কেবিনেট

লজিষ্টিক সেৱাত অধিক দক্ষতাৰ বাবে ইউনিফাইড লজিষ্টিক ইণ্টাৰফেচ প্লেটফৰ্ম, মানককৰণ, নিৰীক্ষণ ফ্ৰেমৱৰ্ক আৰু দক্ষতা বিকাশৰ বাবে নীতি প্ৰণয়ন


ত্বৰিত আৰু সামগ্ৰিক বিকাশৰ বাবে প্ৰযুক্তিগতভাৱে সক্ষম, একত্ৰিত, ব্যয়-দক্ষ, স্থিতিস্থাপক আৰু বহনক্ষম লজিষ্টিক পৰিস্থিতিতন্ত্ৰ নিশ্চিত কৰাৰ নীতি

লজিষ্টিক ব্যয় হ্ৰাস কৰা আৰু গোলকীয় মানদণ্ড প্ৰাপ্ত কৰা, লজিষ্টিক খণ্ডত ভাৰতৰ বিশ্বব্যাপী ৰেংকিং উন্নত কৰা, বিশ্বব্যাপী বাণিজ্যৰ বৃহৎ অংশ প্ৰাপ্ত কৰাত সহায় কৰাৰ লক্ষ্য

লজিষ্টিক দক্ষতা বৃদ্ধিৰ বাবে লাভৱান হ’ব ক্ষুদ্ৰ ব্যৱসায়ী আৰুকৃষকসকল

Posted On: 21 SEP 2022 3:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় লজিষ্টিক নীতিত অনুমোদন জনাইছে। এই নীতিয়ে লজিষ্টিক খণ্ডৰ বাবে এক সামগ্ৰিক আন্তঃশাখা, ক্ৰছ-ছেক্টৰেল, বহু-এলেকাৰ আৰু ব্যাপক নীতিৰ পৰিকাঠামো নিৰ্ধাৰণ কৰে। এই নীতিয়ে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ পৰিপূৰক। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় গুৰু পৰিকল্পনাৰ লক্ষ্য হৈছে সংহত আন্তঃগাঁথনি উন্নয়নৰ বাবে, ৰাষ্ট্ৰীয় লজিষ্টিক নীতিয়ে প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা, নিয়ন্ত্ৰণ কাঠামো, দক্ষতা বিকাশ, উচ্চ শিক্ষাত লজিষ্টিকক মূলসুঁতিলৈ অনা আৰু উপযুক্ত প্ৰযুক্তি গ্ৰহণৰ জৰিয়তে লজিষ্টিক সেৱা, আৰু মানৱ সম্পদৰ ক্ষেত্ৰত দক্ষতা আনিবলৈ কল্পনা কৰা হৈছে।

ত্বৰান্বিত আৰু অন্তৰ্ভুক্ত বৃদ্ধিৰ বাবে প্ৰযুক্তিগতভাৱে সক্ষম, সংহত, খৰচ-দক্ষ, স্থিতিস্থাপক, বহনক্ষম আৰু বিশ্বাসযোগ্য লজিষ্টিক পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাটোৱেই হৈছে দৃষ্টিভংগী।

নীতিয়ে লক্ষ্য নিৰ্ধাৰণ কৰে আৰু সেইবোৰ লাভৰ বাবে বিশদ কাৰ্য্য পৰিকল্পনা অন্তৰ্ভুক্ত কৰে। লক্ষ্যসমূহ হৈছে:

১.  ২০৩০ চনৰ ভিতৰত বিশ্বৰ মানদণ্ডৰ সৈতে তুলনাযোগ্য হ’বলৈ ভাৰতত লজিষ্টিক ব্যয় হ্ৰাস কৰা,

২. লজিষ্টিকছ পাৰফৰমেন্স ইনডেক্স ৰেংকিং উন্নত কৰা, ২০৩০ চনৰ ভিতৰত শীৰ্ষ ২৫ খন দেশৰ ভিতৰত থাকিব, আৰু

৩. এটা দক্ষ লজিষ্টিক পৰিৱেশ তন্ত্ৰৰ বাবে তথ্য চালিত সিদ্ধান্ত সমৰ্থন ব্যৱস্থা সৃষ্টি কৰা

এক পৰামৰ্শমূলক প্ৰক্ৰিয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় লজিষ্টিক নীতি প্ৰস্তুত কৰা হৈছে য’ত ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগ, উদ্যোগৰ অংশীদাৰ আৰু শিক্ষাবিদসকলৰ সৈতে কেইবাটাও ৰাউণ্ডৰ পৰামৰ্শ অনুষ্ঠিত কৰা হৈছিল, আৰু বিশ্বব্যাপী উত্তম পদ্ধতিসমূহৰ প্ৰতি লক্ষ্য ৰাখিছে।

নীতি ৰূপায়ণৰ তদাৰক কৰিবলৈ আৰু সকলো অংশীদাৰৰ প্ৰচেষ্টাক একত্ৰিত কৰিবলৈ নীতিটোৱে বৰ্তমানৰ প্ৰতিষ্ঠানিক কাঠামো, অৰ্থাৎ প্ৰধানমন্ত্ৰী গতিশক্তি এনএমপিৰ অধীনত সৃষ্টি কৰা ক্ষমতাপ্ৰাপ্ত সচিব গোট (ইজিঅ’এছ) ব্যৱহাৰ কৰিব। এনপিজিৰ টিঅ’আৰৰ অধীনত সামৰি লোৱা নহোৱা লজিষ্টিক খণ্ডত প্ৰক্ৰিয়া, নিয়ন্ত্ৰণ আৰু ডিজিটেল সংস্কাৰৰ সৈতে জড়িত প্ৰাচলসমূহ নিৰীক্ষণ কৰিবলৈ ইজিঅ’এছে নেটৱৰ্ক পৰিকল্পনা গোট (এনপিজি)ৰ আৰ্হিৰ ওপৰত এটা “সেৱা উন্নয়ন গোট” (এছআইজি)ও স্থাপন কৰিব।

এই নীতিয়ে দেশত লজিষ্টিক ব্যয় হ্ৰাস কৰাৰ পথ প্ৰশস্ত কৰে। অনুকূল স্থানীয় পৰিকল্পনা, মানদণ্ডৰ প্ৰসাৰ, লজিষ্টিক মূল্য শৃংখলত ডিজিটেলাইজেচন আৰু স্বয়ংক্ৰিয়কৰণ আৰু উন্নত ট্ৰেক আৰু ট্ৰেচ ব্যৱস্থাৰ সৈতে গুদামৰ পৰ্যাপ্ত বিকাশ সক্ষম কৰাত গুৰুত্ব দিয়া হ’ব।

নীতিটোৱে নিৰৱচ্ছিন্ন সমন্বয় আৰু ক্ষিপ্ৰ সমস্যা সমাধান, সুশৃংখলিত এক্সিম প্ৰক্ৰিয়া, বিভিন্ন অংশীদাৰৰ মাজত মানৱ সম্পদ বিকাশৰ বাবে দক্ষ জনশক্তিৰ এক নিয়োগযোগ্য পুল সৃষ্টিৰ বাবেও অধিক ব্যৱস্থা নিৰ্ধাৰণ কৰিছে।

বিভিন্ন পদক্ষেপসমূহ তাৎক্ষণিকভাৱে স্থলভাগত ৰূপায়ণৰ বাবেও নীতিটোত স্পষ্টভাৱে এটা কাৰ্য্যসূচী নিৰ্ধাৰণ কৰা হৈছে। দৰাচলতে এই নীতিৰ সুবিধাসমূহ যাতে সৰ্বাধিক সম্ভৱ হয় তাৰ বাবে নীতিৰ অধীনত মূল পদক্ষেপসমূহৰ ভিতৰত আছে ইউনিফাইড লজিষ্টিকছ ইন্টাৰফেচ প্লেটফৰ্ম (ইউলিপ), ইজ অৱ লজিষ্টিকছ চাৰ্ভিচেছ প্লেটফৰ্ম, ই-হেণ্ডবুক অন ৱেৰহাউছিং, পি এম গতিশক্তি পাঠ্যক্ৰমৰ ওপৰত প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় লজিষ্টিক নীতি মুকলি কৰাৰ লগে লগে আই-গট প্লেটফৰ্মত লজিষ্টিক আৰম্ভ কৰা হয়। ইয়াৰ দ্বাৰা তাৎক্ষণিকভাৱে স্থলভাগত ৰূপায়ণৰ বাবে সাজু হোৱাৰ ইংগিত পোৱা যায়।

লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সম্পূৰ্ণৰূপে অনব’ৰ্ড কৰা হৈছে। ইতিমধ্যে চৈধ্যখন ৰাজ্যই ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ ধাৰাত নিজ নিজ ৰাজ্যিক লজিষ্টিক নীতি প্ৰস্তুত কৰিছে আৰু ১৩খন ৰাজ্যৰ বাবে ই খচৰা প্ৰস্তুতৰ পৰ্যায়ত আছে। কেন্দ্রীয় আৰু ৰাজ্যিক পর্যায়ত প্রধানমন্ত্রী গতিশক্তিৰ অধীনত থকা প্রতিষ্ঠানিক কাঠামো, যিয়ে নীতি ৰূপায়ণৰ কামো চোৱাচিতা কৰিব, সম্পূর্ণৰূপে কার্যকৰী হৈ আছে৷ ইয়াৰ ফলত সকলো অংশীদাৰৰ মাজত নীতিটো দ্ৰুত আৰু ফলপ্ৰসূভাৱে গ্ৰহণ কৰাটো নিশ্চিত হ’ব।

এই নীতিয়ে ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু অন্যান্য খণ্ড যেনে কৃষি আৰু সংশ্লিষ্ট খণ্ড, দ্ৰুতগতিত বৃদ্ধি পোৱা গ্ৰাহক সামগ্ৰী আৰু ইলেক্ট্ৰনিকছৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। অধিক ভৱিষ্যদ্বাণীযোগ্যতা, স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতাৰ সৈতে যোগান শৃংখলত কম অপচয় হ’ব আৰু বিশাল তথ্য-পাতিৰ প্ৰয়োজন হ’ব।

দেশত ত্বৰান্বিত অৰ্থনৈতিক বিকাশৰ সুবিধা প্ৰদান কৰাৰ উপৰিও বিশ্ব মূল্য শৃংখলৰ অধিক সংহতি আৰু বিশ্ব বাণিজ্যত অধিক অংশীদাৰিত্ব, কল্পনা কৰা আন এক ফলাফল।

ইয়াৰ ফলত লজিষ্টিক ব্যয় হ্ৰাস পাব আৰু দেশৰ লজিষ্টিক পাৰফৰমেন্স ইনডেক্স ৰেংকিং আৰু বিশ্বব্যাপী মানদণ্ড লাভ কৰিবলৈ ইয়াৰ বিশ্বব্যাপী অৱস্থা উন্নত হ’ব বুলি আশা কৰা হৈছে। এই নীতিয়ে ভাৰতৰ লজিষ্টিক খণ্ডৰ ৰূপান্তৰ, লজিষ্টিক দক্ষতা বৃদ্ধি, লজিষ্টিক ব্যয় হ্ৰাস আৰু বিশ্বব্যাপী প্ৰদৰ্শন উন্নত কৰাৰ এক স্পষ্ট দিশ নিৰ্ধাৰণ কৰে।

***

DS/MS



(Release ID: 1861761) Visitor Counter : 134