিতি সলনি হৈছে, প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱস্থাটো শক্তিশালী কৰা আৰু দায়বদ্ধতাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে তথা গৃহ মন্ত্ৰালয়ে নাৰ্কো নিয়ন্ত্ৰণৰ বাবে আনুষ্ঠানিক পুনঃগঠন আৰু আইনী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। চৰকাৰৰ প্ৰদৰ্শন কাৰ্যকৰী কৰাৰ বাবে, মোদী চৰকাৰে 'সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগী'ৰ অধীনত আন্তঃ-বিভাগীয় সমন্বয়ৰ ওপৰত নিৰন্তৰে গুৰুত্ব আৰোপ কৰি আহিছে। গৃহমন্ত্ৰীয়ে নিয়মীয়াকৈ এনকৰ্ড বৈঠক অনুষ্ঠিত কৰাৰ লগতে বৈঠকত উপস্থিত থকা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ইয়াক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ড্ৰাগচ সম্পৰ্কীয় ঘটনাবোৰ উৎসৰ পৰা গন্তব্যস্থানলৈ অনুসন্ধান কৰিব লাগে যাতে ইয়াৰ সমগ্ৰ নেটৱৰ্কটো ধ্বংস কৰিব পৰা যায়।

শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এনচিবিৰ আঞ্চলিক কাৰ্যালয় গুৱাহাটীত স্থাপন কৰা হৈছে। আগন্তুক বছৰবোৰত, এনচিবিয়ে অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ চাৰিটা অঞ্চলত কাম কৰিব। ত্ৰিপুৰাৰ আগৰতলা আৰু অৰুণাচল প্ৰদেশৰ পাছিঘাট/ল'ৱাৰ চিয়াঙত নতুন আঞ্চলিক কাৰ্যালয় স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। তদুপৰি, ছিকিমৰ কাষৰীয়া অঞ্চলটোৰ উন্নত কভাৰেজৰ বাবে নিউ জলপাইগুৰিত আঞ্চলিক কাৰ্যালয় স্থাপনৰ প্ৰস্তাৱো দিয়া হৈছে।

গৃহমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব অঞ্চলৰ লগতে দেশৰ অন্যান্য প্ৰান্তত গাঞ্জা আৰু আফিমৰ অবৈধ খেতিৰ বিৰুদ্ধে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গৃহ মন্ত্ৰালয়ে কৃষকসকলৰ ক্ষতি নকৰাকৈ বৃহৎ পৰিমাণে ড্ৰোণ আৰু শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি পাহাৰীয়া আৰু দুৰ্গম অঞ্চলত অবৈধ কৃষি ধ্বংস কৰিবলৈ এটা অধ্যয়ন গোট গঠন কৰিছে। অবৈধ শস্যৰ খেতিত নিয়োজিত কৃষকসকলৰ বাবে বৈকল্পিক জীৱিকা ব্যৱস্থাৰ ওপৰত এখন আন্তঃ-মন্ত্ৰালয় সমিতি গঠন কৰা হৈছে। শ্ৰী শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যই নিচাজাতীয় সামগ্ৰী সম্পৰ্কীয় সকলো বিষয়ৰ বাবে একক নোডেল পইণ্ট হিচাপে নাৰ্কোটিক্স বিৰোধী টাস্ক ফ'ৰ্চ (এএনটিএফ) গঠন কৰিছে। এনচিবিয়ে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশতে কেইবাটাও বিশেষ অভিযান চলাইছে য'ত শীৰ্ষৰ ১০০ জন ড্ৰাগচ সৰবৰাহকাৰীক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক আটক কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে ড্ৰাগচ সৰবৰাহ কেৱল কেন্দ্ৰীয় বা ৰাজ্যিক সমস্যা নহয়, বৰঞ্চ ই এটা ৰাষ্ট্ৰীয় সমস্যা আৰু ইয়াৰ মোকাবিলা কৰাৰ প্ৰচেষ্টাও ৰাষ্ট্ৰীয় আৰু ঐক্যৱদ্ধ হ'ব লাগে। তেওঁ বৈঠকত উপস্থিত থকা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ প্ৰতিনিধিসকলক ড্ৰাগচ সৰবৰাহৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে এনচিঅ'আৰডি পৰ্টেল আৰু ডায়গনষ্টিক প্লেটফৰ্ম সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ ৰাজ্যসমূহত গঠন কৰা নাৰ্কোটিক্স বিৰোধী টাস্ক ফ' ৰ্চশক্তিশালী কৰিবলৈও আহ্বান জনায় যাতে ড্ৰাগচৰ বিৰুদ্ধে যুদ্ধত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়। দ্ৰুত বিচাৰ নিশ্চিত কৰিবলৈ ফাষ্ট ট্ৰেক আদালত স্থাপনৰ কথাও বিবেচনা কৰাটো উচিত বুলি তেওঁ মন্তব্য কৰে । গৃহমন্ত্ৰীয়ে বৈঠকত উপস্থিত থকা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ প্ৰতিনিধিসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ড্ৰাগচমুক্ত ভাৰতৰ সপোন পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দোহাৰিবলৈ কৰিবলৈ আহ্বান জনায়।



(Release ID: 1866146) Visitor Counter : 158