উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে গুৱাহাটী ভ্ৰমণ ড’নাৰ মন্ত্ৰালয়ৰ বিষয়াৰ

Posted On: 12 AUG 2022 2:17PM by PIB Guwahati

ড’নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব তথা পৰিসাংখ্যিক উপদেষ্টা সুৰেশ কুমাৰ এছে ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ প্ৰচাৰৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটী/শ্বিলঙলৈ আহিছে। ভ্ৰমণকালত তেওঁ উত্তৰ-পূব পৰিষদ আৰু নেডফিৰ বিষয়াসকলক সাক্ষাৎ কৰি উত্তৰ-পূব প্ৰকল্পসমূহৰ অৱস্থা সন্দৰ্ভত পৰ্যালোচনা কৰে। তেওঁৰ ভ্ৰমণকালত ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ প্ৰচাৰৰ বাবে এক বাইক ৰেলীৰ ফ্লেগ অফ কৰে।

নেডফিৰ চিএমডি পি.ভি.এছ.এল.এন মুৰ্তিৰ অধ্যক্ষতাত যুটীয়া সচিব সুৰেশে মূখ্য বিষয়াসকলৰ সৈতে গুৱাহাটীস্থিত নেডফিৰ মুখ্য কাৰ্যালয়ত উত্তৰ-পূবৰ প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰে।

‘হৰ ঘৰ তিৰংগা’ অভিযানৰ প্ৰচাৰৰ বাবে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰে ভিতৰত ২০২২ চনৰ ১৫ আগষ্টলৈকে নেডফি হাউচত নেডফি ক্ৰাফ্ট কাৰ্নিভেল অন্তৰ্ভুক্ত কৰা হৈছে। কাৰ্নিভেলত শিল্পী আৰু উদ্যোগীসকলৰ থলুৱা সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। তদুপৰি, নাগৰিকসকলৰ বাবেও বিনামূলীয়া ক’ভিড টিকাকৰণ শিবিৰৰ আয়োজন কৰা হৈছে।

********



(Release ID: 1851238) Visitor Counter : 94