প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে ২৩ জুনত বাণিজ্য ভৱনৰ উদ্বোধন আৰু ‘নির্যাত’ পর্টেলৰ সূচনা কৰিব

Posted On: 22 JUN 2022 3:45PM by PIB Guwahati

ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৩ জুনত পুৱা ১০: ৩০ বজাত শিল্প আৰু বাণিজ্য মন্ত্রালয়ৰ নতুন ভৱন – ‘বাণিজ্য ভৱন’ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে জাতীয় আমদানী-ৰপ্তানী সংক্রান্তীয় তথ্যৰ বাবে ব্যৱসায়-বাণিজ্যৰ বার্ষিক মূল্যায়ন সংক্রান্তীয় নতুন পর্টেল ‘নির্যাত’ (National Import-Export Record for Yearly Analysis of Trade)ৰ সূচনা কৰিব। পর্টেলটোৰ পৰা ভাৰতৰ বৈদেশিক ব্যৱসায়-বাণিজ্যৰ সৈতে যুক্ত ব্যক্তিসকলে এই সংক্রান্তীয় সকলো তথ্য সংগ্রহ কৰিব পাৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমবেত লোককো সম্বোধন কৰিব।

অত্যাধুনিক বাণিজ্য ভৱন ইণ্ডিয়া গেটৰ ওচৰত নির্মিত হৈছে। ইন্ধন ৰাহিৰ ওপৰত গুৰুত্ব দি এই ভৱন নির্মাণত স্থিতিশীল স্থাপত্যৰ নীতি অনুসৰণ কৰা হৈছে। এই ভৱনত শিল্প আৰু বাণিজ্য মন্ত্রালয়ৰ অধীনস্থ দুটা দপ্তৰ - বাণিজ্য দপ্তৰ আৰু শিল্পোৎসাহ তথা অভ্যন্তৰীণ বাণিজ্য দপ্তৰ Department for Promotion of Industry and Internal Trade (DPIIT) থাকিব।

 

***

DS/AK



(Release ID: 1836447) Visitor Counter : 116