তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মিডিয়া আৰু মনোৰঞ্জন ক্ষেত্ৰ ২০৩০লৈকে ১০০ বিলিয়ন ডলাৰৰ অধিক হোৱা উচিত: ফিক্কি ফ্ৰেমছ ফাষ্ট ট্ৰেক ২০২২ত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ সচিব
ফিল্ম ক্ষেত্ৰলৈ অধিক বিদেশী বিনিয়োগ আকৰ্ষিত কৰিবলৈ ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত ফিল্ম সুবিধা কাৰ্যালয়ক নতুন ৰূপ দিয়া হ'ব
ক্ৰমহ্ৰাসমান থিয়েটাৰৰ প্ৰবৃত্তি ওলোটা কৰিবলৈ চৰকাৰে থিয়েটাৰৰ বাবে মডেল থিয়েটাৰ পলিচী আৰু ছিংগল-উইণ্ডো ক্লীয়েৰেঞ্চৰ ব্যৱস্থা কৰিব
পিপিপি মোডত এভিজিচিৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ'ব
"ডেটা বিহীন উপভোগৰ মোবাইল ফোনত উচ্চ মানদণ্ডৰ ডিজিটেল কণ্টেণ্ট আনিবলৈ ডাইৰেক্ট-টু-মোবাইল সম্প্ৰচাৰৰ অত্যাধুনিক টেকনিকৰ সন্ধান কৰি থকা হৈছে"
চিনেমেটোগ্ৰাফ অধিনিয়মত সংশোধন সংসদৰ শীতকালীন অধিৱেশনত দাখিল কৰাৰ বাবে প্ৰস্তাৱিত: তথ্য আৰু সম্প্ৰচাৰ সচিব
পোষ্ট কৰা হৈছে:
27 SEP 2022 2:24PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ সচিব অপূৰ্ব চন্দ্ৰাই মিডিয়া আৰু মনোৰঞ্জন উদ্যোগক আহ্বান জনাইছে যে ২০৩০ চনলৈকে এই উদ্যোগক ১০০ বিলিয়ন ডলাৰৰো অধিকলৈকে বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰক। আজি ২৭ ছেপ্টেম্বৰ, ২০২২ত মুম্বাইত ফিক্কি ফ্ৰেমছ ফাষ্ট ট্ৰেক ২০২২ৰ উদ্বোধনী সভাত ভাষণ দি সচিব মহোদয়ে কয়, "ভাৰত অহা ১০ বছৰত ১০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থা হ'ব। এনে অৱস্থাত আমি এই লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব যে মিডিয়া আৰু মনোৰঞ্জন ক্ষেত্ৰই ২০৩০লৈকে ১০০ বিলিয়ন ডলাৰৰ অধিক হওক। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মিডিয়া আৰু মনোৰঞ্জন ক্ষেত্ৰক সাহায্য দিয়া আৰু ইয়াক বিকশিত কৰাত সহায় কৰিবলৈ সম্ভৱপৰ সকলো কৰিব।
শ্ৰী চন্দ্ৰাই ঘোষণা কৰে যে ভাৰতত ফিল্ম ক্ষেত্ৰলৈ অধিক বিদেশী বিনিয়োগ আনিবলৈ ইনভেষ্ট ইণ্ডিয়াৰ সুযোগ গ্ৰহণ কৰা হ'ব। তেওঁ কয়, "মন্ত্ৰালয়ে বিভিন্ন ফিল্ম সংস্থা এটাৰ অন্তৰ্গত বিলয় কৰি দিছে। মুম্বাইস্থিত এনএফডিচি, চৰকাৰৰ চিনেমাৰ শাখাৰ কেন্দ্ৰ হ'বলৈ গৈ আছে। ইয়াৰ লগে লগে আমি ফিল্ম সুবিধা কাৰ্যালয়ক নতুন ৰূপ দিব বিচাৰো। আমি ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰৰ দ্বাৰা গঠন কৰা মুখ্য বিনিয়োগ শাখা ইনভেষ্ট ইণ্ডিয়াক অৰ্পণ কৰিবলৈ গৈ আছো যাতে ফিল্ম উদ্যোগক ভাৰতলৈ আকৰ্ষিত কৰিব পৰা যায়। এই বছৰ ভাৰতত ১০০ আৰব ডলাৰৰ অধিক এফডিআই আহিছে। আমি বিদেশী বিনিয়োগ আনিবলৈ ইনভেষ্ট ইণ্ডিয়াৰ সুযোগ ল'ব বিচাৰো, আমি বিদেশী চিত্ৰ নিৰ্মাতাৰ কাষ পামগৈ যাতে তেওঁলোক ভাৰতলৈ আহিব পাৰে।"
সচিব মহোদয়ে কয় যে ভাৰতত ফিল্ম শ্বুটিঙক উদগণি দিবলৈ চৰকাৰে ৰাজ্যসমূহৰ লগত লগ হৈ কাম কৰিব। তেওঁ কয়, "অলপতে কান ফিল্ম ফেষ্টিভেলত আমি ভাৰতত বিদেশী ফিল্মৰ শ্বুটিঙৰ বাবে উদগণিমূলক যোজনা আৰু অডিঅ'-ভিজুৱেল সহ নিৰ্মাণৰ বাবে উদগণি যোজনা ঘোষণা কৰিছো। ৰাজ্যসমূহৰ দ্বাৰা দিয়া উদগণিৰ সৈতে এয়া ফিল্ম নিৰ্মাতাসকলৰ বাবে এক লাভজনক আৰু আকৰ্ষণীয় পেকেজ হৈছে।"
অপূৰ্ব চন্দ্ৰাই ঘোষণা কৰে যে ভাৰত চৰকাৰে ৰাজ্যৰ লগ হৈ কাম কৰিব আৰু এক মডেল থিয়েটাৰ নীতি প্ৰস্তুত কৰিব। তেওঁ কয়, "যোৱা ৫-৬ বছৰত চিনেমা গৃহৰ সংখ্যা হ্ৰাস হৈছে। আমি এই প্ৰবৃত্তিক ওলোটাই দিয়াৰ আৱশ্যকতা আছে। আমি ফিল্ম সুবিধা কাৰ্যালয়ক ইনভেষ্ট ইণ্ডিয়াৰ সৈতে লগ হৈ কাম কৰাৰ দায়িত্ব দিম যাতে থিয়েটাৰ খুলিবলৈ ছিংগল ইউণ্ডো পৰ্টেল বনাব পৰা যায় যাতে যিমান পাৰি বেছি থিয়েটাৰ নিৰ্মাণ হয় আৰু জনসাধাৰণে চিনেমা গৃহত ফিল্মৰ যাদু চোৱাৰ অধিক সুযোগ লাভ কৰে। আমি ৰাজ্যসমূহৰ সৈতে মিলি এটা মডেল থিয়েটাৰ পলিচীও প্ৰস্তুত কৰিম, যাতে ৰাজ্যই ইয়াক আদৰি ল'ব পাৰে আৰু তাৰ ওপৰত কাম কৰিব পাৰে।"
কোভিড-১৯ মহামাৰীৰ কাৰণে মানুহৰ দৰ্শন সম্পৰ্কীয় অভ্যাসো সলনি হ'ল, ইয়াৰ ওপৰত মন্তব্য কৰি সচিব মহোদয়ে কয় যে যেতিয়া তিনিদিনৰ আগতে টিকটৰ দাম ৭৫ টকা কৰি দিয়া হ'ল তেতিয়া সকলো শ্ব' হাউছফুল হয়। তেওঁ কয়, "ইয়াৰ জৰিয়তে জনা যায় যে যদি মূল্য সঠিক হয় তেন্তে মানুহে থিয়েটাৰৰ খৰছ বহন কৰিব পাৰে। মানুহৰ মাজত চিনেমা গৃহলৈ যোৱাৰ লোভ এতিয়াও আছে, সেয়ে আমি এই দিশত কাম কৰাৰ প্ৰয়োজন আছে যে আমি মানুহক চিনেমা গৃহলৈ কেনেকৈ ওভতাই আনিব পাৰো।"
সচিব মহোদয়ে উদ্যোগ জগতক কয় যে চিনেমেটোগ্ৰাফ অধিনিয়মত প্ৰস্তাৱিত সংশোধনৰ ওপৰত কালি ফিল্ম উদ্যোগৰ কিছুসংখ্যক বিশেষজ্ঞৰ সৈতে এখন দৰকাৰী বৈঠক হয়। তেওঁ কয়, "সকলো হিতধাৰকে ইউএ শ্ৰেণীৰ সৈতে বয়স বৰ্গীকৰণ আৰু এণ্টি-পাইৰেচী ব্যৱস্থা অনাৰ সৈতে জড়িত প্ৰস্তাৱিত সংশোধনৰ সমৰ্থন কৰে।" তেওঁ কয় যে ফিল্ম উদ্যোগৰ সমৰ্থনেৰে আমি সংসদৰ শীতকালীন অধিবেশনত সংশোধিত বিধেয়ক দাখিল কৰাৰ আশা কৰিছো।
তেওঁ কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা গঠিত এনিমেচন, ভিজুৱেল এফেক্ট, গেমিং এণ্ড কমিকছ (এভিজিচি) প্ৰমোচন টাস্ক ফৰ্চে অহা ১৫ দিনৰ ভিতৰত নিজৰ ৰিপৰ্ট দাখিল কৰিব। এভিজিচিক ভৱিষ্যৎ বুলি কৈ সচিব মহোদয়ে উদ্যোগ জগতক কয়, "আমি সকলো টাস্ক ফৰ্চৰ ৰিপৰ্ট সংকলিত কৰি আছো, আৰু তাৰ পাছত আমি পৰামৰ্শ জমা কৰিম আৰু ৰিপৰ্ট ৰূপায়ণৰ প্ৰক্ৰিয়া কৰিম। হলিউডৰ সৰ্বশ্ৰেষ্ঠ ফিল্ম এতিয়া বেংগালুৰু আৰু অন্য ঠাইত নিৰ্মাণ হৈ আছে। এভিজিচি এতিয়া আহিবলগা ক্ৰান্তি, যেনে ২০ বছৰ আগতে আইটি ক্ৰান্তি হৈছিল।"
সচিব মহোদয়ে কয় যে বেচৰকাৰী ক্ষেত্ৰৰ সহযোগত এভিজিচিৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰি থকা হৈছে। তেওঁ কয়, "মই আপোনালোকক এই কথা ক'বলৈ পাই আনন্দিত যে আমি বেচৰকাৰী ক্ষেত্ৰৰ সহযোগত এভিজিচি চেণ্টাৰ অফ এক্সিলেঞ্চ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বাবে ৪৮% অংশ, ফিক্কিৰ বাবে ২৬% আৰু চিআইআইৰ বাবে ২৬% অংশৰ প্ৰস্তাৱ কৰি আছো যাতে চৰকাৰৰ সলনি বেচৰকাৰী ক্ষেত্ৰই এভিজিচিৰ সৈতে জড়িত পৰিৱৰ্তনৰ নেতৃত্ব কৰক। আমাৰ বিশ্বাস আছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মিডিয়া আৰু মনোৰঞ্জন উদ্যোগত উত্থানৰ বাবে প্ৰেৰণাদায়ক হিচাপে কাম কৰিব।"
ভাৰতীয় নাগৰিকে শীঘ্ৰেই নিজৰ মোবাইল ফোনত উচ্চ মানৰ ফিল্ম আৰু মনোৰঞ্জন সম্পৰ্কীয় কণ্টেণ্ট চাব পাৰিব সেয়াও ডেটা উপভোগ নোহোৱাকৈ। সচিব শ্ৰী চন্দ্ৰাই কয়, "ভাৰতত আমি ডেটা ব্যয়ৰ বিষয়ে কেতিয়াও নাভাবো, কিয়নো ডেটা অন্য দেশৰ তুলনাত ইয়াত বহুত সস্তা। ই মিডিয়া আৰু মনোৰঞ্জন উদ্যোগক এটা ডাঙৰ সুযোগ দিয়ে। 5জি অহাৰ লগে লগে, ডাইৰেক্ট-টু-মোবাইল সম্প্ৰচাৰৰ বাবে আন এটা সুযোগ। আইআইটি কাণপুৰৰ সহযোগত প্ৰসাৰ ভাৰতীয়ে এক প্ৰুফ-অফ-কঞ্চেপ্ট লৈ আহিছে, য'ত ২০০ৰো অধিক চেনেল চাব পাৰি আৰু উচ্চ মানদণ্ডৰ ফিল্ম মোবাইল ফোনত ডেটা ব্যৱহাৰ নকৰাকৈ, ডাইৰেক্ট-টু-মোবাইল সম্প্ৰচাৰ ব্যৱহাৰ কৰি চাব পাৰি।" তেওঁ বিশ্বাস ব্যক্ত কৰে যে এই পৰিৱৰ্তন অহা ৩-৪ বছৰৰ ভিতৰত হৈ যাব।
তথ্য আৰু সম্প্ৰচাৰ সচিবে এই ক্ষেত্ৰত বেছি ৰোজগাৰ সৃষ্টি কৰাত মিডিয়া আৰু মনোৰঞ্জন কৌশল পৰিষদৰ মহত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয়, "বহু মানুহে এতিয়া অ'টিটি প্লেটফৰ্মত কণ্টেণ্ট চাই আছে, কিন্তু কণ্টেণ্ট ক্ৰিয়েচনৰ গতি বাঢ়িছে যাৰ ফলত অধিক মানুহে অধিক চাকৰি পাই আছে। ইয়াত মিডিয়া আৰু মনোৰঞ্জন কৌশল পৰিষদৰ বৃহৎ ভূমিকা আছে, কিয়নো অধিক চাকৰি সৃষ্টি কৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে দক্ষতা সংযুক্ত কৰা।"
এই উদ্বোধনী সমাৰোহত ফিল্ম নিৰ্মাতা ৰমেশ সিপ্পি; ব্ৰিটেইনৰ ৱেষ্ট য়ৰ্কশ্বায়াৰৰ মেয়ৰ ট্ৰেসী ব্ৰেবিন; প্ৰসিদ্ধ ফিল্ম তাৰকা ৰণৱীৰ সিং; পুনৰযুগৰ প্ৰতিষ্ঠাপক তথা ফিক্কি এভিজিচি ফৰামৰ অধ্যক্ষ আশীষ কুলকৰ্ণী; সম্প্ৰচাৰ আৰু আইটিৰ স্থায়ী সমিতিৰ সদস্য, সাংসদ সুমলতা অম্বৰীশ; পৰিবহন, পৰ্যটন আৰু সংস্কৃতিৰ স্থায়ী সমিতিৰ সদস্য, সাংসদ প্ৰিয়ংকা চতুৰ্বেদী; সম্প্ৰচাৰ আৰু আইটিৰ স্থায়ী সমিতিৰ সদস্য, সাংসদ সঞ্জয় শেঠ আৰু ফিক্কিৰ মহানিৰ্দেশক অৰুণ চাওলা উপস্থিত আছিল।
ফিক্কি ফ্ৰেমছ ফাষ্ট ট্ৰেকৰ ফিল্ম, সম্প্ৰচাৰ (টিভি আৰু ৰেডিঅ'), ডিজিটেল মনোৰঞ্জন, এনিমেচন, গেমিং আৰু ভিজুৱেল এফেক্টৰ দৰে মিডিয়া আৰু মনোৰঞ্জন ক্ষেত্ৰৰ বিভিন্ন পদক্ষেপক অন্তৰ্ভুক্ত কৰা বিষয়ৰ ওপৰত কৰ্মশালা আৰু মাষ্টাৰ-ক্লাছৰ সমান্তৰালকৈ পূৰ্ণ আৰু সমতাভিত্তিক সত্ৰ হ'ব। এই উদ্যোগৰ হিতধাৰক- যেনে মিডিয়া আৰু মনোৰঞ্জন কোম্পানীৰ চিইঅ', ফিল্ম নিৰ্মাতা, নিৰ্দেশক আৰু উদ্যোগৰ অন্য ব্যৱসায়ী আৰু সৃষ্টিশীল প্ৰতিভাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ প্ৰতিনিধিৰ সৈতে প্ৰতিবছৰে এই কাৰ্যক্ৰমত ভাগ লয়।
***
PIB Mumbai | Dheep/Prarthna/PM
(ৰিলিজ আই ডি : 1862908)
অতিথি কক্ষ : 200