প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আহমেদাবাদত অনুষ্ঠিত খাদী উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Posted On:
27 AUG 2022 9:28PM by PIB Guwahati
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, মোৰ সংসদৰ সতীৰ্থ শ্ৰী চিআৰ পাটিল জী, গুজৰাট চৰকাৰৰ মন্ত্ৰীদ্বয় ভাই জগদীশ পাঞ্চাল আৰু হৰ্ষ সংঘৱী, আহমেদাবাদৰ মেয়ৰ কিৰিতভাই, কেভিআইচি ৰ অধ্যক্ষ মনোজ জী, গুজৰাটৰ ভিন্ন প্ৰান্তৰপৰা অহা আন-আন বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ ভ্ৰাতৃ আৰু ভগ্নীসকল!
সবৰমতীৰ এই পাৰ আজি ধন্য হৈছে। স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত ৭,৫০০ গৰাকী ভগ্নী-কন্যাই যঁতৰত একেলগে সূতা কাটি এক নতুন ইতিহাস ৰচনা কৰিছে। ময়ো ক্ষন্তেক সময় যঁতৰত সূতা কটাৰ সৌভাগ্য লাভ কৰিছো। মোৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত কিয়নো এই কাৰ্য্যই মোক শৈশৱলৈ লৈ গৈছিল। কাৰণ এই সকলোবোৰ আহিলা আমাৰ সৰু ঘৰখনৰ এটা চুকত ৰখা হৈছিল আৰু মায়ে আৰ্থিক প্ৰয়োজন পূৰণৰ বাবে সময় পালেই ইয়াত সূতা কাটিছিল। সেই স্মৃতি আজি মানসপটত ভাঁহি উঠিছে।
স্বাধীনতা আন্দোলনৰ সময়ত যিদৰে যঁতৰটো দেশখনৰ হৃদস্পন্দন হৈ পৰিছিল, সেইদৰে আজিও ইয়াত সবৰমতীৰ পাৰত একেই উদ্দীপনা অনুভৱ কৰিব পাৰিছো। মই নিশ্চিত যে আজি খাদী উৎসৱত উপস্থিত প্ৰতিজন ব্যক্তি আৰু এই অনুষ্ঠান প্ৰত্যক্ষ কৰা সকলোৱে ইয়াক সাফল্যমণ্ডিত কৰি তুলিব। স্বাধীনতাৰ ‘অমৃত মহোৎসৱ’ উপলক্ষে খাদী মহোৎসৱ (উৎসৱ) আয়োজনেৰে দেশখনৰ স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধা নিবেদন কৰা হৈছে। আজি গুজৰাট ৰাজ্যিক খাদী গ্ৰামোদ্যোগ ব’ৰ্ডৰ নতুন ভৱন আৰু সবৰমতী নদীৰ ওপৰত থকা অত্যাধুনিক অটল দলংখনো উদ্বোধন কৰা হৈছে। আহমেদাবাদ আৰু গুজৰাটবাসীৰ প্ৰগতিৰ বাবে মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।
বন্ধুসকল,
অটল দলঙে কেৱল সবৰমতী নদীৰ দুয়োপাৰ সংযোগ কৰাই নহয়, বৰঞ্চ ডিজাইন আৰু উদ্ভাৱনৰ ক্ষেত্ৰতো ই অভূতপূৰ্ব। ইয়াৰ ডিজাইনে গুজৰাটৰ বিখ্যাত কাইট ফেষ্টিভেলকো অনুসৰণ কৰিছে। গান্ধীনগৰ আৰু গুজৰাটবাসীয়ে অটল জীৰ প্ৰতি সদায়েই অতিশয় শ্ৰদ্ধা প্ৰদৰ্শন কৰি আহিছে। ১৯৯৬ ৰ লোকসভা নিৰ্বাচনত গান্ধীনগৰৰপৰা অটল জীয়ে অভিলেখ সংখ্যক ভোট লাভেৰে জয়লাভ কৰিছিল। এই অটল দলংখনৰ জৰিয়তেও তেখেতলৈ ৰাইজে আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছে।
বন্ধুসকল,
কেইদিনমান পূৰ্বে গুজৰাটৰ লগতে সমগ্ৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিত অতিশয় উৎসাহেৰে ‘অমৃত মহোৎসৱ’ উদযাপন কৰিছিল। গুজৰাটতো আমি প্ৰতিখন গাওঁ, গলি-ঘৰত ত্ৰিৰংগাৰ ছবিসমূহ দেখিবলৈ পাইছো। ত্ৰিৰংগাৰ সমাবেশ আৰু ‘প্ৰভাত ফেৰী’ (পুৱাৰ সমদল) ত কেৱল দেশপ্ৰেমৰ জোৱাৰেই নহয়, বৰঞ্চ ‘অমৃত কাল’ ত এখন উন্নত ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰা হৈছে। খাদী উৎসৱতো আজি একেই সংকল্প দৃশ্যমান হৈছে। যঁতৰত সূতা কাটি থকা আপোনালোকৰ হাত দুখনে ভাৰতৰ ভৱিষ্যতক আগুৱাই নিছে।
বন্ধুসকল,
ইতিহাসে কয়, খাদীৰ এডাল সূতা স্বাধীনতা আন্দোলনৰ শক্তি হৈ পৰিছিল আৰু ই দাসত্বৰ শিকলি ছিঙি পেলাইছিল। এখন উন্নত আৰু আত্ম-নিৰ্ভৰ ভাৰতৰ অংগীকাৰ পূৰণৰ বাবেও খাদীৰ একেডাল সূতাই প্রেৰণা যোগাব পাৰে। এটি শিখা যিমানেই সামন্য নহওঁক কিয়, ই যিদৰে অন্ধকাৰ নাশ কৰে, ঠিক সেইদৰে খাদীৰ দৰে আমাৰ পৰম্পৰাগত সম্ভাৱনাৰাজিও ভাৰতক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰেৰণা হৈ উঠিব পাৰে। সেয়েহে এই খাদী উৎসৱ স্বাধীনতা আন্দোলনৰ ইতিহাস পুনৰুজ্জীৱিতকৰণৰ এক প্ৰয়াস। এই খাদী উৎসৱ ভাৰতৰ এক উজ্জ্বল ভৱিষ্যতৰ সংকল্প পূৰণৰ প্ৰেৰণা।
বন্ধুসকল,
মই যোৱা ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰপৰা ‘পঞ্চ প্ৰাণ’ (পাঁচটা প্ৰতিজ্ঞা) ৰ বিষয়ে কৈছিলো। আজি সবৰমতীৰ পাৰৰপৰা আৰু এই পৱিত্ৰ স্থানত গুণী মণ্ডলীৰ সন্মুখত এই ‘পঞ্চ প্ৰাণ’ ৰ কথা দোহাৰিব খুজিছো। প্ৰথমে -- এখন উন্নত ভাৰতৰ বাবে বৃহৎ সংকল্প; দ্বিতীয়তে -- দাসত্বৰ মানসিকতাক সম্পূৰ্ণৰূপে পৰিহাৰ কৰা; তৃতীয় – আমাৰ ঐতিহ্যৰাজিক লৈ গৌৰৱ কৰা; চতুৰ্থতে -- ৰাষ্ট্ৰৰ ঐক্যৰ বাবে দৃঢ় প্ৰচেষ্টা আৰু পঞ্চমতে -- প্ৰতিজন নাগৰিকৰ কৰ্তব্য।
আজিৰ খাদী উৎসৱত এই ‘পঞ্চ প্ৰাণ’ ৰ এক সুন্দৰ প্ৰতিফলন। এই খাদী উৎসৱত সকলোৰে সমন্বয় প্ৰতিফলিত হৈছে -- বিশাল লক্ষ্য, আমাৰ ঐতিহ্যক লৈ গৌৰৱ, জনসাধাৰণৰ অংশগ্ৰহণ আৰু আমাৰ কৰ্তব্য। আমাৰ খাদীও দাসত্বৰ মানসিকতাৰ বলি হৈছিল। স্বাধীনতা আন্দোলনৰ সময়ত আমাৰ মাজত ‘স্বদেশী’ ৰ মনোভাৱৰ সঞ্চাৰ কৰা খাদীক স্বাধীনতাৰ পিছত হেয়জ্ঞান কৰা হৈছিল। স্বাধীনতা আন্দোলনৰ সময়ত গান্ধী জীয়ে যি খাদীক দেশখনৰ গৌৰৱ কৰি তুলিছিল, সেই খাদিকে এসময়ত দুৰ্ব্যৱহাৰ কৰা হৈছিল। ফলত খাদী আৰু খাদীৰ লগত জড়িত গ্ৰামোদ্যোগসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল। বিশেষকৈ গুজৰাটৰ বাবে এই পৰিস্থিতি অতি বেদনাদায়ক আছিল, কাৰণ খাদীৰ সৈতে গুজৰাটৰ এক অতি বিশেষ সম্পৰ্ক আছে।
বন্ধুসকল,
মই এই গুজৰাটৰ ভূমিয়ে আকৌ এবাৰ খাদীক জীৱন প্ৰদান কৰাত সন্তোষ পাইছো। মোৰ মনত পৰিছে, আমি ২০০৩ ত গান্ধীজীৰ জন্মস্থান পোৰবন্দৰৰপৰা খাদীৰ মৰ্য্যাদাৰ অগ্ৰগতি সাধন কৰিবলৈ এক বিশেষ অভিযানৰ শুভাৰম্ভ কৰিছিলো। সেই সময়ত আমি ‘খাদী ফৰ নেচন’ ৰ লগতে ‘খাদী ফৰ ফেশ্বন’ ৰো অংগীকাৰ কৰিছিলো। গুজৰাটত খাদীক প্ৰোৎসাহনৰ বাবে একাধিক ফেশ্বন শ্ব’ৰ আয়োজন কৰা হৈছিল আৰু ইয়াৰে কেইবাগৰাকীও চেলিব্ৰিটি জড়িত হৈছিল। সেই সময়ত একাংশ লোকে আমাক ঠাট্টা কৰিছিল, আনকি অপমানো কৰিছিল। কিন্তু খাদী আৰু গ্ৰামোদ্যোগসমূহক অৱহেলা গুজৰাটৰ বাবে গ্ৰহণযোগ্য নাছিল। গুজৰাটে এক নিষ্ঠাৰ মনোভাৱেৰে আগবাঢ়িছিল আৰু খাদীক পুনৰুজ্জীৱিত কৰি তুলিছিল।
২০১৪ ত আপোনাসৱে মোক দিল্লীলৈ পঠিওঁৱাত, মই গুজৰাটৰপৰা প্ৰেৰণাৰে ইয়াক অধিক সম্প্ৰসাৰণ কৰিলো। ‘খাদী ফৰ নেচন’ আৰু ‘খাদী ফৰ ফেশ্বন’ ৰ প্ৰতিজ্ঞাত আমি সংযোজন কৰিলো ‘খাদী ফৰ ট্ৰেন্সফৰ্মেশ্যন’। আমি সমগ্ৰ দেশতে গুজৰাটৰ সফল অভিজ্ঞতাসমূহ সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছিলো। সমগ্ৰ দেশতে খাদীৰ লগত জড়িত সকলো সমস্যা দূৰ কৰা হ’ল। আমি দেশবাসীক খাদী সামগ্ৰী ক্ৰয় কৰিবলৈ উৎসাহিত কৰিলো। আৰু ইয়াৰ ফল আজি বিশ্বই দেখিবলৈ পাইছে।
আজি ভাৰতৰ শীৰ্ষ ফেশ্বন ব্ৰেণ্ডসমূহে খাদীৰ সৈতে জড়িত হ’বলৈ আগবাঢ়ি আহিছে। আজি ভাৰতে অভিলেখ পৰিমাণৰ খাদী সামগ্ৰী উৎপাদন কৰিছে আৰু বিক্ৰী কৰিছে। যোৱা আঠটা বছৰত খাদী সামগ্ৰীৰ বিক্ৰী চাৰিগুণৰো অধিক বৃদ্ধি পাইছে। আজি ভাৰতৰ খাদী আৰু গ্ৰামোদ্যোগৰ টাৰ্ণ অ’ভাৰে প্ৰথমবাৰৰ বাবে ১ লাখ কোটি টকা অতিক্ৰম কৰিছে। খাদীৰ লগত জড়িত আৰু গাঁৱে-ভূঞে বাস কৰা মোৰ ভ্ৰাতৃ-ভগ্নীসকল খাদীৰ সামগ্ৰীৰ বিক্ৰী বৃদ্ধিৰ ফলত সৰ্বাধিক লাভৱান হৈছে।
খাদী সামগ্ৰীৰ বিক্ৰী বৃদ্ধি হোৱাৰ বাবে গাঁৱসমূহলৈ অধিক ধনৰ প্ৰৱাহ হোৱাৰ লগতে অধিক লোকে কৰ্মসংস্থাপন লাভ কৰিছে। বিশেষকৈ আমাৰ মাতৃ-ভগ্নীসকলৰ সবলীকৰণ হৈছে। কেৱল যোৱা ৮ বছৰতে খাদী আৰু গ্ৰামোদ্যোগত প্ৰায় ১.৭৫ কোটি নতুন নিয়োগ সৃষ্টি হৈছে। আৰু বন্ধুসকল, এতিয়া গুজৰাটত সেউজ খাদীৰ বাবে অভিযানৰ সূচনা হৈছে। এতিয়া খাদী সৌৰচালিত যঁতৰৰে প্ৰস্তুত হৈছে। এয়া শিপিনীসকলক প্ৰদান কৰা হৈছে। অৰ্থাৎ আকৌ এবাৰ গুজৰাটে নতুন পথ দেখুৱাইছে।
বন্ধুসকল,
ভাৰতৰ খাদী উদ্যোগটোৰ ক্ৰমবৰ্ধমান শক্তিৰ ক্ষেত্ৰতো নাৰী শক্তিয়ে এক প্ৰধান অৰিহণা যোগাইছে। উদ্যোগীকৰণৰ মনোভাৱ আমাৰ ভগ্নী-কন্যাসকলৰ মাজত শিপাই আছে। ইয়াৰ প্ৰমাণ গুজৰাটত ‘সখী মণ্ডল’ ৰ সম্প্ৰসাৰণ। আমি গুজৰাটত ভগ্নীসকলৰ সবলীকৰণৰ বাবে ‘মিছন মংগলম’ আৰম্ভ কৰিছিলো প্ৰায় এটা দশক পূৰ্বে। আজি গুজৰাটত ২.৬০ লাখৰো অধিক আত্মসহায়ক গোট গঠন হৈছে ভগ্নীসকলক লৈ। ২৬ লাখৰো অধিক গ্ৰামাঞ্চলৰ ভগ্নীসকল ইয়াৰ লগত জড়িত। এই ‘সখী মণ্ডল’ সমূহেও ডাবল ইঞ্জিন চৰকাৰৰপৰা দুগুণে সহায় লাভ কৰিছে।
বন্ধুসকল,
ভগ্নী-কন্যাসকলৰ সম্ভাৱনাই এই ‘অমৃত কাল’ ত প্ৰকৃত প্ৰভাৱ সৃষ্টি কৰিবলৈ আগবাঢ়িছে। দেশখনৰ কন্যাসকলৰ বৃহৎ সংখ্যক নিয়োগৰ জৰিয়তে তেওঁলোকে নিজৰ পছন্দৰ কাম-কাজ কৰিব পৰাৰ প্ৰতি আমি প্ৰচেষ্টা গ্ৰহণ কৰিছো। এই ক্ষেত্ৰত মুদ্ৰা যোজনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এটা সময় আছিল যেতিয়া ভগ্নীসকলে সৰু লোন এটা পাবলৈয়ো খাবলগীয়া হৈছিল। কিন্তু, আজি মুদ্ৰা যোজনাৰ অধীনত ৫০,০০০ ৰপৰা ১০ লাখ টকালৈকে ঋণ প্ৰদান কৰা হৈছে। মুদ্ৰা যোজনাৰ অধীনত ঋণ লৈ প্ৰথমবাৰৰ বাবে দেশৰ কোটি-কোটি ভগ্নী-কন্যাই ব্যৱসায় আৰম্ভ কৰিছে। কেৱল এয়াই নহয়, তেওঁলোকে এজন বা দুজন লোককো কৰ্মসংস্থাপন দিছে। ইয়াৰে বহু মহিলা খাদী গ্ৰামোদ্যোগৰ সৈতেও জড়িত।
বন্ধুসকল,
আজি খাদীৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি আমি এতিয়া ভৱিষ্যতৰ দিশে চাব লাগিব। আজিকালি আমি প্ৰতিখন বিশ্ব মঞ্চতে বহনক্ষমতা সম্পৰ্কে বহু কথা শুনিবলৈ পাওঁ, সেয়া বহনক্ষম বৃদ্ধিয়েই হওঁক, বহনক্ষম শক্তিয়েই হওঁক, বহনক্ষম কৃষিয়েই হওঁক বা বহনক্ষম সামগ্ৰীয়েই হওঁক। সমগ্ৰ বিশ্বই এই দিশত প্ৰচেষ্টা চলাই আছে। আজিকালি বিশ্বত অনুৰণিত হৈছে ‘বেক টু বেচিক’ শীৰ্ষক এক নতুন মন্ত্ৰ। প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এনে অৱস্থাত বহনক্ষম জীৱনশৈলীৰ কথাও চৰ্চিত হৈছে।
আমাৰ সামগ্ৰীসমূহ পৰিবেশ-অনুকূল আৰু এইসমূহে পৰিবেশৰ ক্ষতি নকৰাটো অতিশয় প্ৰয়োজনীয় দিশ। খাদী উৎসৱলৈ অহা আপোনালোক সকলোৱে নিশ্চয় ভাবিছে যে মই কিয় বহনক্ষমতাৰ ওপৰত ইমান গুৰুত্ব দিছো! কাৰণ খাদী বহনক্ষম সাজ-পোছাকৰ উদাহৰণ। পৰিবেশ-অনুকূল সাজ-পোছাকৰ উদাহৰণ খাদী। খাদীৰ কাৰ্বন ফুটপ্ৰিন্ট নূন্যতম। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও খাদী অতি গুৰুত্বপূৰ্ণ। আৰু সেইবাবে খাদীয়ে আজি বিশ্বব্যাপী এক বৃহৎ ভূমিকা পালন কৰিব পাৰে। আমি আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰা উচিত।
আজি খাদীৰ লগত জড়িত সকলো লোকৰ বাবে সাজু হৈছে এখন বিশাল বজাৰ। আমি এই সুযোগ এৰি দিয়াটো উচিত নহয়। মই সেই দিনটোৰ বাবে অপেক্ষা কৰি আছো, যিদিনা বিশ্বৰ প্ৰতিখন বৃহৎ চুপাৰ মাৰ্কেট আৰু বস্ত্ৰৰ বজাৰত ভাৰতৰ খাদীৰ আধিপত্য থাকিব। আপোনালোকৰ কষ্ট আৰু ঘামে বিশ্বত আধিপত্য বিস্তাৰ কৰিবলৈ ওলাইছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি খাদীৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। এতিয়া কোনো শক্তিয়ে খাদীক স্থানীয়ৰ পৰা বিশ্বজনীন হোৱাত বাধা দিব নোৱাৰে।
বছৰ-বছৰ ধৰি এই ধাৰণা আৰু আন্দোলনৰ সৈতে জড়িত সকলো বন্ধু-বান্ধৱীকে মহাত্মা গান্ধীৰ মূল্যবোধক পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰখনে গ্ৰহণ প্ৰচেষ্টাত সহায় কৰিবলৈ অনুৰোধ জনাইছো।
ভাৰতৰ উজ্জ্বল ভবিষ্যতৰ আধাৰ হ’ব পৰা শ্ৰদ্ধেয় বাপু জীৰ মহান পৰম্পৰাৰ উদ্দীপনাৰে আমাৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰি স্বাধীনতাৰ ‘অমৃত মহোৎসৱ’ ত ঐতিহ্যক লৈ গৌৰৱেৰে আগবাঢ়ি যাওঁ আহক। এই প্ৰত্যাশাৰেই সকলো মাতৃ-ভগ্নীক শ্ৰদ্ধাৰে প্ৰণাম কৰি মোৰ ভাষণৰ সামৰণি মাৰিছো।
ধন্যবাদ!
***
DS/VK/AK/SB
(Release ID: 1858909)
Visitor Counter : 602
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam