গ্ৰামোন্নয়ণ মন্ত্ৰালয়

মুকলি কৰা হ’ল জলদূত এপ: সমগ্ৰ দেশত ভূগৰ্ভস্থ পানীৰ স্তৰ নিৰীক্ষণ কৰিবলৈ ইয়াক সক্ষম কৰি তোলা হৈছে


এই তথ্যই তৃণমূল পৰ্যায়ৰ কামৰ বাবে উন্নত পৰিকল্পনা সক্ষম কৰি তুলিব: শ্ৰী ফগন সিং কুলাস্তে

ভূগৰ্ভস্থ পানীৰ হ্ৰাস হোৱা স্তৰ পৰ্যালোচনা কৰাটো এক অগ্ৰাধিকাৰযোগ্য বিষয়; সমগ্ৰ দেশৰ পৰা উন্নীতকৰণ তথ্য আহৰণ কৰাটো প্ৰয়োজনীয়: সাধ্বী নিৰঞ্জন জ্যোতি

ৰাজ্য চৰকাৰে গাঁও পঞ্চায়তসমূহক ভূগৰ্ভস্থ পানীৰ স্তৰৰ তথ্য প্ৰণালীবদ্ধভাৱে সংগ্ৰহ কৰা প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা উচিত: শ্ৰী কপিল মোৰেশ্বৰ পাটিল

Posted On: 27 SEP 2022 5:49PM by PIB Guwahati

কেন্দ্ৰীয় ৰাজ্যিক গ্ৰামোন্নয়ন আৰু ইস্পাত মন্ত্ৰী শ্ৰী ফগন সিং কুলাস্তেয়ে আজি নতুন দিল্লীত এক অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক গ্ৰামোন্নয়ন, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী সাধ্বী নিৰঞ্জন জ্যোতি আৰু কেন্দ্ৰীয় ৰাজ্যিক পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী কপিল মোৰেশ্বৰ পাটিলৰ উপস্থিতিত "জলদূত এপ আৰু জলদূত এপ ই-পুস্তিকা" মুকলি কৰে।  এই অনুষ্ঠানত গ্ৰামোন্নয়ন বিভাগৰ সচিব শ্ৰী নগেন্দ্ৰ নাথ সিনহা, পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুনীল কুমাৰ আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল। ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ প্ৰতিনিধিসকলো উপস্থিত আছিল।

গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে যুটীয়াভাৱে জলদূত এপটো বিকশিত কৰিছে। এই এপটো একোখন গাঁৱত নিৰ্বাচিত ২-৩ টা কুঁৱাৰ পানীৰ স্তৰ পৰীক্ষা কৰিবলৈ সমগ্ৰ দেশতে ব্যৱহাৰ কৰা হ'ব। মুকলি কুঁৱাবোৰত পানীৰ স্তৰৰ মেনুৱেল নিৰীক্ষণ বছৰত দুবাৰকৈ কৰা হ'ব- ১ মে’ৰ পৰা ৩১ মে’লৈ প্ৰাক-মৌচুমী পানীৰ স্তৰ হিচাপে আৰু ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ সেই কুঁৱাটোৰ বাবে পচ্ছাদ মৌচুমীৰ স্তৰৰ বাবে। জলদূত অৰ্থাৎ পানীৰ স্তৰ জোখাৰ বাবে নিৰ্দেশায়িত কৰা বিষয়াসকলে প্ৰতিটো জোখ-মাপৰ সময়ত এপৰ জৰিয়তে জিঅ'-টেগ কৰা আলোকচিত্ৰবোৰ আপলোড কৰিব লাগিব।

এই মোবাইল এপটোৱে অনলাইন আৰু অফলাইন দুয়োধৰণে কাম কৰিব। গতিকে ইণ্টাৰনেট সংযোগ অবিহনেও পানীৰ স্তৰ পৰীক্ষা তথা পৰীক্ষাৰ তাৰিখ মোবাইলত সংৰক্ষিত হ'ব আৰু যেতিয়া মোবাইল নেটৱৰ্কৰ সংযোগ ক্ষেত্ৰলৈ আহিব তেতিয়া এই ডাটা স্বয়ংক্ৰিয়ভাৱে কেন্দ্ৰীয় চাৰ্ভাৰত জমা হ'ব।জলদূতৰ দ্বাৰা ইনপুট হোৱা নিয়মীয়া ডাটা ৰাষ্ট্ৰীয় পানী তথ্য কেন্দ্ৰৰ (এনডব্লিউআইচি) ডাটাবেছৰ সৈতে একত্ৰিত হ'ব, যাক বিভিন্ন অংশীদাৰৰ সুবিধাৰ বাবে বিভিন্ন উপযোগী প্ৰতিবেদনৰ বিশ্লেষণ আৰু প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰিব পৰা হ’ব। জলদূত ৱেব পৰ্টেলত পানীৰ স্তৰৰ প্ৰতিবেদন, মৌচুমী প্ৰতিবেদন, আৰু পঞ্জীভুক্ত ব্যৱহাৰকাৰীৰ প্ৰতিবেদন উপলব্ধ হ’ব।

এপ মুকলি অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী ফগন সিং কুলাস্তেয়ে কয় যে নতুনকৈ মুকলি কৰা উক্ত এপটোৰ জৰিয়তে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চল আৰু গাঁও পঞ্চায়তসমূহে বিশ্লেষণৰ বাবে কেন্দ্ৰীয় ডিজিটেল ডাটাবেছত ভূগৰ্ভস্থ পানীৰ স্তৰৰ তথ্য প্ৰণালীবদ্ধভাৱে সংগ্ৰহ কৰা আৰু ইয়াৰ আত্মীকৰণত নিজকে সন্নিৱিষ্ট কৰা উচিত। তেওঁ কয় যে জলবিভাজিকা উন্নয়ন, বনানীকৰণ, জলাশয়ৰ বিকাশ, নৱীকৰণ আৰু বৰষুণৰ পানী সংগ্ৰহৰ প্ৰচেষ্টাৰ প্ৰচাৰ কৰাৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পাইছে। তেওঁ কয় যে এই এপটোৱে সমগ্ৰ দেশতে পানীৰ তালিকা পৰ্যবেক্ষণ কৰাত সহায় কৰিব আৰু ইয়াৰ দ্বাৰা লাভ কৰা তথ্য গাঁও পঞ্চায়ত উন্নয়ন আঁচনি আৰু মহাত্মা গান্ধী এনআৰইজিএ আঁচনিৰ বাবে ব্যৱহাৰ কৰিব পৰা হ’ব।

ৰাজ্যিক মন্ত্ৰী সাধ্বী নিৰঞ্জন জ্যোতিয়ে তেওঁৰ ভাষণত দেশৰ বিভিন্ন প্ৰান্তত ভূগৰ্ভস্থ পানীৰ নিৰ্গমন চিন্তাজনক স্তৰত উপনীত হৈছে আৰু এই সমস্যা সমাধান কৰাটো এক অগ্ৰাধিকাৰ বুলি উল্লেখ কৰে। সেয়েহে সমগ্ৰ দেশতে পানীৰ তালিকাৰ স্তৰৰ জোখ আৰু পৰ্যৱেক্ষণ প্ৰয়োজনীয় হৈ পৰিছে। তেওঁ কয় যে যদি বৰষুণৰ পানীৰ বান্ধ নিৰ্মাণ কৰা হয়, সেইবোৰ বৰষুণৰ পানীৰ ব্যৱস্থাপনা আৰু সংৰক্ষণত উপযোগী হ'ব।

কেন্দ্ৰীয় ৰাজ্যিত পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী কপিল মোৰেশ্বৰ পাটিলে তেওঁৰ ভাষণত ৰাজ্য চৰকাৰে গাঁও পঞ্চায়তসমূহক প্ৰণালীবদ্ধভাৱে ভূগৰ্ভস্থ পানীৰ স্তৰৰ তথ্য সংগ্ৰহ কৰাত অন্তৰ্ভুক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি উল্লেখ কৰে। তেওঁ কয় যে আমি সমগ্ৰ দেশতে ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি কৰিবলৈ অভিযানভিত্তিত একেলগে কাম কৰা উচিত।

তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ বাবে প্ৰয়োজনীয় -জলদূত http://cgwb.gov.in-ত (জলদূত আৰু উৎস পুস্তিকা.pdf) উপলব্ধ হ’ব।

 

***

SNC/NR/PK/MS/MANN



(Release ID: 1862901) Visitor Counter : 183


Read this release in: English , Urdu , Hindi , Punjabi , Odia