গৃহ মন্ত্ৰালয়

গুজৰাটৰ সনন্দত আজি কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৩৫০খন বিছনাযুক্ত ‘ইএছআইচি হাস্পটাল’ৰ ভূমি-পূজন সম্পন্ন কৰে


শ্ৰী অমিত শ্বাহে ভড়াজ আৰু ‘আহমেদাবাদ আৰ্বান ডেভেলপমেণ্ট অথৰিটী’য়ে ‘ছায়েন্স চিটী’ আৰু ‘মিলন কেন্দ্ৰ-সমাজৱাদী’ৰ সমীপত নিৰ্মাণ কৰি উলিওৱা ‘বিৰোচননগৰ প্ৰথামিক স্বাস্থ্য কেন্দ্ৰ’টো আনুষ্ঠানিক ভাবে মুকলি কৰে, শ্ৰী শ্বাহে ‘মেলডী মাতাজী মন্দিৰ’ত পূজা-অৰ্চনাও আগবঢ়ায়

‘নৱৰাত্ৰী’ উপলক্ষে শ্ৰী শ্বাহে জন সাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত, নৰেন্দ্ৰ মোদীয়ে ‘ইএছআইচি’ আঁচনিখন আৰু অধিক ফলপ্ৰসূ কৰি তুলি আগুৱাই নিয়াৰ বাবে কাম কৰে

স্বাস্থ্য-আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰিক উদ্যোগ গ্ৰহণ কৰে যাৰ তিনিটা অংশ আছে

চিকিত্সা বিজ্ঞানৰে সম্পৰ্কিত সকলো ধৰণৰ আন্তঃগাঁথনি আৰু মানৱ-সম্পদৰ সম্প্ৰসাৰণ, ‘আয়ুষ’-ৰ দৰে পৰম্পৰাগত ভাৰতীয় চিকিত্সা পদ্ধতিৰ মূলসুঁতিকৰণ আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰে গাঁওসমূহত বিশেষজ্ঞ সা-সুবিধাৰ যোগান ধৰাৰ দিহা কৰে

৩৫০খন বিছনাযুক্ত এইখন হাস্পটাল অ’পিডি, ইনড’ৰ সুবিধাসমূহ, এক্স-ৰে’, ৰেডিঅ’লজী, লেব’ৰেটৰী, অপাৰেশ্যন থিয়েটাৰ, অবষ্টেট্ৰিক্স, আইচিইউ আৰু আল্ট্ৰাছাউণ্ড-কে ধৰি বহু সা-সুবিধা সম্বলিত হ’ব

পাৰম্ভিক পৰ্যায়ত

Posted On: 26 SEP 2022 4:06PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ সনন্দত ৩৫০খন বিছনাযুক্ত ‘ইএছআইচি হাস্পটাল’ৰ ‘ভূমি-পূজন’ সম্পন্ন কৰে।

শ্ৰী অমিত শ্বাহে ভড়াজ  আৰু ‘আহমেদাবাদ আৰ্বান ডেভেলপমেণ্ট অথৰিটী’য়ে ‘ছায়েন্স চিটী’ আৰু ‘মিলন কেন্দ্ৰ-সমাজৱাদী’ৰ সমীপত নিৰ্মাণ কৰি উলিওৱা ‘বিৰোচননগৰ প্ৰথামিক স্বাস্থ্য কেন্দ্ৰ’টো আনুষ্ঠানিক ভাবে মুকলি কৰে।

শ্ৰী শ্বাহে ‘মেলডী মাতাজী মন্দিৰ’ত পূজা-অৰ্চনাও আগবঢ়ায়।

এই উপলক্ষে প্ৰদান কৰা ভাষণত শ্ৰী শ্বাহে ‘নৱৰাত্ৰী’ উপলক্ষে জন সাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত, নৰেন্দ্ৰ মোদীয়ে ‘ইএছআইচি’ আঁচনিখন আৰু অধিক ফলপ্ৰসূ কৰি তুলি আগুৱাই নিয়াৰ বাবে কাম কৰিছে। ৩৫০খন বিছনাযুক্ত এইখন হাস্পটাল অ’পিডি, ইনড’ৰ সুবিধাসমূহ, এক্স-ৰে’, ৰেডিঅ’লজী, লেব’ৰেটৰী, অপাৰেশ্যন থিয়েটাৰ, অবষ্টেট্ৰিক্স, আইচিইউ আৰু আল্ট্ৰাছাউণ্ড-কে ধৰি বহু সা-সুবিধা সম্বলিত হ’ব। পাৰম্ভিক পৰ্যায়ত চাৰে ন একৰ ভূমিত নিৰ্মাণ কৰিব লগা এই ৩৫০ খন বিছনাযুক্ত হাস্পটালখনৰ বাবে ব্যয় হ’ব ৫০০ কোটি টকা। ‘শ্ৰম মন্ত্ৰালয়ে’ ইয়াৰ দিহা কৰিব, প্ৰয়োজন সাপেক্ষে তাতক্ষণিক ভাবে ইয়াৰ সামৰ্থ্য ৩৫০খন বিছনাৰ পৰা ৫০০খনলৈ বৃদ্ধি কৰিব পৰা যাব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যেহাস্পটালখনে সনন্দ আৰু ইয়াৰ কাষে-পাজৰৰ অঞ্চলসমূহৰ ১২লাখ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগতে অঞ্চলটোৰ গাঁওবাসীক উপকৃত কৰিব।

ভাষণ প্ৰসংগত শ্ৰী শ্বাহে কয় যে স্বাস্থ্য-আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰিক উদ্যোগ গ্ৰহণ কৰে যাৰ তিনিটা অংশ আছে। চিকিত্সা বিজ্ঞানৰে সম্পৰ্কিত সকলো ধৰণৰ আন্তঃগাঁথনি আৰু মানৱ-সম্পদৰ সম্প্ৰসাৰণ, ‘আয়ুষ’-ৰ দৰে পৰম্পৰাগত ভাৰতীয় চিকিত্সা পদ্ধতিৰ মূলসুঁতিকৰণ আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰে গাঁওসমূহত বিশেষজ্ঞ সা-সুবিধাৰ যোগান ধৰাৰ দিহা কৰে।

তেওঁৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী জনে কয় যে ২০১৩-১৪ চনত দেশত মাত্ৰ ৩৮৭খন চিকিত্সা মহাবিদ্যালয় আছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১-২২ চনত এই সংখ্যা ৫৯৬খনলৈ বৃদ্ধি কৰাত সহায় কৰিলে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ‘এমবিবিএছ’ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা ৫১,০০০ৰ পৰা ৮৯,০০০লৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসন ৩১,০০০ৰ পৰা বৃদ্ধি কৰিলে ৬০,০০০লৈ। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ‘আয়ুষ্মান ভাৰত যোজনা’ৰ জৰিয়তে ৬০ কোটি লোকলৈ ৫ লাখ টকা পৰ্যন্ত চিকিত্সা সেৱা বিনামূলীয়াকৈ আগবঢ়াইছে বুলি মন্তব্য কৰা শ্বাহে গুজৰাট চৰকাৰেও প্ৰসুতি মৃত্যুৰ হাৰ, নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰতিষ্ঠানিক প্ৰসৱ-ৰ দৰে স্বাসস্থ্যখণ্ডৰ বহুবোৰ সূচকাংকত উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি অভিমত প্ৰকাশ কৰে।

 

***

NW/AY/AK/RR/AS/KB



(Release ID: 1862899) Visitor Counter : 117