মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

গুৱাহাটীত পূৰ্বোত্তৰৰ ৮ খন ৰাজ্যৰ মাণ্ডলিক সন্মিলনত অধ্যক্ষতা কৰিব কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰানীয়ে

মহিলা আৰু শিশুৰ পুষ্টিহীনতাৰ সমস্যা সমাধান তথা বিকাশ, সবলীকৰণ আৰু সুৰক্ষাৰ বাবে কৌশলগত হস্তক্ষেপ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু অংশীদাৰসকলৰ সৈতে কৰিব আলোচনা

Posted On: 09 APR 2022 10:35AM by PIB Guwahati

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰানীয়ে অহা ১০ এপ্ৰিল তাৰিখে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহ আৰু অংশীদাৰসকলৰ মাণ্ডলিক সন্মিলনত অধ্যক্ষতা কৰিব। বৈঠকখনত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, ছিকিম আৰু নাগালেণ্ডে অংশগ্ৰহণ কৰিব। 

ভাৰতৰ জনসংখ্যাৰ ৬৭.৭% হৈছে মহিলা আৰু শিশু। সেয়ে তেওঁলোকৰ সবলীকৰণ আৰু সুৰক্ষা তথা এক সুৰক্ষিত পৰিবেশত তেওঁলোকৰ সুস্থ বিকাশ নিশ্চিতকৰণ দেশখনৰ বহনক্ষম আৰু ন্যায্য বিকাশ আৰু ৰূপান্তৰশীল অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ। এই উদ্দেশ্য পূৰণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে শেহতীয়াভাৱে মিছন ম’ডত ৰূপায়ণ কৰিবলগীয়া মন্ত্ৰালয়টোৰ ৩ খন গুৰুত্বপূৰ্ণ আমব্ৰেলা আঁচনিত অনুমোদন জনাইছে। এই আঁচনি তিনিখন হৈছেঃ মিছন পো ২.০, মিছন শক্তি আৰু মিছন বাৎসল্যএই অভিযান ১৫ সংখ্যক বিত্ত আয়োগৰ সময়ছোৱাত, ২০২১-২২ ৰপৰা ২০২৫-২৬ লৈ ৰূপায়ণ কৰা হ'ব। আমব্ৰেলা অভিযানৰ অধীনত এই আঁচনিসমূহ হৈছে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি যাক ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে ব্যয় ভাগ-বতৰাৰ নিয়ম অনুসৰি ব্যয় ভাগ-বতৰাৰ আধাৰত ৰূপায়ণ কৰে। আঁচনিৰ নীতি-নিৰ্দেশনাসমূহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অৱগত কৰা হৈছে।

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ প্ৰধান উদ্দেশ্য হৈছে মহিলা আৰু শিশুসকলৰ বাবে ৰাজ্যিক পদক্ষেপৰ ব্যৱধান নোহোৱা কৰা আৰু লিংগ সমতা আৰু শিশু কেন্দ্ৰিক আইন, নীতি আৰু কাৰ্য্যক্ৰম যুগুত তথা শিশুসকলক সুগম, সুলভ, নিৰ্ভৰযোগ্য আৰু সকলো ধৰণৰ বৈষম্য আৰু হিংসাৰ পৰা মুক্ত এটি পৰিবেশ প্ৰদানৰ অৰ্থে আন্তঃ-মন্ত্ৰালয় আৰু আন্তঃ-খণ্ডৰ সমন্বয়ক উৎসাহিত কৰা। এই দিশত, মন্ত্ৰালয়টোৰ আঁচনিসমূহৰ অধীনত উদ্দেশ্যৰাজিয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনৰ সমৰ্থন লাভ কৰাটো আশা কৰা হৈছে কিয়নো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন তৃণমূল পৰ্য্যায়ত আঁচনিসমূহৰ ৰূপায়ণৰ বাবে দায়বদ্ধ থাকিব।

এনে মাণ্ডলিক সন্মিলনসমূহৰ উদ্দেশ্য হৈছে মন্ত্ৰালয়টোৰ এই ৩ আমব্ৰেলা মিছন সন্দৰ্ভত ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক সংবেদনশীল কৰা যাতে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে দেশখনৰ মহিলা আৰু শিশুসকলৰ হিতৰ বাবে অভিযানসমূহৰ অধীনত পৰিকল্পনা কৰা ৰূপান্তৰমূলক সামাজিক পৰিৱৰ্তন নিশ্চিতকৰণৰ অৰ্থে সমবায় ফেডাৰেলিজমৰ প্ৰকৃত উদ্দীপনাৰে অহা ৫ বছৰত আঁচনিসমূহৰ সঠিক ৰূপায়ণ সম্ভৱ কৰি তোলে।

মিছন পোষণ . হৈছে এক সংহত পুষ্টি সমৰ্থন কাৰ্য্যক্ৰমই শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু গাখীৰ খুৱাই থকা মাতৃসকলৰ পুষ্টিহীনতাৰ প্ৰত্যাহ্বানৰাজিৰ সৈতে পুষ্টিৰ সমল আৰু  এক কৌশলগত পৰিৱৰ্তনৰ জৰিয়তে আৰু স্বাস্থ্য, কল্যাণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰতিপালন কৰা পন্থাৰ বিকাশৰ বাবে এক সমন্বিত বাতাবৰণ সৃষ্টিৰে মোকাবিলা কৰিব বিচাৰিছেপোষ ২.০ য়ে পৰিপূৰক পুষ্টি কাৰ্যক্ৰমৰ অধীনত খাদ্যৰ মানদণ্ড আৰু বিতৰণ অনুকূল কৰিব খুজিছেপোষণ ২.০ য়ে ইয়াৰ পৰিসৰৰ অধীনত গুৰুত্বপূৰ্ণ কাৰ্যক্ৰম/ আঁচনি ৰূপায়ণ কৰিব সেইসমূহ হৈছে অংগনৱাড়ী সেৱা, কিশোৰীসকলৰ বাবে আঁচনি আৰু পোষণ অভিযান।

মিছন শক্তিয়ে মহিলাসকল তেওঁলোকৰ জীৱনৰ বিভিন্ন স্তৰৰ মাজেৰে আগুৱাই অহাৰ লগে-লগে তেওঁলোকক বন্ধন মুক্ত কৰিবলৈ সংহত যত্ন, সুৰক্ষা, নিৰাপত্তা, পুনৰ্সংস্থাপন আৰু সলীকৰণৰ জৰিয়তে তেওঁলোকৰ বাবে এক একত্ৰিত নাগৰিক-কেন্দ্ৰিক জীৱনচক্ৰ সমৰ্থন প্ৰশস্তকৰণৰ পৰিকল্পনা কৰিছে। মিছন শক্তিৰ দু উপ-আঁচনি আছে ক্রমে 'সম্বল' আৰু 'সামৰ্থ্য'"সম্বল" উপ-আঁচনিখন মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সমান্তৰালকৈ "সামৰ্থ্য" উপ-আঁচনিখন নাৰীলীকৰণৰ বাবে।

মিছন বাৎসল্যৰ উদ্দেশ্য হৈছে দেশখনৰ প্ৰতিটো শিশুৰ বাবেই এক স্বাস্থ্যকৰ আৰু আনন্দপূৰ্ণ শৈশৱ সুৰক্ষিত কৰা; শিশুৰ বিকাশৰ বাবে এক সংবেদনশীল, সমৰ্থনমূলক আৰু সুসংগত বাতাবৰণৰ প্ৰতিপালন; কিশোৰ ন্যায় আইন (Juvenile Justice Act), ২০১৫ ৰ আজ্ঞা প্ৰদানত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সহায় কৰা; বহনক্ষম উন্নয়নৰ লক্ষ্য (SDG) ত উপনীত হোৱা। মিছন বাৎসল্যৰ অধীনৰ উপাদানসমূহৰ অন্তৰ্ভুক্ত হ’বঃ সংবিধিবদ্ধ সংস্থা; সেৱা বিতৰণ গাঁথনি; আনুষ্ঠানিক যত্ন/সেৱা; অ-প্ৰাতিষ্ঠানিক সমাজ-আধাৰিত যত্ন; জৰুৰীকালীন প্ৰচাৰ সেৱা; প্ৰশিক্ষণ আৰু কেপাচিটি বিল্ডিং।

****



(Release ID: 1815190) Visitor Counter : 189