কেবিনেট

কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰসংঘ জলবায়ু পৰিৱৰ্তন ফ্ৰেমৱৰ্ক সন্মিলনক তথ্য প্ৰদান কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰীয় স্তৰত অদ্যাপি নিৰ্ধাৰিত অৰিহণাক মঞ্জুৰী দিছে


এই মঞ্জুৰীয়ে চিঅ'পি ২৬ত ঘোষিত প্ৰধানমন্ত্ৰীৰ 'পঞ্চামৃত'ক উন্নত জলবায়ু লক্ষ্যত পৰিৱৰ্তন কৰে

ই ভাৰতৰ ২০৭০ পৰ্যন্ত নেট-জিৰ'ৰ দীৰ্ঘ-কালীন লক্ষ্য আহৰণৰ দিশত এটা পদক্ষেপ

ভাৰত এতিয়া নিজৰ সকলো ঘৰুৱা উৎপাদনৰ উৎসৰ্জন তীব্ৰতা ২০৩০লৈকে ৪৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰিবলৈ সংকল্পবদ্ধ

জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাৰ চাবিকাঠি হিচাপে প্ৰধানমন্ত্ৰীৰ ধাৰণা হৈছে- 'লাইফ'- লাইফষ্টাইল ফৰ এনভাইৰণমেণ্ট- 'পৰিৱেশৰ বাবে জীৱনশৈলী'

Posted On: 03 AUG 2022 2:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰসংঘ জলবায়ু পৰিৱৰ্তন ফ্ৰেমৱৰ্ক সন্মিলন (ইউএনএফচিচিচি)ক তথ্য প্ৰদান কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰীয় স্তৰত অদ্যাপি নিৰ্ধাৰিত অৰিহণা (এনডিচি)ক মঞ্জুৰী দিছে।

অদ্যাপি এনডিচি, পেৰিছ চুক্তিৰ জৰিয়তে পাৰস্পৰিক সন্মতি হিচাপে জলবায়ু পৰিৱৰ্তনৰ বিপদৰে মোকাবিলা কৰিবলৈ বিশ্বজনীন তৎপৰতা শক্তিশালী কৰাৰ দিশত ভাৰতৰ যোগদান বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে। এনেধৰণৰ প্ৰয়াসে ভাৰতৰ উৎসৰ্জন-বৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত আগবঢ়াতো সহায় কৰিব। ই দেশৰ হিত সংৰক্ষিত কৰিব আৰু ইউএনএফচিচিচিৰ সিদ্ধান্তৰাজি তথা ব্যৱস্থাৱলীৰ আধাৰত ভৱিষ্যতৰ বিকাশ আৱশ্যকতাৰ ৰক্ষা কৰিব।

ইউনাইটেড কিংডমৰ গ্লাছগ'ত আয়োজিত ৰাষ্ট্ৰসংঘ জলবায়ু পৰিৱৰ্তন ফ্ৰেমৱৰ্ক সন্মিলন (ইউএনএফচিচিচি)ৰ পক্ষসমূহৰ সন্মিলন (চিঅ'পি২৬)ৰ ২৬তম অধিৱেশনত ভাৰতে বিশ্বৰ সন্মুখত পাঁচটা অমৃত তত্ত্ব (পঞ্চামৃত) উপস্থাপন কৰে আৰু জলবায়ু তৎপৰতা খৰতকীয়া কৰাৰ আহ্বান জনায় । ভাৰতৰ বৰ্তমানৰ এনডিচিৰ এই শেহতীয়া স্বৰূপে চিঅ'পি ২৬ত ঘোষিত 'পঞ্চামৃত'ক উন্নত জলবায়ু লক্ষ্যত পৰিৱৰ্তন কৰে। এই শেহতীয়া স্বৰূপে ভাৰতৰ ২০৭০ পৰ্যন্ত নেট-জিৰ'ৰ দীৰ্ঘ-কালীন লক্ষ্য আহৰণৰ দিশতো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰতিপন্ন হ'ব।

ইয়াৰ পূৰ্বে, ভাৰতে ২ অক্টোবৰ, ২০১৫ত ইউএনএফচিচিচিক নিজৰ ৰাষ্ট্ৰীয় স্তৰত নিৰ্ধাৰিত অৰিহণা (এনডিচি) প্ৰস্তুত কৰিছিল। ২০১৫ৰ এনডিচিত আঠটা লক্ষ্য অন্তৰ্ভুক্ত আছিল; ইয়াৰে তিনিটা, ২০৩০লৈকে সংখ্যা আধাৰিত লক্ষ্য, যেনে জীৱাশ্ম-বিহীন স্ৰোতৰ পৰা বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা স্থাপন কৰাৰ ক্ষমতা বৃদ্ধি কৰি ৪০ শতাংশ পৰ্যন্ত কৰা; ২০০৫ৰ স্তৰৰ তুলনাত সকলো ঘৰুৱা উৎপাদনৰ উৎসৰ্জন তীব্ৰতা ৩৩ৰ পৰা ৩৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰা আৰু অতিৰিক্ত বন তথা বৃক্ষৰ আৱৰণৰ মাধ্যমত ২.৫ৰ পৰা ৩ বিলিয়ন টন কাৰ্বন ডাইঅস্কাইডৰ অতিৰিক্ত কাৰ্বন ছিংক নিৰ্মাণ কৰা।

অদ্যাপি এনডিচি অনুসৰি, ভাৰতে এতিয়া ২০৩০লৈকে ২০০৫ৰ স্তৰৰ পৰা নিজৰ সকলো ঘৰুৱা উৎপাদনৰ উৎসৰ্জন তীব্ৰতা ৪৫ শতাংশ পৰ্যন্ত কম কৰিবলৈ আৰু ২০৩০লৈকে জীৱাশ্ম-বিহীন ইন্ধন-আধাৰিত শক্তি সম্পদৰ পৰা প্ৰায় ৫০ শতাংশ সঞ্চয়ী বিদ্যুৎ শক্তি স্থাপনৰ ক্ষমতা আহৰণৰ বাবে সংকল্পবদ্ধ। আজিৰ এই স্বীকৃতিয়ে দুখীয়া আৰু দুৰ্বল লোকসকলক জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ পৰা বচাবলৈ দীৰ্ঘম্যাদী জীৱনশৈলী আৰু জলবায়ু ন্যায়ৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীকো আগবঢ়াইছে। অদ্যাপি এনডিচিত লিখিছে, "জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰে মোকাবিলা কৰাৰ চাবিকাঠি হিচাপে 'লাইফ'-'পৰিৱেশৰ বাবে জীৱন শৈলী'ৰ এটা জন আন্দোলন সহ পৰম্পৰা আৰু সংৰক্ষণ তথা সংযমৰ প্ৰমূল্যৰ ওপৰত আধাৰিত জীয়াই থকাৰ এটা স্বাস্থ্যকৰ আৰু দীৰ্ঘস্থায়ী ব্যৱস্থা আগবঢ়াই নিয়া আৰু প্ৰসাৰিত কৰিবৰ বাবে।" সংবৰ্ধিত এনডিচিৰে সম্পৃক্ত এই সিদ্ধান্তই গ্ৰীণহাউছ গেছ উৎসৰ্জনৰ পৰা অৰ্থনৈতিক বিকাশক পৃথক কৰি ৰাখিবলৈ উচ্চতম স্তৰত ভাৰতৰ সংকল্পবদ্ধতাক প্ৰতিপন্ন কৰিছে।

ভাৰতৰ শেহতীয়া এনডিচি আমাৰ ৰাষ্ট্ৰীয় পৰিস্থিতি নিচেই সামান্য যদিও বেলেগ বেলেগ দায়বদ্ধতা আৰু সম্বন্ধিত ক্ষমতা (চিবিডিআৰ-আৰচি)ৰ সিদ্ধান্তৰ ওপৰত সতৰ্কতাৰে বিশ্লেষণ কৰাৰ পাছত প্ৰস্তুত কৰা হৈছে। ভাৰতৰ শেহতীয়া এনডিচিয়ে সাম্প্ৰতিক বিকাশৰ লক্ষ্য আহৰণ কৰিবলৈ প্ৰয়াস কৰাৰ সমান্তৰালকৈ কম কাৰ্বন উৎসৰ্জনৰ পথত অগ্ৰসৰ হোৱাৰ দিশত কাম কৰাৰ আমাৰ সংকল্পবদ্ধতাও সূচাইছে।

এই তথ্য আলোকপাত কৰি যে জলবায়ু পৰিৱৰ্তনত জীৱনশৈলীৰ ডাঙৰ ভূমিকা আছে, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে চিঅ'পি২৬ত বিশ্ব সমুদায়ৰ সন্মুখত এটা 'এটা শব্দৰ আন্দোলন'ৰ প্ৰস্তাৱ দাঙি ধৰে। সেই এটা শব্দ হৈছে লাইফ…এল, আই, এফ, ই, অৰ্থাৎ পৰিৱেশৰ বাবে জীৱনশৈলী। লাইফৰ দৃষ্টিভংগী হৈছে এটা এনেকুৱা জীৱনশৈলী আকোৱালি লোৱা যি আমাৰ পৃথিৱীৰ অনুকূল হয় আৰু ইয়াৰ হানি নকৰে। ভাৰতৰ শেহতীয়া এনডিচিয়ে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ এই নাগৰিক-কেন্দ্ৰিক দৃষ্টিভংগীকো দৰ্শায়।

ৰাষ্ট্ৰীয় স্তৰত অদ্যাপি নিৰ্ধাৰিত অৰিহণা (এনডিচি)ই ২০২১-২০৩০ৰ সময়ছোৱাৰ বাবে ভাৰতৰ স্বচ্ছ শক্তিৰ দিশত পৰিৱৰ্তনৰ ৰূপৰেখাৰো প্ৰতিনিধিত্ব কৰে। আধুনিক আন্তঃগাঁথনিয়ে চৰকাৰৰ বিভিন্ন পদক্ষেপৰ লগতে, য'ত কৰ ৰেহাই আৰু উদগণি অন্তৰ্ভুক্ত আছে, যেনে নবীকৰণযোগ্য শক্তি আকোৱালি ল'বলৈ উৎপাদনৰ সৈতে জড়িত উদগণি যোজনা, ভাৰতৰ নিৰ্মাণ ক্ষমতা আৰু ৰপ্তানি বঢ়োৱাৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ ফলত নবীকৰণযোগ্য শক্তি, স্বচ্ছ শক্তি উদ্যোগ-অটোমটিভত, কম উপাৰ্জনযুক্ত উৎপাদন যেনে ইলেক্ট্ৰিক বাহন আৰু ছুপাৰ-দক্ষ উপকৰণৰ নিৰ্মাণ তথা সেউজ হাইড্ৰজেনৰ দৰে নবীন প্ৰযুক্তি আদিৰ দৰে গ্ৰীণ জবছত সামগ্ৰিক বৃদ্ধি হ'ব। ভাৰতৰ শেহতীয়া এনডিচিক সংশ্লিষ্ট মন্ত্ৰালয়/বিভাগৰ কাৰ্যক্ৰম তথা যোজনাৰ মাধ্যমত আৰু ৰাজ্য তথা কেন্দ্ৰ শাসিত প্ৰদেশৰ উচিত সমৰ্থনত ২০২১-২০৩০ৰ সময়ছোৱাত বলৱট কৰা হ'ব। চৰকাৰে অনুকূল আৰু হ্ৰাসকৰণ দুয়োটাতে ভাৰতৰ কাৰ্য বৃদ্ধি কৰিবলৈ কেইবাটাও যোজনা আৰু কাৰ্যক্ৰম আৰম্ভ কৰিছে। পানী, কৃষি, বন, শক্তি আৰু উদ্যম, নিৰন্তৰ গতিশীলতা আৰু আৱাস, জাবৰ প্ৰবন্ধন, চক্ৰীয় অৰ্থনৈতিক ব্যৱস্থা আৰু সম্পদ দক্ষতা আদি সহ কেইবাটাও ক্ষেত্ৰত এই যোজনা আৰু কাৰ্যক্ৰমৰ জৰিয়তে যথোচিত উপায় অৱলম্বন কৰি থকা হৈছে। এই উপায়বোৰৰ পৰিণতিত, ভাৰতে ক্ৰমশঃ গ্ৰীণ হাউছ গেছৰ উৎসৰ্জনৰ পৰা অৰ্থনৈতিক বিকাশক পৃথক কৰি আছে। কেৱল ভাৰতীয় ৰেলসেৱাৰ দ্বাৰা ২০৩০লৈকে শুদ্ধ শূন্য লক্ষ্যৰ জৰিয়তে উৎসৰ্জনত বছৰি ৬০ মিলিয়ন টন হ্ৰাস হ'ব। এনেকৈ, ভাৰতৰ বিশাল এলইডি বাল্ব অভিযানে বছৰি ৪০ মিলিয়ন টন উৎসৰ্জন কম কৰি আছে।

ভাৰতৰ জলবায়ু সম্পৰ্কীয় কামকাজক এতিয়ালৈকে বৃহৎ হাৰত ঘৰুৱা সম্পদৰ জৰিয়তে বিত্তপোষিত কৰা হৈছে। সম্প্ৰতি নতুন আৰু অতিৰিক্ত বিত্তীয় সম্পদ উপলব্ধ কৰোৱাৰ সমান্তৰালকৈ বিশ্বজনীন জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰযুক্তিৰ হস্তান্তৰ ইউএনএফচিচিচি আৰু পেৰিছ চুক্তিৰ জৰিয়তে বিকশিত দেশৰ সংকল্পবদ্ধতা আৰু দায়িত্বৰ অন্যতম। ভাৰতক এনেকুৱা আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সম্পদ আৰু প্ৰযুক্তিগত সাহায্যৰ পৰা নিজৰ উচিত অংশৰো আৱশ্যক হ'ব।

ভাৰতৰ এনডিচিয়ে ইয়াক কোনো ক্ষেত্ৰ বিশিষ্ট হ্ৰাসকৰণ দায়িত্ব বা কার্যকলাপৰ বাবে বাধ্য নকৰে। ভাৰতৰ লক্ষ্য হৈছে সমগ্ৰ উৎসৰ্জন তীব্ৰতা হ্ৰাস কৰা আৰু সময়ৰ সৈতে নিজৰ অৰ্থনৈতিক ব্যৱস্থাৰ শক্তিৰ দক্ষতাত সংশোধন কৰা আৰু লগতে অৰ্থনৈতিক ব্যৱস্থাৰ দুৰ্বল ক্ষেত্ৰসমূহ আৰু আমাৰ সমাজৰ খণ্ডবিলাক ৰক্ষা কৰা।

 

***

DS



(Release ID: 1848307) Visitor Counter : 330