প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মধ্য প্ৰদেশৰ পিএমএৱাই-জি ৰ ৫ লাখৰোধিক হিতাধিকাৰীৰ 'গৃহ প্ৰবেশম' ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
"এখন সততাপৰায়ণ চৰকাৰৰ প্ৰচেষ্টা আৰু সবলীকৃত দৰিদ্ৰ লোকৰ প্ৰচেষ্টা একত্ৰিত হোৱা মাত্ৰেকে দৰিদ্ৰতা দূৰ হয়"
"দৰিদ্ৰ লোকসকলক পকী ঘৰ প্ৰদানৰ অভিযান কেৱল এখন চৰকাৰী আঁচনিয়েই নহয় বৰঞ্চ ই হৈছে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ মাজত বিশ্বাস প্ৰোথিতকৰণৰ এক অংগীকাৰ"
"আঁচনিসমূহৰ ক’ভাৰেজ সংপৃক্তকৰণৰ লক্ষ্যৰে, চৰকাৰখনে বৈষম্য আৰু দুৰ্নীতিৰ সম্ভাৱনা দূৰ কৰিছে"
প্ৰতিখন ৰাজ্য চৰকাৰ, স্থানীয় সংস্থা আৰু পঞ্চায়তে প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰৰ বাবে কাম কৰিব
Posted On:
29 MAR 2022 2:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী আৱাস যোজনা- গ্ৰামীণৰ প্ৰায় ৫.২১ লাখ হিতাধিকাৰীৰ 'গৃহ প্ৰবেশম' অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী, সাংসদ আৰু ৰাজ্যৰ বিধায়কসকল উপস্থিত থাকে।
এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিক্ৰম সম্ৱতৰ আগন্তুক নৱবৰ্ষত হিতাধিকাৰীসকলক তেওঁলোকৰ 'গৃহ প্ৰবেশম' ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বে ৰাজনৈতিক দলসমূহে দৰিদ্ৰ লোকসকলৰ বাবে তেওঁলোকৰ স্বীকৃত অৱস্থান (professed stance) সত্বেও পৰ্য্যাপ্ত পৰিমাণে কাম কৰা নাছিল। "এখন সততাপৰায়ণ চৰকাৰৰ প্ৰচেষ্টা আৰু সবলীকৃত দৰিদ্ৰলোকৰ প্ৰচেষ্টা একত্ৰিত হোৱা মাত্ৰেকে দৰিদ্ৰতা দূৰ হয়", তেখেতে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে "প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত গাওঁসমূহত নিৰ্মাণ কৰা এই ৫.২৫ লাখ ঘৰ কেৱল পৰিসংখ্যাই নহয়, বৰঞ্চ এই ৫.২৫ লাখ ঘৰ হৈছে দেশখনৰ দৰিদ্ৰ লোকসকল শক্তিশালী হোৱাৰ পৰিচয়।" শ্ৰী মোদীয়ে লগতে কয় যে দৰিদ্ৰ লোকসকলক পকী ঘৰ প্ৰদানৰ অভিযান কেৱল এখন চৰকাৰী আঁচনিয়েই নহয় বৰঞ্চ ই হৈছে গ্ৰামাঞ্চলৰ দৰিদ্ৰলোকসকলৰ মাজত বিশ্বাস প্ৰোথিতকৰণৰ এক অংগীকাৰ। "দৰিদ্ৰ লোকসকলক দৰিদ্ৰতাৰ কবলৰপৰা উলিয়াই আনিবলৈ ই হৈছে প্ৰথমটো পদক্ষেপ", তেখেতে কয়। তেখেতে লগতে কয়, "এই ঘৰসমূহে গাওঁসমূহৰ মহিলাসকলক 'লাখপতি' কৰাৰ সেৱাৰ মনোভাৱ আৰু এক অভিযানক প্ৰতিফলিত কৰিছে।"
পূৰ্বে নিৰ্মাণ কৰা কেইলাখ মান ঘৰৰ বিপৰীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই চৰকাৰে ইতিমধ্যে ২.৫ কোটি পকী ঘৰ হস্তান্তৰ কৰিছে যাৰ ভিতৰত ২ কোটি গ্ৰামাঞ্চলসমূহত আছে। আনকি মহামাৰীটোৱেও এই অভিযানক মন্থৰ কৰিব নোৱাৰিলে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। মধ্য প্ৰদেশত অনুমোদিত ৩০ লাখ ঘৰৰ ভিতৰত ২৪ লাখ ঘৰ ইতিমধ্যে সম্পূৰ্ণৰূপে লাভান্বিত হৈছে যাৰ ভিতৰত বাইগা, চহৰীয়া আৰু ভৰিয়া সমাজৰ লোকসকল আছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে পিএমএৱাইৰ অধীনৰ ঘৰসমূহত শৌচালয়, সৌভাগ্য যোজনা বিদ্যুৎ সংযোগ, উজ্জ্বলা আঁচনিৰ এলইডি বাল্ব, উজ্জ্বলা গেছ সংযোগ আৰু হৰ ঘৰ জলৰ অধীনত পানীৰ সংযোগ আগবঢ়োৱা হৈছে, যিয়ে হিতাধিকাৰীসকলে এই সুবিধাসমূহৰ বাবে দৌৰি ফুৰাৰ সমস্যা দূৰ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পিএমএৱাই আঁচনিখনৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহৰ ভিতৰত মহিলাসকলৰ নামত প্ৰায় দুই কোটি ঘৰ পঞ্জীয়ন কৰা হৈছে। এই মালিকীস্বত্বই গৃহস্থী এখনৰ বিত্তীয় সিদ্ধান্ত-গ্ৰহণত মহিলাসকলৰ অংশগ্ৰহণ শক্তিশালী কৰিছে। মহিলাসকলৰ মৰ্য্যাদা আৰু ইজ অৱ লিভিং বৃদ্ধিৰ বাবে চৰকাৰখনৰ অংগীকাৰৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা আঢ়ৈ বছৰত ৬ কোটিৰোধিক গৃহস্থীক খোৱা পানীৰ বাবে টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দৰিদ্ৰ লোকসকলক বিনামূলীয়াকৈ ৰেচন প্ৰদানৰ বাবে চৰকাৰখনে ২ লাখ ৬০ হাজাৰ কোটি টকা ব্যয় কৰিছে। আঁচনিখন পৰৱৰ্তী ৬ মাহলৈ সম্প্ৰসাৰণৰ পৰিপ্ৰেক্ষিতত, ইয়াৰ বাবে অতিৰিক্ত ৮০ হাজাৰ কোটি টকা ব্যয় কৰা হ'ব। অভীষ্ট হিতাধিকাৰীসকলক সম্পূৰ্ণ লাভালাভ প্ৰদানৰ অৰ্থে চৰকাৰখনৰ অংগীকাৰৰ সৈতে সংগতি ৰাখি, চৰকাৰখনে ৰেকৰ্ডৰ পৰা ৪ কোটি ভুৱা হিতাধিকাৰীক আঁতৰ কৰিছে। ২০১৪ ৰ পিছত এই পন্থা অৱলম্বন কৰা হয় যাতে দৰিদ্ৰ লোকসকলে তেওঁলোকৰ প্ৰাপ্য লাভালাভ অৰ্জন কৰে আৰু অসাধু কাৰকৰদ্বাৰা ধনৰ হৰলুকিৰপৰা ৰক্ষা পায়। অমৃত কালৰ সময়ত প্ৰত্যেকগৰাকী হিতাধিকাৰীলৈ প্ৰাথমিক সুবিধাসমূহ লৈ যোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেখেতে কয়, আঁচনিসমূহৰ ক’ভাৰেজ সংপৃক্তকৰণৰ লক্ষ্যৰে, চৰকাৰখনে বৈষম্য আৰু দুৰ্নীতিৰ সম্ভাৱনা দূৰ কৰিছে।
স্বামিত্ব আঁচনিখনৰ অধীনত সম্পত্তিৰ ৰেকৰ্ডৰ আনুষ্ঠানিককৰণৰ জৰিয়তে, চৰকাৰখনে গাওঁসমূহত ব্যৱসায়িক পৰিবেশ সহজ কৰি তুলিছে। মধ্য প্ৰদেশত, সকলো জিলাৰ ৫০ হাজাৰ গাঁৱৰ জৰীপ সম্পন্ন হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীৰ্ঘ-দিন ধৰি গ্ৰাম্য অৰ্থনীতি কৃষিৰ মাজত সীমাবদ্ধ হৈ আছে। ড্ৰোনৰ দৰে আধুনিক প্ৰযুক্তি আৰু প্ৰাকৃতিক কৃষিকাৰ্য্যৰ দৰে প্ৰাচীন প্ৰণালীক উৎসাহিতকৰণৰে চৰকাৰে গাঁৱসমূহত নতুন পথ প্ৰশস্ত কৰিছে। তেখেতে মধ্য প্ৰদেশ চৰকাৰ আৰু মুখ্যমন্ত্ৰীক এমএছপিত ক্ৰয়ৰ ক্ষেত্ৰত নতুন অভিলেখ সৃষ্টিৰ বাবে প্ৰশংসা কৰে। মধ্য প্ৰদেশৰ কৃষকেও প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ১৩ হাজাৰ কোটি টকা লাভ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক নৱবৰ্ষ (প্ৰতিপদ) ত প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ (পুখুৰী) নিৰ্মাণৰ আহ্বান জনায়। তেখেতে এই সৰোবৰবিলাকক নতুন আৰু ডাঙৰ কৰিবলৈ আহ্বান জনায়। তেখেতে কয়, ইয়াৰ বাবে এনৰেগা পুঁজি ব্যৱহাৰ কৰিব পাৰি আৰু ই ভূমি, প্ৰকৃতি, ক্ষুদ্ৰ কৃষক, মহিলা আৰু আনকি চৰাই আৰু জন্তুৰ বাবেও যথেষ্ট লাভজনক হৈ উঠিব। তেখেতে প্ৰতিখন ৰাজ্য চৰকাৰ, স্থানীয় সংস্থা আৰু পঞ্চায়তক এই ক্ষেত্ৰত কাম কৰিবলৈ আহ্বান জনায়।
***
DS/SB
(Release ID: 1813291)
Visitor Counter : 161
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam