গৃহ মন্ত্ৰালয়

নতুন দিল্লীত গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত আন্তঃ ৰাজ্যিক সীমা বিবাদৰ মীমাংসা সংক্ৰান্তীয় ঐতিহসিক চুক্তি স্বাক্ষৰিত কৰে অসম আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়ে


এয়া হৈছে শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন সাকাৰ কৰাৰ ক্ষেত্ৰত আন এক মাইলৰ খুটি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সক্ষম মাৰ্গ-দৰ্শনৰ সুফল

আজিৰ দিনটোক বিবাদ মুক্ত উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা ঐতিহাসিক দিন বুলি অভিহিত কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে

অতি কমদিনৰ ভিতৰতে অসম আৰু মেঘালয়ৰ মাজত থকা ১২টা সমস্যাৰ ৬টাৰে সমাধান হৈছে আৰু দুয়োখন ৰাজ্যৰ মাজৰ ৭০ শতাংশ সীমাই বিবাদ মুক্ত হ’ল

২০১৪ চনত প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰে পৰা শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ শান্তি প্ৰক্ৰিয়া, উন্নয়ণ, প্ৰগতি আৰু সাংস্কৃতিক ঐতিহ্যৰ উত্তৰণ সম্ভৱ কৰাৰ বাবে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত উগ্ৰপন্থী সমস্যাৰ অন্ত পেলোৱাৰ লগতে স্থায়ী শান্তি প্ৰতিস্থাৰ বাবে বিগত তিনিটা বছৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে বহুকেইখন চুক্তি স্বাক্ষৰিত কৰিছে

২০১৯ৰ পৰা ২০২২চনৰ মাজৰ যাত্ৰালৈ চকু দিলে আমি দেখিবলৈ পাম যে উত্তৰ পূবত শান্তি স্থাপনৰ ক্ষেত্ৰত বহুকেইটা বৃহত্ সাফল্য অৰ্জন কৰিব পৰা গৈছে। সেয়া হৈছে ২০১

Posted On: 29 MAR 2022 6:47PM by PIB Guwahati

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে চাংমাই অসম আৰু মেঘালয় ৰাজ্যৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমা বিবাদৰ মুঠ বাৰখন ক্ষেত্ৰৰ ভিতৰৰ ছখন ক্ষেত্ৰৰ বিবাদ নিষ্পত্তি কৰিবলৈ আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন ঐতিহাসিক চুক্তিত হস্তাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধ পূৰ্বোত্তৰৰ ভিজন সম্পূৰ্ণ কৰাৰ দিশত এয়া আৰু এটা মাইলৰ খুটি। এই উপলক্ষে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, অসম চৰকা আৰু মেঘালয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে।

এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনটো এক বিবাদমুক্ত নৰ্থইষ্টৰ বাবে ঐতিহাসিক দিন। তেওঁ কয় যে ২০১৪ত যেতিয়া শ্ৰী নৰেন্দ্ৰ মোদীজী দেশৰ প্ৰধানমন্ত্ৰী হয়, তেতিয়াৰে পৰা মোদীজীয়ে নৰ্থইষ্টৰ শান্তি প্ৰক্ৰিয়া, বিকাশ, সমৃদ্ধি আৰু সাংস্কৃতিক ঐতিহ্যৰ সংবৰ্ধনৰ বাবে অনেক প্ৰয়াস কৰিছে, যাৰ আমি সকলো সাক্ষী। তেওঁ কয় যে ২০১৯ত গৃহমন্ত্ৰী হোৱাৰ পিছত যেতিয়া তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে সক্ষাৎ কৰিবলৈ যায়, তেতিয়া তেওঁ এই চাৰিওখন ক্ষেত্ৰত চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়ে কথা পাতিছিল। তেওঁ কয় যে ২০১৯ৰ পৰা ২০২২লৈকে এই যাত্ৰাই এক বহুত ডাঙৰ মাইলৰ খুটি আহৰণ কৰাত সফল হৈছে। শ্ৰী অমিত শ্বাহে কয় যে যোৱা তিনিটা বছৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে উগ্ৰবাদ সমাপ্ত কৰা আৰু পূৰ্বোত্তৰৰ ৰাজ্যসমূহত স্থায়ী শান্তিৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে।

তেওঁ কয় যে ত্ৰিপুৰাত উগ্ৰপন্থীক সমাজৰ মূল সুঁতিলৈ আনিবলৈ ২০১৯ৰ আগষ্টত এনএলএফটি (এছডি) চুক্তিত স্বাক্ষৰ কৰা হয় যি ত্ৰিপুৰাক এখন শান্তিপূৰ্ণ ৰাজ্য হিচাপে গঢ়ি তোলাত বৃহৎ বৰঙণি যোগাইছে।  

পুনৰ ২৩ বছৰৰ পুৰণি ব্ৰু-ৰিয়াং শৰণাৰ্থী সংকটক চিৰদিনৰ বাবে সমাধা কৰিবলৈ ২০২০ৰ ১৬ জানুৱাৰীত এখন ঐতিহাসিক চুক্তিত হস্তাক্ষৰ কৰা হয়। ইয়াৰ অধীনত ৩৭,০০০তকৈও অধিক আদিবাসী ভাই-ভনী, যি কঠিন জীৱন যাপন কৰি আছিল, তেওঁলোকে আজি সন্মানসহ জীৱন যাপন কৰি আছে। শ্ৰী শ্বাহে কয় যে ২০২০ৰ ২৭ জানুৱাৰীত বড়ো চুক্তিত স্বাক্ষৰ কৰা হয়, যি অসমৰ মূল স্বৰূপ ধৰি ৰাখি ৫০ বছৰৰ পুৰণি বড়ো বিষয়টো সমাধা কৰিলে।

অসম আৰু ভাৰত চৰকাৰে এই চুক্তিৰ ৯৫ শতাংশ চৰ্ত সম্পূৰ্ণ কৰিছে আৰু আজি বড়োলেণ্ড এখন শান্তিপূৰ্ণ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু বিকাশৰ পথত অগ্ৰসৰ। ২০২১ৰ ৪ ডিচেম্বৰত অসমৰ কাৰ্বি ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলি থকা বিবাদ নিষ্পত্তি কৰিবলৈ কাৰ্বি আংলং চুক্তিত হস্তাক্ষৰ কৰা হয়। ইয়াৰ জৰিয়তে প্ৰায় ১০০০তকৈ অধিক অস্ত্ৰধাৰী কেডাৰে আত্মসমৰ্পণ কৰি মূল সুঁতিত চামিল হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আজি ৫০ বছৰৰ পুৰণি আৰু এটা বিবাদ এই চুক্তিৰ জৰিয়তে সমাধা হ'বলৈ গৈ আছে। তেওঁ কয় যে বহুত কম সময়ত আজি অসম আৰু মেঘালয়ৰ মাজত ১২টাৰ ভিতৰত ৬টা বিষয়ত চুক্তি হৈছে আৰু দুয়োখন ৰাজ্যৰ মাজত প্ৰায় ৭০ শতাংশ সীমা বিবাদমুক্ত হ'ল। তেওঁ কয় যে যেতিয়ালৈকে ৰাজ্যসমূহৰ মাজত বিবাদ নিষ্পত্তি নহয়, সশস্ত্ৰ গোটসমূহৰ আত্মসমৰ্পণ নহয়, তেতিয়ালৈকে উত্তৰ-পূবৰ বিকাশ সম্ভৱ নহয়।

*** 

Dispute-free Prosperous North East: Link

NW/RK/AY/RR/KB/GS



(Release ID: 1811128) Visitor Counter : 176