শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

২০২১-২২ বৰ্ষৰ বাবে গ্ৰাহকসকললৈ ৮.১০% সুতৰ হাৰৰ পৰামৰ্শ কেন্দ্ৰীয় ব’ৰ্ডৰ

Posted On: 12 MAR 2022 4:30PM by PIB Guwahati

একেএএম আইকনিক সপ্তাহৰ মাজতে কেন্দ্ৰীয় ট্ৰাষ্টী পৰিষদ, ইপিএফৰ ২৩০ সংখ্যক বৈঠকখনি আজি গুৱাহাটীত অনুষ্ঠিত হয়। ইয়াত অধ্যক্ষতা কৰে কেন্দ্ৰীয় শ্ৰম ও নিয়োগ আৰু পৰিবেশ, বন ও জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে। কেন্দ্ৰীয় শ্ৰম ও নিয়োগ, পেট্ৰ'লিয়াম ও প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে ইয়াত উপাধ্যক্ষতা কৰে। এই বৈঠকত সহ-অধ্যক্ষতা কৰে শ্ৰম ও নিয়োগ সচিব আৰু সদস্য সচিব শ্ৰী সুনীল বাৰ্থৱাল আৰু কেন্দ্ৰীয় পি এফ আয়ুক্ত শ্ৰীমতী নীলম স্বাম্মী ৰাৱে।

কেন্দ্ৰীয় ব’ৰ্ডে ২০২১-২২ বিত্তীয় বৰ্ষটোৰ বাবে সদস্যৰ একাউন্টত ইপিএফ সঞ্চয় (accumulations) ৰ ক্ষেত্ৰত ৮.১০% বাৰ্ষিক সুতৰ হাৰ ক্ৰেডিটৰ পৰামৰ্শ আগবঢ়ায়। এই সুতৰ হাৰ চৰকাৰী গেজেটত আনুষ্ঠানিকভাৱে সূচিত কৰা হ'ব যাৰ পিছত ইপিএফঅ'য়ে ইয়াৰ গ্ৰাহকৰ একাউন্টত এই সুতৰ হাৰ ক্ৰেডিট কৰিব।

ইপিএফঅ'য়ে বিনিয়োগৰ প্ৰতি ৰক্ষণশীল পন্থা আৰোপ কৰা সত্বেও, যোৱা বহু বছৰ ধৰি ই নিৰন্তৰভাৱে উচ্চ ৰিটাৰ্ণ সৃষ্টি কৰিছে যিয়ে ইয়াৰ গ্ৰাহকসকললৈ ন্যূনতম ক্ৰেডিট ৰিস্কৰ সৈতে বিভিন্ন অৰ্থনৈতিক চক্ৰৰ জৰিয়তে অধিক সুত প্ৰদান কৰিবলৈ সক্ষম কৰিছে।

পৰম্পৰাগতভাৱে, ইপিএফঅ’ য়ে অন্যান্য উপলব্ধ বিনিয়োগ বিকল্পৰ তুলনাত অৱসৰকালীন সঞ্চয়ৰ ক্ষেত্ৰত অধিক সুতৰ হাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণ হৈছে যোৱা কেইবা দশক ধৰি দীৰ্ঘ ম্যাদৰ উচ্চ উৎপাদনশীল চিকিউৰিটিত বিনিয়োগৰ বিচক্ষণ বিনিয়োগ নীতি। ই যোৱা দশকটোত উৎপাদন ক্ৰমান্বয়ে হ্ৰাস হৈ অহা সত্বেও ইপিএফঅ'ৰ বিনিয়োগৰ ক্ষেত্ৰত ৰিটাৰ্ণ অধিক হয় বুলি নিশ্চিত কৰিছে।

২০২২ বিত্তীয় বৰ্ষৰ বাবে, ইপিএফঅ’য়ে ইকুইটিসমূহত ইয়াৰ কিছু বিনিয়োগ লিকুইডেটৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু পৰামৰ্শ দিয়া এই সুতৰ হাৰ হৈছে ঋণ বিনিয়োগৰপৰা লাভ কৰা সুতৰ জৰিয়তে হোৱা সংযুক্ত আয়ৰ লগতে ইকুইটি বিনিয়োগৰপৰা প্ৰাপ্ত আয়ৰ ফলশ্ৰুতি। ই ইপিএফঅ'ক ইয়াৰ গ্ৰাহকসকলক অধিক ৰিটাৰ্ণ প্ৰদান কৰিবলৈ সক্ষম কৰে আৰু এতিয়াও ইপিএফঅ'ক অতিৰিক্ত পৰিমাণৰ সৈতে ভৱিষ্যতেও অধিক ৰিটাৰ্ণ প্ৰদানৰ অৰ্থে সমৰ্থন হিচাপে কাম কৰিবলৈ সষ্টম কৰে। এই আয় বিতৰণৰ বাবে ইপিএফঅ’ কৰ্পাছত কোনো অভাৰ-ড্ৰল নাই।

প্ৰতি বছৰে চিবিটিয়ে ঘোষণা কৰা ইপিএফঅ’ৰ নিশ্চিত স্থিৰ ৰিটাৰ্ণ পন্থা তথা কৰ ৰেহাইয়ে পিএফ সদস্যসকলৰ বাবে এক আকৰ্ষণীয় সঞ্চয় বিকল্প প্ৰশস্ত কৰে।

*****

BY/IG/SB



(Release ID: 1805410) Visitor Counter : 211