উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত ০৮ অক্টোবৰ, ২০২২ত উত্তৰ-পূব পৰিষদৰ ৭০সংখ্যক পূৰ্ণাংগ বৈঠকত ভাষণ কেন্দ্ৰীয় ড’নাৰ, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীৰ

উত্তৰ-পূৰ্বাঞ্চলে ইয়াৰ ‘অমৃত সময়’ত প্ৰৱেশ কৰিছে আৰু আমি ইয়াৰ সম্পূৰ্ণ সুবিধা লৈ বৃদ্ধি আৰু বিকাশৰ সকলো সম্ভাৱনাক জাগ্ৰত কৰাটো প্ৰয়োজন

তেওঁ লগতে কয় যে কেন্দ্ৰীয়/ৰাজ্যিক সংস্থা, ব্যক্তিগত খণ্ডকে ধৰি সকলো অংশীদাৰে যৌথভাৱে কাম কৰি অঞ্চলটোত আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাত মনোনিৱেশ কৰিব লাগিব

তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ১০% জিবিএছৰ সম্পূৰ্ণ আৰু লক্ষ্যভিত্তিক ব্যৱহাৰ দ্ৰুত উন্নয়নৰ মূল চাবিকাঠি

১০% জিবিএছ ব্যৱহাৰৰ নিয়মীয়া বিশ্লেষণ কৰাৰ লগতে ইয়াৰ ভিত্তিত নীতিসমূহৰ পুনৰ দিশ নিৰ্ধাৰণ, তথ্যৰ সমস্যা সমাধান আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ সৈতে উপযুক্ত সমন্বয় ৰক্ষা কৰিব লাগিব

শক্তি আৰু দুৰ্বলতা বিশ্লেষণ কৰা আৰু মূল খণ্ডসমূহৰ ব্যৱধান চিনাক্ত কৰাৰ প্ৰয়োজন। ইয়াৰ দ্বাৰা অধিক লক্ষ্য নিৰ্ধাৰণ কৰা উন্নয়নমূলক পদক্ষেপত সহায়ক হ’ব

পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ, দক্ষতা আৰু সামৰ্থ্য বিকাশ অঞ্চলটোৰ পৰ্যটনৰ বিকাশৰ বাবে মূল অগ্ৰাধিকাৰ

তেওঁ সজোৰে কয় যে ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰাটো অঞ্চলটোৰ বাবে তাৎক্ষণিক লক্ষ্য হোৱা উচিত

আগন্তুক মাহবোৰত অঞ্চলটোত বি

Posted On: 08 OCT 2022 1:05PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন, পৰ্যটন, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূব পৰিষদ(এনইচি)ৰ ৭০সংখ্যক পূৰ্ণাংগ বৈঠকত ভাষণ আগবঢ়ায়৷ উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলক সম্বোধন কৰি শ্ৰী কিষাণ ৰেড্ডীয়ে অঞ্চলটোৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে।

তেওঁ কয় যে ভাৰত চৰকাৰে শান্তি আৰু সুস্থিৰতা প্ৰতিষ্ঠা কৰাৰ বাবে অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নয়ন বাবে নিৰবচ্ছিন্নভাৱে কাম কৰি আহিছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত যথেষ্ট সফলতাও অৰ্জন কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় বিশ্বাস যে উত্তৰ-পূব অঞ্চলৰ উন্নয়ন অবিহনে ভাৰতৰ বিকাশ হ’ব নোৱাৰে৷

তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলে ইয়াৰ ‘অমৃত সময়’ত প্ৰৱেশ কৰিছে আৰু আমি ইয়াৰ সম্পূৰ্ণ সুবিধা লৈ বৃদ্ধি আৰু বিকাশৰ সকলো সম্ভাৱনাক জাগ্ৰত কৰাটো প্ৰয়োজন। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক অনুপ্ৰাণিত কয় যে উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পূৰ্ণ সমন্বয়ৰ দ্বাৰাহে ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ’ব পাৰিব৷

তেওঁ লগতে কয় যে কেন্দ্ৰ, ৰাজ্য, ব্যক্তিগত খণ্ডকে ধৰি সকলো অংশীদাৰে যৌথভাৱে কাম কৰি অঞ্চলটোত আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাত মনোনিৱেশ কৰাটো প্ৰয়োজন।

তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ১০% জিবিএছৰ সম্পূৰ্ণ আৰু লক্ষ্যভিত্তিক ব্যৱহাৰ দ্ৰুত উন্নয়নৰ মূল চাবিকাঠি। তেওঁ লগতে কয় যে ১০% জিবিএছ ব্যৱহাৰৰ নিয়মীয়া বিশ্লেষণ কৰিব লাগিব আৰু সেই অনুসৰি নীতিসমূহৰ পুনৰ দিশ নিৰ্ধাৰণ, তথ্যৰ সমস্যা সমাধান কৰা আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ সৈতে উপযুক্ত সমন্বয় ৰক্ষা কৰিব লাগিব। তেওঁ সকলো ৰাজ্য চৰকাৰৰ বিষয়াক সকলো বিষয় যেনে-নীতি, নিৰ্দেশনা আদি সংশোধন কাৰ্যকৰী ৰূপত ব্যৱহাৰ নিশ্চিত কৰিবলৈ পৰামৰ্শ দিবলৈ আহ্বান জনায়৷

তেওঁ কয় যে শেহতীয়াকৈ গঠন কৰা এটা কৃষি টাস্ক ফ’ৰ্চটো অতি সোনকালে ইয়াৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰিব। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষত সম্পূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰিবলৈ টাস্ক ফ’ৰ্চৰ তথ্যসমূহৰ সঠিক ব্যৱহাৰ কৰিব লাগিব।

মন্ত্ৰীগৰাকীয়ে লগতে পৰামৰ্শ দিয়ে যে “শক্তি আৰু দুৰ্বলতা বিশ্লেষণ” কৰা আৰু “মূল খণ্ডসমূহত ব্যৱধান চিনাক্ত কৰা”ৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ দ্বাৰা অধিক লক্ষ্য নিৰ্ধাৰণ কৰা উন্নয়নমূলক পদক্ষেপত সহায়ক হ’ব। তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চল জিলাভিত্তিক বহনক্ষম উন্নয়ন লক্ষ্যৰ সূচকাংক, আকাংক্ষিত জিলাৰ দৰে প্ৰকল্পৰ কাৰকসমূহ নিৰ্বাচন কৰাৰ সময়ত গ্ৰাম্য বাসস্থান আৰু অঞ্চলসমূহৰ সৈতে সংযোগ আৰু দৰিদ্ৰতা সূচকাংকৰ স্তৰ বিবেচনা কৰা উচিত। তেওঁ লগতে বিষয়াসকলক ভাল নিবিদা নীতি আৰু শক্তিশালী নিৰীক্ষণ নিশ্চিত কৰিবলৈ আহ্বান জনায়।

অঞ্চলটোৰ পৰ্যটন সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ সম্পূৰ্ণ সম্ভাৱনা বাস্তৱায়িত কৰাটো নিশ্চিত কৰিবলৈ ড’নাৰ মন্ত্ৰালয়ে পৰ্যটন টাস্ক ফ’ৰ্চ গঠন কৰিছে। তেওঁ কয় যে পৰ্যটন আন্তঃগাঁথনি বিকাশ, দক্ষতা আৰু সামৰ্থ্য বিকাশ অঞ্চলটোত পৰ্যটন বিকাশৰ বাবে মূল অগ্ৰাধিকাৰ।

তেওঁ লগতে আমি উত্তৰ-পূৰ্বাঞ্চলত যুৱক-যুৱতীসকলৰ মাজত নিয়োগ সৃষ্টিৰ বাবে নিৰাপত্তা সেৱা উদ্যোগে আগবঢ়োৱা সম্ভাৱনাৰ বিষয়েও অন্বেষণ কৰিব লাগিব বুলি আলোকপাত কৰে।

মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে যুটূীয়াভাৱে কাম কৰিব লাগিব৷ তেওঁ পৰামৰ্শ দিয়ে যে কেইটামান শীৰ্ষ অগ্ৰাধিকাৰ/লক্ষ্য খণ্ড চিনাক্ত কৰি অঞ্চলটোৰ বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰা আৰু সেই খণ্ডসমূহত থকা সমস্যাসমূহ সমাধান কৰাৰ ওপৰত কাম কৰা প্ৰয়োজন।

মন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰেই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশ্ব বিনিয়োগকাৰী সন্মিলন আয়োজন কৰা উচিত আৰু সকলো ৰাজ্য চৰকাৰে বিনিয়োগকাৰী অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে ব্যৱস্থা হাতত ল’ব লাগিব। বিনিয়োগকাৰীৰ প্ৰয়োজন অনুসৰি নীতি সলনি কৰা, ভূমি বেংকসমূহ ডিজিটেলাইজ কৰা, প্লট স্তৰৰ তথ্যৰ ব্যৱস্থা, প্ৰক্ৰিয়াসমূহ সৰল কৰা, একক খিড়িকীযুক্ত অনুমোদন ব্যৱস্থা প্ৰদান কৰা, সহজে বিনিয়োগ কৰিব পৰা প্ৰকল্পৰ তথ্য প্ৰস্তুত কৰা, প্ৰতিখন ৰাজ্যত বিনিয়োগকাৰীৰ সুবিধা প্ৰদান কেন্দ্ৰ স্থাপন কৰা, বিনিয়োগ কৰা আদি বিভিন্ন ব্যৱস্থাসম্পন্ন প্ৰৱেশৰ পথ, বিদ্যুৎ সংযোগ, পানী যোগান আদিৰ দৰে আন্তঃগাঁথনি সমৰ্থন কৰাৰ ক্ষেত্ৰত কাম হাতত ল’ব লাগিব বুলিও তেওঁ লগতে কয়। তেওঁ জ্যেষ্ঠ বিষয়াসকলক আগন্তুক মাহবোৰত বিশ্ব বিনিয়োগকাৰীৰ বাবে এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰাৰ ওপৰত কাম কৰিবলৈ আহ্বান জনায়।

***


(Release ID: 1866055) Visitor Counter : 285