প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ সৈতে ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সাক্ষাৎ

प्रविष्टि तिथि: 08 JUN 2022 7:57PM by PIB Guwahati

ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীৰে অহা ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাব্দোল্লাহিয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশিষ্ট ব্যক্তিসকলক আদৰণি জনাই ভাৰত আৰু ইৰাণৰ মাজত দীৰ্ঘদিনীয়া ঐতিহ্য আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা স্মৰণ কৰে। দুয়োগৰাকী নেতাই চলিত দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰে।  প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিড-পৰৱৰ্তী সময়ত দুয়োখন দেশে আদান-প্ৰদান ত্বৰান্বিত কৰাৰ বাবে কাম কৰা উচিত। 

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিক শুভেচ্ছা জ্ঞাপন কৰিবলৈ বৈদেশিক মন্ত্ৰীগৰাকীক অনুৰোধ জনায় প্ৰধানমন্ত্ৰীয়ে আৰু অতি সোনকালে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰাৰ বাবে অপেক্ষাৰত বুলিও তেওঁ মত প্ৰকাশ কৰে।

 

 ***

DS/LP/KG


(रिलीज़ आईडी: 1832850) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam