নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিব্ৰুগড়ত নিৰ্মাণ কৰি থকা পৰ্যটক জেট্টী তথা নৈ-পাৰ উন্নয়ণ প্ৰকল্পৰ পৰ্যৱেক্ষণ কৰিলে শ্ৰী সৰ্বানন্দ সোণোৱালে

পোষ্ট কৰা হৈছে: 05 MAR 2022 7:30PM by PIB Guwahati

ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত নিৰ্মাণ কৰি থকা পৰ্যটক জেট্টী তথা নৈ-পাৰ উন্নয়ণ প্ৰকল্পৰ পৰ্যৱেক্ষণ কৰাৰ লগতে সামগ্ৰিক ভাবে কামৰ অগ্ৰগতিৰ খটিয়ান লয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে।

ভিন্ন-ধৰ্মী পথ-যোগাযোগ ব্যৱস্থাৰ উত্তৰণ সাধনৰ লক্ষ্যৰে ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ৰ অধীনত ভাৰত চৰকাৰ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকল্পটো ৰূপায়ণৰ দিহা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০২১ চনৰ ২২ নৱেম্বৰত কৰা পৰিদৰ্শনৰ আঁত ধৰিয়েই এই পৰ্যালোচনামূলক ভ্ৰমণৰ দিহা কৰি হৈছিল। আজিৰ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াবৰ্গৰ লগতে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনাত মিলিত হয় আৰু নিৰ্দ্ধাৰিত সময়সূচী মতেই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

ঔপনিৱেশিক সময়ৰ এটা বৃহত্ নদী-বন্দৰ হিচাপে পৰিগণিত ডিব্ৰুগড়ে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছিল। শেহতীয়া ভাবে বগীবিল দলঙৰ সমীপবৰ্তি এলেকাৰ উন্নয়ণ প্ৰকল্পৰ জৰিয়তে ডিব্ৰুগড়ক দেশৰ গুৰুত্বপূৰ্ণ নদী-বন্দৰ হিচাপে গঢ় দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ৰ অধীনত ৰূপায়ণ কৰা প্ৰকল্পটোৱে জলপথৰেও ডিব্ৰুগড়ৰ পথ-যোগাযোগ ব্যৱস্থাটোক উন্নত কৰি তোলাৰ লগতে নিয়োগ সম্ভাৱনা সৃষ্টি কৰিব। প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠিলেই বিশ্ব-বাণিজ্যৰ প্ৰৱেশৰ পথ অঞ্চলটোৰ আবাসীসকলৰ দুৱাৰ দলি পৰ্যন্ত সম্প্ৰসাৰিত হ’ব।    

***

MJPS/KB


(ৰিলিজ আই ডি : 1803413) অতিথি কক্ষ : 186
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Tamil