বিত্ত মন্ত্ৰালয়

ডিআইপিএএম-এ কাইলৈ বিত্ত মন্ত্ৰালয়ৰ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে "বজাৰৰ জৰিয়তে সম্পদ সৃষ্টি" শীৰ্ষক বিষয়ত সন্মিলনৰ আয়োজন কৰিব


বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে বাংগালুৰুৰ পৰা সন্মিলনত অংশগ্ৰহণ কৰিব

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ৭৫ খন চহৰত বিশাল সন্মিলনৰ আয়োজন কৰা হৈছে

Posted On: 09 JUN 2022 6:16PM by PIB Guwahati

"আজাদী কা অমৃত মহোৎসৱ (একেএএম)"ৰ অধীনত বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগে (ডিআইপিএএম) কাইলৈ সন্ধিয়া ৪ বজাত দেশৰ ৭৫ খন চহৰত "বজাৰৰ জৰিয়তে সম্পদ সৃষ্টি" শীৰ্ষক এখন সন্মিলনৰ আয়োজন কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে সমগ্ৰ ভাৰতৰ ৭৫ খন চহৰৰ লোকসকলক বিনিয়োগ আৰু সম্পদ সৃষ্টিৰ লগতে নাগৰিকসকলৰ বিত্তীয় বিকাশ সুনিশ্চিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে তেওঁলোকক শিক্ষিত, উৎসাহিত আৰু সবলীকৰণ কৰা।

এই সন্মিলনত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ (আইআইএছচি) পৰা যোগদান কৰিব।

আনহাতে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ডঃ ভাগৱত কিষাণ ৰাও কাৰাডে নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ পৰা সন্মিলনত অংশগ্ৰহণ কৰিব।

অনুষ্ঠানত উদ্বোধনী ভাষণৰ পিছত ৭৫ খন চহৰৰ স্থানীয় আয়োজন স্থলীত এক অধিৱেশন অনুষ্ঠিত হ'ব, য'ত বিত্তীয় বিশেষজ্ঞ / পেছাদাৰী / বেংকাৰ / প্ৰভাৱশালী ব্যক্তি আদিয়ে অংশ ল'ব। অনুষ্ঠানটোত তলত উল্লেখ কৰা বিষয়সমূহত খৰচি মাৰি আলোচনা কৰা হব-

 

১) বিগত ৭৫ বছৰত ভাৰতীয় মূলধন বজাৰৰ বিকাশ।

২) স্বতন্ত্ৰ বিনিয়োগকাৰীৰ ৰূপত উদীয়মান মহিলা।

৩) বজাৰৰ আত্মবিশ্বাস উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু বজাৰৰ অন্যান্য প্ৰধান ব্যক্তিসকলৰ ভূমিকা।

৪) বিত্তীয় সাক্ষৰতা-বিত্তীয় কল্যাণৰ পথ।

৫) ভাৰতীয় মূলধন বজাৰৰ ভৱিষ্যত অৰ্থাৎ অমৃত কাল

 

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ আৰু ইয়াৰ জনসাধাৰণ, সংস্কৃতি আৰু কৃতিত্বৰ গৌৰৱময় ইতিহাসৰ স্মৃতিত দেশত "আজাদী কা অমৃত মহোৎসৱ" উদযাপন কৰা হৈছে। এয়া ৫০০০তকৈ অধিক বছৰৰ প্ৰাচীন ইতিহাসৰ উত্তৰাধিকাৰীৰ সৈতে ৭৫ বছৰ পুৰণি স্বাধীন দেশ হিচাপে আমাৰ সামূহিক সাফল্যৰ এক উৎসৱ। এই মহোৎসৱ প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিৰ্ধাৰিত পাঁচটা স্তম্ভ-স্বাধীনতা সংগ্ৰাম, ৭৫ বছৰত ধাৰণা, ৭৫ বছৰত সফলতা, ৭৫ বছৰত কাৰ্যকলাপ আৰু সপোন আৰু কৰ্তব্যক অনুপ্ৰেৰণা হিচাপে লৈ আগবাঢ়ি যোৱাৰ বাবে পথপ্ৰদৰ্শক শক্তি হিচাপে ৭৫ বছৰত সংকল্পৰ ওপৰত আধাৰিত।এই মহোৎসৱক জন-ভাগীদাৰীৰ ভাবনাৰ সৈতে জন-উৎসৱ হিচাপে পালন কৰা হ'ব।

ডিআইপিএএমে আজাদী কা অমৃত মহোৎসৱৰ অখিল ভাৰতীয় সাৰাংশৰ অনুৰূপত  জনসাধাৰণৰ মাজত উন্নত আৰু সহজ গ্ৰহণযোগ্যতাৰ বাবে ৭৫ খন চহৰত সকলো মুখ্য ভাৰতীয় ভাষাত এই কাৰ্যসূচী আয়োজন কৰিব। এই কাৰ্যসূচীৰ বিস্তৃত প্ৰসাৰ প্ৰতিফলিত কৰিবলৈ লাডাখৰ পৰা লক্ষদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈকে দেশৰ সকলো ভৌগোলিক অঞ্চলক সামৰি লোৱা হৈছে আৰু দেশৰ কোনো এলেকা ইয়াৰ পৰিধিৰ পৰা বাদ পৰি যোৱা নাই।

এই বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক।

 

 ***

RM/MV/KMN/KG



(Release ID: 1832849) Visitor Counter : 176