কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

দেশত উৎপাদিত খাৰুৱা তেলৰ বিক্ৰী প্ৰক্ৰিয়াক নিয়ন্ত্ৰণমুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ

Posted On: 29 JUN 2022 3:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অৰ্থনৈতিক বিষয়ৰ কমিটিয়ে দেশত উৎপাদিত খাৰুৱা তেলৰ বিক্ৰী প্ৰক্ৰিয়াক নিয়ন্ত্ৰণমুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। চৰকাৰে ০১.১০.২০২২ তাৰিখৰ পৰা খাৰুৱা তেলৰ আৱণ্টন বন্ধ আৰু ঘনীভূত কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত সকলো অন্বেষণ আৰু উৎপাদন (ই এণ্ড পি) অপাৰেটৰৰ বাবে বিপণন স্বাধীনতা নিশ্চিত হব। চৰকাৰ বা ইয়াৰ মনোনীত ব্যক্তি বা চৰকাৰী কোম্পানীবোৰক খাৰুৱা তেল বিক্ৰী কৰাৰ উৎপাদন ভাগ-বতৰা চুক্তিৰ (পিএছচি) চৰ্ত সেই অনুসৰি ৰেহাই দিয়া হ'ব। সকলো ই এণ্ড পি কোম্পানী এতিয়া ঘৰুৱা বজাৰত তেওঁলোকৰ পথাৰৰ পৰা খাৰুৱা তেল বিক্ৰী কৰিবলৈ মুক্ত হ'ব। চৰকাৰী ৰাজহ যেনে ৰয়েল্টি, উপকৰ আদিৰ গণনা সকলো চুক্তিতে সমান ভিত্তিত অব্যাহত থাকিব। আগৰ দৰে, ৰপ্তানি অনুমোদিত নহ'ব।

এই সিদ্ধান্তই অৰ্থনৈতিক কাৰ্যকলাপক অধিক উৎসাহিত কৰিব, তেল আৰু গেছ খণ্ডত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব। ২০১৪ চনৰ পৰা আৰম্ভ বিভিন্ন সংস্কাৰমূলক উদ্যোগ বাস্তৱায়িত কৰিবলৈ যিসমূহ পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ সৈতে সংগতি ৰাখি এই সিদ্ধান্ত কাৰ্যকৰী হব। সহজ ব্যৱসায়-বাণিজ্য নিশ্চিত কৰাৰ লগতে সংশ্লিষ্ট উদ্যোগৰ পৰিচালনগত ক্ষেত্ৰত আৰু নমনীয় সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সুবিধা হব।

পৃষ্ঠভূমিঃ

চৰকাৰে যোৱা আঠ বছৰত অন্বেষণ আৰু উৎপাদন (ইএণ্ডপি) খণ্ডত কেইবাটাও প্ৰগতিশীল সংস্কাৰ কৰিছে যেনে গেছৰ মূল্য নিৰ্ধাৰণ আৰু বিপণনৰ স্বাধীনতা, প্ৰতিযোগিতামূলক ই-বিডিং প্ৰক্ৰিয়াৰ জৰিয়তে গেছৰ মূল্য আৱিষ্কাৰ, হাইড্ৰ'কাৰ্বন অন্বেষণ অনুজ্ঞা নীতিৰ অধীনত ৰাজহ ভাগ-বতৰা চুক্তি প্ৰৱৰ্তন ইত্যাদি। তাৰ পিছত কেইবাটাও নিবিদা ৰাউণ্ডৰ জৰিয়তে বৃহৎ সংখ্যক ব্লক আৱণ্টন কৰা হৈছে। এই প্ৰচেষ্টাবোৰৰ ফলস্বৰূপে, ২০১৪ চনৰ আগতে যি পৰিমাণৰ গেছ উত্তোলন হৈছিল, বৰ্তমান তাৰ পৰিমাণ প্ৰায় দুগুণ হৈছে। ফেব্ৰুৱাৰী ২০১৯ৰ পৰা উৎপাদন সৰ্বাধিককৰণৰ ওপৰত গুৰুত্ব দি বিভিন্ন সংস্কাৰ কাৰ্যকৰী কৰা হৈছে আৰু এইক্ষেত্ৰত দুৰ্গম অৱবাহিকাবোৰত উত্তোলনৰ ক্ষেত্ৰত কোনো ৰাজহ দিয়া নহব

 

***

DS/KG



(Release ID: 1841125) Visitor Counter : 92