প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰতিৰক্ষা মন্ত্ৰীয়ে অসমৰ দিনজানত সেনা গঠন পৰিদৰ্শন কৰে; এলএচি-ৰ সৈতে কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে


শ্ৰী ৰাজনাথ সিঙে কাইলৈ অৰুণাচল প্ৰদেশৰ ফৰৱাৰ্ড পোষ্টসমূহ প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে

Posted On: 28 SEP 2022 7:07PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২৮ ছেপ্টেম্বৰ, ২০২২ তাৰিখে অসমৰ দিনজানত সেনা গঠন পৰিদৰ্শন কৰে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৩০ ছেপ্টেম্বৰ, ২০২২ লৈ অসম আৰু অৰুণাচল প্ৰদেশলৈ তিনিদিনীয়া ভ্ৰমণৰ উদ্দেশ্য আহিছে ৷ এই ভ্ৰমণত তেওঁ ফ্ৰণ্টলাইন স্থানসমূহ পৰিদৰ্শন কৰিব। তেওঁৰ সৈতে সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চীফ, ইষ্টাৰ্ণ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ সৈতে অন্যান্য জ্যেষ্ঠ বিষয়াও আছে।

এই ভ্ৰমণকালত শ্ৰী ৰাজনাথ সিঙে দেশৰ আটাইতকৈ পূব অংশত সেনা গঠনৰ কাৰ্যকৰী তৎপৰতাৰ বিষয়ে পৰ্যালোচনা কৰে। তেওঁক এলএচি-ৰ সৈতে আন্তঃগাঁথনি উন্নয়নৰ লগতে সামৰ্থ্য বিকাশ তথা কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে জেনেৰেল অফিচাৰ কমাণ্ডিং, ৩ কৰ্পছ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে বৰ্ণনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীক ফ্ৰণ্টলাইনত নিয়োজিত সৈন্যৰ কাৰ্যকৰী দক্ষতা বৃদ্ধিৰ বাবে অত্যাধুনিক সামৰিক সঁজুলি আৰু প্ৰযুক্তিৰ আৱণ্টনৰ বিষয়েও অৱগত কৰা হয়।

২৯ ছেপ্টেম্বৰত শ্ৰী ৰাজনাথ সিঙে কাৰ্যকৰী প্ৰস্তুতিৰ মূল্যাংকন আৰু সেনাসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ ফৰৱাৰ্ড পোষ্টসমূহ পৰিদৰ্শন কৰিব। তেওঁ স্থানীয় ইদু মিছিমি জনজাতিৰ বাৰ্ষিক ভ্ৰমণ আথু পোপুলৈ দ্বিতীয় ধৰ্মীয় অভিযানৰ সদস্যসকলৰ সৈতেও বাৰ্তালাপ কৰিব ৷ স্থানীয় লোকসকলক সহায় কৰা আৰু পৰ্যটনৰ বিকাশৰ দিশত প্ৰসাৰ আৰু অব্যাহত প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় সেনাই ২০২১ চনৰ পৰা বিভিন্ন সুবিধা প্ৰদান কৰি আহিছে।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে তেওঁৰ তিনিদিনীয়া ভ্ৰমণকালত সীমান্ত পথ সংস্থাৰ (বিআৰঅ') আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বিষয়েও পৰ্যালোচনা কৰিব।

 

***


(Release ID: 1863199) Visitor Counter : 138