আয়ুষ
azadi ka amrit mahotsav

আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব ‘ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠ’ৰ সমাৱৰ্তন সমাৰোহ

Posted On: 09 MAR 2022 4:52PM by PIB Guwahati

আয়ুষ মন্ত্ৰালয়ৰ অধীনষ্ঠ এক সতন্ত্ৰ সংস্থা ‘ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠ’(আৰএভি)য়ে ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহখনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অহা ১১ মাৰ্চত সমাৰোহখনৰি আনুষ্ঠানিক শুভাৰম্ভ ঘোষণা কৰিব।

দেশে ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ উদযাপন কৰি থকা মুহূৰ্তত চলিত বৰ্ষৰ সমাৱৰ্তন সমাৰোহখনৰ প্ৰতিপাদ্য প্ৰসংগ হ’ব ‘আয়ুৰ্বেদ আহাৰ-সুস্থ ভাৰতৰ আধাৰ’।

১১ আৰু ১২ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিতব্য দীক্ষান্ত সমাৰোহখনিত শেহতীয়া ভাবে ‘ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠৰ পাঠ্যক্ৰম’(চিআৰএভি) সম্পূৰ্ণ কৰা ১৫৫গৰাকী শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। আনহাতে প্ৰতিষ্ঠানটোৰ নতুন শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম সম্পূৰ্ণ পৰম্পৰাগত বিধি-নিয়মৰে অনুষ্ঠিত হ’বলগীয়া ‘শিষ্যোপনয়ন’ৰে অহা ১২ মাৰ্চত আৰম্ভ হ’ব। আগন্তুক বৰ্ষত প্ৰায় ২২৫গৰাকী শিক্ষাৰ্থীয়ে পাঠ্যক্ৰম গ্ৰহণ কৰিব। ‘ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠে’ গুৰু-শিষ্য পৰম্পৰাৰে আগবঢ়োৱা এই পাঠ্যক্ৰমৰ কাৰ্যক্ৰম প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে।

গুৰুৰ পৰা শিষ্যলৈ জ্ঞানৰ প্ৰবহণ কৰা ভাৰতীয় পৰম্পৰাৰ শিক্ষা পদ্ধতি হৈছে ‘আৰএভি’ৰ এক ধ্বজাবাহী কাৰ্যক্ৰম। এই কাৰ্যক্ৰম মাধ্যমেৰে ‘আৰএভি’য়ে ক্ৰমাত পাহৰণিৰ গৰ্ভত হেৰাই যাব খোজা ‘গুৰুকূল পৰম্পৰা’ক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰি আহিছে।

অনুষ্ঠানত দেশ আৰু বিদেশত আয়ুৰ্বেদৰ উত্তৰণ আৰু জন জাগৰণৰ দিশত জীৱন জুৰি অনবদ্য সেৱা আগবঢ়োৱা ড০ সুভাষ ৰাণাড়ে আৰু বৈদ্য তাৰাচান্দ শৰ্মাক আয়ুষ মন্ত্ৰী শ্ৰী সোণোৱালে জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰিব।

সুভাষ ৰাণাড়ে হৈছে আয়ুৰ্বেদৰ ক্ষেত্ৰখনৰ এগৰাকী নেতৃস্থানীয় বিদ্যায়তনিক তথা চিকিত্সক। তেওঁ আয়ুৰ্বেদ আৰু যোগ সন্দৰ্ভত এই পৰ্যন্ত ১৫৫খন গ্ৰন্থ ৰচনা কৰি উলিয়াইছে। তেওঁ ইণ্টাৰডিচিপ্লিনাৰী স্কুল অব আয়ুৰ্বেদৰ মুৰব্বী আধ্যাপক, পুনে বিশ্ববিদ্যালয়ৰ আয়ুৰ্বেদ বিভাগৰ মুৰব্বী অধ্যাপক আৰু পুনেৰ ‘অষ্টাংগ আয়ুৰ্বেদ মহাবিদ্যালয়’ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইফালে, বৈদ্য তাৰাচান্দ শৰ্মাই ১৯৬৭ চনৰ পৰা আয়ুৰ্বেদৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। বিগত সময়ছোৱাত তেওঁ দেশৰ বিভিন্ন আয়ুৰ্বেদ প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰাৰ উপৰি বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হয়। শ্ৰী শৰ্মা এগৰাকী বিশিষ্ট ‘নাড়ী বিশেষজ্ঞ’। তেওঁ এই পৰ্যন্ত ২১ খন আয়ুৰ্বেদ সংক্ৰান্তীয় গ্ৰন্থ ৰচনা কৰি উলিয়াইছে।

তদুপৰি, যিসকল বৈদ্যই আয়ুৰ্বেদৰ হৃত বৈভৱ পুণৰুদ্ধাৰৰ বাবে নিৰবিচ্ছিন্ন ভাবে কাম কৰাৰ লগতে তেওঁলোকৰ পেছাদাৰী দক্ষতাৰে সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে তেওঁলোকক এই সমাৰোহতে ‘এফআৰএভি’ বঁটাও প্ৰদান কৰা হ’ব।

ভাৰত চৰকাৰৰ অৰ্থ সাহায্যৰে ‘আৰএভি’-য়ে ১৯৯১ চনৰে পৰা কাৰ্যনিৰ্বাহ কৰি আহিছে। আয়ুৰ্বেদৰ জ্ঞানৰ উত্তৰণ, আয়ুৰ্বেদ সংক্ৰান্তীয় শিক্ষাদান, শিক্ষক প্ৰশিক্ষণকে ধৰি অন্যান্য প্ৰশিক্ষণ কাৰ্যক্ৰমৰ আয়োজন, চিকিত্সা সম্পৰ্কীয় শিক্ষা, সমূহীয়া স্বাস্থ্য বিষয়া(চিএইচঅ’) প্ৰশিক্ষণ কাৰ্যক্ৰম আৰু আন কেতবোৰ বিশেষ কাৰ্যক্ৰম সম্পাদনৰ উদ্দেশ্যৰেই ‘আৰএভি’ স্থাপন কৰা হৈছিল।

১৯৭০ চনৰ ‘আইএমচিচি আইন’ অথবা আন কোনো নিয়ামকে সামৰি নোলোৱা পাঠ্যক্ৰমসমূহৰ পাঠদানৰ বাবে এক অধিসূচনাৰ জৰিয়তে আৰএভি-ক এক কৰ্তৃত্বশীল নিকায় হিচাপে স্বীকৃতি প্ৰদান কৰিছে আয়ুষ মন্ত্ৰালয়ে। এই উদ্দেশ্য সম্পাদনৰ বাবে ‘আৰএভি’-য়ে ‘আয়ুৰ্বেদ ট্ৰেইনিং এক্ৰেডিটেশ্যন ব’ৰ্ড’(এটিএবি) শীৰ্ষক এটা নিকায় গঠন কৰিছে।

‘আৰএভি’য়ে দ্ৰব্যগুণা, ৰস শাস্ত্ৰ আৰু বৈষজ্য কল্পনা, সংহিতা আৰু সিদ্ধান্ত, শল্য, পঞ্চকৰ্ম আৰু কায়া চিকিত্সা বিষয়ত পিএইচডি পাঠ্যক্ৰম আৰম্ভ কৰাৰ উদ্দেশ্যে ‘ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান বাৰানসী’ৰে জোঁটবন্ধন কৰিছে।

 

***

SK/KB


(Release ID: 1805021) Visitor Counter : 194