বিত্ত মন্ত্ৰালয়

অতিৰিক্ত ভূমিসম্পদৰ মুদ্ৰাকৰণৰ দায়িত্ব গ্ৰহণ কৰিব পৰাকৈ ‘বিশেষ উদ্দেশ্য বহক’(এছপিভি) হিচাপে ‘ৰাষ্ট্ৰীয় ভূমি মুদ্ৰাকৰণ নিগম’ স্থাপনৰ প্ৰস্তাৱলৈ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

Posted On: 09 MAR 2022 1:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৫০০০ কোটি টকাৰ ‘ইনিচিয়েল শ্বেয়াৰ কেপিটেল’ আৰু ১৫০ কোটি টকাৰ ‘পেইড-আপ শ্বেয়াৰ কেপিটেল’ৰে সম্পূৰ্ণ ৰূপে কেন্দ্ৰীয় চৰকাৰৰ মালিকানাধীন প্ৰতিষ্ঠান হিচাপে ‘ৰাষ্ট্ৰীয় ভূমি মুদ্ৰাকৰণ নিগম’(এনএলএমচি) গঠনৰ প্ৰস্তাৱলৈ অনুমোদন জনায়। ‘এনএলএমচি’-য়ে অতিৰিক্ত ভূমি সম্পদ তথা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু চৰকাৰী অভিকৰণসমূহ(চিপিএছই)ৰ নিৰ্মাণ সম্পদৰ মুদ্ৰাকৰণৰ দায়িত্ব বহণ কৰিব। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত কৰা ঘোষণাৰ আধাৰতে এই প্ৰস্তাৱ উথ্থাপন কৰা হৈছিল।

অব্যহৃত অথবা অৰ্দ্ধ ব্যৱহৃত আনুষংগিক সম্পদসমূহৰ মুদ্ৰাকৰণৰ জৰিয়তে চৰকাৰে উল্লেখনীয় পৰিমাণৰ ৰাজহ আহৰণৰ কৰিবলৈ সক্ষম হ’ব।

সম্প্ৰতি, ‘চিপিএছই-সমূহৰ হাতত বিশাল পৰিমাণৰ আনুষংগিক প্ৰকৃতিৰ অব্যৱহৃত অথবা অৰ্দ্ধ ব্যৱহৃত ভূমি তথা নিৰ্মাণ সামগ্ৰী মজুত হৈ আছে। কৌশলগত বিমুদ্ৰাকৰণ অথবা বন্ধ ঘোষণা কৰা চিপিএছইসমূহৰ অতিৰক্ত ভূমি সম্পদ তথা আনুষংগিক সম্পদসমূহৰ মুদ্ৰাকৰণ সেইবোৰ সম্পদৰ মূল্য উদঘাটনৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব। এই পদক্ষেপে চিপিএছই-সমূহৰ অৰ্দ্ধ ব্যৱহৃত সম্পদসমূহৰ উত্পাদনশীল ব্যৱহাৰ সম্ভৱ কৰি তুলি ব্যক্তিগত খণ্ডৰ বিনিয়োগ আকৰ্ষিত কৰা, নতুন অৰ্থনৈতিক কৰ্ম-কাণ্ডক উত্সাহিত কৰা, স্থানীয় অৰ্থনীতিক উত্সাহিতকৰা আৰু অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বিত্তীয় সমল উদ্ভৱৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব।

‘চিপিএছই’সমূহৰ লগতে অন্যান্য চৰকাৰী অভিকৰণসমূহৰ হৈ ভূমি সম্পদৰ মুদ্ৰাকৰণৰ দায়িত্ব পেছাদাৰী ভাবে সম্পাদন কৰিব পৰাকৈ ‘এনএলএমচি’-ত প্ৰয়োজনীয় কাৰিকৰী বিশেষজ্ঞতা আৰোপ কৰা হ’ব। প্ৰতিষ্ঠনটোৰ পেছাদাৰী কৰ্ম সম্পাদন সম্ভৱ কৰিব পৰাকৈ ‘এনএলএমচি’-ৰ সঞ্চালকমণ্ডলীত কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিশিষ্ট বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা হ’ব।

বিত্ত মন্ত্ৰালয়ৰ ‘ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে’ এই প্ৰতিষ্ঠানটো গঠন কৰাৰ লগতে বিত্ত মন্ত্ৰালয়ে প্ৰশাসনিক মন্ত্ৰালয় হিচাপে দায়িত্ব বহণ কৰিব।

 

***

DS/KB



(Release ID: 1805027) Visitor Counter : 144