যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
ম’বাইল টাৱাৰ স্থাপনৰে সম্পৰ্কীয় প্ৰৱঞ্চনা সন্দৰ্ভত ৰাজহুৱা পৰামৰ্শ জাৰি টেলিকমিউনিকেশ্যন বিভাগৰ
Posted On:
05 AUG 2022 5:20PM by PIB Guwahati
ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ টেলিকমিউনিকেশ্যন বিভাগে ম’বাইল টাৱাৰ স্থাপনৰে সম্পৰ্কীয় প্ৰৱঞ্চনা সন্দৰ্ভত ৰাজহুৱা পৰামৰ্শ জাৰি কৰিছে।
টেলিকমিউনিকেশ্যন বিভাগ (DoT) ৰ দৃষ্টিগোচৰ হৈছে যে একাংশ অসাধু কোম্পানী / এজেন্সী / ব্যক্তিয়ে সাধাৰণ জনতাক প্ৰতাৰণা কৰি ম’বাইল টাৱাৰ স্থাপনৰ নামত মাহেকীয়া মোটা অংকৰ ভাড়া প্ৰদান আদি প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহ কৰে।
এই সন্দৰ্ভত বৃহত্তৰ ৰাইজক ইয়াৰ জৰিয়তে জনোৱা হৈছে যেঃ-
- ম’বাইল টাৱাৰ স্থাপনৰ বাবে চৌহদ লিজত / ভাড়া লোৱা কাৰ্য্যত টেলিকমিউনিকেশ্যন বিভাগ (DoT) / টিআৰএআই প্ৰত্যক্ষ বা পৰোক্ষভাৱেও জড়িত নহয়।
- ম’বাইল টাৱাৰ স্থাপনৰ বাবে টেলিকমিউনিকেশ্যন বিভাগ (DoT) / টিআৰএআই বা ইয়াৰ বিষয়াসকলে কোনো ধৰণৰ “ন’ অবজেকশ্যন চাৰ্টিফিকেট” প্ৰদান নকৰে।
- ম’বাইল টাৱাৰ স্থাপনৰ বাবে অনুমোদিত টেলিকম সেৱা প্ৰদানকাৰী (TSP) আৰু আন্তঃগাঁথনি প্ৰদানকাৰী (IP-1) সমূহৰ আপডেট কৰা তালিকা টেলিকমিউনিকেশ্যন বিভাগ (DoT) ৰ ৱেবছাইট যথা https://dot.gov.in আৰু https://dot.gov.in/infrastructure-provider ত উপলব্ধ।
- ইয়াৰ জৰিয়তে কোনো কোম্পানী / এজেন্সী / ব্যক্তিয়ে ম’বাইল টাৱাৰ স্থাপনৰ বাবে ধন বিচৰাৰ ক্ষেত্ৰত জনসাধাৰণক অধিক সাৱধান হ'বলৈ আৰু তেনে কোম্পানীৰ নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰিবলৈ সতৰ্ক কৰা হৈছে। টিএছপি আৰু আইপি-১ ৰ সংস্থাই তেওঁলোকৰ সদস্যসকলে ম’বাইল টাৱাৰ স্থাপনৰ বাবে ধন নিবিচাৰে বুলি নিশ্চিত কৰিছে।
- সদাশয় লোকে এনে কোনো প্ৰৱঞ্চনামূলক কাৰ্য্যকলাপ প্ৰত্যক্ষ কৰিলে, তেওঁ স্থানীয় আৰক্ষী কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰিব পাৰে।
- ইয়াৰোপৰি টেলিকমিউনিকেশ্যন বিভাগ (DoT) ৰ স্থানীয় ক্ষেত্ৰ ইউনিটসমূহৰ সৈতেও যোগাযোগ কৰিব পাৰি যাৰ যোগাযোগৰ সবিশেষ বিভাগটোৰ ৱেবছাইট যথাঃ https://dot.gov.in/relatedlinks/director-general-telecom ত উপলব্ধ।
***
(Release ID: 1849038)
Visitor Counter : 119