প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘কুনো ৰাষ্ট্ৰীয় উদ্যান’ত প্ৰধানমন্ত্ৰীয়ে ভাৰতত বিলুপ্ৰায় চিতাবাঘ মুকলি কৰিলে


‘চিতা-মিত্ৰ’, ‘চিতা পুনৰসংস্থাপন প্ৰবন্ধন গোট’ আৰু ছাত্ৰ-ছাত্ৰীৰে বাৰ্তালাপ

নামিবিয়াৰ পৰা অনা চিতাবাঘকেইটা ভাৰতত মুকলি কৰা হয় ‘চিতা প্ৰকল্প’ৰ অধীনত, যিটো হৈছে পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সম্পাদিত ‘আন্তঃমহাদেশীয় বৃহত্ মাংসহাৰীৰ স্থানান্তৰণ প্ৰকল্প’

ভাৰতলৈ বাঘৰ পুনৰাগমনে মুকলি বনাঞ্চল আৰু তৃণাঞ্চলৰ পুনৰুথ্থানত সহায় কৰিব আৰু স্থানীয় লোকসকলৰ বাবে জীৱিকা নিৰ্বাহৰ সুযোগ বৃদ্ধি কৰিব

Posted On: 17 SEP 2022 12:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য প্ৰদেশৰ ‘কুনো ৰাষ্ট্ৰীয় উদ্যান’ত ভাৰতত বিলুপ্তপ্ৰায় বনৰীয়া চিতাবাঘৰ এটা গোট  মুকলি কৰে। নামিবিয়াৰ পৰা অনা  চিতাবাঘকেইটা ‘চিতা প্ৰকল্প’ৰ অধীনত ভাৰতত মুকলি কৰা হয়। আৰু ই হব পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সম্পাদিত ‘আন্তঃমহাদেশীয় বৃহত্ মাংসহাৰীৰ স্থানান্তৰণ প্ৰকল্প। চিতাবাঘৰ গোটত পাঁচজনী মাইকী আৰু তিনিটা মতা চিতা আছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ দুটা এলেকাত প্ৰধানমন্ত্ৰীয়ে বাঘকেইটা মুকলি কৰে। অনুষ্ঠানস্থলীত প্ৰধানমন্ত্ৰীয়ে ‘চিতা মিত্ৰ’, ‘চিতা পুনৰসংস্থাপন প্ৰবন্ধন গোট’ আৰু ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ সৈতে বাৰ্তালাপতো মিলিত হয়। এই ঐতিহাসিক উপলক্ষত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক সম্বোধি ভাষণো প্ৰদান কৰে।

ভাৰতত ১৯৫২ চনতে চিতাবাঘক বিলুপ্তপ্ৰায় প্ৰাণী হিচাপে ঘোষণা কৰা হৈছিল। বনাঞ্চলখনত মুকলি কৰা চিতাকেইটা এইবছৰৰ আগভাগতে সম্পন্ন কৰা এক বুজাবুজিৰ চুক্তিৰ আধাৰত নামিবিয়াৰ পৰা অনা হৈছে। চিতাবাঘকেইটা ‘চিতা প্ৰকল্প’ৰ অধীনত ভাৰতত মুকলি কৰা হয় আৰু ই হৈছে পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সম্পাদিত ‘আন্তঃমহাদেশীয় বৃহত্ মাংসহাৰীৰ স্থানান্তৰণ প্ৰকল্প’।

ভাৰতলৈ বাঘৰ পুনৰাগমনে মুকলি বনাঞ্চল আৰু তৃণাঞ্চলৰ পুনৰুথ্থানত সহায় কৰাৰ লগতে স্থানীয় লোকৰ বাবে জীৱিকা নিৰ্বাহৰ সুযোগো বৃদ্ধি কৰিব। পৰিৱেশ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ সাৰোগত কৰিয়ে এই দিহা কৰা হৈছে।

 

ভাৰতত চিতাবাঘৰ পুনৰ বিচৰণ হৈছে বিগত আঠটা বছৰে বহণক্ষমতা আৰু পৰিৱেশ সুৰক্ষা নিশ্চিতকৰণৰ বাবে অব্যাহত ৰখা এক দীঘলীয়া পৰিক্ৰমাৰ অংশ, যিয়ে পৰিৱেশৰ সুৰক্ষা তথা বহণক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ সাফল্য নিশ্চিত কৰিছে। ২০১৪ চন পৰ্যন্ত সংৰক্ষিত অঞ্চলৰ পৰিসৰ আছিল দেশৰ মুঠ ভৌগলিক এলেকাৰ ৪.৯০%, সেই পৰিসৰ সম্প্ৰতি বাঢ়ি আহি ৫.০৩% হৈছেহি। ২০১৪ চনত ১,৬১,০৮১.৬২ বৰ্গ কিলোমিটাৰৰ  ভিতৰত সংৰক্ষিত এলেকাৰ পৰিসৰ ৭৪০ বৰ্গ কিলোমিটাৰৰ পৰা বৃদ্ধি পাই বৰ্তমানে ১,৭১,৯২১ বৰ্গকিলোমিটাৰৰ ভিতৰত ৯৮১ বৰ্গ কিলমিটাৰ হৈছেহি।

শেহতীয়া চাৰিটা বছৰত দেশত বৃদ্ধি হোৱা বন আৰু গছৰ আস্তৰণে সামৰা এলেকাৰ পৰিসৰ হৈছেহি ১৬০০০ বৰ্গ কিলোমিটাৰ। নিৰবিচ্ছিন্ন ভাবে বনাঞ্চলৰ পৰিসৰ বৃদ্ধি পোৱা পৃথিৱীৰ মাত্ৰ কেইখনমান দেশৰ মাজত অন্যতম হৈছে ভাৰত।

ৰাইজে নিজাববীয়া তত্পৰতাৰে প্ৰসাৰিত কৰা সংৰক্ষিত বনাঞ্চলৰ পৰিসৰো বৃদ্ধি পাইছে। ২০১৪ চনৰ ৪৩ৰ পৰা বাঢ়ি ২০১৯ চনত এই পৰিমান ১০০খনৰো অধিক হৈছেহি।

৫২ খন ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ আলয় ভাৰতৰ ১৮ খন ৰাজ্য জুৰি থকা এই বনাঞ্চলসমূহৰ মুঠ কালি হৈছে ৭৫,০০০ বৰ্গ কিলোমিটাৰ। ইয়াত পৃথিৱীৰ বাঘৰ ৭৫%ই বাস কৰে। ভাৰতে নিৰ্দ্ধাৰিত সময়সীমা ২০২২চনৰ পৰিৱৰ্তে চাৰিটা বছৰ আগতেই, অৰ্থাত্ ২০১৮ চনত বাঘৰ সংখ্যা পূৰ্বৰ তুলনাত দুগুণলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। ২০১৪ চনৰ ২,২২৬টাৰ পৰা ২০১৮ চনত বাঘৰ সংখ্যা হৈছিলহি ২,৯৬৭টা।

বাঘ সংৰক্ষণৰ বাবে পুঁজি আৱণ্টনৰ পৰিমাণো ২০১৪ চনৰ ১৮৫ কোটিৰ পৰা ২০২২ চনত ৩০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছিল।

এচীয় মূলৰ সিংহৰ সংখ্যাও ২৮.৮৭শতাংশ হাৰে বৃদ্ধি পাই ২০১৫ চনৰ ৫২৩টাৰ পৰা আজিৰ তাৰিখত ৬৭৪টালৈ হোৱা বৃদ্ধিয়ে দ্ৰুত বংশ বৃদ্ধিৰে ইংগিত বহণ কৰিছে।

সেইদৰে নাহৰফুটকী বাঘৰ সখ্যাও ২০১৪ৰ ৭,৯১০টাৰ পৰা ২০২০ চনত ১২,৮৫২টালৈ বৃদ্ধি পায়। বৃদ্ধিৰ শতাংশ হাৰ আছিল ৬০%ৰো অধিক।

অনুষ্ঠানত অন্যান্যসকলৰ লগতে মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, শ্ৰী ভূপেন্দৰ যাদৱ, শ্ৰী জ্যোতিৰাদিত্য সিন্দিয়া আৰু শ্ৰী অশ্বিনী চৌবেও উপস্থিত থাকে।

 

***

DS/KB



(Release ID: 1860451) Visitor Counter : 141