প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জি-৭ সন্মিলনৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
प्रविष्टि तिथि:
28 JUN 2022 7:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৭ জুনত জাৰ্মানীৰ শ্লছ এলমাউত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰী সন্মানীয় শ্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
একেই মূল্যবোধত বিশ্বাসী দুখন শক্তিশালী গণতন্ত্ৰৰ শীৰ্ষ নেতাদ্বয়ৰ মাজত দ্বিপাক্ষিক সম্পৰ্কসহ নানান বিষয়ত সফল আলোচনা হয়। বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰা, নিৰাপত্তা সহযোগিতা আৰু সন্ত্ৰাসবাদ মোকাবিলাৰ লগতে জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দৰে বিষয়সমূহত দ্বিপাক্ষিক সম্পৰ্ক আৰু আগুৱাই নিবলৈ সন্মতি প্ৰকাশ কৰে দুয়োখন দেশে।
দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ জড়িত আন্তৰ্জাতিক আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে।
***
DS/AK/KG
(रिलीज़ आईडी: 1837841)
आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam