ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

গান্ধী জয়ন্তীৰ প্ৰাকমুহূৰ্তত দেশবাসীলৈ ৰাষ্ট্ৰপতিৰ বাৰ্তা

प्रविष्टि तिथि: 01 OCT 2022 7:30PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে গান্ধী জয়ন্তীৰ প্ৰাকমুহূৰ্তত দেশবাসীক উদ্দেশ্য কৰি নিম্নলিখিত বাৰ্তাটো প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰপতিয়ে তেওঁৰ বাৰ্তাত কয়, "মহাত্মা গান্ধীৰ ১৫৩তম জন্মজয়ন্তী উপলক্ষে মই সকলো নাগৰিকৰ হৈ ৰাষ্ট্ৰপিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

গান্ধী জয়ন্তী হৈছে আমাৰ সকলোৰে বাবে তেওঁৰ জীৱনৰ প্ৰেৰণাদায়ক মূল্যবোধ - শান্তি, সমতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতি নিজকে পুনৰ সমৰ্পিত কৰাৰ এক উপলক্ষ। চলিত বছৰ ইয়াক পালন কৰাটো এক বিশেষ গুৰুত্ব পূৰ্ণ কিয়নো দেশবাসীয়ে স্বাধীনতাৰ ৭৫বছৰ পূৰ্ণ কৰি অমৃত মহোৎসৱ উদযাপন কৰি আহিছে। গান্ধীজীৰ সপোনৰ ভাৰতৰ উপলব্ধিৰ দিশত আমাৰ সকলোৰে বাবে কাম কৰাৰ সময় উপস্থিত হৈছে

এক শতিকা পূৰ্বে, গান্ধীজীয়ে তেওঁৰ স্বদেশীৰ আহ্বান আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত তেওঁৰ প্ৰভাৱৰ দ্বাৰা লক্ষ লক্ষ লোকক অনুপ্ৰাণিত কৰিছিল। এক আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ উদ্দেশ্য প্ৰণয়ন হ’ব ধৰিছে যি মহাত্মাৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত আৰু তেওঁৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি হিচাপে অভিপ্রেত। তেওঁৰ সপোনৰ ভাৰত হৈছে এক পৰিষ্কাৰ ভাৰত, এক স্বাস্থ্যৱান ভাৰত। এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপবোৰে এতিয়া ফলাফল প্ৰদান কৰি আহিছে।

এইটো মন কৰিবলগীয়া কথা যে স্বাধীনতাৰ শতবাৰ্ষিকীৰ পূৰ্বৰ সময়ছোৱাত আমি অমৃত কালত প্ৰৱেশ কৰাৰ লগে লগে, যুৱ প্ৰজন্মইও গান্ধীজীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰেৰণা লৈ আহিছে। পৃথিৱীখন অধিক জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত তেওঁৰ জীৱন দৰ্শন আমাৰ বাবে লাইটহাউচ হিচাপে বিবেচিত হৈছে যি আমাক অশান্ত পানীৰ মাজত পথ চিনান্ত কৰাত সহায় কৰে।

গান্ধীজীয়ে সকলো মানৱজাতিক ইয়াৰ প্ৰকৃত সম্ভাৱনা দেখুৱাইছিল আৰু সহানুভূতিৰ শক্তি প্ৰমাণ কৰিছিল। আহক আমি পুনৰ তেওঁ দেখুৱাই যোৱা পথত খোজ কাঢ়িবলৈ, সত্য আৰু অহিংসাৰ পথত খোজ কাঢ়িবলৈ, পাৰস্পৰিক সদিচ্ছা বৃদ্ধি কৰিবলৈ আৰু ৰাষ্ট্ৰ আৰু বিশ্বৰ প্ৰগতিৰ দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি লওঁ "।

 

অনুগ্ৰহ কৰি ৰাষ্ট্ৰপতিৰ বাৰ্তাটো চাবলৈ ইয়াত ক্লিক কৰক -

***

DS/AK/MANN


(रिलीज़ आईडी: 1864278) आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi