প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত-জাপান বাণিজ্যিক কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা বক্তব্য
Posted On:
19 MAR 2022 11:00PM by PIB Guwahati
মোৰ বন্ধু, প্ৰধানমন্ত্ৰী কিশ্বিডা জী,
দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ,
কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগীসকল,
গুজৰাটৰ বিত্ত মন্ত্ৰী শ্ৰী কানুভাই দেশাই,
‘ইণ্ডিয়া-জাপান বিজনেছ লীডাৰ্ছ ফোৰাম’ৰ সদস্যসকল,
আপোনালোক আটাইকে স্বাগত জনাইছো।
সকলোলৈকে নমস্কাৰ!
প্ৰধানমন্ত্ৰী কিশ্বিডা জীৰ লগতে জাপানৰ পৰা ভৰতলৈ অহা সকলো বন্ধুকে উষ্ণ আদৰণি জনাইছো।
দুবছৰৰো অধিক কালৰ পিচত ভাৰত আৰু জাপানৰ মাজত অনুষ্ঠিত শীৰ্ষ পৰ্যায়ৰ সন্মিলন-শৃংখলাটো পুনৰাই আৰম্ভ কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছো।
‘ভাৰত-জাপান বিশেষ ৰণ-কৌশলগত আৰু গোলকীয় সহযোগিতা’-ৰ ক্ষেত্ৰত আমাৰ অৰ্থনৈতিক সম্পৰ্কসমূহ আটাইতকৈ শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে।
ক’ভিড-উত্তৰ প্ৰেক্ষাপটত, অৰ্থনৈতিক পুনৰুথ্থান আৰু অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত ‘ভাৰত-জাপান অৰ্থনৈতিক সহযোগিতা’ই দুয়োখন দেশৰ মাজতে নহয় বৰং, সামগ্ৰিক ভাবে আঞ্চলিক তথা পৃথিৱীৰ বাবেই আত্মবিশ্বাস আৰু পূৰ্ব স্থিতি অভিমুখী গতি লাভ কৰাৰ সাহস প্ৰদান কৰিব।
ভাৰতে সণ্ঢালনীকৈ ৰূপায়ণৰ দিহা কৰা সংস্কাৰমুখী আৰু ‘উত্পাদন-সংযোগী উত্সাহ প্ৰদান আঁচনি’সমূহৰ সুবাদত দেশত অভুতপূৰ্ব ইতিবাচক প্ৰেক্ষাপট এটাই থন্ ধৰি উঠিছে।
মহামহিম,
ভাৰতৰ ‘ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন’ৰ অধীনত এক দশমিক আঠ ত্ৰিলিয়ন ডলাৰৰ ৯০০০ৰো অধিক প্ৰকল্প আছে, যিয়ে সহযোগিতাৰ অনেক সুযোগ আৰু সম্ভাৱনাৰ সৃষ্টি কৰিব।
আমাৰ এইসমূহ প্ৰয়াসত জাপানী প্ৰতিষ্ঠানসমূহে উত্সাহৰে অংশগ্ৰহণ কৰিব বুলি মই আশা কৰিছো। আৰু এই ক্ষেত্ৰত জাপানী প্ৰতিষ্ঠানসমূহলৈ সম্ভৱপৰ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।
বন্ধুসকল,
প্ৰগতি, সমৃদ্ধি আৰু সহযোগিতাই ভাৰত-জাপান সম্পৰ্কৰ মূলাধাৰ। উভয় দেশৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কসমূহক আগুৱাই নিয়াৰ ক্ষেত্ৰত ‘ইণ্ডিয়া-জাপান বিজনেছ লীডাৰ্ছ ফোৰাম’-য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ইয়াৰ বাবে মই আপোনালোক আটাইলৈকে অভিনন্দন জনোৱাৰ লগতে মোৰ শুভকামনা জ্ঞাপন কৰিছো।
বহুত বহুত ধন্যবাদ!
***
DS/VJ/AK/KB
(Release ID: 1808005)
Visitor Counter : 188
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam