ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ বাবে উত্তৰ-পূৰ্বাঞ্চল দক্ষিণ-পূব এছিয়া আৰু নিকটৱৰ্তী অঞ্চলসমূহলৈ প্ৰাকৃতিক প্ৰৱেশদ্বাৰঃ ৰাষ্ট্ৰপতি কোবিন্দ

গুৱাহাটীত উত্তৰ-পূব মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ ভাৰতৰ ৰাষ্ট্ৰপতিৰ

Posted On: 04 MAY 2022 7:15PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ বাবে দক্ষিণ-পূব এছিয়া আৰু নিকটৱৰ্তী অঞ্চলসমূহলৈ প্ৰাকৃতিক প্ৰৱেশদ্বাৰ বুলি ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে কয়। তেওঁ আজি (৪ মে’, ২০২২) অসমৰ গুৱাহাটীত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (DoNER) য়ে আয়োজন কৰা উত্তৰ-পূব মহোৎসৱৰ সামৰণি অনুষ্ঠান সম্বোধন কৰি এইদৰে কয়।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেইবাখনো চুবুৰীয়া দেশৰ সৈতে ৫,৩০০ কিলোমিটাৰৰো অধিক আন্তঃৰাষ্ট্ৰীয় সীমাৰে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ কৌশলগত মূল্য আছে। লুক ইষ্ট পলিচী (LEP) ৰ শুভাৰম্ভৰ লগে-লগে, পূবৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ প্ৰতি নিৰাপত্তা-কেন্দ্ৰিক দৃষ্টিভংগীয়ে সমগ্ৰ অঞ্চলটোত অৰ্থনৈতিক বিকাশৰ উমৈহতীয়া সম্ভাৱনাৰপৰা লাভান্বিত হ’বলৈ অৰ্থনৈতিক বিষয়ৰাজিক অগ্ৰাধিকাৰ প্ৰদানৰ পথ প্ৰশস্ত কৰে। ২০১৪ ত, এলইপিক এক্ট ইষ্ট পলিচী (AEP) লৈ উন্নীত কৰা হয় যিয়ে এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ভূমিকাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন প্ৰদৰ্শন কৰে।

 

        ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে আয়োজিত উত্তৰ-পূব মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ ল’বলৈ পাই তেওঁ সন্তোষ পাইছে। তেওঁ কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে অঞ্চলটোৰ জনসাধাৰণক তেওঁলোকৰ উৎসাহজনক অংশগ্ৰহণৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে তেওঁ তেওঁলোকৰ "হাম কিচি চে কম নহী" উদ্দীপনাৰে অনুপ্ৰাণিত হৈছে!

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰখনে স্বাধীনতা আন্দোলনৰ সাফল্যৰাজি উদযাপনেৰে নাগৰিকসকলে কেৱল ইয়াৰ মহান নেতাসকলৰেই নহয়, বৰঞ্চ কম- পৰিচিত বা পাহৰি যোৱা অংশগ্ৰহণকাৰীসকলৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কথা মনত পেলাইছে যাৰ ত্যাগ অবিহনে ই এক গণ আন্দোলন হৈ নুঠিলহেঁতেন। দেশখনৰ প্ৰতিটো প্ৰান্ততে এনে অংশগ্ৰহণ প্ৰত্যক্ষ হোৱাৰ বাবে আমি সঁচাকৈয়ে গৌৰৱান্বিত। প্ৰতিজন ভাৰতীয়ই ভাৰত মাতাক বৈদেশিক শাসনৰ নাগপাশৰপৰা মুক্ত কৰিবলৈ আগ্ৰহী হৈ উঠিছিল। স্বাধীনতা সংগ্ৰামখনিত যোগদানৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলো পিছ পৰি ৰোৱা নাছিল।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমি স্বাধীনতাৰ ৭৫ বছৰ উদযাপনেৰে আমি আমাৰ স্বাধীনতা আন্দোলনৰ বিৰল ঘটনাৰাজি স্মৰণ কৰা মাত্ৰেকে, আমি আমাৰ মহান নেতাসকলৰ জীৱন আৰু কৰ্মৰাজিৰ কথা চিন্তা কৰা মাত্ৰেকে, আমি তেওঁলোকৰ সপোনৰ তুলনাত আজি ক'ত থিয় হৈ আছো সেয়া অনুমান কৰিব পাৰো। আমি তেওঁলোকৰ দৃষ্টিভংগী সম্পৰ্কে অধিক জানিবলৈ আৰু এক উন্নত ভৱিষ্যৎ গঢ়ি তুলিবলৈ তেওঁলোকৰ সংগ্ৰামৰপৰা অনুপ্ৰাণিত হ'বলৈকে এনে কৰিছো। 

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমাৰ ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰাৰ সময়ত, উত্তৰ-পূৰ্বাঞ্চল আজিতকৈ যথেষ্ট পৃথক আছিল। আৰম্ভণিতে, ভাৰত বিভাজনৰ বাবে এই অঞ্চলটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল, কিয়নো ই হঠাতে ঢাকা আৰু কলকাতাৰ দৰে যোগাযোগ, শিক্ষা আৰু ব্যৱসায়-বাণিজ্যৰ মুখ্য কেন্দ্ৰসমূহৰপৰা বিচ্ছিন্ন হৈ পৰিছিল। উত্তৰ-পূৰ্বাঞ্চল আৰু দেশখনৰ বাকী অংশসমূহক সংযোগৰ একমাত্ৰ কৰিডৰটো আছিল পশ্চিম বংগৰ উত্তৰৰ এক সংকীৰ্ণ ভূমি, যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উন্নয়নমূলক পদক্ষেপৰাজি ৰূপায়ণ কৰাটো প্ৰত্যাহ্বানমূলক হৈ পৰিছিল। তথাপিও, আমি ভূগোলৰ প্ৰত্যাহ্বানৰাজি অতিক্ৰম কৰিবলৈ নিষ্ঠাৰে কাম কৰিছো। যোৱা ৭৫ বছৰত, উত্তৰ-পূৰ্বাঞ্চলে বিভিন্ন মাপকাঠিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম অন্তৰ্নিহিত শক্তি আছে। পৰ্যটন, উদ্যানশস্য, হস্ততাঁত আৰু ক্ৰীড়াৰ ক্ষেত্ৰত ইয়াৰ প্ৰাচুৰ্য্যতা প্ৰায়েই অনন্য। তেওঁ কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহক ঔদ্যোগিকভাৱে উন্নত ৰাজ্যসমূহৰ সমতুল্য কৰি তুলিবলৈ এতিয়া প্ৰচেষ্টাৰাজি গ্ৰহণ কৰাটো প্ৰয়োজনীয় যাতে ইয়াত অধিক নিয়োগ সৃষ্টি হয়। এই প্ৰয়োজনীয়তাৰ অনুধাৱনেৰে চৰকাৰখনে ৰাজ্যসমূহৰ সৈতে লগলাগি এইসমূহৰ ইজ অৱ ডুয়িং বিজনেছৰ মাপকাঠি উন্নত কৰিবলৈ আৰু উত্তৰ-পূৰ্বাঞ্চললৈ ব্যক্তিগত বিনিয়োগৰ প্ৰবাহ বৰ্ধনৰ বাবে কাম কৰি আছে।

 

মানৱজাতিৰ সন্মুখত জলবায়ু পৰিৱৰ্তন সৰ্ববৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ পাৰিপাৰ্শ্বিক ঐতিহ্য সংৰক্ষণৰ বাবে অনাগত দিনসমূহত সচেতন পৰিকল্পনা আৰু প্ৰচেষ্টাৰাজি গ্ৰহণ প্ৰয়োজনীয় হৈ উঠিব। তেওঁ কয় যে এই অঞ্চলটো হিমালয় আৰু ভাৰত-ব্ৰহ্ম দেশ জৈৱ-বৈচিত্ৰ্যৰ হটস্পটৰ অংশ– যি হৈছে বিশ্বৰ এনে ২৫ টা হটস্পটৰ ভিতৰত দুটা। সেয়েহে, অঞ্চলটোৰ বাবে উন্নয়নৰ বিকল্পৰাজিয়ে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, সেউজ ঔদ্যোগিক আৰু আন্তঃগাঁথনি বিকাশৰ লগতে বহনক্ষম ব্যৱহাৰৰ শৈলীৰ বাবে প্ৰাসংগিক ৰণনীতিক সন্তুলিত কৰিব লাগিব।

 

******



(Release ID: 1822796) Visitor Counter : 154